ব্যৱসায়

গুৱাহাটীৰ ভিআইপি ৰোড আৰু লখৰাতত দুটা নতুন ষ্টৰ মুকলি উদযাপন ক্ৰমাৰ

গুৱাহাটীৰ ভিআইপি ৰোড আৰু লখৰাতত দুটা নতুন ষ্টৰ মুকলি উদযাপন ক্ৰমাৰ

টাটা গ্ৰুপৰ ভাৰতৰ প্ৰথম আৰু বিশ্বাসী অম্নি-চেনেল ইলেক্ট্ৰনিকছ খুচুৰা বিক্ৰেতা ক্ৰমাই গুৱাহাটীৰ ভিআইপি ৰোড আৰু লখৰাত দুখন নতুন ষ্টৰ মুকলি কৰি অসমত নিজৰ উপস্থিতি শক্তিশালী কৰিছে, যি ব্ৰেণ্ডটোৰ আঞ্চলিক সম্প্ৰসাৰণত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে। এই সংযোজনৰ জৰিয়তে ক্ৰমাই অসমৰ গ্ৰাহকসকলক নিৰবিচ্ছিন্ন আৰু উন্নত বজাৰৰ অভিজ্ঞতা প্ৰদান কৰাৰ লগতে গুণগত মানদণ্ডৰ ইলেক্ট্ৰনিকছৰ বৰ্ধিত চাহিদা পূৰণ অব্যাহত ৰাখিছে। দেশৰ ২০০ৰো অধিক চহৰত ৫৬০ৰো অধিক ষ্টৰ আৰু ৫৫০ৰো অধিক ব্ৰেণ্ডৰ ১৬,০০০ৰো অধিক সামগ্ৰীৰ সৈতে ক্ৰমা ভাৰতত বৃহৎ ফৰ্মেটৰ ইলেক্ট্ৰনিকছ ৰিটেইলৰ নেতৃত্ব বহন কৰিছে। ক্ৰমাই এতিয়া অসমত ৩খন ষ্টৰ পৰিচালনা কৰি আছে, যিয়ে উত্তৰ-পূবৰ অন্যতম স্পন্দনশীল নগৰীয়া কেন্দ্ৰত এক কৌশলগত সম্প্ৰসাৰণৰ…
Read More
ভাৰতৰ ঔদ্যোগিক বৃদ্ধিত শক্তি প্ৰদান কৰিবলৈ Lauritz Knudsen Electrical & Automation সৰ্ববৃহৎ প্ৰডাক্ট লাইন উন্মোচন কৰে

ভাৰতৰ ঔদ্যোগিক বৃদ্ধিত শক্তি প্ৰদান কৰিবলৈ Lauritz Knudsen Electrical & Automation সৰ্ববৃহৎ প্ৰডাক্ট লাইন উন্মোচন কৰে

ভাৰতীয় বৈদ্যুতিক আৰু অটোমেচন খণ্ডৰ আগশাৰীৰ প্ৰতিষ্ঠান ল'ৰিটজ নুডচেন ইলেক্ট্ৰিকেল এণ্ড অটোমেচনে আজি দেশৰ প্ৰধান ঔদ্যোগিক ক্লাষ্টাৰ আৰু সমৃদ্ধিৰ কৰিডৰসমূহক শক্তি প্ৰদান কৰাৰ লক্ষ্যৰে এইপৰ্যন্ত সৰ্ববৃহৎ প্ৰডাক্ট পৰ্টফলিঅ’ উন্মোচন কৰিছে। এই অভিলাষী পদক্ষেপৰ অংশ হিচাপে ব্ৰেণ্ডটোৱে সমগ্ৰ দেশৰ ৩০খন ঔদ্যোগিক চহৰ ভ্ৰমণ কৰিছে—ভাৰতৰ উৎপাদন আৰু আন্তঃগাঁথনি প্ৰতিষ্ঠানটোৰ হৃদকেন্দ্ৰত প্ৰযুক্তি গ্ৰহণ ত্বৰান্বিত কৰিবলৈ স্থানীয় নেতা, অংশীদাৰ আৰু পৰিৱেশ তন্ত্ৰৰ অংশীদাৰৰ সৈতে নিৰন্তৰ জড়িত হৈ আছে। নিম্ন-ভল্টেজ, ঔদ্যোগিক অটোমেচন আৰু নতুন শক্তি পৰিৱেশৰ বাবে সমাধানৰ ওপৰত এক শক্তিশালী গুৰুত্বৰ সৈতে, ল'ৰিট্জ নুডছেনে এক প্ৰযুক্তি-নেতৃত্বাধীন ৰূপান্তৰৰ প্ৰয়াস কৰি আহিছে যি ভাৰতৰ ঔদ্যোগিক মেৰুদণ্ডলৈকে গভীৰভাৱে উপনীত হৈছে। এই যুগান্তকাৰী অভিযানে চৰকাৰৰ বিকাশিত ভাৰত ২০৪৭…
Read More
অভিভা ইণ্ডিয়াই প্ৰকাশ কৰিছে শক্তিশালী ২০২৫ বিত্তীয় বৰ্ষৰ আৰ্থিক ফলাফল

অভিভা ইণ্ডিয়াই প্ৰকাশ কৰিছে শক্তিশালী ২০২৫ বিত্তীয় বৰ্ষৰ আৰ্থিক ফলাফল

আভিভা ইণ্ডিয়াই ২০২৫ বিত্তীয় বৰ্ষৰ বিত্তীয় ফলাফল ঘোষণা কৰি অবিৰত অগ্ৰগতি আৰু বহনক্ষম বৃদ্ধিৰ ওপৰত গভীৰ মনোনিৱেশ প্ৰদৰ্শন কৰিছে। বছৰটো কেৱল পৰিমাপ বৃদ্ধিতে লক্ষ্য নাছিল - গভীৰতা বৃদ্ধিতো গুৰুত্ব আৰোপ কৰা হৈছিল৷ প্ৰতিটো সিদ্ধান্ত উদ্দেশ্যৰ ওপৰত শিপাই আছিল, প্ৰতিটো ফলাফল দীৰ্ঘম্যাদী মূল্যৰ সৈতে সংগতি আছিল। ২০২৪ বিত্তীয় বৰ্ষত গঢ়ি তোলা ভেটিৰ ওপৰত প্ৰতিষ্ঠিত হৈ আভিভাই স্মাৰ্ট প্ৰডাক্ট, তীক্ষ্ণ নিষ্পাদন আৰু সমগ্ৰ ভাৰতৰ গ্ৰাহকৰ সৈতে গভীৰ আৱেগিক সংযোগৰ জৰিয়তে মৌলিক দিশসমূহ শক্তিশালী কৰিলে। গ্ৰছ ৰিটেন প্ৰিমিয়াম ১৩০৭ কোটি টকাত স্থিৰ হৈ থকাৰ সময়তে আভিভাই বিতৰণ-নেতৃত্বাধীন মডেলৰ পৰা অধিক পণ্য-চালিত আৰু গ্ৰাহককেন্দ্ৰিক পদ্ধতিলৈ গিয়েৰ সলনি কৰিলে, যি স্থায়িত্ব, প্ৰতিৰোধ-নেতৃত্বাধীন বৃদ্ধি আৰু কাৰ্যকৰী…
Read More
থাইৰয়ড আৰু ডায়েবেটিছ: ভাৰতৰ স্বাস্থ্যচৰকাৰী খণ্ড একত্ৰিত সমাধানৰ দিশে সলনি হৈছে

থাইৰয়ড আৰু ডায়েবেটিছ: ভাৰতৰ স্বাস্থ্যচৰকাৰী খণ্ড একত্ৰিত সমাধানৰ দিশে সলনি হৈছে

ভাৰতৰ প্ৰায় ১১ জন প্ৰাপ্তবয়স্কৰ ভিতৰত এজন লোক ডায়েবেটিছ ৰোগত আক্ৰান্ত আৰু ১০ জনৰ ভিতৰত এজন থাইৰয়ডৰ সমস্যাত আক্ৰান্ত হোৱাৰ বাবে চিকিৎসা বিশেষজ্ঞসকলে স্বাস্থ্যৰ এক উল্লেখযোগ্য উদ্বেগৰ ওপৰত আলোকপাত কৰিছে—টাইপ ২ ডায়েবেটিছ ৰোগীৰ প্ৰতি ৪জন লোকৰ ভিতৰত এজনলৈকে লোক হাইপ'থাইৰয়ডিজম ৰোগতো আক্ৰান্ত, যি প্ৰায়ে ৰোগ নিৰ্ণয় নোহোৱাকৈ থাকে। বিপাকীয় ক্ৰিয়া নিয়ন্ত্ৰণ কৰা থাইৰয়ড গ্ৰন্থিয়ে ইনচুলিনৰ সমান্তৰালভাৱে শক্তি ব্যৱস্থাপনাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যেতিয়া থাইৰয়ডৰ কাৰ্যক্ষমতাত ব্যাঘাত জন্মে তেতিয়া ই তেজত শৰ্কৰাৰ নিয়ন্ত্ৰণত ব্যাঘাত জন্মাব পাৰে, যাৰ ফলত হৃদৰোগ, বৃক্কৰ সমস্যা, ডায়েবেটিক ৰেটিন'পেথী আদি জটিল সম্ভাৱনা বৃদ্ধি পায়। এবট ইণ্ডিয়াৰ চিকিৎসা পৰিক্ৰমা মুৰব্বী ডাঃ ৰোহিতা শ্বেট্টীয়ে কয় যে, ''ডায়েবেটিছ ৰোগত আক্ৰান্ত…
Read More
ইফকোৱে ত্ৰিভুৱন সহকাৰী বিশ্ববিদ্যালয় বিধেয়ক ২০২৫ সমৰ্থন কৰে

ইফকোৱে ত্ৰিভুৱন সহকাৰী বিশ্ববিদ্যালয় বিধেয়ক ২০২৫ সমৰ্থন কৰে

ইণ্ডিয়ান ফাৰ্মাৰ্ছ ফাৰ্টিলাইজাৰ কো-অপাৰেটিভ চমুকৈ আইএফএফচিঅ’ই ত্ৰিভুৱন সহকাৰী বিশ্ববিদ্যালয় বিধেয়ক ২০২৫ৰ অনুমোদনক আদৰণি জনাইছে আৰু ইয়াক গ্ৰাম্য অৰ্থনীতি আৰু সমবায় খণ্ডক শক্তিশালী কৰাৰ এক যুগান্তকাৰী পদক্ষেপ বুলি অভিহিত কৰিছে। ২৬ মাৰ্চত লোকসভাত গৃহীত হোৱা এই বিধেয়কখন ভাৰতৰ প্ৰথমখন সমবায় বিশ্ববিদ্যালয় ৰূপে অভিহিত হৈছে, যাৰ লক্ষ্য হৈছে এই খণ্ডত আত্মনিয়োগ, উদ্যমিতা আৰু পেছাদাৰী বিকাশ বৃদ্ধি কৰা। কেন্দ্ৰীয় সমবায় আৰু গৃহ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অমিত শ্বাহে বিধেয়কখন ঘোষণা কৰাৰ সময়ত কয় যে, ই উদ্ভাৱন, গৱেষণা আৰু সমবায়কেন্দ্ৰিক নেতৃত্বৰ ক্ষেত্ৰত নতুন মানদণ্ড স্থাপন কৰিব। মন্ত্ৰী শ্বাহে গুৰুত্ব আৰোপ কৰে যে এই পদক্ষেপ চৰকাৰৰ 'সহকাৰ চে সমৃদ্ধি' (সহযোগিতাৰ জৰিয়তে সমৃদ্ধি)ৰ লক্ষ্যৰ সৈতে সংগতি ৰাখে…
Read More
নিছান ইণ্ডিয়াই ৰেকৰ্ড বিক্ৰীৰ প্ৰতিবেদন দিছে: ২০২৪-২৫ বিত্তীয় বৰ্ষত ৯৯,০০০+ ইউনিট বিক্ৰী হৈছে

নিছান ইণ্ডিয়াই ৰেকৰ্ড বিক্ৰীৰ প্ৰতিবেদন দিছে: ২০২৪-২৫ বিত্তীয় বৰ্ষত ৯৯,০০০+ ইউনিট বিক্ৰী হৈছে

নিছান মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেড(এনএমআইপিএল)-এ সাত বছৰত সৰ্বাধিক একক বছৰৰ বিক্ৰী অৰ্জনৰ তথ্য সদৰি কৰিছে, যি ২০২৪-২৫ বিত্তীয় বৰ্ষত ৯৯,০০০তকৈও অধিক বাহন বিক্ৰী কৰিবলৈ সক্ষম হৈছে। এই তথ্যই বাৰ্ষিক ৩৫% বৃদ্ধিৰ সূচনা কৰিছে, যাক নতুন নিছান মেগনাইট বি-এছইউভিৰ দ্বাৰা ইন্ধন যোগাই আহিছে, যিয়ে ঘৰুৱা আৰু ৰপ্তানি বজাৰ দুয়োটা খণ্ডৰে নেতৃত্ব দিয়ে। বি-এছইউভি ছেগমেণ্টত বিকল্প ইন্ধনযুক্ত বাহনৰ দিশত গ্ৰাহকৰ পছন্দ সলনি হোৱাৰ পিছতো নিছানৰ ঘৰুৱা বিক্ৰী ২৮,০০০+ ইউনিট হৈছিল। কোম্পানীটোৰ ৰপ্তানি ব্যৱসায়ে ঐতিহাসিক ৭১,০০০+ ইউনিটত উপনীত হৈছেগৈ, ২০খনৰ পৰা ৬৫+ আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ সম্প্ৰসাৰিত হৈছে, যিয়ে ভাৰতৰ ভূমিকাক বিশ্বব্যাপী উৎপাদন কেন্দ্ৰ হিচাপে শক্তিশালী কৰি তুলিলে। নিছানৰ গোলকীয় পৰিৱৰ্তন ৰণনীতিৰ অংশ হিচাপে প্ৰতিষ্ঠানটোৱে…
Read More
অসমত ২০৯ কোটি টকাৰ অ’ডিএ ঋণৰ জৰিয়তে মীন পালন সম্প্ৰসাৰণৰ প্ৰয়াস জাইকাৰ

অসমত ২০৯ কোটি টকাৰ অ’ডিএ ঋণৰ জৰিয়তে মীন পালন সম্প্ৰসাৰণৰ প্ৰয়াস জাইকাৰ

জাপান আন্তঃৰাষ্ট্ৰীয় সহযোগিতা সংস্থা(জাইকা)ই ৩,৫৮০ মিলিয়ন জাপানীজ য়েন(প্ৰায় ২০৮ কোটি টকা) মূল্যৰ মীন পালনৰ এক ঋণ চুক্তিত স্বাক্ষৰ কৰিছে। এই পদক্ষেপৰ উদ্দেশ্য হৈছে মীন পালন সম্প্ৰসাৰণ আৰু উৎপাদন বৃদ্ধি তথা বহনক্ষম মীন পালন যোগান শৃংখলা বিকশিত কৰা আৰু অসমত মীন পালন খণ্ডৰ অংশীদাৰসকলৰ জীৱিকা উন্নত কৰা। কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত সচিব মনীষা সিনহা আৰু জাইকা ইণ্ডিয়াৰ মুখ্য প্ৰতিনিধি টাকুচি টাকুৰোৰ মাজত এই চুক্তি স্বাক্ষৰিত হয়।  "ভাৰতত মীন পালন খণ্ডই খাদ্য সুৰক্ষা, নিযুক্তি আৰু অৰ্থনৈতিক বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই প্ৰকল্পটোৱে অসমক বহনক্ষম পদ্ধতি, উন্নত যোগান শৃংখলা আৰু উন্নত কাৰিকৰী সামৰ্থ্যৰ জৰিয়তে মীন উদ্যোগক শক্তিশালী কৰাত…
Read More
অজ্ঞতা আৰু বীমাই সামৰি লোৱা নাই : ৮১% ভাৰতীয়ৰ পৰ্যাপ্ত জীৱন বীমাৰ সুবিধা নাই, বাজাজ এলিয়াঞ্জ লাইফ আণ্ডাৰইঞ্চুৰেন্স সমীক্ষাত প্রকাশ

অজ্ঞতা আৰু বীমাই সামৰি লোৱা নাই : ৮১% ভাৰতীয়ৰ পৰ্যাপ্ত জীৱন বীমাৰ সুবিধা নাই, বাজাজ এলিয়াঞ্জ লাইফ আণ্ডাৰইঞ্চুৰেন্স সমীক্ষাত প্রকাশ

বাজাজ এলিয়াঞ্জ লাইফ ইঞ্চুৰেন্সৰ শেহতীয়া ‘আণ্ডাৰইঞ্চুৰেন্স চাৰ্ভে ২০২৫’ শীৰ্ষক সমীক্ষাত প্ৰকাশ পাইছে যে আৰ্থিক সুৰক্ষাৰ বাবে বাৰ্ষিক আয়ৰ ১০ গুণতকৈও কম জীৱন বীমা কভাৰেজ যথেষ্ট বুলি ৮১% ভাৰতীয়ই বিশ্বাস কৰে। কিন্তু মানুহৰৰ হাতত থকা প্ৰকৃত বীমাৰ পৰিমাণ যথেষ্ট কম, গড়ে ভাৰতীয়ৰ বাৰ্ষিক উপাৰ্জনৰ মাত্ৰ ৩.১ গুণহে—যি প্ৰয়োজনীয় ১০গুণ মানদণ্ডতকৈ যথেষ্ট কম। নিয়েলছনআইকিউৰ সহযোগত কৰা এই সমীক্ষাত ভাৰতৰ বিভিন্ন চহৰৰ ২,০০০ ব্যক্তিৰ ওপৰত জৰীপ কৰা হৈছিল, যি বিত্তীয় প্ৰস্তুতিৰ এক সম্পৰ্কীয় সঠিক ব্যৱধান উন্মোচিত কৰিছিল। এই ব্যৱধান স্বত্বেও ৮২% উত্তৰদাতাই নিশ্চিত হৈ আছে যে তেওঁলোকৰ বৰ্তমানৰ জীৱন বীমাই নিজৰ নিজৰ পৰিয়ালৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ পৰ্যাপ্ত হ'ব। ইয়াৰ লগতে, এক তৃতীয়াংশতকৈও অধিক…
Read More
সুৰক্ষাৰ ব্যৱধান দূৰ কৰা: ডিজিটেল-প্ৰথম ৰণনীতিয়ে কম সেৱা প্ৰাপ্ত বজাৰলৈ জীৱন বীমাৰ প্ৰৱেশাধিকাৰ সম্প্ৰসাৰিত কৰে

সুৰক্ষাৰ ব্যৱধান দূৰ কৰা: ডিজিটেল-প্ৰথম ৰণনীতিয়ে কম সেৱা প্ৰাপ্ত বজাৰলৈ জীৱন বীমাৰ প্ৰৱেশাধিকাৰ সম্প্ৰসাৰিত কৰে

প্ৰযুক্তিগত উন্নতিৰ পিছতো ভাৰতবৰ্ষত জীৱন বীমা ব্যৱহাৰকাৰী ২.৮%হে হৈ আছে, যিয়ে গ্ৰাম্য আৰু কম আয়ৰ খণ্ডত জীৱান বীমা ব্যৱহাৰকাৰীৰ উল্লেখযোগ্য ব্যৱধানক পোহৰলৈ আনিছে। ডিজিটেল পেমেণ্ট আৰু অ’টিটি চাবস্ক্ৰিপচনে জনপ্ৰিয়তা লাভ কৰিলেও আজিৰ তাৰিখতো জীৱন বীমা কম অগ্ৰাধিকাৰ ক্ষেত্ৰ হৈয়েই আছে। ইয়াৰ সমাধানৰ বাবে বীমা প্ৰতিষ্ঠানসমূহে আইআৰডিএআইৰ “২০৪৭ৰ ভিতৰত সকলোৰে বাবে বীমা”ৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি ডিজিটেল-প্ৰথম কৌশলৰ সহায় লৈছে। সীমিত এজেণ্টৰ উপলব্ধতা, বিত্তীয় সজাগতাৰ অভাৱ আৰু সামৰ্থ্যৰ উদ্বেগে দূৰৱৰ্তী এলেকাবোৰত বীমা গ্ৰহণ সুচল আৰু সুলভ কৰিব পৰা নাই। বীমাকৰ্তাসকলে এতিয়া এজেণ্টসকলক বাস্তৱ-সময়ৰ সেৱা প্ৰদান কৰাত সহায় কৰিবলৈ এআই-চালিত চিআৰএম প্লেটফৰ্ম আৰু মোবাইল এপ স্থাপন কৰিছে। হোৱাটছএপ-আধাৰিত অভিযান, ফিনটেক সহযোগিতা আৰু…
Read More
হিপ হপ ইণ্ডিয়া চিজন ২ ট্ৰেইলাৰ আমাজন এমএক্স প্লেয়াৰত বিচাৰক হিচাপে ৰেম’ ডি চুজা  আৰু মালাইকা অৰোৰাৰ সৈতে উন্মোচন কৰা হৈছে

হিপ হপ ইণ্ডিয়া চিজন ২ ট্ৰেইলাৰ আমাজন এমএক্স প্লেয়াৰত বিচাৰক হিচাপে ৰেম’ ডি চুজা  আৰু মালাইকা অৰোৰাৰ সৈতে উন্মোচন কৰা হৈছে

হিপ হপ ইণ্ডিয়াই আমাজন এমএক্স প্লেয়াৰত চমকপ্ৰদ প্ৰতিভাৰে ভৰা হিপ-হপ ইণ্ডিয়াৰ দ্বিতীয় ছিজনৰ বাবে সাজু হৈছে। আত্মপ্ৰকাশৰ বছৰতে দেশজুৰি সফলতাৰ পিছত ছিজন ২-এ আৰু অধিক চমকপ্ৰদ অভিনয়, তীব্ৰ ৰণ আৰু ভাৰতৰ সমৃদ্ধিশালী আণ্ডাৰগ্ৰাউণ্ড হিপ-হপ দৃশ্যপটত গভীৰ ডুব যোৱাৰ প্ৰতিশ্ৰুতি আকৌ এবাৰ প্ৰদান কৰিছে। বহু প্ৰত্যাশিত এই অনুষ্ঠানটো ১৪ মাৰ্চৰ পৰা কেৱল আমাজন এমএক্স প্লেয়াৰত বিনামূলীয়াকৈ সম্প্ৰচাৰ হ’ব। এই শেহতীয়া ছিজনত প্ৰখ্যাত কৰিঅ'গ্ৰাফাৰ-পৰিচালক ৰেম' ডি চুজা আৰু বলীউড ডিভা মালাইকা অৰোৰাই বিচাৰকৰ আসন শুৱনি কৰিব, যিয়ে এই অনুষ্ঠানলৈ নিজৰ দক্ষতা আৰু ৰূপ-ব্যক্তিত্বৰে অনন্য মাত্ৰা প্ৰদান কৰিছে। মনীষা ৰাণী আৰু ৱিকড ছানিৰ গতিশীল যুটিয়ে প্ৰতিযোগিতাখনৰ আঁত ধৰি ছিজনটোক নতুন ৰূপ দিব। আমাজন…
Read More