27
Feb
গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ শিল্পী আবৃত্তিকাৰ, গল্পকাৰ পংকজ নেওগৰ ৰম্যৰচনা " হাজবেণ্ড অব্ ডেট গাই" আজি গুৱাহাটী প্ৰেছ ক্লাবত আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয় । ইপিনে গ্ৰন্থখন আনুষ্ঠানিক ভাৱে উন্মোচন কৰি বিশিষ্ট সাহিত্যিক মনীষা শৰ্মাই কয় যে,ৰম্য ৰচনা মানে হ'ল হাস্য ৰস সৃষ্টি কৰা।বিংশ শতিকাৰ আৰম্ভণিতে লক্ষ্মীনাথ বেজবৰুৱাই সেই শ্ৰেণীৰ গদ্য-সাহিত্য ৰচনা কৰি আমাৰ সাহিত্যত অনন্যসাধাৰণ লঘু-হাস্যৰসাত্মক-ব্যঙ্গকাৰ ৰূপে প্ৰতিষ্ঠা লাভ কৰে। এই ধৰণৰ সাহিত্য খুৱ কম পোৱা যায়।সাহিত্যৰ বাবে সাহিত্য নহয়।যিবিলাক সাহিত্য দায়বদ্ধ সেইবোৰহে আচল সাহিত্য। সাহিত্যই সমাজ পৰিবৰ্তন কৰিব পাৰিব লাগিব। আজিৰ সময়ত অন্য ধৰণৰ সাহিত্য ৰচনা বহু পোৱা যায় কিন্তু এই ধৰণৰ সাহিত্য কম কৈ পোৱা যায়।।বেজবৰুৱাৰ কৃপাবৰ বৰুৱা…