27
Mar
মুকাক পাপেট থিয়েটাৰে প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অহৰহ চেষ্টা চলাই আহিছে। ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা স্কলাৰশ্বিপ প্ৰাপ্ত ধ্ৰুৱ জ্যোতি কলিতাই হেৰাই যাব ধৰা কলা পুতলা নাচকো পুন:ৰ্জীৱিত কৰাৰ প্ৰচেষ্টা চলাই আহিছে। মুকাক পাপেট থিয়েটাৰে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ আৰ্থিক অনুদানত পুতলা নাচৰ মাধ্যমত বিনীতা দেৱীৰ পৰিচালনাত "অঙ্কীয়া নাট ৰাম বিজয়" শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ ড. বানীকান্ত কাকতি প্ৰেক্ষাগৃহত অলপতে অনুষ্ঠিত হৈ যায় । অঙ্কীয়া নাট খন উদ্ধোধন কৰে শিক্ষাবিদ তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ অধ্যাপিকা ড. ময়ুৰী শৰ্মাই । ড. ময়ুৰী শৰ্মাই উদ্ধোধনী ভাষণত পুতলা নাচ শিক্ষাৰ ক্ষেত্ৰত উপযুক্ত পথ। শিশু সকলক পাঠ্যক্ৰমৰ অধ্যায় সমূহ সুন্দৰকৈ নাটকীয় ভাৱে পুতলা নাট…
