07
Nov
নিছান মটৰ ইণ্ডিয়াই নতুনকৈ মুকলি কৰা নিছান মেগনাইটৰ প্ৰবল চাহিদাৰ বাবেই ২০২৪ চনৰ অক্টোবৰ মাহৰ বাবে বিক্ৰীৰ আকৰ্ষণীয় পৰিসংখ্যা প্ৰকাশ কৰিছে। নিছান অক্টোবৰ মাহটোত মুঠ ৫,৫৭০খন পাইকাৰী বাহন বিক্ৰীৰ বাবে পঞ্জীয়ন কৰিবলৈ সক্ষম হৈছিল, যিয়ে ফেষ্টিভ ছিজনত এক উল্লেখযোগ্য বিক্ৰীৰ মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰিছে। মুঠৰ ভিতৰত অক্টোবৰ মাহত ২৪৪৯খন বাহন ৰপ্তানি হোৱাৰ বিপৰীতে ৩১২১টা বাহন ঘৰুৱাভাৱে বিক্ৰী হৈছিল। নতুন মেগনাইটৰ মুকলিৰ লগে লগে গ্ৰাহকসকলৰ মাজত নতুন উৎসাহৰ সৃষ্টি কৰিছে, নিছানৰ মানদণ্ড আৰু গ্ৰাহকৰ সন্তুষ্টিৰ প্ৰতি প্ৰতিশ্ৰুতিৰ ওপৰত আলোকপাত কৰিয়েই গ্ৰাহকৰ অভূতপূৰ্ব সঁহাৰি দেখুৱাইছে। “আমি আমাৰ মূল্যৱান গ্ৰাহকসকলক এই ফেষ্টিভ ছিজনত নতুন নিছান নেগনাইটৰ প্ৰতি অপূৰ্ব সঁহাৰিৰ বাবে ধন্যবাদ জনাইছোঁ।…
