31
Jul
ইৰাণৰ সৈতে পেট্ৰলিয়াম আৰু পেট্ৰ’কেমিকেল সামগ্ৰীৰ ব্যৱসায়ৰ বাবে ৬টা ভাৰতীয় কোম্পানীত নিষেধাজ্ঞা আৰোপ কৰিছে আমেৰিকাই। ভাৰতৰ এই ৬টা কোম্পানীয়ে শেহতীয়াকৈ আমেৰিকাৰ নিষেধাজ্ঞাৰ সন্মুখীন হোৱা বিশ্বৰ ২০টা কোম্পানীৰ ভিতৰত অন্যতম। ইৰাণৰ ওপৰত হেঁচা বৃদ্ধিৰ প্ৰয়াসত আমেৰিকাই এই পদক্ষেপ গ্ৰহণ কৰিছে। এই নিষেধাজ্ঞাৰ কথা ঘোষণা কৰি আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে কয় যে ভাৰতৰ ছটা কোম্পানীকে ধৰি বিশ্বৰ ২০টা কোম্পানীয়ে ইচ্ছাকৃতভাৱে আমেৰিকাৰ নিষেধাজ্ঞা উলংঘা কৰি ইৰাণৰ পেট্ৰলিয়াম সামগ্ৰী ক্ৰয় কৰিছে। নিষিদ্ধ কৰা ভাৰতীয় কোম্পানীসমূহৰ ভিতৰত আছে গ্ল’বেল ইণ্ডাষ্ট্ৰিয়েল কেমিকেলছ লিমিটেড, ৰমনিক লাল এছ গোছালিয়া এণ্ড কো, পাৰ্চিষ্টেণ্ট পেট্ৰ’কেম প্ৰাইভেট লিমিটেড, এলকেমিকেল ছলিউচনছ প্ৰাইভেট লিমিটেড, জুপিটাৰ ডাইচেম প্ৰাইভেট লিমিটেড আৰু কাঞ্চন পলিমাৰছ। উল্লেখযোগ্য যে ইতিমধ্যে…
