14
Aug
টুইন চিলিণ্ডাৰ প্ৰযুক্তিৰ সফলতাৰ ওপৰত আৰোহণ কৰি ভাৰতৰ অগ্ৰণী অটোমোবাইল নিৰ্মাতা প্ৰতিষ্ঠান টাটা মটৰ্ছে নিজৰ চিএনজি লাইন আপ উন্নীত টিয়াগো আৰু টিগ’ৰ আইচিএনজিৰ সৈতে সতেজ(ৰিফ্ৰেছিং) কৰাই নহয়, লগতে এই বৈপ্লৱিক প্ৰযুক্তিৰ সৈতে সম্পূৰ্ণ নতুন পাঞ্চ আইচিএনজি মুকলি কৰি আনন্দ কঢ়িয়াই আনিছে। চলিত বৰ্ষৰ মে’ মাহত আলট্ৰ’জ আইচিএনজিৰ সৈতে আত্মপ্ৰকাশ কৰা টুইন চিলিণ্ডাৰ প্ৰযুক্তিয়ে এই ছেগমেণ্টত সৃষ্টি কৰা সুবিধাৰ বাবে অভূতপূৰ্ব সঁহাৰি লাভ কৰিছে – চিএনজি বাহনসমূহে গ্ৰাহকসকলক আপোচবিহীন বুট স্পেছ প্ৰদান কৰি শ্ৰেষ্ঠ-শ্ৰেণীৰ সুবিধা আৰু এক উৎকৃষ্ট ড্ৰাইভ অভিজ্ঞতা প্ৰদান কৰিবলৈ সক্ষম কৰিছে। এই পাঞ্চ আইচিএনজি হৈছে উন্নত সুৰক্ষা সুবিধাযুক্ত চিএনজি বাহন, যাক আলফা আৰ্কিটেকচাৰ প্লেটফৰ্মত নিৰ্মাণ কৰা হৈছে। ইয়াত…
