05
Sep
২টা ভিন্ন সমষ্টিৰ ভোটাৰ তালিকাত নামভৰ্তি কৰি জনপ্ৰতিনিধিত্ব আইন ১৯৫১ৰ বিধান উলংঘা কৰাৰ অভিযোগৰ প্ৰতি সঁহাৰি জনাই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱালক চমন জাৰি কৰিছে দিল্লীৰ আদালতে। ২০১৯ চনত দিল্লী ভাৰতীয় জনতা পাৰ্টিৰ নেতা হৰিশ খুৰাণাই দিল্লীৰ চাহিবাবাদ (গাজিয়াবাদ সমষ্টি) আৰু চান্দনী চ’কৰ নিৰ্বাচনী তালিকাত সুনীতাক ভোটাৰ হিচাপে পঞ্জীয়ন কৰা বুলি অভিযোগ উত্থাপন কৰি আদালতত আবেদন দাখিল কৰিছিল। ইয়াৰ পিছতে আদালতে তেওঁক চমন জাৰি কৰে। আবেদনত অভিযোগ কৰা হৈছে যে মিছা ঘোষণা কৰাৰ সৈতে জড়িত আইনখনৰ ৩১ নং ধাৰা অনুসৰি অপৰাধৰ বাবে শাস্তি পাব পাৰে। তিছ হাজাৰী আদালতৰ মেট্ৰ’পলিটান মেজিষ্ট্ৰেট অৰ্জিন্দৰ কৌৰে কয় যে, “অভিযোগী আৰু অন্যান্য সাক্ষীৰ…
