উত্তৰ-পূৱ

এইবাৰ চোৰে চুৰি কৰি নিলে ৰাষ্ট্ৰীয় পতাকা

এইবাৰ চোৰে চুৰি কৰি নিলে ৰাষ্ট্ৰীয় পতাকা ।ধিং পৌৰসভাই স্বাধীনতা দিৱস উপলক্ষে সজাই পৰাই তুলিছে ধিং চহৰ খন ।কিন্তু নিশা চোৰে অধিকাংশ পতাকা চুৰি কৰি লৈ যায়।চোৰৰ এনে কাণ্ডত চাঞ্চল্যৰ সৃষ্টি হৈছে ধিঙত ।ধিং থানাৰ কাষতে এই ঘটনা সংঘটিত হোৱাত জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ । আজাদি কা অমৃত মহোৎসৱক আদৰনি জনাই সমগ্ৰ দেশে পালন কৰিছে হৰ ঘৰ ত্ৰিৰঙ্গা। তাৰ মাজতে দেখা গ'ল এক নিন্দনীয় দৃশ্য ধিঙৰ মাজমজিয়াত। উল্লেখ্য যে ধিং পৌৰসভাই গড়কপ্তানি পথৰ ওপৰত অৱস্হিত দিভাইদাৰ সমূহৰ লগতে বিভিন্ন স্হানত শাৰি শাৰিকৈ সজাই তুলিছিল জাতীয় পতাকাৰে। ত্ৰিৰঙ্গাৰে শুৱনি হৈ পৰিছিল ধিঙৰ মাজমজিয়া। তাৰ মাজতে আজি পুৱাই দেখা গ'ল এক…
Read More

স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে বাক্সাৰ বৰমাত মুছলপুৰ জিলা ইউপিপিএলৰ সজাগতামূলক শোভাযাত্ৰা

দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে সমগ্ৰ দেশত চলি আছে স্বাধীনতাৰ অমৃত মহোৎসৱ। স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ঘৰে ঘৰে ত্ৰিৰংগা কাৰ্যসূচী সফল কৰাৰ উদ্দেশ্যে ‌‌ ‌‌আ‌‍‌‌জি বাক্সা জিলাৰ বৰমাত উলিওৱা হয় এক বিশাল শোভাযাত্ৰা। বৰমাৰ আৰ্মী কেম্পৰ পৰা উলিওৱা এই শোভাযাত্ৰাত অংশ গ্ৰহণ কৰি বিটিচিৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী সফলভাৱে পালন কৰাৰ আহ্বান জনায়, লগতে স্বাধীনতা দিৱসৰ পিছতেই সকলোৱে পতাকা খনৰ প্ৰতি অসন্মান নকৰে তাৰ বাবে সকলোৰে প্ৰতি আহ্বান জনায়। লগতে প্ৰতি বছৰে স্বাধীনতা দিৱস পালন কৰাৰ বাবে এই পতাকাখন সযতনে আৰু সন্মান সহকাৰে ৰাখি থবলৈ পৰামৰ্শ আগবঢ়ায় কাৰ্যবাহী সদস্য গৰাকীয়ে। আনহাতে মুছলপুৰ জিলা…
Read More

গোসাঁইগাওঁ হাৰফুটাত মহিলাৰ লোমহৰ্ষক হত্যাকাণ্ড

গোসাঁইগাওঁ হাৰফুটাত মহিলাৰ লোমহৰ্ষক হত্যাকাণ্ড ৷ শৌচালয়ৰ টেংকিত মৃতদেহ উদ্ধাৰক লৈ অঞ্চল জুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে।উল্লেখযোগ্য যে গোসাঁইগাওঁ মহকুমাৰ হাৰাফুটা গাৱঁৰ এগৰাকী মহিলাৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে হাৰাফুটা গাৱঁৰ বছেৰ আলীৰ পত্নী মনোৱাৰা বিবি নামৰ মহিলা গৰাকীৰ মৃতদেহ শনিবাৰে বিয়লি প্ৰায় ৮ বজাত নিজ গৃহৰ শৌচালয়ৰ টেংকিত উদ্ধাৰ হয় ৷ ইপিনে বাছেৰ আলীৰ ঘৰৰ ৰান্ধনী গৃহত তেজেৰ চেকুৰা প্ৰত্যক্ষ কৰি মহিলা গৰাকীক উক্ত স্থানতে হত্যা কৰি হত্যাকাৰীয়ে মৃতদেহটো শৌচালয়ৰ টেংকি পেলাই দিয়ে ৷ আনহাতে ঘটনাৰ খৱৰ পাই ঘটনাস্থলীত ততাতৈয়াকৈ গোসাঁইগাওঁ আৰক্ষী থানাৰ আৰক্ষীৰ দল উপস্থিত হয় মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে প্ৰাৰম্ভিক তদন্ত…
Read More
দীপৰ বিলত বিশ্ব হস্তী দিৱস পালন

দীপৰ বিলত বিশ্ব হস্তী দিৱস পালন

দীপৰ বিল সুৰক্ষা মঞ্চ  আৰু  বন বিভাগৰ দীপৰ বিল বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ  যৌথ উদ্যোগত  ৰংমন  টুৰিজিম চছাইটি আৰু চকৰ্দো দেশভক্ত তৰুণ ৰাম ফুকন মধ্য  ইংৰাজী বিদ্যালয়ৰ  সহযোগত আজি  দীপৰ বিলৰ চকৰ্দো দেশভক্ত তৰুণৰাম ফুকন মধ্য  ইংৰাজী বিদ্যালয়ত  বিশ্ব হস্তী দিৱস পালন কৰা হয় ।  দিৱসৰ লগত সংগতি ৰাখি চকৰ্দো দেশভক্ত তৰুণৰাম ফুকন এম ই স্কুলৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত   চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। ইয়াৰ পিছতে দীপৰ বিলৰ পাৰত গছপুলি ৰোপণ আৰু অঞ্চলটোৰ ৰাইজক হাতীক সুৰক্ষা আৰু সংৰক্ষণ প্ৰদানৰ বাবে এক সজাগতা সভা অনুষ্ঠিত কৰা হয়। বিশ্ব হস্তী দিৱসৰ এই কাৰ্যসূচীত বন বিভাগ, দীপৰ বিল সুৰক্ষা মঞ্চ, ছাত্ৰ-ছাত্ৰী সকলৰ লগতে অঞ্চলটোৰ…
Read More
কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ প্ৰতিষ্ঠানিক বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ণ

কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ প্ৰতিষ্ঠানিক বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ণ

মুখ্যমন্ত্ৰী  ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিষ্ঠানিক বৃক্ষৰোপণ কাৰ্যসূচীৰ অংশ হিচাপে কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ে গ্ৰহণ কৰা কাৰ্যসূচী পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই বৃক্ষৰোপণ কৰি মুকলি কৰি যোৱাৰ পিছতে শুকুৰবাৰে কাৰ্যালয়ৰ সমূহ বিষয়া-কৰ্মচাৰী একগোট হৈ জ্যোতিপ্ৰসাদৰ মহান বাণী “সেউজী সেউজী সেউজীয়া, সেউজী ধৰণী ধুনীয়া” লক্ষ্যৰে আগবাঢ়ি আহে । উল্লেখ্য যে, সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ তত্ত্বাৱধানত কাৰ্যালয়ে গ্ৰহণ কৰা বৃক্ষৰোপণ কাৰ্যসূচীত আনদুগৰাকী জিলা পৰিবহণ বিষয়া ক্ৰমে আঞ্চলিক পৰিবহণ প্ৰাধিকাৰী ৰফিকুল ইছলাম আৰু প্ৰবৰ্তক শাখাৰ পৰিবহণ বিষয়া হিমাংশু দাসৰ উপস্থিতিত পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই বৃক্ষৰোপণ এক মহৎ কাৰ্য বুলি মন্তব্য কৰ। বৃক্ষৰোপণৰ এই…
Read More
 ১৫ আগষ্টত ৰাজ্যিকভিত্তিত ৰশ্মিতা গুপ্ত স্মাৰক তৰ্ক প্ৰতিযোগিতা

 ১৫ আগষ্টত ৰাজ্যিকভিত্তিত ৰশ্মিতা গুপ্ত স্মাৰক তৰ্ক প্ৰতিযোগিতা

পাণ্ডুৰ জনপ্ৰিয় সামাজিক-সাংস্কৃতিক সংগঠন জনমতৰ উদ্যোগত ৰশ্মিতা গুপ্ত স্মাৰক চতুৰ্থ বাৰ্ষিক "সদৌ অসম তৰ্ক প্ৰতিযোগিতা"অহা ১৫ আগষ্ট তাৰিখে স্বাধীনতাৰ পঁয়সত্তৰ বছৰ উদযাপনৰ অংশ হিচাপে আয়োজন কৰা হৈছে।পাণ্ডুৰ বিদ্যামন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দিনৰ ১০-৩০বজাত অনুষ্ঠিত হব লগা ৰাজ্যভিত্তিক এই তৰ্ক প্ৰতিযোগিতাৰ বিষয় হৈছে সদনৰ মতে"বৰ্তমান সময়ত বাক্ স্বাধীনতা আৰু অভিব্যক্তিৰ ওপৰত ভাবুকি আহিছে।"দশম শ্ৰেণীৰ পৰা স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মুকলি থকা এই প্ৰতিযোগিতাত ভাগ লোৱাৰ বাবে আয়োজকসকলে আহ্বান জনাইছে। শ্ৰেষ্ঠ দল,শ্ৰেষ্ঠ তাৰ্কিক,২য় আৰু ৩য় শ্ৰেষ্ঠ তাৰ্কিক,উদীয়মান তাৰ্কিক, সম্ভাৱনাময় তাৰ্কিক,আদিৰ বাবে আকৰ্ষণীয় আৰ্থিক পুৰস্কাৰৰ উপৰিও স্মাৰক আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰা হব বুলি উদ্যোগক্তাসকলে জনাইছে।প্ৰতিযোগিতাত ভাগ লবলৈ ইচ্ছুক ছাত্ৰ ছাত্ৰী সকলে পক্ষে…
Read More

বগিদাৰাত দহ-বাৰ জনীয়া গুণ্ডা বাহিনীৰ দ্বাৰা চাৰিজন লোকক আক্ৰমণৰ ঘটনা

চিৰাং জিলাৰ পাণবাৰী থানাৰ অন্তৰ্গত ১ নং বগিদাৰাত গুণ্ডা বাহিনীৰ দ্বাৰা চাৰিজন লোকক নিৰ্মম ভাবে আক্ৰমণ কৰাৰ ঘটনা পোহৰলৈ আহিছে।স্বামীৰ দ্বাৰা পত্নীক শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই অহাক কেন্দ্ৰ কৰি সংঘটিত হৈছে এই আক্ৰমণৰ ঘটনা। অভিযোগ অনুসৰি স্থানীয় তমছেৰ আলীৰ পুত্ৰ হাফিজুৰ ৰহমানে(২৮) নিজ পত্নীক(জবেদা খাতুনক) দীৰ্ঘ দিনৰ পৰা নিৰ্যাতন চলাই অহাৰ পিছত বিগত ২ মে তাৰিখে পত্নীৰ গাৰ কাপোৰ খুলি কাপোৰ সমূহ পেট্ৰল ঢালি জ্বলাই দি হাত বান্ধি ৰাজপথত উলংগ কৰি শাৰীৰিক নিৰ্যাতন চলায়।ঘটনা সন্দৰ্ভত বোৱাৰী গৰাকীৰ জ্যেষ্ঠ ভাতৃ মহুবৰ আলীয়ে নিজ ভগ্নীক কৰা এনে অমানৱিয় নিৰ্যাতনৰ বাবে শাসন মুলক ভাবে ভনী জোৱাই হাফিজুৰ ৰহমানক দুটা চৰ দিয়াক কেন্দ্ৰ…
Read More
মুম্বাই ত্যাগ কৰি গোৱাৰ হৈ খেলিব অৰ্জুন তেণ্ডুলকাৰে

মুম্বাই ত্যাগ কৰি গোৱাৰ হৈ খেলিব অৰ্জুন তেণ্ডুলকাৰে

ভাৰতীয় দলৰ প্ৰাক্তন ক্রিকেটাৰ শচীন তেণ্ডুলকাৰৰ পুত্ৰ অৰ্জুনে মুম্বাই দল এৰিবলৈ সাজু হৈছে আৰু পৰৱৰ্তী ঘৰুৱা ছিজনত গোৱাৰ হৈ খেলিব পাৰে। বাওঁহাতৰ বেগী বলাৰজনে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত মুম্বাই ইণ্ডিয়ানছৰ অংশ আছিল। তেওঁ ২০২০-২১ বৰ্ষত মুম্বাইৰ হৈ ছৈয়দ মুস্তাক আলী ট্ৰফীত হাৰিয়ানা আৰু পুডুচেৰীৰ বিৰুদ্ধে দুখন খেল খেলিছিল। জানিব পৰা অনুসৰি কনিষ্ঠ তেণ্ডুলকাৰে মুম্বাই ক্ৰিকেট এছ'চিয়েচনৰ পৰা অনাপত্তি প্ৰমাণপত্ৰৰ (এনঅ'চি) বাবে আবেদন কৰিছে। এছ আৰ টি স্পৰ্টছ মেনেজমেণ্টে এক বিবৃতিত কয়, 'অৰ্জুনে তেওঁৰ কেৰিয়াৰৰ এই পৰ্যায়ত খেলপথাৰত যিমান সম্ভৱ সময় অতিবাহিত কৰাটো গুৰুত্বপূৰ্ণ। আমি বিশ্বাস কৰোঁ যে আন ঠাইৰ পৰা খেলিলে অৰ্জুনক অধিক প্ৰতিযোগিতামূলক খেল খেলিবলৈ সুযোগ দিব। তেওঁ তেওঁৰ ক্ৰিকেট…
Read More
টি-২০ কেৰিয়াৰত ৬০০ টা উইকেট সম্পূৰ্ণ ডোৱেন ব্ৰাভোৰ

টি-২০ কেৰিয়াৰত ৬০০ টা উইকেট সম্পূৰ্ণ ডোৱেন ব্ৰাভোৰ

 ৱেষ্ট ইণ্ডিজৰ অলৰাউণ্ডাৰ ডোৱেন ব্ৰাভোৱে টি-২০ কেৰিয়াৰত ৬০০ টা উইকেট সম্পূৰ্ণ কৰিছে। তেওঁ এনে কৰা বিশ্বকাপৰ প্ৰথম বলাৰ হৈ পৰিছে। ব্ৰাভোৱে বৰ্তমান দ্য ৱিয়ৰ্ড ফৰ্মেটত নৰ্দাৰ্ণ ছুপাৰচাৰ্জাৰৰ হৈ খেলি আছে। বৃহস্পতিবাৰে ওভাল ইনভিজিবল দলৰ বিৰুদ্ধে খেলা খেলখনত ব্ৰাভোৱে দুটা উইকেট লৈ এই অভিলেখ গঢ়িছিল। অৱশ্যে, মেচখন উত্তৰ ছুপাৰচাৰ্জাৰৰ দ্বাৰা হেৰুৱাইছিল। চেম কুৰানৰ ৬০ ৰানৰ বাবে ওভাল দলে সাত টা উইকেট হেৰুৱাই মেচখন জিকিছিল। টি-২০ত সৰ্বাধিক উইকেট অর্জনকাৰীৰ ভিতৰত আছে- ৬০০ উইকেট ডোৱেন ব্ৰাভো (৫৪৫ খন মেচ), ৪৬৬ উইকেট ৰছিদ খান (৩৩৮ খন মেচ), ৪৫৭ উইকেট সুনীল নাৰিন (৪২১ খন মেচ), ৪৫১ উইকেট ইমৰান তাহিৰ (৩৫৮ খন মেচ), ৪১৮ উইকেট চাকিব…
Read More
২০ নৱেম্বৰৰ পৰা  আৰম্ভ হ’ব ফিফা বিশ্বকাপ

২০ নৱেম্বৰৰ পৰা  আৰম্ভ হ’ব ফিফা বিশ্বকাপ

 বিশ্বৰ শীৰ্ষ সংস্থা ফিফাই এদিন আগতে এই বছৰৰ শেষৰ ফালে কাটাৰত বিশ্বকাপ আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে। প্ৰতিযোগিতাখন এতিয়া ২০ নৱেম্বৰত আৰম্ভ হ'ব। বিশ্বকাপৰ প্ৰথমখন খেল ২০ নৱেম্বৰত দোহাত আয়োজক কাটাৰ আৰু ইকুৱেডৰৰ মাজত অনুষ্ঠিত হ'ব। ফিফাৰ সিদ্ধান্তটো ২৮ ৰ পৰিৱৰ্তে ২৯ দিনৰ বাবে বিশ্বকাপ তৈয়াৰ কৰাৰ সিদ্ধান্ত লোৱাৰ ১০১ দিন পিছত আহিছে। ফিফাৰ সমিতিয়ে নতুন সিদ্ধান্তটো অনুমোদন জনাইছে। সিদ্ধান্তটোত স্বাক্ষৰকাৰীসকলৰ ভিতৰত আছিল ফিফাৰ সভাপতি গিয়ান্নি ইনফান্তিনো আৰু ছয়খন মহাদেশীয় ফুটবল সংস্থাৰ সভাপতি। ফিফাই কৈছিল যে সিদ্ধান্তটো সৰ্বসন্মতিক্ৰমে লোৱা হৈছে। বিগত বছৰৰ পৰা সমগ্ৰ বিশ্বতে টিকট বিক্ৰী আৰম্ভ হৈছে।অনুৰাগীসকলৰ ভ্ৰমণ পৰিকল্পনাৰ প্ৰভাৱ সন্দৰ্ভত ফিফাই বৃহস্পতিবাৰে কয়, 'ফিফাই কেছ-টু-কেছত এই সিদ্ধান্তক প্ৰভাৱিত…
Read More