শদিয়াৰ পৰা ধুবুৰীলৈ অসমবাসী ব্যস্ত বিহু কৰ্মশালা নতুবা মুকলি বিহুৰ প্ৰস্তুতিত ।

ৰঙালী বিহুলৈ মাজত মাঠো কেইটামান দিন ৷
ব্যতিক্ৰম নহয় সীমান্তৰ দায়িত্বত থকা অসমীয়া জোৱানসকল ৷

বিহুত নাপালে চুটি সেয়ে নিজৰ লগতে ঘৰৰ পৰিয়ালক মনোৰঞ্জন দিয়াৰ ছেষ্টা জোৱান সকলৰ ৷

মঙলদৈ, কামৰূপ, ধুবুৰী, শিলচৰৰ জোৱান সকলে শুকুলা তৰপে ঢাকি ৰখা বৰফৰ মাজত কৰ্মব্যস্ততাৰ মাজতে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে হীয়া মন উজাৰি নাচিলে এপাক ৷

নিজৰ স্বাভিমান গামোচাখন যেন চিনাকি কৰি দিয়াৰ প্ৰয়াস অসমীয়া জোৱান সকলৰ ৷