পুনেত আয়োজন কৰা হয় তৃতীয় ডিজিটেল অৰ্থনৈতিক ৱৰ্কিং গ্ৰুপৰ বৈঠক

২০২৩ চনৰ ১৪ জুনত পুনেত অনুষ্ঠিত ডিজিটেল অৰ্থনৈতিক ৱৰ্কিং গ্ৰুপৰ তৃতীয়খন বৈঠকৰ সামৰণি পৰে। এই বৈঠকত ডিজিটেল সুৰক্ষা, চাইবাৰ নিৰাপত্তা, ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি (ডিপিআই) সুৰক্ষিত কৰা তথা ডিজিটেল অৰ্থনীতিৰ ওপৰত বিশেষভাৱে আলোচনা কৰা হৈছিল।

এই বৈঠকত ৬০গৰাকী আন্তঃৰাষ্ট্ৰীয় পেছাদাৰী ব্যক্তিয়ে ডিপিআইৰ ওপৰত ১০খন পৃথক আলোচনা চক্ৰত অংশগ্ৰহণ কৰি নিজৰ অভিমত ব্যক্ত কৰে। এই অধিৱেশনত উপস্থিত আছিল ৩০০ জন জ্যেষ্ঠ প্ৰতিনিধি, ১৫০জন বিদেশী প্ৰতিনিধি আৰু বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ প্ৰতিনিধি। বৈঠকৰ সময়ত জি-২০ প্ৰতিনিধিসকলে ডিজি লকাৰৰ ষ্টলৰ বিষয়েও আলোচনা কৰে, য’ত ভাগ লৈছিল ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰণালয়ৰ সচিব আৰু ৰাষ্ট্ৰীয় ই-গভৰ্ণেন্স বিভাগৰ অধ্যক্ষইও।

বৈঠকৰ অন্তিম দিনটোত ডিজিটেল দক্ষতা আৰু নিৰাপত্তাৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হয়। ইয়াৰ লগতে চাইবাৰ সজাগতাৰ বাবে টুলকিট(সঁজুলি)ৰ ওপৰত বিশেষভাৱে উপস্থাপন কৰা হয়। এই অধিৱেশনত ইতিমধ্যে ভাৰতে লোৱা পদক্ষেপ যেনে ক’উইন, আধাৰ সক্ষম পেমেণ্ট প্ৰণালী, আৰু চইল হেল্থ কাৰ্ডৰ বিষয়ে প্ৰদৰ্শন কৰা হৈছিল। অধিৱেশনত লোৱা সিদ্ধান্তসমূহ ২০২৩ চনৰ আগষ্ট মাহত অনুষ্ঠিত হ’ব লগা চতুৰ্থ ৱৰ্কিং গ্ৰুপৰ বৈঠকত চূড়ান্ত কৰা হ’ব। উল্লেখ্য যে, মহাৰাষ্ট্ৰ চৰকাৰে পুনেৰ সাবিত্ৰীবাই ফুলে বিশ্ববিদ্যালয়ত জি-২০ প্ৰতিনিধিসকলৰ বাবে এক বিশেষ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছিল, য’ত প্ৰদৰ্শন কৰা হৈছিল পৰম্পৰাগত মাৰাঠা ক্ৰীড়াশৈলী আৰু শাস্ত্ৰীয় নৃত্য।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *