14
Dec
সমগ্ৰ ভাৰততে পেমেণ্ট আন্তঃগাঁথনি আৰু দক্ষতা বিকাশ পদক্ষেপসমূহৰ সমাধানৰ বাবে পেমেণ্টৰ আন্তঃগাঁথনি আৰু সমাধানৰ বাবে আগশাৰীৰ পেমেণ্ট প্ৰযুক্তি প্ৰদানকাৰী জুস্পে টেকন’লজিৰ সৈতে ৰাষ্ট্ৰীয় দক্ষতা উন্নয়ন নিগম(এনএছডিচি)-এ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। আজি এনএছডিচিৰ মুখ্য কাৰ্যালয়ত এনএছডিচিৰ চিটিঅ’ শ্ৰেষ্ঠা গুপ্তা আৰু জুস্পেইৰ ব্যৱসায়ৰ মুৰব্বী ঈশান শৰ্মা, এনএছডিচিৰ এমডি তথা এনএছডিচি ইণ্টাৰনেচনেলৰ চিইঅ’ বেদ মণি তিৱাৰী, এনএছডিচিৰ চিএফঅ’ ৰাজেশ স্বৈকা আৰু জুস্পেৰ বি২জি পাৰ্টনাৰশ্বিপ শাখাৰ মুৰব্বী মালিয়াদা গোৱৰ্ধনৰ উপস্থিতিত স্বাক্ষৰ কৰা হয় বুজাবুজিৰ চুক্তি। এই বুজাবুজিৰ চুক্তি অনুসৰি জুস্পেই এনএছডিচিৰ প্ৰয়োজনীয়তা অনুসৰি এক শক্তিশালী আৰু সমৰ্থৱান পৰিশোধ অৰ্কেষ্ট্ৰেচন প্লেটফৰ্ম প্ৰদান কৰিব, যাৰ ফলত ইউপিআই, ক্ৰেডিট/ডেবিট কাৰ্ড, ৱালেট আৰু নেট বেংকিঙৰ দৰে বিভিন্ন পৰিশোধ…
