02
Oct
ভাৰততে প্ৰস্তুত বিদেশী সুৰা(আইএমএফএল)ৰ বজাৰখনৰ অগ্ৰদূত ৰূপে বিবেচিত তিলকনগৰ ইণ্ডাষ্ট্ৰীজ লিমিটেডে(টিআই) মেনচন হাউচ গোল্ড বেৰেল হুইস্কিৰ মুকলিৰ জৰিয়তে হুইস্কি ছেগমেণ্টত নিজৰ দৃষ্টি নিবদ্ধ কৰিছে। নিৰ্বাচিত স্কচ মাল্ট আৰু ইণ্ডিয়ান গ্ৰেইন স্পিৰিটৰ এই নিখুঁত মিশ্ৰণেৰে অসমবাসীক চমকিত কৰিবলৈ সাজু হৈছে, যি অঞ্চলটোত বৃহৎ পৰিমাণৰ হুইস্কিৰ বজাৰখনক লক্ষ্য কৰি লোৱাৰ এক কৌশলগত পদক্ষেপ। এই শুভাৰম্ভণিয়ে টিআইৰ বাবে এক গুৰুত্বপূৰ্ণ সম্প্ৰসাৰণ চিহ্নিত কৰিছে, যি মেনচন হাউচ আৰু কৌৰিয়াৰ নেপোলিয়নৰ দৰে ব্ৰেণ্ডৰ সৈতে ব্ৰেণ্ডি খণ্ডত আধিপত্যৰ বাবে জনাজাত। টিআইৰ অধ্যক্ষ তথা পৰিচালনা সঞ্চালক অমিত দাহানুকাৰে এই বিষয়ে কয় যে, "ই আমাৰ পৰ্টফলিঅ'ত বৈচিত্ৰ্যতা আনিবলৈ আৰু হুইস্কি খণ্ডত এক শক্তিশালী উপস্থিতি স্থাপন কৰাৰ আমাৰ পৰিকল্পনাৰ…
