10
Aug
বৰপেটা শিক্ষা খণ্ডৰ পালহাজী দক্ষিণ মণ্ডল সমল কেন্দ্ৰতো চলিত মাহৰ ৫ আগষ্ট তাৰিখৰ পৰা উলহ মালহেৰে "শিক্ষা সপ্তাহ" উদযাপন কৰা হয়। পালহাজী দক্ষিণ মণ্ডল সমল কেন্দ্ৰৰ প্ৰতিখন বিদ্যালয়ৰে ছাত্ৰ-ছাত্ৰীৰ মাজত ঐক্য আৰু বৈচিত্ৰ্যৰ ভাৱ জগাই তোলাৰ বাবে আয়োজন কৰা হয় এক বিশেষ সাংস্কৃতিক কাৰ্যসূচী।এই উপলক্ষে সকলো বিদ্যালয়ৰে ছাত্ৰ ছাত্ৰীসকল ১৪৪৭ নং পালহাজী কনৰাপাৰা প্ৰাথমিক বিদ্যালয়ত আহি উপস্থিত হয় আৰু এক সাংস্কৃতিক শোভাযাত্ৰা কৰি ঐক্য আৰু বৈচিত্ৰ্যৰ মনোভাৱ সকলোৰে মাজত জাগ্ৰত কৰে। মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক তৰু দাস আৰু বিদ্যালয় সমূহৰ শিক্ষক শিক্ষয়িত্ৰী সকলো এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। ইতিমধ্যে প্ৰথম দিনৰ কাৰ্যসূচী মতে ৫ আগষ্ট সোমবাৰে প্ৰতিখন বিদ্যালয়তে শিকন শিক্ষণ সজুঁলি…
