শিক্ষা

এন ডি আৰ এফৰ সহযোগত পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত প্ৰাকৃতিক দুৰ্যোগ সজাগতা আৰু প্ৰশিক্ষণ কাৰ্যসূচী সম্পন্ন

এন ডি আৰ এফৰ সহযোগত পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত প্ৰাকৃতিক দুৰ্যোগ সজাগতা আৰু প্ৰশিক্ষণ কাৰ্যসূচী সম্পন্ন

পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি চমুকৈ এন এছ এছ কোষ ,  ৰাজনীতি বিজ্ঞান বিভাগৰ উদ্যোগত আৰু আজাৰা পাটগাওঁস্থিত প্ৰথম ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এন ডি আৰ এফ) ৰ সহযোগত ৬ আগষ্টত  মহাবিদ্যালয় প্ৰাংগণত 'দুৰ্যোগ ব্যৱস্থাপনা  আৰু সজাগতা'  শীৰ্ষক এক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত  কৰা হয়। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানৰ আৰম্ভণিতে আদৰণি ভাষণ প্ৰদান কৰি ভাষণ প্ৰসংগত মহাবিদ্যালয়ৰ অধ্যক্ষা ডঃ মনীষা ভট্টাচাৰ্যই অসমৰ দৰে প্ৰাকৃতিক দুৰ্যোগত আক্ৰান্ত অঞ্চলত এনে ধৰণৰ প্ৰশিক্ষণৰ গুৰুত্ব আৰু সাম্প্ৰতিক সময়ত ইয়াৰ প্ৰাসংগিকতাৰ ওপৰত আলোকপাত কৰে। মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক জিয়াউৰ ৰহমান আৰু আয়ুষমান কলিতাই আঁত ধৰা কাৰ্যসূচীত মহাবিদ্যালয়ৰ  এন এছ এছ কোষৰ কাৰ্যসূচী বিষয়া…
Read More
দেশজুৰি ছাত্ৰ বিক্ষোভৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি ছাত্ৰ বিক্ষোভৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

NEET পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা বিষয়ক লৈ সমগ্ৰ দেশজুৰি সৃষ্টি হোৱা তীব্ৰ ছাত্ৰ আন্দোলনৰ পাছত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আজি নিজৰ পদৰ পৰা পদত্যাগ কৰে। দিল্লীৰ যন্তৰ-মন্তৰত ছাত্ৰ-ছাত্ৰীসকলে চলাই থকা প্ৰতিবাদৰ মূল দাবী আছিল শিক্ষামন্ত্ৰীৰ পদত্যাগ। সামাজিক মাধ্যম 'X' ত এটা দীঘলীয়া বাৰ্তাৰ জৰিয়তে প্ৰধানে নিজৰ পদত্যাগৰ কথা ঘোষণা কৰে। তেওঁ উল্লেখ কৰে যে দেশৰ যুৱ প্ৰজন্মৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ আৰু এই আন্দোলনৰ সুযোগ লৈ কোনো "ৰাষ্ট্ৰবিৰোধী শক্তিয়ে" যাতে পৰিস্থিতিৰ অপব্যৱহাৰ কৰিব নোৱাৰে, তাৰ বাবেই তেওঁ এই সিদ্ধান্ত লৈছে। পদত্যাগ কৰাটো তেওঁৰ কোনো "ব্যক্তিগত সন্মানৰ বিষয় নহয়" বুলিও তেওঁ স্পষ্ট কৰি দিয়ে। চৰকাৰ আৰু প্ৰতিবাদকাৰীসকলৰ মাজত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ আলোচনাৰ…
Read More
২১ জুনত পুনৰ নিট ইউ জি-২০২৬ৰ পৰীক্ষা

২১ জুনত পুনৰ নিট ইউ জি-২০২৬ৰ পৰীক্ষা

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আজি ঘোষণা কৰে যে অহা ২১ জুনত ৰাষ্ট্ৰীয় যোগ্যতা সহ প্ৰৱেশ পৰীক্ষা-স্নাতক (NEET-UG)ৰ পুনৰ পৰীক্ষা অনুষ্ঠিত হ’ব। লগতে তেওঁ কয় যে এই পৰীক্ষাৰ সংস্কাৰৰ অংশ হিচাপে অহা বছৰৰ পৰা মেডিকেল প্ৰৱেশ পৰীক্ষা কম্পিউটাৰ ভিত্তিক হ’ব। সংবাদমেল সম্বোধন কৰি প্ৰধানে কয় যে চৰকাৰৰ শীৰ্ষ অগ্ৰাধিকাৰ হৈছে ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ ভৱিষ্যত। NEET-UG পৰীক্ষা পৰিচালনাত পোৱা অনিয়মৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও তেওঁ কয়। তেওঁ কয়-আমাৰ শীৰ্ষ অগ্ৰাধিকাৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত। এইবাৰ আমি কোনো ধৰণৰ অনিয়মৰ অনুমতি নিদিওঁ। চৰকাৰ আপোনালোকৰ লগত আছে। ৩ মে’ত অনুষ্ঠিত হোৱা NEET-UG পৰীক্ষাত পৰীক্ষা প্ৰক্ৰিয়াত অনিয়মৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে পৰীক্ষা বাতিল কৰা…
Read More
দেশৰ শ্ৰেষ্ঠ মহাবিদ্যালয়ৰ শীৰ্ষত হিন্দু কলেজ, দ্বিতীয়ত মিৰাণ্ডা হাউচ কলেজ

দেশৰ শ্ৰেষ্ঠ মহাবিদ্যালয়ৰ শীৰ্ষত হিন্দু কলেজ, দ্বিতীয়ত মিৰাণ্ডা হাউচ কলেজ

শিক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে এন আই আৰ এফ ৰেংকিং ২০২৫।এইবাৰো মহাবিদ্যালয় শাখাত দিল্লী বিশ্ববিদ্যালয়ৰ (ডি ইউ) মহাবিদ্যালয়সমূহে আধিপত্য বিস্তাৰ কৰিছে। যোৱা বছৰৰ দৰে এইবাৰো হিন্দু কলেজে শীৰ্ষস্থান দখল কৰিছে। একে সময়তে দ্বিতীয় স্থান লাভ কৰিছে মিৰাণ্ডা হাউচ কলেজে। বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানিক ৰেংকিং ফ্ৰেমৱৰ্ক (এন আই আৰ এফ) ২০২৫ত ভাৰতৰ শ্ৰেষ্ঠ মহাবিদ্যালয়ৰ তালিকা প্ৰকাশ কৰা হয়। দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কলেজে শীৰ্ষ ১০ খনত স্থান লাভ কৰিবলৈ সক্ষম হৈছে।হান্স ৰাজ কলেজে তৃতীয়, কিৰোৰী মাল চতুৰ্থ আৰু ছেইণ্ট ষ্টিফেন্স পঞ্চম স্থানত আছে। দিল্লীৰ পিছতে ষষ্ঠ স্থান দখল কৰিবলৈ সক্ষম হৈছে কলকাতাৰ ৰাম কৃষ্ণ মিছন বিবেকানন্দ শতবাৰ্তী মহাবিদ্যালয়। সপ্তম স্থানত আত্ম ৰাম সনাতন ধৰ্ম…
Read More
কেন্দ্ৰীয় বিদ্যালয়- নৱোদয় বিদ্যালয়ত ১২ হাজাৰ শিক্ষকৰ পদ খালী

কেন্দ্ৰীয় বিদ্যালয়- নৱোদয় বিদ্যালয়ত ১২ হাজাৰ শিক্ষকৰ পদ খালী

শিক্ষা মন্ত্ৰালয়ৰ তথ্য অনুসৰি সমগ্ৰ দেশৰ কেন্দ্ৰীয় বিদ্যালয় আৰু নৱোদয় বিদ্যালয়ত ১২ হাজাৰৰো অধিক শিক্ষকৰ পদ খালী হৈ আছে। বুধবাৰে ৰাজ্যসভাত এক লিখিত উত্তৰত কেন্দ্ৰীয় শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে এই তথ্য প্ৰকাশ কৰে। তেওঁ কয় যে কেন্দ্ৰীয় বিদ্যালয়ত মুঠ ৭,৭৬৫টা শিক্ষক পদ আৰু নৱোদয় বিদ্যালয়ত ৪,৩২৩টা শিক্ষক পদ আজিলৈকে সমগ্ৰ দেশতে খালী হৈ আছে। মন্ত্ৰীগৰাকীয়ে কয় যে এই খালী পদসমূহ পূৰণ কৰাটো এক নিৰন্তৰ প্ৰক্ৰিয়া আৰু সংশ্লিষ্ট নিযুক্তি বিধি অনুসৰি প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে।চৌধুৰীয়ে কয়-অস্থায়ী সময়ৰ বাবে ঠিকাভিত্তিক শিক্ষক নিযুক্তি দিয়াৰ ব্যৱস্থা আছে, যাতে নিৰৱচ্ছিন্ন শৈক্ষিক কাম-কাজ নিশ্চিত হয়। নেচনেল কাউন্সিল অৱ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং (এনচিইআৰটি)ত…
Read More
অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ কিতাপত এনচিইআৰটিৰ বহু ডাঙৰ পৰিৱৰ্তন

অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ কিতাপত এনচিইআৰটিৰ বহু ডাঙৰ পৰিৱৰ্তন

অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ কিতাপত এনচিইআৰটিয়ে বহু ডাঙৰ পৰিৱৰ্তন সাধন কৰিছে। বৰ্তমানৰ তথ্য অনুসৰি এনচিইআৰটিয়ে নতুন অধ্যায়ত বাবৰক নিষ্ঠুৰ বিজয়ী বুলি অভিহিত কৰিছে। আকবৰ আৰু ঔৰংজেৱৰ অধ্যায়বোৰতো পৰিৱৰ্তন কৰিছে। এনচিইআৰটিয়ে অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ কিতাপত মোগল যুগৰ ধৰ্মীয় অসহিষ্ণুতাৰ সময় বুলি কোৱা হৈছে। আকবৰক সহনশীলতা আৰু নিষ্ঠুৰতাৰ মিশ্ৰণ বুলি অভিহিত কৰা হৈছে। ঔৰংজেৱ সন্দৰ্ভতো গ্ৰন্থখনত সালসলনি কৰা হৈছে। ঔৰংজেবক মন্দিৰ আৰু গুৰুদ্বাৰৰ ধ্বংসকাৰী বুলি অভিহিত কৰা হৈছে। বৰ্তমান এনচিইআৰটিয়ে এই সন্দৰ্ভত কোনো উত্তৰ বা স্পষ্টীকৰণ দিয়া নাই। কিয় এই পৰিৱৰ্তন কৰা হৈছে সেই সন্দৰ্ভত কোনো তথ্য উপলব্ধ নহয়। উল্লেখ্য যে যোৱা বছৰো এনচিইআৰটিয়ে কিতাপসমূহত কিছু গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিছিল। ‘ৰাষ্ট্ৰীয় যুদ্ধ…
Read More
২০২৫ বৰ্ষৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ তাৰিখ ঘোষণা চিবিএছইৰ

২০২৫ বৰ্ষৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ তাৰিখ ঘোষণা চিবিএছইৰ

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে (চিবিএছই) ২০২৫ বৰ্ষৰ দশম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ তাৰিখ ঘোষণা কৰিছে, যি ১৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰিব। চিবিএছই পৰীক্ষাবোৰ পুৱা ১০:৩০ বজাৰ পৰা আৰম্ভ হ'ব। এইটো প্ৰথমবাৰৰ বাবে যে শিক্ষাৰ্থীসকলে পৰীক্ষাৰ তাৰিখ ৮৬ দিন অৰ্থাৎ প্ৰায় তিনি মাহ আগতে ঘোষণা কৰিছে। পৰীক্ষাটো দশম শ্ৰেণীৰ ইংৰাজী পৰীক্ষাৰ সৈতে আৰম্ভ হ'ব। দ্বাদশ শ্ৰেণীৰ প্ৰথম পৰীক্ষাও একে তাৰিখে অনুষ্ঠিত হ'ব। উক্ত দিনটোত দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ শাৰীৰিক শিক্ষা পৰীক্ষাও অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে (চিবিএছই) কয় যে তেওঁলোকে শিক্ষাৰ্থীসকলক সহায় কৰিবলৈ পৰীক্ষাৰ সময়সূচী নিৰ্ধাৰণ কৰাত এজন শিক্ষাৰ্থীৰ দুটা বিষয়ৰ বাবে পৰীক্ষাৰ তাৰিখত পৰ্যাপ্ত ব্যৱধান ৰাখিছে। চিবিএছইয়ে কৈছে যে…
Read More
আমেৰিকাত অধ্যয়নৰত বিদেশী ছাত্ৰৰ শীৰ্ষত ভাৰত

আমেৰিকাত অধ্যয়নৰত বিদেশী ছাত্ৰৰ শীৰ্ষত ভাৰত

ভাৰত যোৱা ১৫ বছৰত প্ৰথমবাৰৰ বাবে আমেৰিকালৈ আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ্থীৰ সৰ্ববৃহৎ প্ৰেৰণ কৰা দেশ হিচাপে আত্মপ্ৰকাশ কৰিছে। সোমবাৰে মুকলি কৰা ' অপেন ডৰছ ৰিপ'ৰ্ট-২০২৪' অনুসৰি, ৩.৩ লাখতকৈও অধিক ভাৰতীয় শিক্ষাৰ্থীয়ে বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ শিক্ষানুষ্ঠানসমূহত অধ্যয়ন কৰি আছে। ২০২২-২৩ শিক্ষাবৰ্ষত আন্তৰ্জাতিক শিক্ষাৰ্থীসকলক আমেৰিকালৈ প্ৰেৰণ কৰাৰ ক্ষেত্ৰত চীন প্ৰথম আছিল, আনহাতে ভাৰত দ্বিতীয় স্থানত আছিল। কিন্তু এই প্ৰতিবেদন অনুসৰি, আমেৰিকা যুক্তৰাষ্ট্ৰত অধ্যয়ন কৰি থকা ভাৰতীয় শিক্ষাৰ্থীৰ সংখ্যা ২০২৩-২৪ শিক্ষাবৰ্ষত ৩,৩১,৬০২ জনৰ অভিলেখত উপনীত হৈছে। এই সংখ্যাটো ২০২২-২৩ শিক্ষাবৰ্ষতকৈ ২৩ শতাংশ অধিক, যেতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ শিক্ষানুষ্ঠানসমূহত ২,৬৮,৯২৩ জন ভাৰতীয় শিক্ষাৰ্থীয়ে অধ্যয়ন কৰি আছিল। এতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুঠ আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ্থীৰ ২৯ শতাংশ ভাৰতৰ। ২০০৮-০৯ বৰ্ষৰ…
Read More
আৰম্ভনিৰে পৰা ছাত্ৰ-ছাত্ৰীসকলক মূল্যবোধৰ শিক্ষা দিব লাগিব – গীতিকা দত্ত শৰ্মা

আৰম্ভনিৰে পৰা ছাত্ৰ-ছাত্ৰীসকলক মূল্যবোধৰ শিক্ষা দিব লাগিব – গীতিকা দত্ত শৰ্মা

নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ দৌলাশাল হাইস্কুলত আজি উত্তৰ -পশ্চিম বৰক্ষেত্ৰী পৰীক্ষা পৰিষদৰ উদ্যোগত আৰু নলবাৰী জিলা অধিবিদ্যা পৰিষদৰ ১০ নং গোটৰ সহযোগত ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ শীৰ্ষক এখনি আলোচনাচক্ৰ অনুষ্ঠিত হৈ যায় ।  কাৰ্যসূচী অনুসৰি পুৱা দৌলাশাল হাইস্কুলৰ সহকাৰী শিক্ষক জয়ন্ত কুমাৰ দাসৰ তত্বাৱধানত পৰিৱেশ নিকাৰণৰ পাছতেই পুৱা ৮ বজাত পতাকা উত্তোলন কৰে দৌলাশাল হাইস্কুলৰ বিদ্যালয়প্ৰধান চৰিফুদ্দিন আহমেদে। ইয়াৰ পাছতেই গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ন কৰে দৌলাশাল হাইস্কুলৰ সহকাৰী শিক্ষক ক্ৰমে হৰগোবিন্দ নাথ আৰু ৰমণী নাথে । বন্তি প্ৰজ্বলন কৰে দৌলাশাল হাইস্কুল পৰিচালনা সমিতিৰ সভাপতি চন্দ্ৰহংস বৈশ্যই । দিনৰ ১১ বজাত উত্তৰ-পশ্চিম বৰক্ষেত্ৰী মাধ্যমিক পৰীক্ষা পৰিষদৰ সভাপতি আবু বক্কৰ ছিদ্দিকৰ সভাপতিত্বত অনুষ্ঠিত হয়…
Read More
২০২৪ চনৰ ৰোমেইন কনক্লেভত নাৰী শক্তিৰ এক বিশেষ তাৎপৰ্য্য দেখা গ’ল

২০২৪ চনৰ ৰোমেইন কনক্লেভত নাৰী শক্তিৰ এক বিশেষ তাৎপৰ্য্য দেখা গ’ল

'ব্যতিক্রম মাছডোৰ ৰ'মেন কনক্লেভ গোটেই বিশ্বৰ বাবে এটা ভাল সংকেত দিছে। বহু বছৰ ধৰি অসম তথা ভাৰতৰ বহিৰতো নাৰী শক্তিক জাগৰণৰ বাবে ব্যতিক্রম মাছডোয়ে যি প্রচেষ্টা চলাই আছে তাৰ বাবে ব্যতিক্রম মাছডোক মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ এই প্রচেষ্ট আগুৱাই লৈ যোৱাৰ বাবে শুভকামনা জ্ঞাপন কৰিলোঁ। কাৰণ সৃষ্টিৰ আদিৰে পৰা অন্ত লৈকে নাৰীশক্তিৰ এক বিশেষ তাৎপর্য আছে। যেতিয়া নাৰীসকল সতর্ক হৈ উঠে তেতিয়া তেওঁলোকে বেয়াৰ মাজতো ভালৰ সৃষ্টি কৰিব পাৰে। সেইবাবে বিশ্বৰ প্ৰতিজন ব্যক্তিয়ে মহিলাসকলক আগুৱাই যোৱাত অনুপ্ৰেৰণা যোগাব লাগে' এই মন্তব্য প্রদান কৰি জগদগুৰু শংকৰাচাৰ্য মহাৰাজ এগছি বস্তি প্রজ্বলনেৰে ব্যতিক্ৰমৰ অনুষ্ঠানৰ আনুষ্ঠানিকভাবে শুভাৰম্ভ কৰে।অসমৰ সামাজিক…
Read More