10
Feb
কেন্দ্ৰীয় জল শক্তি, ইলেক্ট্ৰনিক্স, তথ্য প্ৰযুক্তি, দক্ষতা বিকাশ আৰু উদ্যমিতা বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে ভাৰতৰ যুৱক-যুৱতীসকলক সবলীকৰণৰ দিশত এক উল্লেখযোগ্য মাইলৰ খুঁটি স্থাপন কৰিছে। আজি অনুষ্ঠিত বিশেষ সংকল্প কাৰ্যসূচীৰ অধীনত এটা অগ্ৰণী প্ৰকল্পৰ উদ্বোধনী দলৰ ১১ গৰাকী যুৱক-যুৱতীক সম্বৰ্ধনা জনোৱা হয়। লজিষ্টিক ছেক্টৰ স্কিল কাউঞ্চিল(এলএছচি)ৰ নেতৃত্বত পশ্চিম বংগৰ পশ্চিম মেদিনীপুৰ জিলাত ৰূপায়ণ কৰা এই পদক্ষেপৰ লক্ষ্য হৈছে লজিষ্টিক খণ্ডক দক্ষ-প্ৰতিভাৱান জনশক্তিৰে সুদৃঢ় কৰা। এই প্ৰকল্পটোৱে এবছৰৰ ভিতৰত ৯৬০জন প্ৰাৰ্থীক প্ৰশিক্ষণ দিয়াৰ এক অভিলাষী লক্ষ্য নিৰ্ধাৰণ কৰিছে, ইয়াৰ অধীনত ৱেৰহাউছ মেনেজাৰ, ৱেৰহাউছ ছুপাৰভাইজাৰ আৰু ৱেৰহাউছ এছ’চিয়েটৰ দৰে ভূমিকাত প্ৰয়োজনীয় দক্ষতাৰে সজ্জিত কৰি তোলা হৈছে। এই প্ৰমাণ-পত্ৰসমূহে অঞ্চলটোৰ ভিতৰত এইসকল লোকৰ…
