উত্তৰ-পূৱ

মেট্ৰিকত সুখ্যাতিৰে উত্তীৰ্ণ হ’ল পৰি বেগম

মেট্ৰিকত সুখ্যাতিৰে উত্তীৰ্ণ হ’ল পৰি বেগম

মঙলবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয় কলিয়াবৰৰ কুঁৱৰীটোল চাৰিআলিৰ আজাৰুদ্দিন আহমেদ আৰু মৰমী বেগমৰ ডাঙৰ জীয়ৰী কন্যা পৰি বেগমে। বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰা শিক্ষানুষ্ঠানৰ পৰিৱৰ্তে সাধাৰণ বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি পৰি বেগম উত্তীৰ্ণ হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাত।কুঁৱৰীটোল উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা ২৩৬ নম্বৰ লাভ কৰি তৃতীয় বিভাগত উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে পৰি বেগম। উল্লেখ্য যে¸ দিন হাজিৰা কৰি পিতৃয়ে অতি কষ্টৰ মাজৰে সন্তানক শিক্ষিত কৰিব পৰা যুঁজখনত সন্তানৰ এই সফলতাত এতিয়া অতন্ত্য সুখী পৰিয়ালটো। উত্তীৰ্ণ ছাত্ৰী পৰি বেগমৰ ভনীয়েকো বিশেষ ভাৱে এগৰাকী সক্ষম ছাত্ৰী।
Read More
গুলীয়াই হত্যা কৰিলে মাতৃক

গুলীয়াই হত্যা কৰিলে মাতৃক

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা। ১৬ বছৰীয়া এটি কিশোৰে গুলীয়াই হত্যা কৰে মাতৃক। এই ঘটনা বুধবাৰে পোহৰলৈ আহে। আৰক্ষীয়ে জনাই যে পাবজি খেলত আসক্ত আছিল কিশোৰ জন। কিন্তু তেওঁৰ মাতৃয়ে বাধা দিছিল পাবজি খেলাত।যাৰ বাবে পিতৃৰ পিষ্টলেৰে গুলীয়াই হত্যা কৰে মাতক। কিশোৰ জনে প্ৰায় ৩ দিন ধৰি মাতৃৰ মৃতদেহ কোঠাত লুকুৱাই থৈছিল।
Read More

🔷আজি অনুষ্ঠিত হৈছে কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ নিৰ্বাচন

নিউজ ডেক্স- আজি অনুষ্ঠিত হৈছে কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ নিৰ্বাচন। মুঠ ২৯টা কেন্দ্ৰত পুৱা প্ৰায় ৭ বজাৰ লগে লগে আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। সকলো ওলাই আহিছে নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ। উল্লেখযোগ্য যে ২৮ নং ভোট কেন্দ্ৰ ধৰ্মেশ্বৰ ইংলেং মেমোৰিয়েল মধ্য ইংৰাজী বিদ্যালয়ত প্ৰথমটো ভোটদান কৰিছে কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ ১নং দুৱাৰ আমলা পৰিষদিয় সমষ্টিৰ সদস্য পদৰ প্ৰাৰ্থী কংগ্ৰেছৰ বিজয় টেৰণে। আৰু ভোটদান কৰি আহিয়ে জয় লাভ কৰাটো ১০০ শতাংশ নিচ্ছিত বুলি মন্তব্য প্ৰকাশ কৰে বিজয় টেৰণে।
Read More
ফ্লিপকাৰ্টৰ শ্বপচি চামাৰ ষ্টোৰে ৫এক্স বৃদ্ধি ৰেকৰ্ড কৰিছে

ফ্লিপকাৰ্টৰ শ্বপচি চামাৰ ষ্টোৰে ৫এক্স বৃদ্ধি ৰেকৰ্ড কৰিছে

ফ্লিপকাৰ্টৰ সামাজিক বাণিজ্য প্লেটফৰ্ম শ্বপচিয়ে শেহতীয়াকৈ গ্ৰীষ্মকালীন দোকান মুকলি কৰিছে, যি হৈছে গ্ৰাহকৰ সূক্ষ্ম ঋতুগত প্ৰয়োজনীয়তা বোৰ সমাধান কৰাৰ বাবে এক অনন্য কিউৰেচন, এটা ছাতিৰ তলত বিভিন্ন শ্ৰেণীত বিভিন্ন সামগ্ৰী আগবঢ়াই। গুৱাহাটীৰ বিক্ৰেতাসকলে গ্ৰীষ্মকালীন দোকানৰ উদ্যোগৰ দ্বাৰা শক্তিশালী হোৱা বিক্ৰীত প্ৰায় ৫ এক্স বৃদ্ধি নথিভুক্ত কৰিছে। ইয়াৰ উদ্দেশ্য হৈছে এক মূল্য-আধাৰিত আৰু নিৰ্ভৰযোগ্য প্লেটফৰ্ম হৈ থকাৰ সময়ত গ্ৰাহকসকলৰ বাবে সুলভ মূল্যত বিভিন্ন মানদণ্ডআৰু আকৰ্ষণীয় সামগ্ৰী আগবঢ়োৱাৰ প্ৰচেষ্টা অব্যাহত ৰখা। ফেশ্বন গ্ৰাহকসকলৰ বাবে এক শীৰ্ষ অগ্ৰাধিকাৰ হিচাপে উদ্ভৱ হৈছিল য'ত কুৰ্তা ছেট আৰু কপাহৰ শাৰীআদিৰ দৰে সামগ্ৰীৰ চাহিদা তালিকাৰ শীৰ্ষত আছিল। শ্বপচি চামাৰ ষ্ট'ৰ হৈছে ইলেক্ট্ৰনিকছ, ব্যক্তিগত যত্ন, কেঁচুৱাৰ যত্ন, খাদ্য…
Read More
বানপানীৰ মাজতে এজনৰ মৃত্যু

বানপানীৰ মাজতে এজনৰ মৃত্যু

বানপানীৰ মাজতেই কাছাৰৰ জিৰিঘাটত অঘটন। বিদ্যুৎস্পৃষ্ট হৈ এজন যুৱকৰ মৃত্যু, যুৱকজন দীপক শুক্লবৈদ্য। যোৱা দিন কেইটাত অহা প্ৰচণ্ড বৰষুণৰ ফলত বৰাকৰ আটাইকেইখন জিলাতে বান পৰিস্থিতিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে।
Read More
দীপৰ বিল সুৰক্ষা মঞ্চৰ উদ্যোগত দেউছটালৰ নৱজ্যোতি সংঘৰ খেলপথাৰত  গছপুলি ৰোপণ

দীপৰ বিল সুৰক্ষা মঞ্চৰ উদ্যোগত দেউছটালৰ নৱজ্যোতি সংঘৰ খেলপথাৰত গছপুলি ৰোপণ

প্ৰকৃতিৰ ৰম্যভূমি  দীপৰ বিলৰ স্বাভাৱিক জৈৱ বৈচিত্ৰ্য ৰক্ষাৰ বাবে নতুনকৈ গঠন হোৱা  দীপৰ বিল সুৰক্ষা মঞ্চই ছাত্ৰ - ছাত্রীকে ধৰি সাধাৰণ ৰাইজৰ মাজত পৰিবেশ সচেতনা সৃষ্টিৰ বাবে ব্যাপক গছপুলি ৰোপণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে । ইয়াৰ অংশহিচাপে দীপৰ বিলৰ কাষৰীয়া  দেউছটালৰ নৱজ্যোতি সংঘ খেলপথাৰত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৩৪ সংখ্যক বহাগী উৎসৱৰ লগত সংগতি ৰাখি  খেলপথাৰত আজি গছপুলি ৰোপন কৰা হয় ।  এটি  মহানিমৰ  পুলি ৰোপন কৰি গছপুলি ৰোপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে দেউছটালৰ চৰকাৰী গাওঁবুঢ়া নন্দৰাম  ফাংছৱে ।  এই উপলক্ষে অনুষ্ঠিত চমু  অনুষ্ঠানত  নবজ্যোতি  সংঘৰ সভাপতি আৰু  বহাগী উৎসৱ উদযাপন কমিটিৰ কাৰ্যকৰী সভাপতি বলেশ্বৰ ৰংপী ,   উদযাপন কমিটিৰ সভাপতি কেষ্টৰাম…
Read More
বন বিভাগৰ অস্থায়ী  মূৰব্বীৰ দায়িত্বত  বিশেষ প্ৰধান মুখ্য বন সংৰক্ষক সুৰী শ্ৰীনিবাস ৰাও

বন বিভাগৰ অস্থায়ী মূৰব্বীৰ দায়িত্বত বিশেষ প্ৰধান মুখ্য বন সংৰক্ষক সুৰী শ্ৰীনিবাস ৰাও

অসম চৰকাৰৰ বন আৰু পৰিবেশ বিভাগে শুকুৰবাৰে ৰাজ্যপাল প্ৰদত্ত এক অধিসূচনা যোগে বন বিভাগৰ বিশেষ প্ৰধান মুখ্য বন বন সংৰক্ষক ( আইন ) হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সুৰী শ্ৰীনিবাস ৰাওক অতিৰিক্ত ভাবে বিভাগটোৰ মূৰব্বী হিচাপে সাময়িক ভাৱে কাৰ্যনিৰ্বাহ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে । বিভাগৰ অতিৰিক্ত সচিব এম হাছানে ১২ মে'ত জাৰি কৰা নিৰ্দেশ অনুসৰি  বন বিভাগৰ মুৰব্বী অমিত সহায়ৰ  অনুপস্থিতিৰ বাবে  ৰাওৱে অহা ২৪ মে পৰ্যন্ত  অতিৰিক্তভাবে দায়িত্বভাৰ পালন কৰিব ।  ইতিমধ্যে শুকুৰবাৰৰ পৰা এই নির্দেশ কাৰ্যকৰী হৈছে বুলি বিভাগৰ সূত্ৰত প্ৰকাশ ।
Read More
অসম ৰাজ্যিক কাৰাটে সংস্থাৰ নৱনিৰ্বাচিত উপ সভাপতি  ডঃ ৰঞ্জন কুমাৰ কাকতিক গুৱাহাটী বিশ্ববিদ্যালয়ৰ  স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সম্বৰ্ধনা

অসম ৰাজ্যিক কাৰাটে সংস্থাৰ নৱনিৰ্বাচিত উপ সভাপতি ডঃ ৰঞ্জন কুমাৰ কাকতিক গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সম্বৰ্ধনা

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ডঃ ৰঞ্জন কুমাৰ কাকতিক তেওঁ অসম ৰাজ্যিক  কাৰাটে  সংস্থাৰ ( এ এছ কে এ ) নতুনকৈ উপ সভাপতিৰ দৰে সন্মানীয় আৰু গুৰুত্বপূৰ্ণ পদবী লাভৰে বিশ্ববিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই অনা বাবে ১৩ মে'ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাই কাৰ্যালয়ত সম্বৰ্ধনা জনায় । সন্থাৰ সভাপতি হেমেন কলিতা আৰু সাধাৰণ সম্পাদক বিকি শৰ্মাৰ নেতৃত্বত যোৱা সজাতি দলটোৱে ডঃ কাকতিক ফুলৰ থোপা আৰু গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে তেওঁৰ নতুন দায়িত্বই গুৱাহাটীকে ধৰি অসমৰ বিশ্ববিদ্যালয় সমূহৰ ক্ৰীড়াৰ ক্ষেত্ৰখনত উত্তৰণৰ দিশত অৱদান আগবঢ়াব বুলি আশা প্ৰকাশ কৰে ।
Read More
১৭ মে’ত  গুৱাহাটী পৌৰ নিগমৰ  ডাম্পিং  গ্রাউণ্ড বন্ধৰ দাবীত বেলৰতলত অৱস্থান ধৰ্মঘট

১৭ মে’ত গুৱাহাটী পৌৰ নিগমৰ ডাম্পিং গ্রাউণ্ড বন্ধৰ দাবীত বেলৰতলত অৱস্থান ধৰ্মঘট

দীপৰ বিলৰ  জৈৱ বৈচিত্ৰ্য সংৰক্ষণ , সংবৰ্ধনৰ  বাবে অলপ তে গঠন কৰা দীপৰ বিল সুৰক্ষা মঞ্চই  অহা ১৭ মে'ত  দিনযোৰা কাৰ্যসূচীৰে অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰিছে ।  মঞ্চৰ সভাপতি হেনৰী ডেভিড টেৰণ , সাধাৰণ সম্পাদক প্ৰমোদ কলিতা আৰু সহকাৰী সম্পাদক সুশীল টেৰণে  জানিবলৈ দিয়া মতে গুৱাহাটী পৌৰ নিগমে যোৱা আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰা  বেলৰতলত  দীপৰ বিল সংযোগী পামহী কেনেলৰ দাঁতিত  নীতি বর্হিভূত ভাবে স্থাপন কৰা ডাম্পিং গ্ৰাউণ্ডটোৱে  বৃহত্তৰ অঞ্চলটোৰ পৰিবেশ প্ৰদূষিত কৰিছে । আনকি বিলৰ চাৰিওফালে থকা ১৬ খনকৈ গাঁওৰ বাসিন্দা বিভিন্ন অচিন ৰোগৰ কবলত পৰি চিকিৎসকৰ কাষ চাপিব লগা হৈছে । যাৰ বাবে ডাম্পিং গ্ৰাউণ্ড  বন্ধ কৰাৰ দাবীত…
Read More
এবছৰত ১০০৭ কোটি টকা উপাৰ্জন মেছিৰ

এবছৰত ১০০৭ কোটি টকা উপাৰ্জন মেছিৰ

ফুটবল তাৰকা লিয়োনেল মেছি আকৌ এবাৰ সৰ্বাধিক উপাৰ্জন কৰা খেলুৱৈ হৈ পৰিছে। ফৰ্বছ আলোচনীৰ মতে, মেছিয়ে যোৱা ১২ মাহত মুঠ ১৩০ নিযুত ডলাৰ (১০০৭ কোটি টকা) উপাৰ্জন কৰিছে। যোৱা বছৰ মেছিৰ উপাৰ্জন একে আছিল, কিন্তু তেওঁ সৰ্বাধিক উপাৰ্জন কৰা খেলুৱৈৰ তালিকাত দ্বিতীয় স্থানত আছিল। ২০২১ চনত, মিশ্ৰিত সমৰ কলা মল্লযোদ্ধা ক'নৰ মেকগ্ৰেগৰ সৰ্বাধিক উপাৰ্জন কৰা এথলীট আছিল। তেওঁ যোৱা বছৰ ১৮০ নিযুত ডলাৰ (১৩৯৪ কোটি টকা) উপাৰ্জন কৰিছিল। বাস্কেটবল খেলুৱৈ লেব্ৰন জেমছ এই বছৰ উপাৰ্জনৰ ক্ষেত্ৰত দ্বিতীয় স্থানত আছে। তেওঁ ১২১.২ নিযুত ডলাৰ (৯৩৯ কোটি টকা) উপাৰ্জন কৰিছে। বাস্কেটবল খেলুৱৈ লেব্ৰন জেমছ যোৱা ১২ মাহত দ্বিতীয় সৰ্বাধিক উপাৰ্জনকাৰী। তেওঁ মুঠ…
Read More