অসম

দিশপুৰত চিত্ৰলেখা টায়ে মিলিৰ গল্প সংকলন উন্মোচন

দিশপুৰত চিত্ৰলেখা টায়ে মিলিৰ গল্প সংকলন উন্মোচন

আজি দিশপুৰ প্ৰেছ ক্লাবৰ সভাকক্ষত আসাম লুতাদ প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত চিত্ৰলেখা টায়ে মিলিৰ গল্প সংকলন "প্ৰতিধ্বনি"  শুভ উন্মোচন কৰা হয় । এই উপলক্ষে আয়োজিত সভাখনি  উদ্বোধন কৰি অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক "সাহিত্য কোঁৱৰ" কমল কলিতাই কয়- বৰ্তমান সময়ৰ চুটিগল্পৰ গতিধাৰাৰ  ওপৰত আলোকপাত কৰে । গ্ৰন্থখনি  উন্মোচন কৰি  আকাশবাণী আৰু দূৰদৰ্শন কেন্দ্ৰৰ উত্তৰ-পূৱ ভাৰতৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত সঞ্চালক প্ৰধান দেবেন্দ্ৰ নাথ বসুমতাৰীয়ে কয়- "অসমীয়া ভাষাত লিখা মিছিং জনগোষ্ঠীৰ লেখিকা চিত্ৰলেখা টায়ে মিলিৰ গল্প সংকলনখনিয়ে অসমীয়া ভাষা-সাহিত্যৰ ভৰাঁল টনকিয়াল কৰিব । নাৰী সমাজৰ মাজত আজিৰ পৰা এক বিশেষ পাব লেখিকা টায়ে মিলিয়ে ।গল্পৰ মাজেদি সমাজত ঘটি থকা এখন ছৱি দাঙি ধৰিলে…
Read More
ছয়গাৱত দুদিনীয়াকৈ কাঠফুলাৰ প্ৰশিক্ষণ

ছয়গাৱত দুদিনীয়াকৈ কাঠফুলাৰ প্ৰশিক্ষণ

মিৰ্জা, গ্ৰ্যাণ্ট থৰ্নটন ভাৰত এল এল পিৰ উদ্যোগত কামৰূপ জিলাৰ ছয়গাৱত ১৫ ফেব্ৰুৱাৰীৰ পৰা ব্যৱসায়িক ভিত্তিত দুদিনীয়াকৈ এটা কাঠফুলাৰ প্ৰশিক্ষণ অনুষ্ঠিত কৰা হয়। মেৰঘৰ মহিলা কৃষক উৎপাদক গোটৰ সহযোগত তথা কামৰূপ এগ্ৰো ইনড্ৰাষ্টি এচোছিয়েশ্যনৰ লগত যৌথ প্ৰয়াসত গ্ৰ্যাণ্ট থৰ্নটন ভাৰত এল এল পিয়ে অনুষ্ঠিত কৰা প্ৰশিক্ষণটোত গ্ৰামীণ মহিলা সকলৰ আৰ্থিক তথা সামগ্ৰিক দক্ষতা বিকাশৰ লক্ষ্যৰে এই প্ৰশিক্ষণ অনুষ্ঠিত কৰা হয়। প্ৰায় ৫০ গৰাকী মহিলাই উক্ত প্ৰশিক্ষণত অংশগ্ৰহণ কৰে য'ত ব্যৱহাৰিক দিশত অধিক গুৰুত্ব আৰোপ কৰা হয়। প্ৰশিক্ষণৰ অন্তত অংশগ্ৰহণকাৰী প্ৰশিক্ষাৰ্থীক মানপত্ৰ, কাঠফুলাৰ বীজ তথা অন্য প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰা হয়। প্ৰশিক্ষণৰ উদ্দেশ্য যাতে প্ৰতি গৰাকী প্ৰশিক্ষাৰ্থীয়ে কাঠফুলা খেতিৰে আৰ্থিক ভাৱে…
Read More
গীতে-মাতে উজ্বলি উঠিল  চকলাঘাত সাহিত্য সমাজ ভৱন

গীতে-মাতে উজ্বলি উঠিল  চকলাঘাত সাহিত্য সমাজ ভৱন

"আজিৰ কৃষকে প্ৰতিকূল পৰিবেশক চেলেঞ্জ কৰিব পৰা হৈছে। আৰু ই সম্ভৱ হৈ উঠিছে কৃষি ক্ষেত্ৰত নতুন উদ্ভাৱন, আৰু এই উদ্ভাৱন সমূহৰ কৃষি ক্ষেত্ৰত প্ৰয়োগৰ বাবে । যাৰ ফলত প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হৈয়ো কৃষক সকল আগবাঢ়ি গৈছে।" এই মন্তব্য কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ মূৰব্বী ড০ নিৰঞ্জন ডেকাৰ । আজি অসম কৃষি বিশ্ববিদ্যালয়ৰ গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি ২০২৪ ৰ নগাঁও কেন্দ্ৰৰ শিক্ষাৰ্থীসকলৰ উদ্যোগত নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ  তত্বাৱধানত নগাঁও জিলাৰ  বেবেজীয়া নিকটৱৰ্তী চকলাঘাত  সাহিত্য সভা সমাজ সাংস্কৃতিক সমিতি ভৱনত অনুষ্ঠিত "কৃষি তথ্য কেন্দ্ৰ" মুকলি অনুষ্ঠানটিত আৰম্ভণি ভাষন প্ৰদান কৰি তেওঁ লগতে কয় যে, "বহু উচ্চ শিক্ষিত লোক কৃষি ক্ষেত্ৰত নামি পৰিছ…
Read More
আহি আছে যতীন বৰা অভিনীত চলচ্চিত্ৰ ‘চেলেঞ্জ’

আহি আছে যতীন বৰা অভিনীত চলচ্চিত্ৰ ‘চেলেঞ্জ’

অসমৰ মনোৰঞ্জন উদ্যোগত সক্ৰিয়ভাৱে কাম কৰিবলৈ দৃঢ় পৰিকল্পনাৰে মুম্বাই চিনে মেল’ডিয়ে এম মাচমে আলমৰ দ্বাৰা প্ৰযোজিত আৰু তাৰকা যতীন বৰা অভিনীত 'চেলেঞ্জ' শীৰ্ষক পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ নিৰ্মাণৰ কথা ঘোষণা কৰিছে। ৰাষ্ট্ৰীয় পৰ্যায়ত স্থানীয় ভাষাৰ চলচ্চিত্ৰই লাভ কৰা সফলতাৰ প্ৰতি দৃষ্টি ৰাখি চলচ্চিত্ৰখন ৰাষ্ট্ৰীয় মঞ্চত মুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। চলচ্চিত্ৰখন মূলত: অসমীয়া ভাষাত নিৰ্মিত হ’ব যদিও পাছৰ পৰ্য্যায়ত ইয়াক হিন্দী আৰু বাংলা ভাষালৈয়ো ভাষান্তৰিত কৰাৰ পৰিকল্পনা কৰা হৈছে। চলচ্চিত্ৰখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিব অসমৰ চুপাৰষ্টাৰ যতীন বৰাই আৰু তেওঁ এগৰাকী বলীউড অভিনেত্ৰীৰ সৈতে যুটি বান্ধিব। অভিনেত্ৰীগৰাকীৰ সবিশেষ অতি সোনকালে ঘোষণা কৰা হ’ব। এই ছবিখনত অসম আৰু বংগৰ কেইবাগৰাকীও আগশাৰীৰ শিল্পীয়ে…
Read More
২০২২-২৩ বৰ্ষত ৭২০ কোটি টকাৰ অনুদান লাভ বিজেপিৰ

২০২২-২৩ বৰ্ষত ৭২০ কোটি টকাৰ অনুদান লাভ বিজেপিৰ

ভাৰতীয় জনতা পাৰ্টীয়ে (বিজেপি) ২০২২-২৩ বৰ্ষত প্ৰায় ৭২০ কোটি টকাৰ অনুদান লাভ কৰে, যি আন চাৰিটা ৰাষ্ট্ৰীয় দল - কংগ্ৰেছ, আম আদমী পাৰ্টি (আপ), কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়া-মাৰ্ক্সবাদী (চিপিআই-এম) আৰু নেচনেল পিপলছ পাৰ্টি (এনপিপি)ৰ দ্বাৰা প্ৰাপ্ত মুঠ পৰিমাণতকৈ পাঁচ গুণ অধিক। এছ'চিয়েশ্যন ফৰ ডেমক্ৰেটিক ৰিফৰ্মছে (এডিআৰ) এই তথ্য প্ৰদান কৰিছে। বুধবাৰে এডিআৰে সংকলিত তথ্য অনুসৰি, ৰাষ্ট্ৰীয় দলসমূহে ২০২২-২৩ বিত্তীয় বৰ্ষত ১২,১৬৭ টা অনুদানৰ (২০,০০০ টকাৰ ওপৰত) পৰা মুঠ ৮৫০.৪৩৮ কোটি টকা লাভ কৰিছে। দেশৰ ষষ্ঠ ৰাষ্ট্ৰীয় দল বহুজন সমাজ পাৰ্টিয়ে (বিএছপি) ঘোষণা কৰিছিল যে ২০২২-২৩ বিত্তীয় বৰ্ষত তেওঁলোকে ২০,০০০ টকাৰ ওপৰত কোনো অনুদান লাভ কৰা নাই। তেওঁলোকে যোৱা ১৭ বছৰ…
Read More
স্বাস্থ্যজনিত কাৰণত লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰে ছোনিয়া গান্ধীয়ে

স্বাস্থ্যজনিত কাৰণত লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰে ছোনিয়া গান্ধীয়ে

কংগ্ৰেছ সংসদীয় দলৰ মুৰব্বী ছোনিয়া গান্ধীয়ে তেওঁৰ ৰায়বৰেলী সমষ্টিৰ জনসাধাৰণলৈ এখন পত্ৰ লিখি কয় যে স্বাস্থ্য আৰু বৃদ্ধ বয়সৰ বাবে তেওঁ আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰে। তেওঁ ৰায়বৰেলীৰ লোকসকলক ধন্যবাদ জ্ঞাপন কৰি কয় যে তেওঁ তেওঁলোকক পোনপটীয়াকৈ প্ৰতিনিধিত্ব নকৰিলেও তেওঁৰ হৃদয় আৰু আত্মা সদায় তাত থকা লোকসকলৰ সৈতে থাকিব। তেওঁ কয়-এতিয়া, মোৰ স্বাস্থ্য আৰু বৃদ্ধ বয়সৰ বাবে, মই পৰৱৰ্তী লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰো। এই সিদ্ধান্তৰ পিছত, মই আপোনাক পোনপটীয়াকৈ সেৱা কৰাৰ সুযোগ নাপাম, কিন্তু এয়া নিশ্চিত যে মোৰ হৃদয় আৰু আত্মা সদায় আপোনাৰ সৈতে থাকিব। ছোনিয়া গান্ধীয়ে বুধবাৰে ৰাজস্থানৰ পৰা ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিছিল। প্ৰথমবাৰৰ বাবে, তেওঁ উচ্চ…
Read More
নিৰ্বাচনী বণ্ডক অসাংবিধানিক আখ্যা উচ্চতম ন্যায়ালয়ৰ

নিৰ্বাচনী বণ্ডক অসাংবিধানিক আখ্যা উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে নিৰ্বাচনী বণ্ড আঁচনিখন বাতিল কৰি কয় যে ই সংবিধানৰ দ্বাৰা নিশ্চিত তথ্য আৰু বাক স্বাধীনতা আৰু মত প্ৰকাশৰ অধিকাৰ উলংঘা কৰিছে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত পাঁচজনীয়া সংবিধান বিচাৰপীঠে আঁচনিখনক প্ৰত্যাহ্বান জনোৱা আৱেদনসমূহৰ ওপৰত দুটা পৃথক কিন্তু সৰ্বসন্মত ৰায় প্ৰদান কৰে। চিজেআইয়ে কয় যে ই সংবিধানৰ অনুচ্ছেদ ১৯(১)(ক)ৰ অধীনত বাক আৰু মত প্ৰকাশৰ স্বাধীনতা উলংঘা কৰিছে। বিচাৰপীঠে কয় যে নাগৰিকসকলৰ গোপনীয়তাৰ মৌলিক অধিকাৰত ৰাজনৈতিক গোপনীয়তা, সম্পৰ্কৰ অধিকাৰ অন্তৰ্ভুক্ত আছে। নিৰ্বাচনী বণ্ড আঁচনিখন চৰকাৰে ২ জানুৱাৰী, ২০১৪ তাৰিখে প্ৰযোজ্য কৰিছিল। ৰাজনৈতিক পুঁজিত স্বচ্ছতা অনাৰ প্ৰচেষ্টাৰ অংশ হিচাপে ইয়াক ৰাজনৈতিক দলসমূহক অনুদানৰ বিকল্প হিচাপে প্ৰৱৰ্তন কৰা হৈছিল। আঁচনিখনৰ…
Read More
বকোৰ শ্ৰী শ্ৰী দলবাৰী বুঢ়াগোহাঁই মন্দিৰত বাৰ্ষিক সবাহ হৰিনাম ধ্বনীত মুখৰিত মন্দিৰ চৌহদ

বকোৰ শ্ৰী শ্ৰী দলবাৰী বুঢ়াগোহাঁই মন্দিৰত বাৰ্ষিক সবাহ হৰিনাম ধ্বনীত মুখৰিত মন্দিৰ চৌহদ

বকো - কামৰূপ জিলাৰ বকোৰ ঐতিহ্য মণ্ডিত দলবাৰী বুঢ়াগোহাঁই মন্দিৰত আয়োজন কৰা হৈছে বাৰ্ষিক সবাহ।  ১৩ , ১৪ ফেব্ৰুৱাৰীত দুই দিনীয়া ধৰ্মীয় মাংগলিক পৰম্পৰাৰে আয়োজন কৰা হৈছে সবাহ ভাগিৰ। উল্লেখ্য যে ; শ্ৰী শ্ৰী দলবাৰী বুঢ়াগোহাঁই আশ্ৰীত ১ নং আৰু ২ নং দিলিঙ্গা গঞা ৰাইজৰ সভাপতি কমলা ভড়ালী আৰু সম্পাদক প্ৰসন্ন কুমাৰ দাসে জনোৱা মতে ; দুই দিনীয়াকৈ আয়োজন কৰা সবাহত গৰখীয়া ; বৰ গৰখীয়া ; ভক্তগণ আদৰণি তোৰণ ; গোঁসাই ফুৰোৱা আদিকে ধৰি বহু ধৰ্মীয় ৰীতি নীতি পালন কৰা হয়। প্ৰথম দিনা গৰখীয়া থান উন্মোচন কোচ ৰাজবংশী যুৱ নেতা অনুপম দাসে ; চৌহদৰ বেৰ উন্মোচন কৰে পকী বেৰ দাতা…
Read More
বকোৰ ১ নং ডাকুৱাপাৰা আৰু পাখাৰাপাৰা শ্মশান উন্নয়নৰ সাহাৰ্য্যৰ্থে উপহাৰ কুপনৰ খেল

বকোৰ ১ নং ডাকুৱাপাৰা আৰু পাখাৰাপাৰা শ্মশান উন্নয়নৰ সাহাৰ্য্যৰ্থে উপহাৰ কুপনৰ খেল

বকো - বাগদেৱী সৰস্বতী পূজাৰ দিনাই কামৰূপ জিলাৰ বকোত শ্মশান উন্নয়ণৰ সাহাৰ্য্যৰ্থে আয়োজন কৰা হৈছে উপহাৰ কুপনৰ খেল। পবিত্ৰ শ্মশান উন্নয়ণৰ বাবে আয়োজন কৰা উপহাৰ কুপন খেলখন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ আজি আনুষ্ঠানিক ভাৱে বকো বজাৰৰ মা চণ্ডিকা মাৰ্কেটত মুকলি কৰে অস্থায়ী কাৰ্য্যালয় আৰু কুপন। বকোত আয়োজন কৰা উপহাৰ কুপন খেল পৰিচালনা সমিতিৰ সভাপতি ৰিদিপ ডেকা আৰু সম্পাদক সঞ্জীৱ সৰকাৰে জনোৱা মতে পবিত্ৰ শ্মশান উন্নয়ণৰ বাবে আয়োজন কৰা উপহাৰ কুপনৰ খেলত জি চি পি ; ডাম্পাৰ ; ষ্টাৰ বাছ ; থাৰ ; টেক্টৰ ; বেলেনো ; স্কোৰপিও ; টয়োটা গ্লেনজা ; টাটা টায়েগো ; টাটা পাঞ্চ ; বলেৰো ; মাৰুতি ছুইফ…
Read More
কৃষকৰ আন্দোলনৰ বাবে দিল্লীৰ সীমান্ত অঞ্চলত যান-বাহন চলাচল প্ৰভাৱিত

কৃষকৰ আন্দোলনৰ বাবে দিল্লীৰ সীমান্ত অঞ্চলত যান-বাহন চলাচল প্ৰভাৱিত

কৃষকৰ 'দিল্লী চলো' পদযাত্ৰাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে সিংগু আৰু টিক্ৰি সীমান্তত বহুস্তৰীয় বেৰিকেড স্থাপন কৰাৰ ফলত দিল্লীৰ সীমান্ত অঞ্চলত আজি যান-বাহন চলাচল প্ৰভাৱিত হয়। যদিও হাৰিয়ানাৰ দাঁতিকাষৰীয়া সিংগু আৰু টিক্ৰি সীমান্ত যান-বাহনৰ বাবে সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে, তথাপিও গাজীপুৰ সীমান্তত নিয়ন্ত্ৰিত ভাৱে যান-বাহন চলাচলৰ অনুমতি দিয়া হৈছে। কৃষকসকলৰ দিল্লীলৈ যাত্ৰা বাধা দিবলৈ সিংগু সীমান্তৰ ওচৰৰ এখন গাঁৱত ৰাস্তাৰ এটা অংশ খন্দা হৈছে। উত্তৰ প্ৰদেশৰ সৈতে অপ্সৰা আৰু গাজীপুৰ সীমান্ত যান-বাহনৰ বাবে পথ মুকলি কিন্তু দুয়োটাতে বৃহৎ নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে।
Read More