অসম

২০ ডিচেম্বৰত অসমলৈ আহিব প্রধানমন্ত্রী নৰেন্দ্র মোডী

২০ ডিচেম্বৰত অসমলৈ আহিব প্রধানমন্ত্রী নৰেন্দ্র মোডী

২০ ডিচেম্বৰৰ পৰা প্রধানমন্ত্রী নৰেন্দ্র মোডীৰ প্রস্তাৱিত দুদিনীয়া অসম ভ্ৰমণৰ প্রস্তুতি পুনৰীক্ষণৰ বাবে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত গুৱাহাটীত এখন বৈঠক অনুষ্ঠিত হয়৷ মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভ্ৰমণৰ সময়ত ৰাজ্যখনলৈ উন্নয়নৰ নতুন জোৱাৰ কঢ়িয়াই আনিব। এক্সত এক পোষ্টত মুখ্যমন্ত্ৰীয়ে কয় যে, ২০ ডিচেম্বৰত নৰেন্দ্ৰ মোডীক আদৰিবলৈ অসম সকলো সাজু হৈছে, কিয়নো তেওঁ ৰাজ্যখনলৈ উন্নয়নৰ এক নতুন জোৱাৰ আনিব। তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোডীক আদৰণি জনোৱাৰ প্ৰস্তুতি আৰু এই ভ্ৰমণৰ সময়ত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানসমূহৰ পৰ্যালোচনা কৰে।
Read More
বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ উপস্থিতিত গুৱাহাটীৰ ডেৰ শতাধিক লোকৰ অগপ দলত যোগদান

বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ উপস্থিতিত গুৱাহাটীৰ ডেৰ শতাধিক লোকৰ অগপ দলত যোগদান

গুৱাহাটীৰ দাতালপাৰা আকাশী পথত  আজি বিয়লি অগপ দলৰ মধ্য গুৱাহাটী যুৱ বিধান পৰিষদৰ উদ্যোগত আৰু অসম যুৱ পৰিষদৰ ১১নং ৱাৰ্ড কমিটীৰ সহযোগত আয়োজিত এক যোগদান কাৰ্যসূচীত পশ্চিম গুৱাহাটী সমষ্টিৰ  বিধায়ক তথা অগপ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক  ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ উপস্থিতিত পুৰুষ - মহিলা, যুৱক - যুৱতী নিৰ্বিশেষে বিভিন্ন দল - সংগঠনৰ ডেৰ শতাধিক লোকে আঞ্চলিকতাবাদৰ প্ৰতি আস্থা প্ৰকাশ কৰি অগপ দলত যোগদান কৰে। এই উপলক্ষে অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক তথা মধ্য গুৱাহাটী যুৱ পৰিষদৰ সভাপতি সুশান্ত দেৱ চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত যোগদান কাৰ্যসূচীৰ  উদ্দেশ্য বাখ্যা কৰে সম্পাদক ইন্দ্ৰজিৎ গোস্বামীয়ে। অনুষ্ঠানত দলত যোগদান কৰা সকলক আদৰণি জনোৱাৰ লগতে দলীয় প্ৰতীক…
Read More
পাণ্ডু সদিলাপুৰ শাখা ডাক ঘৰত এটা নতুন পোষ্ট বক্স স্থাপন

পাণ্ডু সদিলাপুৰ শাখা ডাক ঘৰত এটা নতুন পোষ্ট বক্স স্থাপন

মহাবীৰ লাচিত বৰফুকনৰ পবিত্ৰ দিবসৰ লগত সংগতি ৰাখি ভাৰতীয় ডাক বিভাগৰ অধীনত গুৱাহাটীৰ পাণ্ডু সদিলাপুৰ শাখা ডাকঘৰৰ সন্মূখত এটা নতুন পোষ্ট বক্স স্থাপন কৰা হয়। দিনৰ ১১ বজাত এখন চিঠি ভৰাই পোষ্ট বক্সৰ শুভাৰম্ভ কৰে বৃহত্তৰ পাণ্ডু সদিলাপুৰ জনকল্যাণ সমাজৰ সভাপতি, প্ৰাক্তন ছাত্ৰ নেতা হৃষিকেশ দাসে। এই সন্দৰ্ভত হৃষিকেশ দাসে কয়‌ যে আগৰ তুলনাত বৰ্তমান ভাৰতীয় ডাক বিভাগ উন্নত মানদণ্ডৰ ডিজিটেল মাধ্যমত উপলব্ধ। বাকী বিভাগৰ চিঠি পত্ৰৰ উপৰিও ৰেকাৰিং ডিপোজিত , চেভিংচ একাউণ্ট,  ১০ বছৰৰ তলৰ কন্যা সন্তানৰ বাবে সুকন্যা আঁচনি, আই পি পি বি একাউণ্ট, পোষ্টেল লাইফ ইন্সোৰেন্স ইত্যাদিৰে মানুহৰ দুৱাৰে দুৱাৰে সু ব্যৱস্থাৰে ৰাইজক নিৰাপত্ত দি আহিছে।
Read More
শ্ৰমিক বিৰোধী শ্ৰম কোড বাতিল কৰাৰ দাবীত প্ৰতিবাদ

শ্ৰমিক বিৰোধী শ্ৰম কোড বাতিল কৰাৰ দাবীত প্ৰতিবাদ

কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন সমূহৰ যৌথ মঞ্চই শ্ৰমিক বিৰোধী শ্ৰম কোড বাতিল কৰাৰ দাবীত  বিৰুবাৰী আৰ কে মিছন ৰোডত থকা কেন্দ্ৰীয় শ্ৰম কাৰ্যালয়ত শ্ৰমিক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। বৃহৎ পুঁজিপতি স্বৰ্থবাহী শ্ৰম কোড বাতিলৰ দাবীত কেন্দ্ৰীয় শ্ৰম কাৰ্যালয়ৰ বাহিৰত প্ৰায় শতাধিক শ্ৰমিকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
Read More
ভাৰতৰ ৫৩ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ ন্যায়াধীশ সূৰ্য কান্তৰ ভাৰতৰ ৫৩ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে ন্যায়াধীশ সূৰ্য কান্তই

ভাৰতৰ ৫৩ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ ন্যায়াধীশ সূৰ্য কান্তৰ ভাৰতৰ ৫৩ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে ন্যায়াধীশ সূৰ্য কান্তই

ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মৰ্মুৱে ন্যায়াধীশ সূৰ্য্য কান্তক শপত বাক্য পাঠ কৰোৱায়। তেওঁ হিন্দী ভাষাত শপত গ্ৰহণ কৰে। ন্যায়াধীশ বি.আৰ. গাভাইৰ স্থানত ন্যায়পালিকাৰ সৰ্বোচ্চ পদত নিযুক্তি দিয়া হৈছে সূৰ্য্য কান্তক। দেওবাৰে অৱসৰ গ্ৰহণ কৰে ন্যায়াধীশ গাভাইয়ে। ৩০ অক্টোবৰত ন্যায়াধীশ সূৰ্য্য কান্তক পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল আৰু তেওঁ প্ৰায় ১৫ মাহ এই পদত কাৰ্যনিৰ্বাহ কৰিব। ২০২৭ চনৰ ৯ ফেব্ৰুৱাৰীত ৬৫ বছৰ সম্পূৰ্ণ কৰাৰ পিছত তেওঁ এই পদ এৰিব। উপ-সভাপতি চি.পি. ৰাধাকৃষ্ণনৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি কেইবাজনো জ্যেষ্ঠ নেতাই অংশগ্ৰহণ কৰে। শপত লোৱাৰ পিছত ন্যায়াধীশ সূৰ্য কান্তই প্ৰধানমন্ত্ৰী মোদীৰ ওচৰলৈ গৈ তেওঁক সম্ভাষণ জনায়।
Read More
১৮০ খন পূজা সমিতিলৈ পৌৰনিগমৰ  স্বচ্ছতা বঁটা

১৮০ খন পূজা সমিতিলৈ পৌৰনিগমৰ  স্বচ্ছতা বঁটা

স্বচ্ছ দুর্গা পূজা মণ্ডপ প্রতিযোগিতা  বঁটা বিতৰণ শণিবাৰে আই টি এ মাছখোৱাত অনুষ্ঠিত অনুষ্ঠানত স্বচ্ছ দুর্গা পূজা মণ্ডপ প্রতিযোগিতা ২০২৫ -ৰ বঁটা বিতৰণ কৰা হয়। গুৱাহাটীৰ ৬০ টা ৱাৰ্ডৰ মুঠ ৫০০খন দুর্গা পূজা মণ্ডপৰ মাজৰ ১৮০ খন পূজা সমিতিয়ে এই স্বচ্ছতাৰ বঁটা লাভ কৰে। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই স্বচ্ছতাৰ প্রতি দায়বদ্ধতা দেখুৱাই বঁটা লাভ কৰা সকলোকে ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰে। 'আজিৰ অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া , আয়ুক্ত চিন্ময় প্রকাশ ফুকনৰ লগতে  'মেয়ৰ ইন কাউন্সিল'ৰ সদস্যসকল উপস্থিত থাকে।
Read More
গুৱাহাটী ভাৰতৰ ৩০ সংখ্যক টেষ্ট স্থান হিচাপে পৰিগণিত হোৱাত উৎফুল্লিত মুখ্যমন্ত্ৰী

গুৱাহাটী ভাৰতৰ ৩০ সংখ্যক টেষ্ট স্থান হিচাপে পৰিগণিত হোৱাত উৎফুল্লিত মুখ্যমন্ত্ৰী

গুৱাহাটী ভাৰতৰ ৩০ সংখ্যক টেষ্ট স্থান হিচাপে পৰিগণিত হোৱাত সুখ প্ৰকাশ কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে কয় যে ই যুৱ প্ৰজন্মক অনুপ্ৰাণিত কৰিব। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত  দুখন মেচৰ শৃংখলাৰ দ্বিতীয় আৰু অন্তিমখন টেষ্ট গুৱাহাটীত অনুষ্ঠিত হয়। ইনষ্টাগ্ৰামত এটা পোষ্টত শৰ্মাই কয়-গুৱাহাটীয়ে ইতিহাস সৃষ্টি কৰিছে! অসমৰ ক্ৰিকেটক নতুন উচ্চতালৈ লৈ যোৱা এচিএ ষ্টেডিয়াম ভাৰতৰ ৩০ সংখ্যক টেষ্ট স্থান হিচাপে পৰিগণিত হোৱা দেখি গৌৰৱ অনুভৱ কৰিছো। তেওঁ লগতে কয়-এই মুহূৰ্তটোৱে অগণন যুৱ প্ৰতিভাক অনুপ্ৰাণিত কৰিব আৰু আমাৰ ক্ৰীড়া উচ্চাকাংক্ষাক আৰু অধিক উন্নীত কৰিব। অসমৰ বাবে এক নতুন ইনিংছ।
Read More
বজাৰত  পুনৰ বৃদ্ধি পাইছে কণীৰ মূল্য

বজাৰত  পুনৰ বৃদ্ধি পাইছে কণীৰ মূল্য

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জলাকলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক। নিত্যব্যৱহাৰ্য  সামগ্ৰীৰ মূল্যবৃদ্ধি হোৱাত সাধাৰণ জনতাৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।বজাৰত  পুনৰ বৃদ্ধি পাইছে কণীৰ মূল্য। এইবাৰ  প্ৰতি প্লেট কণীত ২৩০-১৪০ টকালৈ বৃদ্ধি  হৈছে। গুৱাহাটীৰ বজাৰত প্ৰতি প্লেট কণীৰ মূল‌্য ২৩০-২৪০  টকা পৰ্যন্ত বিক্ৰী হৈছে। আনহাতে  বজাৰত প্ৰতিটো কণী ৮ টকাকৈ বিক্ৰী হৈছে। বজাৰত পূৰ্বতকৈ  ৩০-৪০ টকা পৰ্যন্ত কণীৰ মূল্য বৃদ্ধি পাইছে। শাক পাচলিৰ জুই-ছাই দামে সৰ্বসাধাৰণ ৰাইজক মাধমাৰ দিয়াৰ সমান্তৰালকৈ কণীৰ মূল্যবৃদ্ধিয়েও বিপাঙত পেলাইছে ৰাইজক।
Read More
জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত কটন বিশ্ববিদ্যালয়ত অনশন কাৰ্য্যসূচী

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত কটন বিশ্ববিদ্যালয়ত অনশন কাৰ্য্যসূচী

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত কটন বিশ্ববিদ্যালয়ত অনশন কাৰ্য্যসূচী। পুৱা ৮ বজাৰ পৰা ১০ ঘন্টীয়া অনশন কাৰ্যসূচী বিশ্ববিদ্যালয়ৰ মূখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত গ্ৰহণ কৰিছে ছাত্ৰ ছাত্ৰী সকলে। উল্লেখ্য যে কটন বিশ্ববিদ্যালয় ছাত্র একতা সভাৰ উদ্যোগত ১৭ নৱেম্বৰৰ পৰা ২২ নৱেম্বৰলৈ আয়োজন কৰা "জুবিন সপ্তাহ ২০২৫" ৰ আজি সামৰণি পৰে। প্ৰতিবাদী জুবিন গাৰ্গজনক স্মৰণ কৰি তেখেতৰ ন্যায়ৰ দাবীত এই অনশন কাৰ্যসূচী গ্ৰহণ কৰা হয়।
Read More
মেক্সিকোৰ ফাতিমা বছকে পিন্ধিলে ২০২৫ৰ মিছ ইউনিভাৰ্ছৰ মুকুট

মেক্সিকোৰ ফাতিমা বছকে পিন্ধিলে ২০২৫ৰ মিছ ইউনিভাৰ্ছৰ মুকুট

মেক্সিকোৰ ফাতিমা বছক ২০২৫ চনৰ মিছ ইউনিভাৰ্ছৰ মুকুট পিন্ধোৱা হৈছে। শুকুৰবাৰে বেংককত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত তেওঁক মুকুট পিন্ধোৱা হয়। ২৫ বছৰীয়া ফাতিমাক নৱেম্বৰ মাহত আন কেইবাগৰাকীও প্ৰতিযোগীৰ সন্মুখত ধমক দি কোঠাৰ পৰা ওলাই অহাৰ পিছত তেওঁ বাতৰিৰ শিৰোনাম দখল কৰিছিল। ইয়াৰ পিছতে দুগৰাকী বিচাৰকে প্ৰতিযোগিতাৰ পৰা পদত্যাগ কৰে। ১৯৫২ চনৰ পৰা আৰম্ভ হোৱা মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাখন এইবাৰ ৭৪ সংখ্যক সংস্কৰণ।আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা আৰম্ভ হোৱা মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতা আৰু ব্ৰিটেইনৰ পৰা আৰম্ভ হোৱা মিছ ৱৰ্ল্ড প্ৰতিযোগিতা বিশ্বৰ দীৰ্ঘদিনীয়া সৌন্দৰ্য্য প্ৰতিযোগিতাৰ ভিতৰত অন্যতম। ইয়াৰ উদ্দেশ্য হৈছে মহিলাসকলক বিশ্বব্যাপী বিষয়সমূহৰ ওপৰত আলোচনাৰ বাবে এক মঞ্চ প্ৰদান কৰা। এই উপাধিটোৱে স্থানীয় আৰু আন্তঃৰাষ্ট্ৰীয়…
Read More