06
Dec
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (বিচিচিআই)ৰ সৈতে অংশীদাৰিত্বৰ দ্বিতীয় বছৰত এডিডাছে ভাৰতীয় মহিলা আৰু পুৰুষ দুয়োটা ক্ৰিকেট দলৰ বাবে নতুন এদিনীয়া জাৰ্চি মুকলি কৰিছে। অভিনৱ ডিজাইনটোত ভাৰতৰ গৰ্ব আৰু ৰাষ্ট্ৰীয় উৎসাহৰ প্ৰতীক হিচাপে ত্ৰিৰংগাৰ ৰঙেৰে হাত দুখনত বিশেষ ৰূপ দি সম্পূৰ্ণ নীলা ৰঙত তৈয়াৰ কৰা হৈছে জাৰ্চিসমূহ। ১০০% পুনঃব্যৱহৃত সামগ্ৰীৰে প্ৰস্তুত কৰা এই জাৰ্চিত দীঘলীয়া মেচৰ সময়ত বৰ্ধিত আৰাম আৰু ঘাম শোষণ কৰিব পৰা এডিডাছৰ ক্লাইমাকুল+ প্ৰযুক্তি সন্নিৱিষ্ট কৰা হৈছে। ২০২৪ চনৰ ২২ ডিচেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া ইণ্ডিয়া-ৱেষ্ট ইণ্ডিজ শৃংখলাৰ সময়ত মহিলা ক্ৰিকেট দলে এই জাৰ্চিৰে আত্মপ্ৰকাশ কৰিব। ২০২৪ চনৰ ২ ডিচেম্বৰৰ পৰা নিৰ্বাচিত এডিডাছৰ ষ্ট’ৰ আৰু অনলাইনত ৫৯৯৯ টকাত উপলব্ধ…
