19
Oct
দছেৰা আৰু দীপাৱলীৰ বতৰতে ৰাজনৈতিক শত্ৰুতাই পুনৰ এক উত্তপ্ত ৰূপ ধাৰণ কৰিছে উত্তৰ প্ৰদেশৰ ৰাজধানী চহৰখনত। দেওবাৰে পুৱা লক্ষ্ণৌ চহৰৰ বিভিন্ন গুৰুত্বপূৰ্ণ তথা ভিআইপি অঞ্চলসমূহত প্ৰত্যক্ষ কৰা হ'ল এক বিতৰ্কিত হৰ্ডিং। লংকাৰ ৰজা ৰাৱণৰ দহটা মূৰৰ স্থানত কংগ্ৰেছ নেতা ৰাহুল গান্ধী, সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱৰ লগতে কেইবাজনো ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ব্যক্তিত্বৰ ফটো সংলগ্ন কৰি এই হৰ্ডিং আৰি দিয়াৰ পিছতেই সমগ্ৰ অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হয়। প্ৰচাৰিত হৰ্ডিংখনৰ একেবাৰে ওপৰৰ অংশত ডাঙৰ আখৰেৰে লিখা আছে "সনাতন ভাৰতৰ বিৰোধী ৰাৱণ"। 'সনাতন ৰক্ষা সংগঠন' নামৰ এক সংগঠনৰ উদ্যোগত চহৰখনৰ হজৰতগঞ্জ বিধায়ক আৱাস, গোমতী নগৰ আৰু কাপুৰথালাকে ধৰি বিভিন্ন আৱাসিক তথা বাণিজ্যিক এলেকাত এই পোষ্টাৰসমূহ…
