ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

পাকিস্তান আৰু আফগানিস্তানৰ মাজৰ শেহতীয়া সংঘৰ্ষই বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে

পাকিস্তান আৰু আফগানিস্তানৰ মাজৰ শেহতীয়া সংঘৰ্ষই বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে

পাকিস্তান আৰু আফগানিস্তানৰ মাজৰ শেহতীয়া সংঘৰ্ষই বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । তাৰ মাজতে পাকিস্তানৰ খাইবাৰ পাখতুনখৱা প্ৰদেশত পাকিস্তানী সেনাৰ বৃহৎ সফলতা । পাকিস্তানৰ সামৰিক বাহিনীয়ে দাবী কৰা মতে আফগানিস্তানৰ পৰা বৃহৎ অনুপ্ৰৱেশৰ চেষ্টা প্ৰতিৰোধ কৰাৰ সমান্তৰালভাৱে পাকিস্তানৰ নিৰাপত্তা বাহিনীয়ে ৪ টা আত্মঘাতী বোমাৰুকে ধৰি ২৫ টা সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰিছে । সন্ত্ৰাসবাদীৰ সৈতে হোৱা সংঘৰ্ষত ৫ গৰাকী নিৰাপত্তাৰক্ষীও নিহত হোৱা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে ।সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ ।
Read More
ফ্ৰান্সৰ ৰাজ পৰিয়ালৰ শোভা বঢ়াই থকা নীলম, পান্না আৰু হীৰা অন্তৰ্ধান !

ফ্ৰান্সৰ ৰাজ পৰিয়ালৰ শোভা বঢ়াই থকা নীলম, পান্না আৰু হীৰা অন্তৰ্ধান !

ফ্ৰান্সৰ ৰাজ পৰিয়ালৰ শোভা বঢ়াই থকা নীলম, পান্না আৰু হীৰা অন্তৰ্ধান ! দিন-দুপৰতে মাত্ৰ ৪ মিনিটৰ ভিতৰতে চোৰে লৈ গ'ল ফ্ৰান্সৰ ৰাজ পৰিয়ালৰ বহু মূল্যৱান সম্পদ । বিশেষজ্ঞসকলৰ মতে এই বহু মূল্যৱান ৰত্ন তথা সম্পদ চিৰদিনৰ বাবে নাইকীয় হ'ব পাৰে ! এই ঘটনাই সমগ্ৰ দেশখনকে স্তম্ভিত কৰি তুলিছে ।নিৰাপত্তা ব্যৱস্থাক লৈ প্ৰশ্ন ।চুৰি হোৱা বহু মূল্যৱান সম্পদবোৰৰ ভিতৰত আছে- এডাল পান্নাৰ হাৰ আৰু কাণফুলি, দুটা মুকুট, দুটা ব্ৰচ, এডাল নীলমৰ হাৰ আৰু কাণফুলি । যিবোৰে ১৯ শতিকাৰ 'হ'ট জ'লেৰী' বা শীৰ্ষ গহনাবোৰৰ শিখৰত থকা বুলি দাবী কৰা হয় ।ৰাজমুকুট আৰু গহনা চুৰি হোৱাৰ লগে লগে ফ্রান্স চৰকাৰত হাহাকাৰ লাগিছে ।…
Read More
বাংলাদেশৰ ৰাজধানী ঢাকাৰ মিৰপুৰৰ ৰূপনগৰৰ এটা বস্ত্ৰ কাৰখানাত অগ্নিকাণ্ড

বাংলাদেশৰ ৰাজধানী ঢাকাৰ মিৰপুৰৰ ৰূপনগৰৰ এটা বস্ত্ৰ কাৰখানাত অগ্নিকাণ্ড

বাংলাদেশৰ ৰাজধানী ঢাকাৰ মিৰপুৰৰ ৰূপনগৰৰ এটা বস্ত্ৰ কাৰখানাত অগ্নিকাণ্ড । এই ঘটনাত ষোল্লজন লোকে প্ৰাণ হেৰুৱাৰ লগতে আন কেইবাজনো লোক গুৰুতৰভাৱে আহত হৈছে ।তালহা বিন জাছিমে উল্লেখ কৰা মতে, এই অগ্নিকাণ্ড ইমানেই ভয়াৱহ আছিল যে এতিয়াও অব্যাহত আছে জুই নিৰ্বাপনৰ প্ৰচেষ্টা । বিষয়াসকলে এই অগ্নিকাণ্ডৰ মূল কাৰণটো নিৰ্ণয় কৰাৰ বাবে চেষ্টা চলাই আছে । লগতে এই জুইৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণো মূল্যায়ন কৰি আছে ।তথ্য অনুসৰি, কাপোৰৰ কাৰখানাটোৰ প্ৰথম আৰু দ্বিতীয় মহলাৰ পৰা উদ্ধাৰ হৈছে ১৬ টা মৃতদেহ । বিভাগীয় কৰ্তৃপক্ষই সন্দেহ কৰিছে যে এই লোকসকলৰ মৃত্যু কাৰণ হ’ব পাৰে বিষাক্ত গেছ । বিষাক্ত গেছ সেৱন কৰাৰ ফলতে কেবাজনো লোক…
Read More
ট্ৰাম্পে চীনৰ ওপৰত অতিৰিক্ত ১০০% শুল্ক ঘোষণা

ট্ৰাম্পে চীনৰ ওপৰত অতিৰিক্ত ১০০% শুল্ক ঘোষণা

ট্ৰাম্পে চীনৰ ওপৰত অতিৰিক্ত ১০০% শুল্ক ঘোষণা কৰিছে, যিটো ১ নৱেম্বৰৰ পৰা কাৰ্যকৰী হ’ব। তেওঁ চফটৱেৰ ৰপ্তানিৰ ক্ষেত্ৰতো কঠোৰ নিয়ন্ত্ৰণৰ আহ্বান জনায়।আমেৰিকাৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা ট্ৰাম্পে ইচ্ছাৰ দ্বাৰা পৰিচালিত হৈ বিশ্বৰ দেশসমূহৰ ওপৰত শুল্ক আৰোপ কৰি আমেৰিকাৰ অৰ্থনীতিত প্ৰভাৱ পেলাইছে। কিছুদিন ধৰি ট্ৰাম্পে শান্ত হৈ আছিল যদিও আজি হঠাতে তেওঁৰ দীৰ্ঘদিনীয়া শুল্ক প্ৰতিদ্বন্দ্বী চীনৰ ওপৰত ১০০% অতিৰিক্ত শুল্ক ঘোষণা কৰে। তেওঁৰ বিবৃতিত তেওঁ চীনক ধমক দি তেওঁৰ শৈলীৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ১ নৱেম্বৰৰ পৰা কাৰ্যকৰী হ’ব এই নতুন শুল্ক।
Read More
ট্ৰাম্পৰ ওচৰত কেতিয়াও হেও নামানে ভাৰতে!

ট্ৰাম্পৰ ওচৰত কেতিয়াও হেও নামানে ভাৰতে!

টেৰিফৰ জৰিয়তে ভাৰতক ধাৰাবাহিকভাৱে হেচাঁ প্ৰদান কৰি অহা আমেৰিকাক এইবাৰ সকিয়নী প্ৰদান কৰিলে ৰাছিয়াই। কোনো কাৰণতে আমেৰিকাৰ আগত ভাৰত তল পৰি দিয়াৰ প্ৰয়োজন নাই । ভাৰত আৰু চীনৰ ওপৰত আমেৰিকাৰ শুল্ক সন্দৰ্ভত ৰাছিয়াই এক উল্লেখযোগ্য বিবৃতি প্ৰকাশ কৰিছে। ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভ্ৰভে কয় যে এই দুটা প্ৰাচীন সভ্যতাই আমেৰিকাৰ আগত কেতিয়াও হেও নহয়। ৰাছিয়াৰ জনপ্ৰিয় টিভি অনুষ্ঠান “দ্য গ্ৰেট গেম”ত ভাষণ দি চাৰ্গেই লাভৰভে কয় যে ৰাছিয়াৰ শক্তি ক্ৰয় বন্ধ কৰাৰ বাবে আমেৰিকাৰ দাবীয়ে দেশসমূহক নতুন শক্তি বজাৰ, নতুন সম্পদ আৰু অধিক ধন বিচাৰিবলৈ বাধ্য কৰাইছে।
Read More
আমেৰিকাই ভাৰতৰ ওপৰত অতিৰিক্তভাৱে আৰোপ কৰা ২৫% শুল্ক কাৰ্যকৰী হ’ব বুধবাৰৰ পৰা

আমেৰিকাই ভাৰতৰ ওপৰত অতিৰিক্তভাৱে আৰোপ কৰা ২৫% শুল্ক কাৰ্যকৰী হ’ব বুধবাৰৰ পৰা

আমেৰিকাই ভাৰতৰ ওপৰত অতিৰিক্তভাৱে আৰোপ কৰা ২৫% শুল্ক কাৰ্যকৰী হ’ব বুধবাৰৰ পৰা। আমেৰিকাৰ সময় অনুসৰি ২৭ আগষ্টৰ দুপৰীয়া ১২ বজাৰ পৰা ভাৰতত এই শুল্ক কাৰ্যকৰী কৰা হ’ব। ইয়াৰ পিছত ভাৰতৰ পৰা আমেৰিকালৈ প্ৰেৰণ কৰা সামগ্ৰীৰ শুল্ক ৫০% লৈ বৃদ্ধি পাব।ভাৰতৰ ওপৰত ট্ৰাম্পে আৰোপ কৰা অতিৰিক্ত শুল্ক বুধবাৰৰ পৰা কাৰ্যকৰী হ'ব। ৰাছিয়াৰ পৰা ভাৰতে তেল ক্ৰয় ,কৰাৰ পৰিপ্ৰেক্ষিততেই ভাৰতৰ ওপৰত ২৫ শতাংশ অতিৰিক্ত আমদানি শুল্ক আৰোপ কৰে আমেৰিকাই।কিন্তু, ৩টা চৰ্ত আছে?সামগ্ৰী লোডিঙৰ চৰ্ত: যদি ভাৰতৰ পৰা পঠোৱা সামগ্ৰীসমূহ ২৭ আগষ্ট ২০২৫ তাৰিখৰ দুপৰীয়া ১২:০১ বজাৰ আগতে (আমেৰিকাৰ সময়) জাহাজত ভৰাই আমেৰিকালৈ ৰাওনা হয়, তেন্তে ইয়াৰ ওপৰত কোনো অতিৰিক্ত শুল্ক নাথাকিব। প্ৰৱেশৰ…
Read More
ব্ৰহ্মপুত্ৰ নৈত নিৰ্মাণ আৰম্ভ হোৱা বিশ্বৰ সৰ্ববৃহৎ বান্ধে ভাৰত-বাংলাদেশৰ ক্ষতি নকৰে: চীন

ব্ৰহ্মপুত্ৰ নৈত নিৰ্মাণ আৰম্ভ হোৱা বিশ্বৰ সৰ্ববৃহৎ বান্ধে ভাৰত-বাংলাদেশৰ ক্ষতি নকৰে: চীন

চীনে অতি সংবেদনশীল তিব্বত অঞ্চলৰ ব্ৰহ্মপুত্ৰ নদীত বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণ আৰম্ভ কৰাৰ সিদ্ধান্তৰ পক্ষত থাকি চুবুৰীয়া দেশখনে কয় যে নিম্ন স্থানত থকা ভাৰত আৰু বাংলাদেশে ইয়াৰ পৰা উদ্বিগ্ন হোৱাৰ প্ৰয়োজন নাই। এই বান্ধে নিম্ন স্থানৰ কোনো ক্ষতি সাধন নকৰে। ব্ৰহ্মপুত্ৰ নদীত বিশ্বৰ সৰ্ববৃহৎ জলবিদ্যুৎ বান্ধ নিৰ্মাণৰ ক্ষেত্ৰত ভাৰতে তীক্ষ্ণ দৃষ্টি ৰাখিছে। চীনৰ প্ৰধানমন্ত্ৰী লি কেকিয়াঙে শনিবাৰে অৰুণাচল প্ৰদেশ খণ্ডৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ কাষত নিয়িংচি চহৰৰ ইয়াৰলুং জাংবো নদীৰ তলৰ ফালে এটা বান্ধ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ কথা ঘোষণা কৰে। ব্ৰহ্মপুত্ৰ নদী চীনত য়াৰলুং ছাংপো নামেৰে জনাজাত।চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ গুও জিয়াকুনক সংবাদমেলত বন্ধটোক লৈ ভাৰত আৰু বাংলাদেশৰ উদ্বেগৰ বিষয়ে…
Read More
ৰাছিয়াৰ বিৰুদ্ধে ভাৰত কঠোৰ হোৱাৰ সম্ভাৱনা

ৰাছিয়াৰ বিৰুদ্ধে ভাৰত কঠোৰ হোৱাৰ সম্ভাৱনা

ইউক্ৰেইনৰ সৈতে হোৱা যুদ্ধৰ পৰিপ্ৰেক্ষিতত ৰাছিয়াৰ প্ৰতি আমেৰিকা আৰু নাটোৰ ক্ষোভৰ ফলত উদ্বেগ বৃদ্ধি পাইছে ভাৰতৰ। শান্তি চুক্তিৰ বাবে ৰাছিয়া সাজু নহ’লে ৰাছিয়াৰ তেল ক্ৰেতাসকলৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ হুংকাৰ দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ইউক্ৰেইনৰ সৈতে শান্তি চুক্তিৰ বাবে ৰাছিয়া সাজু নহ’লে ইয়াৰ ওপৰত ১০০% শুল্ক আৰোপ কৰা হ’ব বুলি আমেৰিকাই কয়।নাটোৰ মহাসচিব মাৰ্ক ৰুটে ভাৰত, চীন আৰু ব্ৰাজিলক ভাবুকি দিছিল যে যদি তেওঁলোকে ৰাছিয়াৰ সৈতে বাণিজ্য অব্যাহত ৰাখে তেন্তে তেওঁলোকৰ ওপৰত ১০০% ৰো অধিক শুল্ক আৰোপ কৰা হ’ব। এই ভাবুকিয়ে ভাৰতৰ বাবে নতুন চিন্তাৰ সৃষ্টি কৰিছে।এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে কঠোৰ নিষেধাজ্ঞাৰ ভাবুকিৰ পিছত ভাৰতে ৰাছিয়াৰ পৰা তেল…
Read More
ৰাছিয়াক মুকলি ভাবুকি ড’নাল্ড ট্ৰাম্পৰ

ৰাছিয়াক মুকলি ভাবুকি ড’নাল্ড ট্ৰাম্পৰ

ৰাছিয়াক ডাঙৰ ভাবুকি প্ৰদান কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। তেওঁ কয়, “যদি ৫০ দিনৰ ভিতৰত ইউক্ৰেইনত যুদ্ধ শেষ কৰাৰ বাবে কোনো চুক্তি নহয়, তেন্তে তেওঁ ৰাছিয়াৰ ওপৰত শুল্ক আৰোপ কৰিব। অ’ভাল অফিচত নাটোৰ মহাসচিব মাৰ্ক ৰুটৰ সৈতে হোৱা বৈঠকত এই ঘোষণা কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। ট্ৰাম্পে কয়, “যদি ৫০ দিনৰ ভিতৰত কোনো চুক্তি নহয় তেন্তে আমি অতি কঠোৰ শুল্ক আৰোপ কৰিম।” কিন্তু শুল্ক কেনেদৰে কাৰ্যকৰী কৰা হ’ব সেই বিষয়ে তেওঁ বুজাই দিয়া নাই। তেওঁ আৰু কয়, “মই বাণিজ্যক বহু কামত ব্যৱহাৰ কৰো, কিন্তু যুদ্ধ নিষ্পত্তি কৰাৰ বাবে ই অতি ভাল।”
Read More
বাংলাদেশসহ ১৪ দেশৰ ওপৰত নতুন শুল্ক আৰোপ ড’নাল্ড ট্ৰাম্পৰ

বাংলাদেশসহ ১৪ দেশৰ ওপৰত নতুন শুল্ক আৰোপ ড’নাল্ড ট্ৰাম্পৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বাংলাদেশকে ধৰি ১৪খন দেশৰ ওপৰত নতুন শুল্ক হাৰ আৰোপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ট্ৰাম্পে এই দেশসমূহৰ নেতাসকললৈ প্ৰেৰণ কৰা পত্ৰখন ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি নতুন শুল্ক হাৰৰ বিষয়ে অৱগত কৰিছে। ট্ৰাম্পে লিখিছে-আপোনালোকৰ সৈতে আমাৰ সম্পৰ্কৰ ওপৰত নিৰ্ভৰ কৰি এইটো পৰিৱৰ্তন হ’ব পাৰে।ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ম্যানমাৰৰ ওপৰত ৪০ শতাংশ, থাইলেণ্ডৰ ওপৰত ৩৬ শতাংশ, বাংলাদেশৰ ওপৰত ৩৫ শতাংশ, ইণ্ডোনেছিয়াৰ ওপৰত ৩২ শতাংশ আৰু দক্ষিণ আফ্ৰিকাৰ ওপৰত ৩০ শতাংশ শুল্ক আৰোপ কৰাৰ উদ্দেশ্য পুনৰবাৰ উল্লেখ কৰিছে। লগতে ৯ জুলাইৰ পৰা কাৰ্যকৰী হ’বলগীয়া শুল্ক এতিয়া ১ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব বুলি ঘোষণা কৰিছে । ইয়াৰ পূৰ্বে ট্ৰাম্পে ৯ জুলাইৰ পৰা…
Read More