আকস্মিক বান-ভূমিস্খলনত বিপৰ্যস্ত অৰুণাচল; উদ্ধাৰ শিক্ষয়িত্ৰীৰ মৃতদেহ, এতিয়াও নিৰুদ্দেশ ৪ জন

অবিৰত বৰষুণ, আকস্মিক বান আৰু ভূমিস্খলনে একপ্ৰকাৰ স্তব্ধ কৰি পেলাইছে অৰুণাচল প্ৰদেশৰ বিস্তীৰ্ণ অঞ্চল। কেইবাখনো জিলা জুৰি যোগাযোগ ব্যৱস্থা ভাঙি পৰাৰ মাজতে কীয়ি পান্যোৰ জিলাত উদ্ধাৰ হৈছে এগৰাকী নিৰুদ্দেশ শিক্ষয়িত্ৰীৰ মৃতদেহ। আনহাতে, এতিয়াও সন্ধানহীন হৈ আছে চাৰিজন লোক।

বুধবাৰে চলোৱা উদ্ধাৰ অভিযানত উদ্ধাৰ কৰা হয় নিৰ্মলা গুপ্তা (৩৫)ৰ মৃতদেহ। ইয়াজালিস্থিত বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ শিক্ষয়িত্ৰী আছিল তেওঁ। আকস্মিক বান আৰু ধ্বংসাৱশেষৰ প্ৰবল সোঁতে নীপক’ কলনী বিধ্বস্ত কৰাৰ পাছৰে পৰা নিৰুদ্দেশ হৈ আছিল নিৰ্মলা।

উদ্ধাৰকাৰী দলসমূহে এতিয়া এলেছ মাৰাক (১৩), বালাৰী মাৰাক (৩০), টাও আঞ্জিনা (৪৬) আৰু সৌৰভ কুমাৰৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে। জলাধাৰ অঞ্চলৰ লগতে নিম্নপ্ৰবাহ এলেকাসমূহতো চলি আছে তালাচী।

পান্যোৰ নদীৰ জলাগ্ৰহণ অঞ্চলত হোৱা প্ৰচণ্ড বৰষুণৰ ফলতেই সৃষ্টি হয় বিশাল পৰিমাণৰ বোকা, শিল আৰু ধ্বংসাৱশেষৰ সোঁত। ইয়াৰ ফলত বহু ঘৰ-বাৰী উটি যায়, ক্ষতিগ্ৰস্ত হয় গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি আৰু বাসস্থান হেৰুৱায় একাধিক পৰিয়ালে।

এনডিআৰএফ, এছডিআৰএফ, আৰক্ষী, অগ্নি আৰু জৰুৰীকালীন সেৱা বিভাগৰ লগতে জিলা প্ৰশাসনৰ দলসমূহে যৌথভাৱে উদ্ধাৰ অভিযান চলাই আছে। এই অভিযানৰ সময়তে ইয়াজালি জলাধাৰৰ পৰা বিষু সিন্হা নামৰ এজন লোকক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হয়। আনহাতে, ইটানগৰ-হোজ-ইয়াজালি পথত আৱদ্ধ হৈ পৰা ভাৰতীয় ভূতাত্ত্বিক জৰীপ সংস্থাৰ এজন বিজ্ঞানীককো সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হৈছে।

দুৰ্যোগৰ ফলত পশ্চিম অৰুণাচলৰ ছয়খন জিলা গুৰুতৰভাৱে প্ৰভাৱিত হৈছে। আপাৰ সোৱণশিৰি, কামলে, ল’ৱাৰ সোৱণশিৰি, কুৰুঙ কুমেই, ক্ৰা দাদি আৰু কীয়ি পান্যোৰ জিলাৰ বিভিন্ন পথত যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰিছে।

ইফালে, চাংলাং জিলাতো অব্যাহত আছে দুৰ্যোগৰ প্ৰভাৱ। ধাৰাসাৰ বৰষুণৰ ফলত পুৰণি জুখি আৰু নতুন জুখিৰ মাজৰ মানমাও-চাংলাং ঘাইপথৰ এটা বৃহৎ অংশ খহি পৰে। ফলত অঞ্চলটোত যাতায়াত আৰু সামগ্ৰী পৰিবহণত নতুন সংকটৰ সৃষ্টি হৈছে।

পাপুম পাৰে জিলা প্ৰশাসনেও জাৰি কৰিছে ভ্ৰমণ সতৰ্কতা। নিশাৰ ভিতৰতে সংঘটিত হোৱা একাধিক ভূমিস্খলনৰ ফলত ছাগালি-হোজ জংচন সংযোগী ১৩ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু পোটিন-ডাক্টে-হোজ সংযোগী ৭১৩এ নম্বৰ ঘাইপথৰ কেইবাটাও অংশ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে।

জৰুৰী পৰিস্থিতিৰ মাজতে ভাৰতীয় বায়ুসেনাৰ সহায় বিচাৰে অৰুণাচল চৰকাৰে। কীয়ি পান্যোৰ জিলাৰ উপায়ুক্ত শ্বেতা নাগৰকোটী মেহতাৰ অনুৰোধত শ্বিলঙস্থিত পূব বায়ু কমাণ্ডৰ সৈতে যোগাযোগ কৰে অসামৰিক বিমান পৰিবহণ বিভাগে। প্ৰতিকূল বতৰৰ মাজতো বায়ুসেনাৰ এখন বিমান হলংগীত উপস্থিত হৈ এছডিআৰএফৰ জোৱান আৰু উদ্ধাৰ সামগ্ৰী পিটাপুললৈ কঢ়িয়াই নিয়ে।

ইফালে, সীমান্ত পথ সংস্থা আৰু ঘাইপথ বিভাগৰ দলসমূহে বিভিন্ন স্থানত জমা হোৱা ধ্বংসাৱশেষ আঁতৰাই যোগাযোগ ব্যৱস্থা স্বাভাৱিক কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। কিন্তু অব্যাহত বৰষুণে উদ্ধাৰ আৰু পুনৰুদ্ধাৰ অভিযানত এতিয়াও বাধাৰ সৃষ্টি কৰি আছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *