ব্যৱসায়

আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফৰ ২০২৬ বিত্তীয় বৰ্ষত গড়ে ১৫ লাখ টকাৰ মৃত্যুৰ বিপৰীতে দাবী পৰিশোধ 

আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফৰ ২০২৬ বিত্তীয় বৰ্ষত গড়ে ১৫ লাখ টকাৰ মৃত্যুৰ বিপৰীতে দাবী পৰিশোধ 

আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফ ইঞ্চুৰেন্সে ২০২৬ বিত্তীয় বৰ্ষত গড়ে ১৫ লাখ টকাৰ ব্যক্তিগত ডেথ ক্লেইম(মৃত্যু দাবী) পৰিশোধ কৰিছে আৰু ধাৰাবাহিকভাৱে দ্বিতীয় বছৰৰ বাবে এই স্থিতি অক্ষুণ্ণ ৰখাৰ কথা কোম্পানীটোৱে সদৰি কৰিছে। ৰাজহুৱাভাৱে উপলব্ধ তথ্য অনুসৰি, বীমাকাৰী প্ৰতিষ্ঠানটোৰ গড় ব্যক্তিগত মৃত্যুৰ ক্লেইম ২০২১ বিত্তীয় বৰ্ষত প্ৰায় ১০ লাখ টকাৰ পৰা বৃদ্ধি পাই ২০২৬ বিত্তীয় বৰ্ষত ১৫ লাখ টকা হৈছেগৈ। সলনি হৈ থকা উপাৰ্জনৰ স্তৰ, ঋণ আৰু পাৰিবাৰিক দায়িত্বৰ সৈতে সংগতি ৰাখি জীৱন বীমাৰ সুৰক্ষাৰ আৱৰণ পুনৰীক্ষণ কৰাৰ গুৰুত্ব উপলব্ধি কৰি যোৱা চাৰিটা বিত্তীয় বৰ্ষত এই গড় দাবীৰ পৰিমাণ ১৪-১৫ লাখ টকাৰ ভিতৰতে আছিল। আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফ ইঞ্চুৰেন্সৰ আণ্ডাৰৰাইটিং এণ্ড ৰিটেইল ক্লেইমচ শাখাৰ…
Read More
এণ্টাৰপ্ৰাইজ নেটৱৰ্কৰ ৰূপান্তৰ ক্ষিপ্ৰ কৰিবলৈ ভি বিজনেছ আৰু চিচকোৰ অংশীদাৰিত্ব

এণ্টাৰপ্ৰাইজ নেটৱৰ্কৰ ৰূপান্তৰ ক্ষিপ্ৰ কৰিবলৈ ভি বিজনেছ আৰু চিচকোৰ অংশীদাৰিত্ব

ভোডাফোন আইডিয়া লিমিটেডৰ এণ্টাৰপ্ৰাইজ শাখা ভি বিজনেছে বৃহস্পতিবাৰে চিচকোৰ সৈতে কৌশলগত অংশীদাৰিত্বৰ কথা ঘোষণা কৰিছে। ক্ৰমবৰ্ধমান ক্লাউড এডপচন আৰু সৰ্বত্ৰ ব্যাপ্ত কাৰ্যকলাপৰ মাজতে উদ্যোগসমূহক নিজৰ নেটৱৰ্ক আন্তঃগাঁথনি আধুনিকীকৰণ কৰাত সহায় কৰিবলৈ আৰু নিজৰ হাইব্ৰিড এছডি-ৱান পৰ্টফলিঅ’ শক্তিশালী কৰাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই অংশীদাৰিত্বই চিচকো মেৰাকীৰ সুৰক্ষিত মাল্টি-ৱান সামৰ্থ্য আৰু ভি বিজনেছৰ পৰিচালিত সংযোগ সেৱাক একত্ৰিত কৰি উদ্যোগসমূহক সুৰক্ষিত, চঞ্চল আৰু পৰিমাপযোগ্য নেটৱৰ্ক প্ৰদান কৰিব।  ভি বিজনেছে ২০২৩ চনতে নিজৰ হাইব্ৰিড এছডি-ৱান সেৱা মুকলি কৰিছিল, য’ত লিজড লাইন, ব্ৰডবেণ্ড আৰু চেলুলাৰ নেটৱৰ্ককে ধৰি বিভিন্ন সংযোগ বিকল্পৰ সৈতে এছডি-ৱান, সুৰক্ষা আৰু মাল্টি-ক্লাউড সামৰ্থ্যসমূহ একত্ৰিত কৰা হৈছিল। চিচকো মেৰাকীৰ দ্বাৰা…
Read More
ৰাছিয়ান সশস্ত্ৰ বাহিনীত যোগদানৰ পৰা বিৰত থাকিবলৈ ভাৰতীয় নাগৰিকক চৰকাৰৰ সতৰ্কবাণী, এই পদক্ষেপক ‘বিপজ্জনক আৰু জীৱনৰ প্ৰতি ভাবুকিস্বৰূপ’ আখ্যা

ৰাছিয়ান সশস্ত্ৰ বাহিনীত যোগদানৰ পৰা বিৰত থাকিবলৈ ভাৰতীয় নাগৰিকক চৰকাৰৰ সতৰ্কবাণী, এই পদক্ষেপক ‘বিপজ্জনক আৰু জীৱনৰ প্ৰতি ভাবুকিস্বৰূপ’ আখ্যা

ভাৰত চৰকাৰে দেশৰ নাগৰিকসকলক ৰাছিয়ান সশস্ত্ৰ বাহিনীত যোগদানৰ পৰা বিৰত থাকিবলৈ এক নতুন সতৰ্কবাণী জাৰি কৰিছে। ৰাছিয়ান সশস্ত্ৰ বাহিনীত যোগদানে ভাৰতীয় লোকসকলক গুৰুতৰ আৰু মাৰাত্মক বিপদৰ মুখলৈ ঠেলি দিব পাৰে বুলি সাৱধান কৰি দিয়া হৈছে। ৩০ ছেপ্টেম্বৰত জাৰি কৰা বিবৃতিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে, বিগত দুবছৰ ধৰি ৰাছিয়াৰ সামৰিক বাহিনীত ভাৰতীয়সকলক নিযুক্তি দিয়াৰ ক্ষেত্ৰত জড়িত বিপদসমূহৰ কথা বাৰম্বাৰ উল্লেখ কৰি আহিছে। বিদেশত কৰ্মসংস্থাপন বিচৰা নাগৰিকসকলক চৰকাৰে যথেষ্ট সাৱধানতা অৱলম্বন কৰিবলৈ আৰু এজেণ্ট বা বেচৰকাৰী প্ৰতিষ্ঠানসমূহৰ পৰা আগবঢ়োৱা অ-পৰীক্ষিত চাকৰিৰ অফাৰসমূহ এৰাই চলিবলৈ আহ্বান জনাইছে।  বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনোৱা অনুসৰি এনে কিছুমান ঘটনাও পোহৰলৈ আহিছে য’ত কিছুমান ব্যক্তিয়ে আৰ্থিক লাভালাভৰ…
Read More
ছেপ্টেম্বৰত নিচান ইণ্ডিয়াৰ ১০০% ঘৰুৱা বৃদ্ধি, ১০,০০০খন বাহনৰ পাইকাৰী বিক্ৰীৰ সীমা অতিক্ৰম

ছেপ্টেম্বৰত নিচান ইণ্ডিয়াৰ ১০০% ঘৰুৱা বৃদ্ধি, ১০,০০০খন বাহনৰ পাইকাৰী বিক্ৰীৰ সীমা অতিক্ৰম

নিচান মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেড(এনএমআইপিএল)-এ ফেষ্টিভ ছিজনৰ পূৰ্বে নিজৰ ব্যৱসায়িক গতি ত্বৰান্বিত কৰাৰ ফলত ছেপ্টেম্বৰ মাহত মুঠ ১০,০২৫ ইউনিট পাইকাৰী বিক্ৰী কৰিবলৈ সক্ষম হৈছে, যাৰ ভিতৰত ঘৰুৱা বজাৰত ৩,৩০০ ইউনিট আৰু ৰপ্তানি বজাৰত ৬,৭২৫ ইউনিট বিক্ৰী হৈছিল। ঘৰুৱা পাইকাৰী বিক্ৰী বাৰ্ষিক ভিত্তিত দুগুণ হৈ ৩,৩০০খন বাহন হৈছে, যি ২০২৫ৰ ছেপ্টেম্বৰ মাহত ১,৬৫২ ইউনিট আছিল। নিচানে এই বৃদ্ধিৰ আঁৰত ক্ৰমবৰ্ধমান এছইউভি পৰ্টফলিঅ'ৰ কথা প্ৰকাশ কৰিছে—য'ত সম্পূৰ্ণ নতুন নিচান টেকটন, মেগনাইট আৰু গ্ৰেভাইট বাহন অন্তৰ্ভুক্ত আছে—যিসমূহ মডেলৰ প্ৰতি ক্ৰমান্বয়ে চাহিদা বাঢ়িছে আৰু ডিলাৰ নেটৱৰ্কৰ ধাৰাবাহিক সম্প্ৰসাৰণ ঘটিছে। পৰিচালন সঞ্চালক সৌৰভ বৎসই এই বিষয়ে কয় যে, ঘৰুৱা বিক্ৰীৰ পৰিমাণ প্ৰায় দুগুণ হোৱাটোৱে নিচানৰ…
Read More
ভাৰতত অ’প’ই মুকলি কৰিলে কে১৪ প্লাছ, মোবাইল ফোনটোত প্ৰদান কৰা হৈছে ৮০০০এমএএইচ বেটাৰী, ১৪৪ হাৰ্টজ এমল্ড ডিছপ্লে

ভাৰতত অ’প’ই মুকলি কৰিলে কে১৪ প্লাছ, মোবাইল ফোনটোত প্ৰদান কৰা হৈছে ৮০০০এমএএইচ বেটাৰী, ১৪৪ হাৰ্টজ এমল্ড ডিছপ্লে

অ’প’ ইণ্ডিয়াই প্ৰদৰ্শন, স্থায়িত্ব, ইমেজিং আৰু বেটাৰী কাৰ্যক্ষমতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি নিজৰ শেহতীয়া কে ছিৰিজ স্মাৰ্টফোন অ’প’ কে১৪ প্লাছ মুকলি কৰিছে। এই ফোনটোত মিডিয়া টেক ডাইমেনচিটি ৭৩৬০ মেক্স চিপছেট আছে আৰু ইয়াত ১৭.২২ চি এম ১.৫কে ১৪৪ হাৰ্টজ এমল্ড আলট্ৰা ব্ৰাইট ডিচপ্লে, ৮০০০এমএএইচ বেটাৰী, ৪কে ভিডিঅ’ ৰেকৰ্ডিঙৰ সৈতে ৫০ এমপি অ'আইএছ মূল কেমেৰা আৰু ৫০০০এমএম২ ভিচি কুলিং চিষ্টেম আছে। এই স্মাৰ্টফোনটোৰ মূল্য ৬জিবি+১২৮জিবি ভেৰিয়েন্টৰ বাবে ২৯,৯৯৯ টকা, ৮জিবি+১২৮জিবিৰ বাবে ৩২,৯৯৯ টকা আৰু ৮জিবি+২৫৬জিবিৰ মূল্য ৩৫,৯৯৯ টকা। ৮ অক্টোবৰৰ পৰা ফ্লিপকাৰ্ট আৰু অ’প’ ইণ্ডিয়া ই-ষ্ট’ৰৰ জৰিয়তে বিক্ৰী আৰম্ভ হ’ব। ফ্লিপকাৰ্ট বিগ বিলিয়ন ডে'জ বিক্ৰীৰ সময়ত গ্ৰাহকে ৪,০০০ টকাৰ তৎক্ষণাত বেংক…
Read More
ট্ৰাইৰ পৰীক্ষণত শোণিতপুৰ জিলাত ম’বাইল নেটৱৰ্কৰ প্ৰদৰ্শনত স্পষ্ট হৈ পৰিছে তাৰতম্য

ট্ৰাইৰ পৰীক্ষণত শোণিতপুৰ জিলাত ম’বাইল নেটৱৰ্কৰ প্ৰদৰ্শনত স্পষ্ট হৈ পৰিছে তাৰতম্য

টেলিকম ৰেগুলেটৰী অথৰিটি অৱ ইণ্ডিয়া চমুকৈ ট্ৰাই-এ অসম লাইচেন্সড চাৰ্ভিচ এৰিয়া(এলএছএ)ৰ অধীনত শোণিতপুৰ জিলাৰ একাংশ অঞ্চলত ম'বাইল নেটৱৰ্কৰ গুণগত মান মূল্যায়ন কৰিছে, য'ত বিভিন্ন টেলিকম সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠানসমূহৰ কভাৰেজ, কল প্ৰদৰ্শন আৰু ডেটা স্পীডৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ তাৰতম্য পৰিলক্ষিত হৈছে। ২০২৬ চনৰ ১০ ৰ পৰা ১৩ আগষ্টলৈ চলোৱা এই আইডিটি(ইণ্ডিপেণ্ডেণ্ট ড্ৰাইভ টেষ্ট)-এ ৩০৮ কিলোমিটাৰ চহৰৰ পথ, ১০টা হটস্পট আৰু ১.৬ কিলোমিটাৰ ৱাক টেষ্ট সামৰি লৈছিল। ট্ৰাইৰ কলকাতাৰ আঞ্চলিক কাৰ্যালয়ৰ তত্বাৱধানত চলোৱা এই কাৰ্যসূচীত ২জি, ৩জি, ৪জি আৰু ৫জি নেটৱৰ্কৰ ভইচ আৰু ডেটা সেৱাৰ মূল্যায়ন কৰা হৈছিল। প্ৰাপ্ত তথ্য অনুসৰি, ৰিলায়েন্স জিঅ' ইনফ'কম(আৰজেআইএল)-এ সৰ্বাধিক ২২১.১৮ এমবিপিএছ গড় ডাউনল'ড স্পীড প্ৰদান কৰিবলৈ সক্ষম…
Read More
২০২৬ বিত্তীয় বৰ্ষত গড়ে ১৫ লাখ টকাৰ ব্যক্তিগত মৃত্যুৰ ক্লেইম আদায় দি শীৰ্ষস্থানত আছে আইচিআইচিআই প্রুডেন্সিয়েল লাইফ

২০২৬ বিত্তীয় বৰ্ষত গড়ে ১৫ লাখ টকাৰ ব্যক্তিগত মৃত্যুৰ ক্লেইম আদায় দি শীৰ্ষস্থানত আছে আইচিআইচিআই প্রুডেন্সিয়েল লাইফ

ডিব্ৰুগড়: আইচিআইচিআই প্রুডেন্সিয়েল লাইফ ইঞ্চুৰেন্সে সাৰ্বজনীনভাৱে উপলব্ধ উদ্যোগৰ প্ৰকাশিত তথ্য অনুসৰি ২০২৬ বিত্তীয় বৰ্ষত পৰিয়ালসমূহক গড়ে ১৫ লাখ টকাৰ ব্যক্তিগত মৃত্যুৰ ক্লেইম পৰিশোধ কৰিছে। কোম্পানীটোৱে বছৰেকত ১০,০০০তকৈ অধিক ব্যক্তিগত মৃত্যুৰ ক্লেইম লাভ কৰা জীৱন বীমা কোম্পানীসমূহৰ ভিতৰত সৰ্বাধিক গড় ক্লেইম মূল্য অক্ষুণ্ণ ৰাখিছে। ২০২১ বিত্তীয় বৰ্ষৰ প্ৰায় ১০ লাখ টকাৰ পৰা ২০২৬ বিত্তীয় বৰ্ষত বীমাকাৰীজনৰ গড় ব্যক্তিগত মৃত্যুৰ ক্লেইম ১৫ লাখ টকালৈ বৃদ্ধি পাইছে। কোম্পানীটোৱে জানিবলৈ দিয়া মতে, বিগত ৪টা বিত্তীয় বৰ্ষত গড় ক্লেইমৰ মূল্য প্ৰায় ১৪-১৫ লাখ টকা হৈ আছে। আইচিআইচিআই প্রুডেন্সিয়েল লাইফে ২০২৬ বিত্তীয় বৰ্ষত ৫,১৪৯ কোটি টকাৰ মৃত্যুৰ ক্লেইম নিষ্পত্তি কৰিছে আৰু ক্লেইম নিষ্পত্তিৰ হাৰ ৯৯.৩% বুলি…
Read More
মহাৰাষ্ট্ৰ ৰাজ্যজুৰি ১৬০০ কিলোমিটাৰজোৰা ফ্লিট টু ফ’ৰ্টছ অভিযানৰ শুভাৰম্ভণি টিভিএছ মটৰ, ভাৰতীয় নৌসেনাৰ

মহাৰাষ্ট্ৰ ৰাজ্যজুৰি ১৬০০ কিলোমিটাৰজোৰা ফ্লিট টু ফ’ৰ্টছ অভিযানৰ শুভাৰম্ভণি টিভিএছ মটৰ, ভাৰতীয় নৌসেনাৰ

ভাৰতীয় নৌসেনাই টিভিএছ মটৰ কোম্পানীৰ সহযোগত মুম্বাইৰ নেভীনগৰৰ কোহলি ষ্টেডিয়ামৰ পৰা ১৪ দিনীয়া ফ্লিট টু ফ’ৰ্টছ মটৰচাইকেল অভিযানৰ শুভাৰম্ভণি ঘটিছে। এই অভিযানত ২৫ জনীয়া এটা দলে টিভিএছ ৰনিন মটৰচাইকেলত উঠি মহাৰাষ্ট্ৰৰ ১,৬০০ কিলোমিটাৰতকৈও অধিক পথ অতিক্ৰম কৰিব। কেপ্টেইন শেখৰ দেশপাণ্ডেৰ নেতৃত্বত ৰাওনা হোৱা এই দলটোত নৌসেনাৰ বিষয়া, নৌসেনাৰ জোৱান আৰু অগ্নিবীৰসকলো আছে, যাৰ ভিতৰত মহিলা বিষয়া আৰু মহিলা অগ্নিবীৰৰ লগতে নৌসেনা সমাজৰ মহিলা প্ৰতিনিধিও আছে। এই অন্তৰ্ভুক্তিয়ে নৌসেনাৰ নাৰী শক্তিৰ ওপৰত থকা গুৰুত্বক প্ৰতিফলিত কৰে। এই অভিযানে ছত্ৰপতি শিৱাজী মহাৰাজৰ সৈতে জড়িত ১০টা ঐতিহাসিক দূৰ্গ পৰিদৰ্শন কৰিব, যিবোৰৰ ভিতৰত শেহতীয়াকৈ মাৰাঠা মিলিটেৰী লেণ্ডস্কেপছ অৱ ইণ্ডিয়াৰ অধীনত ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ…
Read More
গড্ৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপ, মালয়েছিয়াৰ প্ৰতিনিধি দলৰ তৈলপাম উদ্ভাৱন আৰু বাণিজ্যিক সহযোগিতাৰ বিষয়ে আলোচনা

গড্ৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপ, মালয়েছিয়াৰ প্ৰতিনিধি দলৰ তৈলপাম উদ্ভাৱন আৰু বাণিজ্যিক সহযোগিতাৰ বিষয়ে আলোচনা

গড্ৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপে তৈল খেজুৰ উদ্ভাৱন, গৱেষণা, বাণিজ্য আৰু ঘৰুৱা কীটনাশক খণ্ডত সহযোগিতাৰ সম্ভাৱনা অন্বেষণ কৰিবলৈ মালয়েছিয়াৰ খেতি আৰু পণ্য দ্ৰব্য মন্ত্ৰী ৱাই বি দাতুক চেৰি ড° নোৰাইনী আহমদৰ নেতৃত্বত অহা এটা উচ্চ পৰ্যায়ৰ মালয়েছিয়াৰ প্ৰতিনিধি দলক আতিথ্য প্ৰদান কৰে। এই প্ৰতিনিধি দলটোত মালয়েছিয়াৰ খেতি আৰু পণ্য দ্ৰব্য মন্ত্ৰালয়ৰ বিষয়া, চেন্নাইস্থিত মালয়েছিয়াৰ কনচুল জেনেৰেল, মালয়েছিয়ান পাম অইল কাউন্সিল, মালয়েছিয়ান তৈলপাম বৰ্ড আৰু মালয়েছিয়ান চাষ্টেইনেবল পাম অইলৰ প্ৰতিনিধিসকল অন্তৰ্ভুক্ত আছিল। গড্ৰেজ এগ্ৰ'ভেটৰ সৈতে হোৱা আলোচনাত তৈল খেজুৰৰ আপষ্ট্ৰীম (উৎস) খণ্ডৰ সুযোগসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়, যাৰ ভিতৰত আছিল ভাৰতৰ বৈচিত্ৰ্যময় কৃষি-জলবায়ুৰ বাবে উপযোগী উচ্চ উৎপাদনক্ষম জাত বিকশিত কৰিবলৈ উন্নত গৱেষণা…
Read More
বম্বে চেম্বাৰ এৱাৰ্ডছত গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছে লাভ কৰিলে ইনক্লুজনৰ শীৰ্ষ সন্মান

বম্বে চেম্বাৰ এৱাৰ্ডছত গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছে লাভ কৰিলে ইনক্লুজনৰ শীৰ্ষ সন্মান

গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেড(জিচিপিএল)-এ বম্বে চেম্বাৰ ইনক্লুজন এৱাৰ্ডছ ২০২৬ত বৈচিত্ৰ্য, সমতা, অন্তৰ্ভুক্তিকৰণ আৰু একাত্মতা(ডিইআইবি)ৰ ক্ষেত্ৰত লাভ কৰা সাফল্যৰ বাবে মাৰ্কি বেষ্ট অৱ দ্য বেষ্ট এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে। ১৯০ বছৰ পুৰণি বম্বে চেম্বাৰ অব কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীয়ে এই বঁটাসমূহ আগবঢ়াইছে। কনজিউমাৰ এণ্ড লাইফ ছায়েন্সেছ খণ্ডতো জিচিপিএল-এ প্ৰথম ৰানাৰ্ছ আপৰ খিতাপ অৰ্জন কৰে। কোম্পানীটোৱে জনোৱা মতে,  প্ৰতিষ্ঠানটোৰ অন্তৰ্ভুক্তিকৰণ ৰণকৌশলে নিজৰ কৰ্মচাৰীসকলৰ মাজত সমতাৰ সুযোগ সৃষ্টি কৰা আৰু প্ৰতিনিধিত্ব বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আৰম্ভ, গ'ল আৰু বেৰ্চিয়াপ আদিৰ দৰে পদক্ষেপৰ লগতে অন্তৰ্ভুক্তিমূলক নিযুক্তি প্ৰক্ৰিয়াই উৎপাদন, বিক্ৰী আৰু কৰ্পোৰেট গোটসমূহৰ মাজত অধিক প্ৰতিনিধিত্ব সুনিশ্চিত কৰাত অৱদান যোগাইছে। জিচিপিএল-ৰ গ্ল’বেল এইচআৰ হেড…
Read More