13
May
নেচাৰ এনভাৰমেণ্ট এণ্ড ৱাইল্ড লাইফ চচাইটি (নিউজ)য়ে দীপৰ বিলত পৰিভ্ৰমী চৰাই নিৰীক্ষণ কাৰ্যসূচীৰ সামৰণি অধিবেশন সফলভাৱে আয়োজন কৰে। এই অনুষ্ঠানত পৰীভ্ৰমী চৰাই পৰ্যবেক্ষণ আৰু নেচাৰ গাইড হিচাপে পেছাগত সুযোগ বিষয়ক শ্রেণীকক্ষ আলোচনা অন্তর্ভুক্ত আছিল। পৰিভ্ৰমী চৰাই নিৰীক্ষণ কাৰ্যসূচীটো নিউজৰ দলৰ উদ্যোগত বিগত নৱেম্বৰ মাহৰ পৰা যোৱা এপ্ৰিললৈ স্থানীয় যুৱ গোটৰ সক্ৰিয় অংশগ্রহণেৰে পৰিচালিত হয় । সমগ্র সমীক্ষা কালত যুৱ অংশগ্ৰহণকাৰীসকলক দূৰবীন আৰু কেমেৰা ব্যৱহাৰ কৰি চৰাই চিনাক্তকৰণ, ক্ষেত্ৰ নিৰ্দেশিকা পুথি (Field Guide Books) ব্যৱহাৰ, লগতে ই-বাৰ্ড আৰু আই নেচাৰেলিষ্টৰ দৰে অনলাইন জৈৱবৈচিত্ৰ্যৰ তথ্য ভাণ্ডাৰ ব্যৱহাৰৰ প্ৰশিক্ষণ দিয়া হৈছিল । অংশগ্ৰহণকাৰীসলক চৰাইৰ অসমীয়া নাম শিকিবলৈ আৰু নথিভুক্ত কৰিবলৈও উৎসাহিত কৰা হৈছিল,…
