16
Aug
এই স্বাধীনতা দিৱসত ভাৰতৰ ই-কমাৰ্চ মাৰ্কেট ফ্লিপকাৰ্টে শিপিনী, শিল্পী আৰু হস্তশিল্পৰ সৈতে জড়িত ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্যক উদযাপনৰ বাবে ভাৰতৰ ফ্লেগশ্বিপ চেল ইভেণ্ট ‘ক্ৰাফটেড বাই ভাৰত’ৰ পঞ্চম সংস্কৰণ মুকলিৰ কথা ঘোষণা কৰিছে। এই ইভেণ্টত ৰাজস্থান আৰু অন্ধ্ৰপ্ৰদেশৰ প্ৰাচীন ঐতহ্যক প্ৰতিনিধিত্ব কৰা দক্ৰা, টাণ্ট আৰু কলমকাৰিকে ধৰি দেশৰ ৩০০ৰো অধিক বিভিন্ন কলাৰ ১০০০ৰো অধিক সামগ্ৰী প্ৰদৰ্শন কৰা হ’ব। এই বিক্ৰী অনুষ্ঠানৰ বাবে ফ্লিপকাৰ্টৰ সমৰ্পিত এক নিৰ্দিষ্ট ষ্ট’ৰফ্ৰণ্ট থাকিব, য’ত মহিলা বিক্ৰেতাৰ সামগ্ৰীৰ ওপৰত বিশেষভাৱে আলোকপাত কৰা হ’ব। শিল্পী, শিপিণী, বিশেষভাৱে সক্ষম লোক, আত্মসহায়ক গোট আৰু দেশৰ চৰকাৰী এম্পৰিয়ামৰ মহিলাসকলেও ফ্লিপকাৰ্ট সমৰ্থ প্ৰগ্ৰামৰ সৈতে জড়িত এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব, য'ত দেশত নিৰ্মিত…
