27
Mar
উত্তৰ পূৰ্বাঞ্চলৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সুৰক্ষা , একতা আৰু উন্নয়নৰ বাবে কাম কৰি অৰাজনৈতিক সামাজিক , সাংস্কৃতিক সংগঠন সীমান্ত চেতনা মঞ্চ পূৰ্বত্তৰৰ অসম প্ৰদেশ কমিটিয়ে অহা ৪ - ৬ এপ্ৰিলত সৰুসজাই ষ্টেডিয়ামত প্ৰথম বাৰৰ বাবে " সীমান্ত ক্ৰীড়া মহোৎসৱ ২০২২ " অনুষ্ঠিত কৰিব । আজি সৰুসজাই ষ্টেডিয়ামৰ সভাগৃহত আয়োজিত এক সংবাদ মেলত এই কথা সদৰি কৰে মহোৎসৱৰ অভ্যৰ্থনা সমিতিৰ সাধাৰণ সম্পাদক সুজল বৰদলৈয়ে । সংবাদ মেলত সুজল বৰদলৈয়ে কয় আগন্তক ক্ৰীড়া মহোৎসৱত ৰাজ্যৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা ১৫ কিঃমিঃ ভিতৰৰ ৯ খন জিলা ক্ৰমে - ধুবুৰী , কৰিমগঞ্জ , কাছাৰ , দক্ষিণ শালমাৰা , কোকৰাঝাৰ , চিৰাং , বাগছা , তামুলপুৰ আৰু …
