13
Sep
নিৰ্মাণ আৰু স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত দক্ষতাৰ অভাৱ দূৰ কৰিবলৈ ইজৰাইলে ভাৰতৰ ১০,০০০ নিৰ্মাণ খণ্ডৰ লোক আৰু ৫,০০০ সেৱা-যত্ন খণ্ডৰ লোকক নিয়োজনৰ বাবে বৃহৎ নিয়োগ অভিযান আৰম্ভ কৰিবলৈ সাজু হৈছে। এই বছৰৰ আৰম্ভণিতে নিযুক্তিৰ পদক্ষেপ হাতত লোৱা এই অভিযানৰ ধাৰাবাহিকতা ৰক্ষা কৰি নতুনকৈ সহস্ৰাধিক লোকক কৰ্মসংস্থাপন প্ৰদান কৰা হ'ব। জনসংখ্যা, পাৰপত্ৰ আৰু সীমান্ত কৰ্তৃপক্ষ(পিআইবিএ)ই নিৰ্মাণ ক্ষেত্ৰৰ বাবে নিৰ্দিষ্ট প্ৰয়োজনীয়তাৰ ৰূপৰেখা দাঙি ধৰিছে, য'ত আছে ফ্ৰেমৱৰ্ক, আইৰন বেণ্ডিং, প্লাষ্টাৰিং, আৰু চিৰামিক টাইলিং ইত্যাদি। পিআইবিএৰ এটা দলে অহা সপ্তাহত দক্ষতা পৰীক্ষাৰ বিভিন্ন দিশসমূহ পৰিচালনা কৰিবলৈ আৰু নিৰ্দিষ্ট মানদণ্ড পূৰণ কৰা প্ৰাৰ্থীসকলক বাছনি কৰিবলৈ ভাৰত ভ্ৰমণ কৰিব। নিৰ্মাণ শ্ৰমিকসকলক নিৰ্বাচিত কৰিবলৈ মহাৰাষ্ট্ৰত আয়োজন কৰা হ'ব…
