ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

মৰ্মান্তিক! সম্পত্তিৰ বাবে কেন্সাৰ আক্ৰান্ত অধিবক্তা পত্নীক নিৰ্মমভাৱে হত্যা স্বামীৰ, গ্ৰেপ্তাৰ

মৰ্মান্তিক! সম্পত্তিৰ বাবে কেন্সাৰ আক্ৰান্ত অধিবক্তা পত্নীক নিৰ্মমভাৱে হত্যা স্বামীৰ, গ্ৰেপ্তাৰ

সম্পত্তিৰ বাবে নিজৰ স্বামীৰ দ্বাৰাই হত্যাৰ বলি হ’ল উচ্চতম ন্যায়ালয়ৰ এগৰাকী মহিলা অধিবক্তা। সোমবাৰে নয়ডাস্থিত বাংলোত ৬১ বৰ্ষীয় মহিলা অধিবক্তাগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। ইফালে এই হত্যাৰ অভিযোগত ভাৰতীয় ৰাজহ সেৱাৰ ৬২ বছৰীয়া প্ৰাক্তন বিষয়া অজয় নাথক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। নিহত মহিলা অধিবক্তাগৰাকীৰ পৰিচয় ৰেণু সিনহা বুলি জানিব পৰা গৈছে। এই চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহে যেতিয়া সিনহাৰ ভাতৃয়ে দুদিন ধৰি বাৰে বাৰে কৰা ফোন কলৰ কোনো সঁহাৰি নিদিয়াৰ বাবে স্থানীয় আৰক্ষীক তেওঁৰ অনুপস্থিতিৰ খবৰ দিয়ে। ইয়াৰ পিছতে আৰক্ষীয়ে জোৰকৈ বাংলোত প্ৰৱেশ কৰি বাথৰুমৰ ভিতৰতৰ পৰা অধিবক্তাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে। প্ৰথমে নিৰুদ্দেশ বুলি ঘোষণা কৰা নাথক তালাচী…
Read More
প্ৰদূষণ ৰোধৰ বাবে দিল্লীত পুনৰ ফটকাৰ ওপৰত নিষেধাজ্ঞা কেজৰিৱাল চৰকাৰৰ

প্ৰদূষণ ৰোধৰ বাবে দিল্লীত পুনৰ ফটকাৰ ওপৰত নিষেধাজ্ঞা কেজৰিৱাল চৰকাৰৰ

শীতকালত প্ৰদূষণ ৰোধৰ পদক্ষেপৰ অংশ হিচাপে সোমবাৰে দিল্লী চৰকাৰে ফটকাৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা পুনৰ জাৰি কৰাৰ কথা ঘোষণা কৰে। ইয়াৰ ভিতৰত ফটকা উৎপাদন, বিক্ৰী (অনলাইন বিক্ৰীকে ধৰি), সংৰক্ষণ, আৰু ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। দিল্লীৰ পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে কয়, ‘আমি সকলোৱে জানো যে শীতকালত দিল্লীত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পায়। ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ দিল্লী চৰকাৰে শীতকালীন কাৰ্য্য পৰিকল্পনাৰ কাম আৰম্ভ কৰিছে। মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও মহানগৰীত সকলো ধৰণৰ ফটকাৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা কাৰ্যকৰী কৰাৰ সিদ্ধান্ত লৈছে। লগতে দিল্লী আৰক্ষীক একেটাৰ বাবে অনুজ্ঞাপত্ৰৰ অনুমতি নিদিবলৈ নিৰ্দেশ দিয়া হৈছে।’ প্ৰদূষণ ৰোধৰ বাবে চুবুৰীয়া ৰাজ্যসমূহকো একেধৰণৰ নিষেধাজ্ঞা আৰম্ভ কৰিবলৈ আহ্বান জনাইছে চৰকাৰে। উল্লেখযোগ্য…
Read More
মৰক্কোত মৃত্যুৰ বিভীষিকা! প্ৰচণ্ড ভূমিকম্পত এতিয়ালৈকে ২০১২ জনৰ মৃত্যু, তিনিদিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা…

মৰক্কোত মৃত্যুৰ বিভীষিকা! প্ৰচণ্ড ভূমিকম্পত এতিয়ালৈকে ২০১২ জনৰ মৃত্যু, তিনিদিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা…

৬.৮ প্ৰাবল্যৰ ভূমিকম্পৰ পিছতে মৃত্যুৰ বিভীষিকা নামিছে মৰক্কোত। শুকুৰবাৰে নিশা অনুভূত হোৱা কম্পনৰ ফলত এতিয়ালৈকে ৰাষ্ট্ৰখনত ২০১২ জনতকৈ অধিক লোকৰ মৃত্যু ঘটাৰ লগতে ২০৫৯ জন লোক আহত হোৱা বুলি জানিব পৰা গৈছে। নিহতৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। ধ্বংসস্তূপত পৰিণত হোৱা মৰক্কোত শনিবাৰে কৰ্তৃপক্ষই তিনিদিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰে। সামৰিক বাহিনীৰ এক বিবৃতি অনুসৰি মৰক্কোৰ ৰজা মহম্মদ ষষ্ঠই সশস্ত্ৰ বাহিনীক বিশেষ অনুসন্ধান আৰু উদ্ধাৰকাৰী দল আৰু এখন অস্ত্ৰোপচাৰ ক্ষেত্ৰ চিকিৎসালয় নিয়োগ কৰিবলৈ নিৰ্দেশ দিয়ে। শুকুৰবাৰে নিশা মৰক্কোৰ হাই এটলাছ পৰ্বতমালা কঁপাই তোলা ভূমিকম্পৰ ফলত ভূমিকম্পৰ ঐতিহাসিক গঠনসমূহ ক্ষতিগ্ৰস্ত হয় যদিও দক্ষিণ দিশৰ আল-হাউজ আৰু টাৰৌডাণ্ট প্ৰদেশৰ পাহাৰীয়া অঞ্চলত…
Read More
অন্ধ্ৰ প্ৰদেশ-তেলেংগানা সীমান্তত কনভয় অৱৰোধ আৰক্ষীৰ! প্ৰতিবাদ জনাই পথৰ ওপৰতে শুই পৰিল JSPৰ মুৰব্বী পৱন কল্যাণ

অন্ধ্ৰ প্ৰদেশ-তেলেংগানা সীমান্তত কনভয় অৱৰোধ আৰক্ষীৰ! প্ৰতিবাদ জনাই পথৰ ওপৰতে শুই পৰিল JSPৰ মুৰব্বী পৱন কল্যাণ

শনিবাৰে নিশা এন টি আৰ জিলাৰ সমীপৰ অন্ধ্ৰ প্ৰদেশ-তেলেংগানা সীমান্তত জনসেনা পাৰ্টিৰ অধ্যক্ষ পৱন কল্যাণৰ কনভয়ত আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ পিছতে সৃষ্টি হয় এই হাই ভল্টেড ড্ৰামা পৰিস্থিতিৰ। জে এছ পিৰ মুৰব্বীগৰাকী, বিজয়াৱাড়ালৈ গৈ থকা অৱস্থাত তেওঁৰ কনভয় গৰিকাপাডুৰ এটা চেকপোষ্টত আৰক্ষীয়ে ৰখাই দিয়ে। ইয়াৰ পিছতে তেওঁ নিজৰ বাহনৰ পৰা ওলাই আহি প্ৰতিবাদৰ চিন স্বৰূপে ৰাস্তাৰ ওপৰতে শুই পৰে। বৃহৎ সংখ্যক জে এছ পি কৰ্মীয়ে সেই স্থানত উপস্থিত হৈ পথ অৱৰোধ কৰি বিক্ষোভ প্ৰদৰ্শন কৰে। খবৰ অনুসৰি আৰক্ষী আৰু জে এছ পি কৰ্মীৰ মাজত সামান্য কাজিয়া সংঘটিত হয়। জে এছ পি নেতা নাডেণ্ডলা মনোহৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত এটা ভিডিঅ’ শ্বেয়াৰ…
Read More
হিংসাজৰ্জৰ মণিপুৰত শান্তি ঘূৰাই অনাতকৈ প্ৰধানমন্ত্ৰীৰ বাবে নিজৰ ভাৱমূৰ্তিহে বেছি গুৰুত্বপূৰ্ণ: গৌৰৱ গগৈ

হিংসাজৰ্জৰ মণিপুৰত শান্তি ঘূৰাই অনাতকৈ প্ৰধানমন্ত্ৰীৰ বাবে নিজৰ ভাৱমূৰ্তিহে বেছি গুৰুত্বপূৰ্ণ: গৌৰৱ গগৈ

কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক মণিপুৰ ভ্ৰমণ নকৰাৰ বাবে সামলোচনা কৰি কয় যে তেওঁৰ ভাবমূৰ্তি হিংসাত্মক পৰিস্থিতিত আক্ৰান্ত উত্তৰ-পূব ৰাজ্যখনত শান্তি ঘূৰাই অনাতকৈও অধিক গুৰুত্বপূৰ্ণ। লোকসভাত কংগ্ৰেছৰ উপ-দলপতি গগৈয়ে এক্স (পূৰ্বে টুইটাৰ)ত সংঘাতপূৰ্ণ ৰাজ্যখনৰ সতেজ সংঘৰ্ষৰ কথা উল্লেখ কৰে। মণিপুৰৰ টেংগনৌপাল জিলাৰ পল্লেলত শুকুৰবাৰে বিভিন্ন সংঘৰ্ষ আৰু গুলীচালনাৰ কাণ্ডত মহিলাসহ প্ৰায় ৫০ জন লোক আহত হয়। মণিপুৰ আৰক্ষীৰ তথ্য অনুসৰি প্ৰতিদ্বন্দ্বী সশস্ত্ৰ সংগঠন আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষত ১১ জন সাধাৰণ নাগৰিক গুলীবিদ্ধ হয়। ৩ মে’ত মণিপুৰত জাতিগত সংঘৰ্ষৰ সৃষ্টি হয় আৰু তাৰ পিছৰে পৰা শ শ লোকে প্ৰাণ হেৰুৱাইছে আনহাতে হাজাৰ হাজাৰ লোকে সাহায্য শিবিৰত আশ্ৰয় ল’বলৈ…
Read More
জম্মু-কাশ্মীৰৰ এলঅ’চিৰ সমীপত কৰ্তব্যৰত অৱস্থাতে সন্ধানহীন BSFৰ জোৱান…

জম্মু-কাশ্মীৰৰ এলঅ’চিৰ সমীপত কৰ্তব্যৰত অৱস্থাতে সন্ধানহীন BSFৰ জোৱান…

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত বি এছ এফৰ এজন জোৱান নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা গৈছে। বিহাৰৰ নিবাসী কনিষ্টবলজন শুকুৰবাৰে নিৰুদ্দেশ হোৱাৰ সময়ত বালাকোটে ছেক্টৰৰ ভৰাণী ফৰৱাৰ্ড পোষ্টত সাধাৰণ কৰ্তব্যৰত আছিল। বিএছএফে জনোৱা মতে সীমান্ত নিৰাপত্তা বাহিনীৰ জোৱানজনৰ সন্ধান বিচাৰি অভিযান অব্যাহত ৰাখিছে। স্থানীয় আৰক্ষী থানাতো জোৱানজনৰ নিৰুদ্দেশ সন্দৰ্ভত এজাহাৰ দাখিল কৰা হৈছে।
Read More
লোকসভা নিৰ্বাচনৰ বাবে কৰ্ণাটকত বিজেপিৰে মিত্ৰতা কৰিব JDSয়ে: প্ৰাক্তন মুখ্যমন্ত্ৰী বি এছ য়েদিয়ুৰাপ্পা

লোকসভা নিৰ্বাচনৰ বাবে কৰ্ণাটকত বিজেপিৰে মিত্ৰতা কৰিব JDSয়ে: প্ৰাক্তন মুখ্যমন্ত্ৰী বি এছ য়েদিয়ুৰাপ্পা

কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বি এছ য়েদিয়ুৰাপ্পাই শুকুৰবাৰে কয় যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ বুজাবুজি হ’ব। সেই হিচাপে মুঠ ২৮টা সমষ্টি থকা কৰ্ণাটকৰ চাৰিখন লোকসভা আসনত জেডি(এছ)য়ে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি য়েদিয়ুৰাপ্পাই কয়। “সেইটো লৈ মই সুখী। দেৱেগৌড়া জীয়ে আমাৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিছে আৰু ইতিমধ্যে তেওঁলোকে চাৰিখন আসন চূড়ান্ত কৰিছে। মই সেইটো আদৰণি জনাইছো…. সুখী অনুভৱ কৰিছো, বিজেপি আৰু জেডি(এছ)ৰ বুজাবুজি হ'ব। অমিত শ্বাহে (কেন্দ্ৰীয় গৃহমন্ত্ৰী) লোকসভাৰ চাৰিখন আসন (জেডি(এছ)ক) দিবলৈ সন্মত হৈছে।’- চাৰিবাৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে কয়। তেওঁ লগতে কয়, ‘এইটোৱে আমাক যথেষ্ট শক্তি প্ৰদান কৰিছে আৰু ই একেলগে ২৫ বা ২৬খন লোকসভাৰ আসন লাভ কৰাত সহায় কৰিব।’…
Read More
কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডু

কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডু

অন্ধ্ৰ প্ৰদেশৰ দক্ষতা বিকাশ নিগম কেলেংকাৰিত সংঘটিত হোৱা দুৰ্নীতিৰ অভিযোগত অন্ধ্ৰ প্ৰদেশ আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে শনিবাৰে পুৱা নন্দিয়ালাত তেলেগু দেশম পাৰ্টিৰ মুৰব্বী তথা অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱাৰ কিছু সময়ৰ পাছতে টিডিপিৰ মুৰব্বী তথা অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৰ অধিবক্তাই কয় যে, "উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছ ধৰা পৰাৰ পিছত চিআইডিয়ে চন্দ্ৰবাবুক চিকিৎসা পৰীক্ষাৰ বাবে লৈ গৈছে। আমি জামিনৰ বাবে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছো।" সংবাদ সংস্থা পিটিআইৰ বাতৰি অনুসৰি, অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে আইপিচিৰ কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰা হৈছে, য’ত ধাৰা ১২০বি (অপৰাধমূলক ষড়যন্ত্ৰ), ৪২০ (প্ৰতাৰণা আৰু অসৎভাৱে সম্পত্তি ডেলিভাৰী কৰিবলৈ প্ৰৰোচিত…
Read More
প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ১০ বছৰীয়া কাৰ্যকালত প্ৰথমবাৰৰ বাবে প্ৰশংসা প্ৰাক্তন প্ৰধামন্ত্ৰী মনমোহন সিঙৰ, কিয়…

প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ১০ বছৰীয়া কাৰ্যকালত প্ৰথমবাৰৰ বাবে প্ৰশংসা প্ৰাক্তন প্ৰধামন্ত্ৰী মনমোহন সিঙৰ, কিয়…

৯ বছৰ পাৰ হৈ গ’ল। প্ৰধানমন্ত্ৰী হিচাপে এই ৯ বছৰত নৰেন্দ্ৰ মোদীয়ে হাজাৰ হাজাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, যিবোৰক বিৰোধীয়ে সমালোচনা কৰিছে। বিমুদ্ৰাকৰণৰ পৰা আৰম্ভ কৰি কৃষি আইনলৈকে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙেও তেওঁক একাধিক বিষয়ত সমালোচনা কৰিছে। কিন্তু হয়তো এই সুদীৰ্ঘ কাৰ্যকালত প্ৰথমবাৰৰ বাবে মনোমোহনৰ মুখত মোডী চৰকাৰৰ এটা নীতিৰ প্ৰশংসা শুনা গ’ল। ৰাছিয়া-ইউক্ৰেইন যুদ্ধত পক্ষ নোলোৱাকৈ ভাৰতে নিজৰ অৰ্থনৈতিক স্বাৰ্থক অগ্ৰাধিকাৰ দিয়াৰ সিদ্ধান্ত লোৱাৰ প্ৰশংসা কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে। মনমোহনে কয় যে ৰাছিয়া-ইউক্ৰেইন যুদ্ধ পৰিস্থিতিত ভাৰতৰ স্থিতি একেবাৰে শুদ্ধ। প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ‘বিশ্বৰ যিকোনো দুটা শক্তিয়ে যেতিয়া ইজনে সিজনৰ বিৰুদ্ধে যুঁজ দিয়ে, তেতিয়া ই আন দেশৰ বাবে এক অতি জটিল পৰিস্থিতিৰ…
Read More
উচ্চতম ন্যায়ালয়ৰ নতুন সংবিধান বিচাৰপীঠে গ্ৰহণ কৰিব অসম NRCৰ সৈতে জড়িত বিষয়ৰ শুনানি

উচ্চতম ন্যায়ালয়ৰ নতুন সংবিধান বিচাৰপীঠে গ্ৰহণ কৰিব অসম NRCৰ সৈতে জড়িত বিষয়ৰ শুনানি

শেহতীয়াকৈ প্ৰকাশিত অধিসূচনা অনুসৰি উচ্চতম ন্যায়ালয়ৰ এখন সংবিধান বিচাৰপীঠে অসম এন আৰ চিকে ধৰি তিনিটা গোচৰৰ শুনানি আৰম্ভ কৰিব। এই বিচাৰপীঠত ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ লগতে অসম পাব্লিক ৱৰ্কছ বনাম ইউনিয়ন অৱ ইণ্ডিয়া, অশোক কুমাৰ জৈন বনাম ইউনিয়ন অৱ ইণ্ডিয়া আৰু সীতা সোৰেন বনাম ইউনিয়ন অৱ ইণ্ডিয়া আদিৰ দায়িত্ব লোৱা ন্যায়াধীশ এ এছ বোপন্না, এম এম সুন্দ্ৰেশ, জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰই অংশগ্ৰহণ কৰিব। ২০২৩ চনৰ ২০ ছেপ্টেম্বৰৰ পৰা এই গোচৰৰ শুনানি গ্ৰহণ কৰা হব। উল্লেখ্য যে এই গোচৰসমূহ অসম এন আৰ চিৰ সৈতে জড়িত, লোকসভা আৰু ৰাজ্যিক বিধানসভাত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে সংৰক্ষণৰ বৈধতা…
Read More