18
Aug
সামৰণি পৰিল ইটালীৰ সহ-অধ্যক্ষতাত ভাৰতৰ জি-২০ অধ্যক্ষতাৰ অধীনত ১২ আগষ্টত দুৰ্নীতি বিৰোধী মন্ত্ৰীসভাৰ বৈঠকৰ। উদ্বোধনী অধিৱেশনত কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে ভাষণ প্ৰদান কৰাৰ বিপৰীতে সচিব এছ ৰাধা চৌহানে আদৰণি ভাষণ প্ৰদান কৰে।দুৰ্নীতি বিৰোধী মন্ত্ৰীসভাৰ বৈঠকৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক ভিডিঅ’ বাৰ্তা প্ৰদান কৰে। এই ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে “ভাৰতে শেহতীয়া প্ৰযুক্তি আৰু ই-শাসনৰ সহায় লৈ এক স্বচ্ছ আৰু দায়বদ্ধ পৰিৱেশ তন্ত্ৰ গঢ়ি তুলিছে। বিভিন্ন কল্যাণমূলক আঁচনি আৰু চৰকাৰী প্ৰকল্পৰ সুৰুঙা আৰু ত্ৰুটিবোৰ আঁতৰ কৰাৰ বাবে ইতিমধ্যে ব্যৱস্থা লৈছে চৰকাৰে।” ভাৰতৰ অধ্যক্ষতাই জি-২০ দেশসমূহৰ মাজত 'দুৰ্নীতি প্ৰতিৰোধ আৰু প্ৰতিহত কৰাৰ বাবে দায়বদ্ধ ৰাজহুৱা সংস্থা আৰু কৰ্তৃপক্ষৰ অখণ্ডতা আৰু…
