উপ-ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰিছে জগদীপ ধনখৰৰ

উপ-ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰিছে জগদীপ ধনখৰে। তেওঁ সোমবাৰে নিশা ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰত স্বাস্থ্যজনিত কাৰণ উল্লেখ কৰিছে।ৰাষ্ট্ৰপতিলৈ লিখা এখন পত্ৰত তেওঁ লিখিছে- স্বাস্থ্যক অগ্ৰাধিকাৰ হিচাপে ৰাখি আৰু চিকিৎসাৰ পৰামৰ্শ পালন কৰি মই ভাৰতৰ উপ-ৰাষ্ট্ৰপতি পদৰ পৰা তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ পদত্যাগ কৰিছো। পত্ৰখনত তেওঁ ৰাষ্ট্ৰপতিগৰাকীক তেওঁৰ সহযোগিতা আৰু আন্তৰিক সম্পৰ্কৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। লগতে প্ৰধানমন্ত্ৰী আৰু কেবিনেটক সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

২০২২ চনত জগদীপ ধনখৰে চতুৰ্দশ উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছিল। ২০২২ চনৰ ৬ আগষ্টত অনুষ্ঠিত উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত ধনখৰে বিৰোধী প্ৰাৰ্থী মাৰ্গাৰেট আলভাক পৰাস্ত কৰিছিল।মুঠ ৭২৫ টা ভোটৰ ভিতৰত ধনখৰে ৫২৮ টা ভোট লাভ কৰাৰ বিপৰীতে আলভাই ১৮২ টা ভোট লাভ কৰিছিল। উল্লেখ্য যে ১৯৫১ চনৰ ১৮ মে’ত ঝুনঝুনু জিলাৰ এটা সাধাৰণ কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰা জগদীপ ধনখৰৰ প্ৰাথমিক শিক্ষা গাঁওখনতে লাভ কৰে। তাৰ পিছত চিত্তৌৰগড়ৰ সৈনিক স্কুলত ভৰ্তি হয়।

এন ডি এ (ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী)ত ধনখৰ নিৰ্বাচিত হৈছিল, কিন্তু তেওঁ ভৰ্তি হোৱা নাছিল। ৰাজস্থান বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁ এল এল বি অধ্যয়ন কৰে। জয়পুৰত থাকি আইন প্ৰেকটিছ আৰম্ভ কৰিছিল। ৭০ বছৰীয়া জগদীপ ধনখৰক ২০১৯ চনৰ ৩০ জুলাইত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে বংগৰ ২৮ সংখ্যক ৰাজ্যপাল হিচাপে নিযুক্তি দিছিল।১৯৮৯ চনৰ পৰা ১৯৯১ চনলৈকে ৰাজস্থানৰ ঝুনঝুনুৰ পৰা লোকসভাৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।১৯৮৯ চনৰ পৰা ১৯৯১ চনলৈকে ভিপি সিং আৰু চন্দ্ৰশেখৰ চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰীও আছিল।

By Piyali Poddar

Leave a Reply

Your email address will not be published. Required fields are marked *