23
Sep
অবৈধ প্ৰেমত মচগুল মাতৃ আৰু খুৰাকে মিলি নিৰ্মমভাৱে হত্যা কৰিলে এটি ৮ বছৰীয়া কণমানিক। এই নৃশংস হত্যাকাণ্ড পোহৰলৈ অহাৰ পিছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৰাজস্থানৰ ভৰতপুৰত। দুবছৰ পূৰ্বে সংঘটিত হত্যাকাণ্ড পোহৰলৈ অহাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত মাতৃ আৰু খুৰাকক। ২০২১ চনত ৰূপবাছ থানা এলেকাৰ অন্তৰ্গত চন্দনপুৰা গাঁৱত সংঘটিত হৈছিল এই ঘটনা। জানিব পৰা মতে, ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত পুত্ৰ গোলু নিৰুদ্দেশ হোৱাৰ পিছত শিশুটিৰ পিতৃ জ্ঞান সিঙে আৰক্ষীৰ ওচৰত অভিযোগ পঞ্জীয়ন কৰে।এজাহাৰ পঞ্জীয়ন কৰাৰ পিছত আৰক্ষীয়ে তালাচী অভিযান আৰম্ভ কৰে। আৰক্ষীয়ে তদন্তৰ অন্তত গাঁওখনৰ এখন পথাৰৰ পৰা তিনিদিনৰ অন্তত গোলুৰ মৃতদেহ উদ্ধাৰ কৰে। ইয়াৰ পিছতে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে…
