11
Nov
ইণ্ডিয়ান ট্ৰেন্সফৰ্মাৰ মেনুফেকচাৰ্ছ এছ’চিয়েচন (আইটিএমএ)ৰ সহযোগত আন্তঃৰাষ্ট্ৰীয় কপাৰ এছ’চিয়েচন ইণ্ডিয়াই ২০২৪ চনৰ ০৮ নৱেম্বৰত গুৱাহাটীৰ হোটেল ভিভাণ্টাত এখন আলোচনা চক্ৰ-সহ-কৰ্মশালা সফলতাৰে আয়োজন কৰে। চেণ্ট্ৰেল ইলেক্ট্ৰিচিটী অথৰিটী (চিইএ) আৰু ব্যুৰো অৱ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছ (বিআইএছ)ৰ দৰে শক্তি খণ্ডৰ গুৰুত্বপূৰ্ণ সংস্থাসমূহৰ দ্বাৰা সমৰ্থিত এই অনুষ্ঠানৰ জৰিয়তে বিতৰণ কোম্পানী আৰু বিতৰণ ট্ৰেন্সফৰ্মাৰ(ডিটি)ৰ মেৰামতি গোটৰে জড়িত বিষয়া-কৰ্মীসকলক মূল্যৱান অন্তৰ্দৃষ্টি প্ৰদান কৰাৰ প্ৰয়াস কৰা হৈছিল। এই কৰ্মশালা আইটিএমএৰ জ্যেষ্ঠ উপাধ্যক্ষ (পূব মণ্ডল) আশিস দাস আৰু ভাৰতীয় মানক ব্যুৰো (বি আই এছ)ৰ গুৱাহাটী শাখা কাৰ্যালয়(জিএইচবিঅ’)ৰ বিজ্ঞানী-ই এণ্ড হেড শৌৱিক চন্দা, অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (এ পি ডি চি এল)ৰ অধ্যক্ষ তথা আইএএছ চৈয়দাইন আব্বাছি, আইচিএ ইণ্ডিয়াৰ…
