16
Sep
শুকুৰবাৰে বিয়লি গুজৰাটৰ খেডা জিলাৰ থাছৰা চহৰৰ মন্দিৰৰ পৰা বাহিৰ কৰা শোভাযাত্ৰাত শিলগুটি নিক্ষেপ কৰাৰ ফলত তিনিজন আৰক্ষীকে ধৰি কেইবাজনো লোক আহত হোৱাৰ লগতে দুটা সম্প্ৰদায়ৰ মাজত উত্তেজনা সৃষ্টি হয়। খেডাৰ আৰক্ষী অধীক্ষক ৰাজেশ গাধিয়াই সাংবাদিকৰ আগত কয় যে ‘শাওন’ মাহৰ অন্তিম দিনটোত প্ৰতি বছৰে শিৱ মন্দিৰৰ পৰা ‘শোভা যাত্ৰা’ উলিওৱা হয় আৰু এইবাৰ ৭০০-৮০০ জন অংশগ্ৰহণকাৰী আছিল। আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে, শোভাযাত্ৰা টিন-বাট্টি অঞ্চলত উপস্থিত হোৱাৰ সময়তে একাংশ অসামাজিক লোকে শোভাযাত্ৰাটোৰ ওপৰত শিল আৰু ইটা নিক্ষেপ কৰে। তাত উপস্থিত থকা আৰক্ষীয়ে লগে লগে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা শক্তিবৰ্ধক বাহিনীক মাতি আনি চহৰখনত নিয়োগ কৰা হৈছে…
