উত্তৰ-পূৱ

জিম্বাবোৱে ভ্ৰমণত ভাৰতীয় ক্ৰিকেট দলৰ কাৰ্যকৰী মুখ্য প্ৰশিক্ষক হ’ব ভিভিএছ লক্ষ্মণ

জিম্বাবোৱে ভ্ৰমণত ভাৰতীয় ক্ৰিকেট দলৰ কাৰ্যকৰী মুখ্য প্ৰশিক্ষক হ’ব ভিভিএছ লক্ষ্মণ

ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ মুৰব্বী ভিভিএছ লক্ষ্মণ আগন্তুক জিম্বাবোৱে ভ্ৰমণৰ বাবে ভাৰতৰ কাৰ্যকৰী মুখ্য প্ৰশিক্ষক হ'ব, কিয়নো ২৭ আগষ্টৰ পৰা ইউএইত অনুষ্ঠিত হ'বলগীয়া শৃংখলা আৰু এছিয়া কাপৰ মাজত খুব কম সময় আছে। এই তথ্য ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ (বিচিচিআই) সচিব জয় শ্বাহে শুকুৰবাৰে প্ৰদান কৰে। শ্বাহে কয়, 'জিম্বাবোৱে ভ্ৰমণত অনুষ্ঠিত হ'বলগীয়া তিনিখন এদিনীয়া শৃংখলাৰ দায়িত্ব লক্ষ্মণে ল'ব। এইটো নহয় যে ৰাহুল দ্ৰাবিড়ক বিশ্ৰাম দিয়া হৈছে। জিম্বাবোৱেত এদিনীয়া শৃংখলা ২২ আগষ্টত সমাপ্ত হ'ব আৰু দ্ৰাবিড়ৰ সৈতে ভাৰতীয় দলটো ২৩ আগষ্টত ইউএইলৈ ৰাওনা হ'ব। এই দুয়োখন প্ৰতিযোগিতাৰ মাজত অতি কম সময় থাকিলে, লক্ষ্মণে জিম্বাবোৱেত ভাৰতীয় দলৰ দায়িত্ব ল'ব।' এছিয়া কাপ টি-২০ টুৰ্ণামেণ্ট দলৰ…
Read More

লখিমপুৰৰ ১০ মাইলত পোন্ধৰ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথত ভয়াবহ পথ দূৰ্ঘটনা

লখিমপুৰৰ ১০ মাইলত পোন্ধৰ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথত ভয়াবহ পথ দূৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে এখন তীব্ৰ বেগী আলট্ৰা বাছে হঠাৎ একে দিশৰ পৰা আহি থকা আই টেন AR 01 G 1197 নম্বৰৰ গাড়ী খনৰ সম্মুখত ৰখাই দিয়াৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয় ।ফলত আই ১০ গাড়ী খনৰ দুই জন আৰোহী অতি সংকট জনক অৱস্থাত স্থানীয় লোক আৰু দৌলহাট আৰক্ষীৰ তৎপৰতাতলখিমপুৰ মেডিকেল কলেজলৈ পেৰণ কৰা হয় ।
Read More

শিৰচ্ছেদ কৰি এজন লোকে কটা মূৰ হাতত লৈ ওলাল গৈ থানা

এক ভয়ংকৰ আৰু শিহৰণকাৰী ঘটনা সংঘটিত হৈছে এইখন অসমতে।উল্লেখযোগ্য যে শিৰচ্ছেদ কৰি এজন লোকে কটা মূৰ হাতত লৈ ওলাল গৈ থানা।তাৰ পিছতে চৌদিশে হুৱাদুৱা পৰিৱেশ বিৰাজ কৰিছে।জানিব পৰা মতে শোণিতপুৰৰ ৰঙাপৰা দয়ালপুৰত এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে।টুনিৰাম মাদ্রি নামৰ লোক জনে শিৰচ্ছেদ কৰিলে বইলৰ হেমৰম নামৰ লোক জনক।ইতিমধ্যে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও কিহৰ কাৰণে এই ভয়ংকৰ ঘটনাটো সংঘটিত হল জানিব পৰা হোৱা নাই।এই ঘটনাৰ পিছতে এতিয়া অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে
Read More

লাহৰিঘাটত গো মাংসৰ মুকলি বেহা

চৰকাৰী নীতি নিদ্দেৰ্শনাক বুঢ়া আঙুলি দেখুৱাই পুনৰ লাহৰীঘাটত মুকলিকৈ গো মাংস বিক্ৰী কৰা হৈছে । একাংশ অসাধু ব্যাৱসায়ীয়ে নিজ ইচ্ছামতে চলাই গৈছে এই ব্যৱসায় । চৰকাৰৰ অনুমতি অবিহনে ৰাজপথৰ কাষতে এনে অবৈধ ব্যাৱসায় দৈনিক চলাই যোৱাত এতিয়া সচেতন ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এতিয়া প্ৰশ্ন হয় , কাৰ আৰ্শীবাদত লাহৰীঘাটত পুনৰ গো মাংসৰ মুকলি বেহা গঢ় লৈ উঠিছে । মূখ্যমন্ত্ৰীৰ কঠোৰ নিদ্ধেৰ্শনাক বুঢ়া আঙুলি প্ৰদৰ্শন কৰা এনে অবৈধ ব্যাৱসায়ীসকলৰ বিৰুদ্ধে মৰিগাওঁ জিলা প্ৰশাসনে কিবা ব্যাৱস্থা গ্ৰহন কৰিবনে ? সেয়া পৰৱত্তী সময়ত হব লক্ষ্যনীয় বিষয়।
Read More

গোলাঘাটত স্বাধীনতা দিৱস সম্পৰ্কে খেলি মেলি

আজি ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে সমগ্ৰ দেশৰ লগতে গোলাঘাট সম্মন্বয় ক্ষেত্ৰতো সমূহীয়াকৈ উক্ত দিৱস উৎযাপন কৰা হয়৷সেই অনুসৰি গোলাঘাটৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই পতাকা উত্তোলন কৰে৷উক্ত দিৱসত গোলাঘাট কমাৰ্চ কলেজ ছোৱালী এনচিচি আৰু দেৱৰাজ ৰয় কলেজ ছাত্ৰীএনচিচি কেডেট সকলে প্ৰথম আৰু দ্বিতীয় স্থান আৰু চেক্ৰেটহাৰ্ট বিদ্যালয়ে তৃতীয় স্থান লাভ কৰে৷উক্ত দিৱসত মন্ত্ৰী কেশৱ মহন্তৰ লগতে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন ,জিলাধিপতি মৃগেশ নাৰায়ণ বৰুৱাৰ লগতে ,আৰক্ষী অধীক্ষক আৰু বিভিন্ন বিষয়াসকল আৰু যথেষ্ট সংখ্যক জনতা উপস্থিত থাকে৷পিচে এইখিনিতেই এক খেলি মেলিৰ বিষয় যে গোলাঘাট সম্মন্বয় ক্ষেত্ৰৰ বেনাৰত আৰু স্বয়ং গোলাঘাটৰ অভিভাৱক মন্ত্ৰীয়ে ৭৬ বছৰ বুলি ভাষণ সংক্ৰান্তত ঘোষণা কৰে৷ আনহাতে…
Read More

বিজনীত দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিলে বিজনীৰ মহকুমাধিপতী ৰাহুল কুমাৰ গুপ্তাই

আজি দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস। সমগ্ৰ দেশৰ লগতে চিৰাং জিলাৰ বিজনী মহকুমা প্ৰশাসনৰ উদ্যোগত উদযাপন কৰা হয় দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস। বিজনী জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত বিজনীৰ মহকুমাধিপতী ৰাহুল কুমাৰ গুপ্তাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে।ইয়াৰ পৰৱৰ্তী বিজনী বসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰাৰ পিছত বিজনীৰ আৰক্ষী আৰু বিজনীৰ বিভিন্ন বিদ্যালয়ৰ ছাত্র-ছাত্ৰীয়ে প্ৰদৰ্শন কৰা সামৰিক কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে মহকুমাধিপতী ৰাহুল কুমাৰ গুপ্তাই।ইফালে স্বাধীনতা দিৱসৰ কুচকাৱাজত অংশগ্ৰহণ কৰিবলৈ অহা কেবাগৰাকীও ছাত্র-ছাত্ৰী প্ৰখৰ ৰ'ড সহিব নোৱাৰি ঢলি পৰা পৰিলক্ষিত হয়।পৰৱৰ্তী বিভিন্ন বিদ্যালয়ৰ ছাত্র-ছাত্ৰী সকলে নৃত্য প্ৰদৰ্শন কৰে।
Read More

মৰিগাঁওত ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন

সমগ্ৰ দেশতে স্বাধীনতা ৭৫বছৰ পূৰ্ণ হোৱা উপলক্ষে স্বাধীনতা অমৃত মহোৎসৱ পালন কৰা হৈছে । আজিৰ মৰিগাঁও তৰুণৰাম ফুকন খেলপথাৰত জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। লগতে মৰিগাঁও জিলা আৰক্ষী প্ৰশাসন আৰু বিদ্যালয় মহাবিদ্যালয় ছাত্ৰ-ছাত্ৰী সকলে কুছ কাৱাছ প্ৰদৰ্শন কৰে।
Read More

মাৰ্ঘেৰিটা ৩নং মাকুম পথাৰত চিলিণ্ডাৰ বিস্ফোৰণ

৭৫ তম স্বাধীনতা দিৱসৰ প্ৰাক সন্ধিয়া মাৰ্ঘেৰিটাত চিলিণ্ডাৰ বিস্ফোৰণে আতংকৰ সৃষ্টি কৰে। মাৰ্ঘেৰিটা ৩নং মাকুম পথাৰত চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত বাসগৃহ সম্পূন্ন ভস্মীভূত। দেওবাৰে সন্ধিয়া প্ৰায় ৯ঃ৩০ বজাত মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত মুনি হালৈ নামৰ মহিলাগৰাকী বাসগৃহ প্ৰথমে অগ্নিকাণ্ড সূত্ৰপাত হোৱাৰ পাছতে পাকঘৰত থকা এটা চিলিণ্ডাৰ বিস্ফোৰণ হয় ফলত সম্পূন্ন বাসগৃহ জ্বলি যায়। বিধৱা মুনি হালৈৱে তথা স্থানীয় ৰাইজে সন্দেহ কৰা অনুসৰি কোনো দুস্কৃতিকাৰিয়ে বাসগৃহটো জ্বলাই দিয়ে। ঘটনাস্থলীত মাৰ্ঘেৰিটা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। অৱশ্য এই বিস্ফোৰণৰ ফলত কোনো লোক হতাহত হোৱা নাই।
Read More

প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰাৰ বহু বছৰ পূৰ্বৰে পৰা হৰ ঘৰ ত্ৰিৰংগা পালন কৰি আহিছে এখন গাওঁৰ লোকে

ৰাজ্যখনৰ প্ৰতিটো পৰিয়ালে জাতীয় পতাকা উত্তোলনেৰে পালন কৰিছে দেশৰ গৌৰৱোজ্বল স্বাধীনতা দিৱসৰ অমৃত মহোৎসৱ ৷ পিচে বাক্সা জিলাৰ এখন গাঁওৰ ৰাইজে বিগত বহু বছৰ ধৰি পালন কৰি আহিছে স্বাধীনতা দিৱস ৷ পালন কৰি আহিছে হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী। বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত এই গাঁওখন হৈছে ২ নং কাটলিগাঁও ৷ ৰাভা জনগোষ্ঠীৰ লোকে বসবাস কৰা এই গাঁওখনত আছে প্ৰায় শতাধিক পৰিয়াল ৷ জিলাখনৰ ভিতৰতে এখনি স্বচ্ছ গাঁও হিচাপে পৰিচিত এইখন গাঁওৰ ৰাইজে বিগত বছৰ বছৰ ধৰি দেশৰ স্বাধীনতা দিৱস পালন কৰাৰ লগতে হৰ ঘৰ ত্ৰিৰংগাও উদযাপন কৰি আহিছে ৷ প্ৰতি বছৰে গাঁওখনৰ প্ৰতিটো পৰিয়ালৰ পদুলিত জাতীয় পতাকা উত্তোলন কৰি আহিছে…
Read More

নাওবৈচা শিক্ষা খণ্ডৰ অন্তৰ্গত সোণাপুৰ মিলন জ্যোতি প্ৰাথমিক বিদ্যালয়ত প্ৰভাত ফেৰী অনুষ্ঠান সম্পণ্ণ

নাওবৈচা শিক্ষা খণ্ডৰ অন্তৰ্গত সোণাপুৰ মিলন জ্যোতি প্ৰাথমিক বিদ্যালয়ত প্ৰভাত ফেৰী অনুষ্ঠান সম্পণ্ণ । লখিমপুৰ জিলাৰ অন্তৰ্গত চৰকাৰী মাধ্যমৰ অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান সোণাপুৰ মিলন জ্যোতি প্ৰাথমিক বিদ্যালয়ত স্বাধীনতা দিৱসৰ লগতে আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি "প্ৰভাত ফেৰী" সফল কৰাৰ উদ্দেশ্যে এক বিশাল ত্ৰিৰংগা পদযাত্ৰা উলিওৱা হ'য়। ছাত্ৰ ছাত্ৰীৰ মাজত স্বদেশপ্ৰেমৰ এক নৱজাগৰন সৃষ্টিৰ মানসৰে আজিৰ " প্ৰভাত ফেৰী" অনুষ্ঠানটি আয়োজন কৰা হয় । ৰাষ্ট্ৰীয় সংগীতৰে বিদ্যাল়য় খনৰ কণ কণ শিশু সকলে হাতত ত্ৰিৰংগা লৈ উলিওৱা প্ৰভাত ফেৰী অনুষ্ঠানটিত ৬৬ জন ছাত্ৰ ছাত্ৰীৰ লগতে বিদ্যালয় খনৰ গতে লাগি থকা অংগনবাদি বিদ্যালয় খনৰৰ ছাত্ৰ ছাত্ৰী সকলেও এই ত্ৰিৰংগা প্ৰভাত ফেৰী…
Read More