উত্তৰ-পূৱ

মন্দিৰ নিৰ্মাণৰ বাবে  মুছলিম পৰিয়ালৰ মূল্ দান

মন্দিৰ নিৰ্মাণৰ বাবে মুছলিম পৰিয়ালৰ মূল্ দান

দেশত চলি থকা ধৰ্মীয় বিবাদৰ মাজতে বিহাৰৰ পৰা পোহৰলৈ আহিছে এক ভাল খবৰ। এটা মন্দিৰৰ বাবে ভূমি দান কৰিলে এটি মুছলমান পৰিয়ালে। বিশ্বৰ সৰ্ববৃহত মন্দিৰ নিৰ্মাণৰ বাবে ২.৫ কোটি টকাৰ ভূমি দান কৰে পৰিয়ালটোৱে।বিহাৰৰ কৈঠৱালিয়াক নিৰ্মাণ হৈ থকা ‘বিৰাত ৰামায়ণ মন্দিৰ’ৰ বাবে ভূমি দান কৰিলে পৰিয়ালটোৱে।  আচাৰ্য কিশোৰে কয় যে ইষ্টিয়াক আহমদ খানৰ এই কৰ্মই ভাতৃত্ববোধৰ এক বিৰল উদাহৰণ দাঙি ধৰিছে।
Read More
খেল’ ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছলৈ অসমৰ ৩ জন শিক্ষাৰ্থী

খেল’ ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছলৈ অসমৰ ৩ জন শিক্ষাৰ্থী

প্ৰথম বাৰৰ বাবে অসমৰ ৩ গৰাকী কাৰাটে খেলুৱৈয়ে খেল ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছলৈ নিৰ্বাচিত হৈ ইতিহাস সৃষ্টি কৰিছে। বেংগালুৰুত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাখন ২০২১ চনতে অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও কোভিডৰ বাবে পিছুৱাই দিয়া হৈছিল। ইতিমধ্যে এই প্ৰতিযোগিতাৰ এটা ছিজন অনুষ্ঠিত হৈ গৈছে যদিও অসমৰ কোনো কাৰাটে খেলুৱৈয়ে সেইবাৰ অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰা নাছিল। অসম অলিম্পিক সন্থাৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত আছাম ষ্টেট কাৰাটে এচ’ছিয়েশ্যনৰ এই তিনিওগৰাকী কাৰাটে খেলুৱৈৰ ভিতৰত ২ গৰাকী গুৱাহাটী বিশ্ববিদ্যালয়ৰ আৰু আনগৰাকী ডিব্ৰুগড় বিশ্বিদ্যালয়ৰ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ খেলুৱৈ ২ গৰাকী ক্ৰমে জোনমণি দাস ( কুমিটে-৬৮ কেজি) আৰু চান্দনি জৈন (কাটা)। আনহাতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ খেলুৱৈগৰাকী ইমন গগৈ (কুমিটে-৬৮ কেজি)
Read More
১৩ বছৰীয়া কিশোৰক থানাৰ ভিতৰত চলালে নিৰ্মম অত্যাচাৰ

১৩ বছৰীয়া কিশোৰক থানাৰ ভিতৰত চলালে নিৰ্মম অত্যাচাৰ

সোমবাৰে লাহৰীঘাট থানাত যেন আৰক্ষীৰ বৰ্বৰতাই চৰম সীমা অতিক্ৰম কৰিলে। এটা ১৩/১৪ বছৰীয়া কিশোৰক আৰক্ষীয়ে বেতেৰে নিৰ্মম ভাৱে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰা দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। লাহৰীঘাট আৰক্ষী থানাৰ এগৰাকী বিষয়াই এটি কিশোৰক দুৰ্ধৰ্ষ অপৰাধীৰ দৰে ব্যৱহাৰ কৰি কিশোৰটিক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰাৰ কাৰণ জানিলে সকলোৰে চকু কপালত উঠিব। এই কিশোৰটিয়ে আৰক্ষী থানাৰ চৌহদত থকা এখন বাহনৰ পৰা বিস্কুট চোৰ কৰি খাইছিল। এই অপৰাধৰ বাবেই কিশোৰটিক নিৰ্মম ভাৱে প্ৰহাৰ কৰিলে আৰক্ষী বিষাজনে। তাৎপৰ্যপূৰ্ণ ভাৱে কিশোৰটিক প্ৰহাৰ কৰাৰ সময়ত আৰক্ষী বিষয়াজনে নাছিল কৰ্তব্যৰ অৱস্থাত। তেওঁৰ দেহত নাছিল আৰক্ষীৰ পোচাক। বিষয়াজনে সেই সময়ত পৰিধান কৰি আছিল এখন গামোচা আৰু…
Read More
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই  বিশেষ আহ্বান

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশেষ আহ্বান

৩১ মাৰ্চত অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ নিৰ্বাচন। এই নিৰ্বাচনক লৈ মনোনয়ন দাখিল কৰে শাসক-বিৰোধী পক্ষই। মুখ্যমন্ত্ৰী কয় যে, ”এআইইউডিএফৰ ভোট নালাগে। মই আশা কৰো সকলো কংগ্ৰেছ বিধায়কে আমাক ভোট দিয়ক। কাৰণ দেশত বৰ্তমান কংগ্ৰেছৰ যি অৱস্থাত পৰৱৰ্তী সময়ত বিধায়ক পদতো জয় হোৱাৰ সম্ভাৱণা নাই । এআইইউডিএফৰ বাহিৰে যিবোৰ আছে তেওঁলোকে আমাক ভোট দিয়াৰ বাবে আহ্বান জনাইছো”।
Read More
অসম কৃষি বিশ্ববিদ্যালয়ত আঞ্চলিক কৃষি মেলা আৰম্ভ

অসম কৃষি বিশ্ববিদ্যালয়ত আঞ্চলিক কৃষি মেলা আৰম্ভ

যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত আজিৰে পৰা অনুষ্ঠিত হোৱা আঞ্চলিক কৃষি মেলা উন্মোচন কৰি এই মত ব্যক্ত কৰে অসমৰ কৃষিমন্ত্ৰী অতুল বৰাই । উত্তৰ পূৰ্বাঞ্চল ভিত্তিক সৰ্ববৃহৎ এই মেলাখনৰ উন্মোচনী বক্তব্যত মন্ত্ৰীগৰাকীয়ে লগতে কয় যে নতুন প্ৰজন্ম কৃষি আৰু আনুসংগিক ক্ষেত্ৰত সংযোজিত হোৱাটো ভাল খবৰ । ৰাজ্যৰ কৃষিখণ্ডক আগবঢ়াই নিবলৈ বহু সুস্থ পৰিকল্পনা কৰা হৈছে আৰু ইয়াৰ জৰিয়তে কৃষি অৰ্থনীতিৰ বিকাশ হব বুলি আমা আশাবাদী ।উত্তৰ পূৱৰ সাতখন ৰাজ্য তথা ছিকিমৰ অংশগ্ৰহণেৰে অনুষ্ঠিত মেলাখনৰ উন্মোচনী অনুষ্ঠানত আদৰণি ভাষণত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই কয় যে উত্তৰ পূৰ্বাঞ্চল ভিত্তিত এক কৃষি আচনি তৈয়াৰ কৰি একত্ৰিত ভাবে আগবাঢ়ি যাব লাগিব…
Read More
বটদ্ৰৱা আৰক্ষীক গ্ৰেপ্তাৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী

বটদ্ৰৱা আৰক্ষীক গ্ৰেপ্তাৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী

বটদ্ৰৱা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বটদ্ৰৱাৰ আমলখিৰ পৰা গ্ৰেপ্তাৰ আজমল হুছেইন নামৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীটো। ধৃত ড্ৰাগছ ব্যৱসায়ীটোৰ পৰা আৰক্ষীয়ে জব্দ কৰে ১৩.২০ গ্ৰাম ড্ৰাগছৰ লগতে বহু কেইটা কন্টেইনাৰ। বৰ্তমান বটদ্ৰৱা আৰক্ষীয়ে কুখ্যাত ড্ৰাগছ ব্যৱসায়ীটোক জেৰা অব্যাহত ৰাখিছে।
Read More
বিশিষ্ট লেখিকা অনুৰাধা শৰ্মা ২৮ গৰাকীক প্ৰদান কৰে সাহিত্য অকাডেমী বঁটা

বিশিষ্ট লেখিকা অনুৰাধা শৰ্মা ২৮ গৰাকীক প্ৰদান কৰে সাহিত্য অকাডেমী বঁটা

বিশিষ্ট  সাহিত্যিক  অনুৰাধা  শৰ্মা  পূজাৰীৰে  নতুন  দিল্লীত  প্ৰদান  কৰে  সাহিত্য  অকাডেমী  বঁটা। সাহিত্য অকাডেমী  বঁটা  গ্রহণ  ডাঃ দেৱকান্ত  ৰামচিয়াৰীৰ।  মুঠ  ২৮ গৰাকী  সাহিত্যিকক  প্রদান  কৰা  হয়  এই বঁটা ডিয়া হয়।
Read More
বলাৎকাৰীক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড

বলাৎকাৰীক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড

আদালতৰ বিশেষ ন্যায়াধীশ চি চতুৰ্বেদীয়ে শুকুৰবাৰে দুই বলাৎকাৰীক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ নিৰ্দেশ দিছে । ইয়াৰোপৰি অপৰাধী দুটাক ৫০ হাজাৰ টকা জৰিমণা বিহে , জৰিমনা অনাদায়ে অতিৰিক্ত দুই বছৰৰ সশ্ৰম কাৰাদণ্ড খাটিব লাগিব বুলি বিশেষ আদালতৰ বিশেষ ন্যায়াধীশ চি চতুৰ্বেদীয়ে নিজৰ ৰায়দানত উল্লেখ কৰিছে । প্ৰাপ্ত বাতৰি অনুসৰি ২০১৭ চনৰ ২১ জুলাইৰ সন্ধিয়া নিৰ্যাতিতা ছোৱালী জনীয়ে আইতাকৰ ঘৰত গৈ থকা অৱস্থাত আচামী ক্ৰমে নাছিৰ হুছেইন (২৪) আৰু শুকুৰ আলি(২২) ৰাস্তাতে বলাৎকাৰ কৰিছিল । আইতাকৰ ঘৰত থকা নিজৰ ভাইটীক আনিবলৈ যাওঁতে ৰাস্তাতে দুই পাষণ্ডই কৰা উক্ত ঘটনাক লৈ সেইসময়ত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ।
Read More
উত্তৰ গুৱাহাটী আৰু পলাশবাৰী পৌৰসভা নিৰ্বাচনৰ ফলাফল

উত্তৰ গুৱাহাটী আৰু পলাশবাৰী পৌৰসভা নিৰ্বাচনৰ ফলাফল

উত্তৰ গুৱাহাটীৰ ৩ টা ৱাৰ্ডত বিজেপি প্ৰাৰ্থীৰ জয় লাভ ।পলাশবাৰীৰ ৭ টা ৱাৰ্ডত বিজেপি প্ৰাৰ্থী, ২ টা ৱাৰ্ডত এজেপি আৰু এটা ৱাৰ্ডত অগপ প্ৰাৰ্থীৰ জয় লাভ।      উত্তৰ গুৱাহাটীৰ ৭ টা ৱাৰ্ডত ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে  বিজেপিৰ  প্ৰাৰ্থীকেইগৰাকী  বিজয়ী হৈছে৷ আজি পুৱা ৮ বজাৰ পৰা সম্পূৰ্ণ নিৰাপত্তা  ব্যৱস্থাৰ মাজত উত্তৰ গুৱাহাটীৰ ৩ টা আৰু পলাশবাৰীৰ আটাইকেইটা ৱাৰ্ডৰ ভোট গণনা আৰম্ভ কৰা হয়৷ গণনাৰ অন্তত আনুষ্ঠানিকভাৱে ফলাফল ঘোষণা কৰাৰ লগতে বিজয়ী প্ৰাৰ্থীসকলক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়৷ উত্তৰ গুৱাহাটীৰ তিনিওটা ৱাৰ্ডতে ভাৰতীয় জনতা পাৰ্টি (বিজেপি)ৰ প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয় আৰু এনেদৰে উত্তৰ গুৱাহাটীৰ দহোটা ৱাৰ্ডতে বিজেপিয়ে জয়লাভ কৰে৷ আনহাতে পলাশবাৰী পৌৰসভাৰ…
Read More
মৰাণ পৌৰসভাৰ ফলাফল

মৰাণ পৌৰসভাৰ ফলাফল

চৰাইদেউ জিলা মৰাণ পৌৰসভাৰ ১১ টা ৱাৰ্ডৰ ফলাফল। ঘোষিত ফলাফল অনুসৰি মৰাণত ১ নং ৱাৰ্ডত মৌচুমী দুৱৰা (বিজেপি) ২৬১ টা আৰু জয়ন্তী ফুকন চেতিয়া (কংগ্ৰেছ) ১৪৬ টা ভোট লাভ কৰে । ২ নং ৱাৰ্ডত অৰূপ দত্ত (বিজেপি) ই ৪৫৩ টা ভোট লাভ কৰাৰ বিপৰীতে প্ৰিয়ংকা বিশ্বাস ধৰে (কংগ্ৰেছ ) ১৬০ টা ভোট লাভ কৰে । ৩ নং ৱাৰ্ডত সুনেইনা শ্বাহ (বিজেপি) ২৪৪ টা আৰু আশা চাহু (কংগ্ৰেছ) ২৪০ টা ভোট লাভ কৰে । ৪ নং ৱাৰ্ডত উদয় শংকৰ গগৈ (বিজেপি) ৪৪৫ টা আৰু হৰ্ষবৰ্ধন বৰগোঁহাই (জাতীয় পৰিষদ) ১২২ টা ভোট লাভ কৰে । ৫ নং ৱাৰ্ডত পুৱালী বৰগোঁহাই গগৈ (বিজেপি)…
Read More