18
Sep
ফ্ৰান্সৰ লিয়নত অনুষ্ঠিত ৱৰ্ল্ডস্কিলছ ২০২৪ত বিউটি থেৰাপী শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰি অসমৰ মান উজলাইছে প্ৰীতিশা বৰ্মনে। ইণ্ডিয়াস্কিলছ ২০২২ৰ ফাইনেলিষ্ট প্ৰীতিশা বৰ্মনে আন্তঃৰাষ্ট্ৰীয় মঞ্চত নিজৰ দক্ষতা প্ৰদৰ্শন কৰিবলৈ ৱাইল্ডকাৰ্ড এণ্ট্ৰিৰ সুবিধা লাভ কৰিছে। প্ৰীতিশাৰ অংশগ্ৰহণে দক্ষতা বিকাশৰ ক্ষেত্ৰত উৎকৃষ্টতাৰ দিশত অসমৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তা আৰু প্ৰতিভা পুনবৰবাৰ প্ৰমাণ কৰিলে। লগতে সৌন্দৰ্য চিকিৎসাৰ উচ্চ মানদণ্ডৰ প্ৰশিক্ষণৰ প্ৰয়োজনীয়তাৰ দিশটো ইতিবাচক ৰূপত উদ্ভাসিত হৈছে। ৱৰ্ল্ডস্কিলছ ২০২৪ প্ৰতিযোগিতালৈ বিশ্বৰ ভিতৰতে চতুৰ্থ বৃহত্তম দল প্ৰেৰণ কৰিছে, টীম ইণ্ডিয়াই মুঠ ৫২টা শাখাত প্ৰতিদ্বন্দ্বিতা কৰিছে। বহনক্ষমতা আৰু আত্মবিশ্বাস ধৰি ৰাখি প্ৰীতিশা বৰ্মনৰ এই যাত্ৰাই স্ব-প্ৰতিভাক আগুৱাই নিয়া আৰু দক্ষতা বিকাশৰ উন্নতিৰ প্ৰতি দায়বদ্ধতাও প্ৰতিফলিত কৰিছে। দক্ষতা বিকাশ তথা উদ্যমিতা…
