অসম

অমল নাৰায়ণ পাটোৱৰীক নৰ্থ- ইষ্ট অলিম্পিকৰ চেফ ডে মিছনৰ দায়িত্ব

অমল নাৰায়ণ পাটোৱৰীক নৰ্থ- ইষ্ট অলিম্পিকৰ চেফ ডে মিছনৰ দায়িত্ব

অসম অলিম্পিক সন্থাৰ এখন বিশেষ কাৰ্যনিৰ্বাহক সভা  শনিবাৰে অসম অলিম্পিক সন্থাৰ সভাকক্ষত অনুষ্ঠিত হয়।সভাখনত সভাপতিত্ব কৰে অসম অলিম্পিক সন্থাৰ সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। সভাত অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰে সন্থাৰ সাধাৰণ সভা আৰু নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিষয়টো সভাত দাঙি ধৰে।সভাই আসন্ন লোকসভা নির্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অসম অলিম্পিক সন্থাৰ বৰ্তমানৰ কমিটিখনৰ কাৰ্যকাল তিনিমাহৰ বাবে বৃদ্ধি কৰে। আনহাতে, ১৮-২৩ মাৰ্চত নাগালেণ্ডত  অনুষ্ঠিত হ'বলগীয়া তৃতীয় নৰ্থ- ইষ্ট অলিম্পিকৰ বাবে শক্তিশালী অসম দল প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে। তদুপৰি অসম অলিম্পিক সন্থাৰ যুটীয়া সম্পাদক অমল নাৰায়ণ পাটোৱৰীক নৰ্থ- ইষ্ট অলিম্পিকৰ চেফ ডে মিছন তথা কাৰ্যনিৰ্বাহক সদস্য পংকজ তেৰণ আৰু উজ্জ্বল…
Read More
পশ্চিম বংগৰ ৪২ খন লোকসভা আসনতে প্ৰতিদ্বন্দিতা কৰিব তৃণমূল কংগ্ৰেছে

পশ্চিম বংগৰ ৪২ খন লোকসভা আসনতে প্ৰতিদ্বন্দিতা কৰিব তৃণমূল কংগ্ৰেছে

তৃণমূল কংগ্ৰেছৰ (টিএমচি) জ্যেষ্ঠ নেতা ডেৰেক অ'ব্ৰায়েনে শুকুৰবাৰে কয় যে পশ্চিম বংগৰ সকলো ৪২ খন লোকসভা আসন, অসমৰ কিছু আসন আৰু মেঘালয়ৰ এখন আসনত প্ৰতিদ্বন্দিতা কৰাৰ দলৰ স্থিতিত কোনো পৰিৱৰ্তন কৰা নাই। কংগ্ৰেছে শীঘ্ৰেই তৃণমূল কংগ্ৰেছৰ সৈতে আসন চুক্তি চূড়ান্ত কৰিব বুলি বাতৰি প্ৰকাশ পোৱাৰ মাজতে অ'ব্ৰাইনৰ এই বক্তব্য কৰিছে। কংগ্ৰেছ আৰু মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছ বিৰোধী মহাজোট 'ইণ্ডিয়া'ৰ অংশ। এপ্ৰিল-মে'ত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি (বিজেপি) নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ (এন ডি এ) সৈতে ঐক্যবদ্ধভাৱে মুখামুখি হ'বলৈ দুয়োটা দলে আসন ভাগ-বতৰা আলোচনা পুনৰ আৰম্ভ কৰিছে বুলি কোৱা হৈছিল । অৱশ্যে, ৰাজ্যসভাত তৃণমূল কংগ্ৰেছৰ নেতা অ'ব্ৰায়েনে কয়,…
Read More
মুছলিম বিবাহ আৰু বিবাহ বিচ্ছেদ আইন বাতিলৰ সিদ্ধান্ত অসম চৰকাৰৰ

মুছলিম বিবাহ আৰু বিবাহ বিচ্ছেদ আইন বাতিলৰ সিদ্ধান্ত অসম চৰকাৰৰ

অসম চৰকাৰে ইউনিফৰ্ম চিভিল কোড (ইউচিচি) দিশে আগবাঢ়িছে। শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত মুছলিম বিবাহ আৰু বিবাহ বিচ্ছেদ আইন-১৯৩৫ বাতিল কৰাৰ সিদ্ধান্ত লোৱা হয়। এতিয়া ৰাজ্যৰ সকলো বিবাহ আৰু বিবাহ বিচ্ছেদ বিশেষ বিবাহ আইনৰ অধীনত কৰা হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছ'চিয়েল মিডিয়া এক্সত লিখিছে যে অসম কেবিনেটে শতিকা পুৰণি অসম মুছলিম বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন বাতিল কৰাৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। আইনখনত বিবাহ পঞ্জীয়নৰ অনুমতি দিয়া ব্যৱস্থা অন্তৰ্ভুক্ত আছিল। এই পদক্ষেপটো অসমত বাল্য বিবাহ নিয়ন্ত্ৰণৰ দিশত আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ। উল্লেখ্য যে উত্তৰাখণ্ড হৈছে ইউচিচি কাৰ্যকৰী কৰা দেশৰ প্ৰথম খন ৰাজ্য। হিমন্ত বিশ্ব…
Read More
বিধায়ক কমলাখ্য দে পুৰকায়স্থ আৰু বসন্ত দাসক অযোগ্য ঘোষণা কৰাৰ আহ্বান দেবব্ৰত শইকীয়াৰ

বিধায়ক কমলাখ্য দে পুৰকায়স্থ আৰু বসন্ত দাসক অযোগ্য ঘোষণা কৰাৰ আহ্বান দেবব্ৰত শইকীয়াৰ

অসম বিধানসভাৰ বিৰোধী দলৰ দলপতি দেবব্ৰত শইকীয়াই শুকুৰবাৰে কংগ্ৰেছৰ দুজন বিধায়ক কমলাখ্য দে পুৰকায়স্থ আৰু বসন্ত দাসক অযোগ্য ঘোষণা কৰিবলৈ অধ্যক্ষৰ ওচৰত দুখন আবেদন দাখিল কৰে। দুয়োজন বিধায়কে শেহতীয়াকৈ দল ত্যাগ নকৰাকৈ চৰকাৰক তেওঁলোকৰ সমৰ্থন ঘোষণা কৰিছিল। কংগ্ৰেছৰ প্ৰতিনিধি দলৰ নেতৃত্ব তত্বাৱধানত থকা শইকীয়াই অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ ওচৰত আবেদন দাখিল কৰে আৰু স্বেচ্ছাই দলৰ সদস্যপদ ত্যাগ কৰাৰ বাবে অসম বিধানসভাৰ সদস্যপদৰ পৰা দুয়োজন সদস্যক তৎক্ষণাৎ অযোগ্য ঘোষণা কৰিবলৈ আহ্বান জনায়। শইকীয়াই কয় যে বিজেপি চৰকাৰক সমৰ্থন ঘোষণা কৰাৰ পিছত কাৰণ দৰ্শোৱাৰ জাননীৰ সঁহাৰি নিদিয়াৰ বাবে বিধায়ক দুজনক নিলম্বিত কৰা হৈছিল। ১৪ ফেব্ৰুৱাৰীত, পুৰকায়স্থ আৰু দাসে কৈছিল যে তেওঁলোকে উন্নয়নমূলক কামৰ…
Read More
গুৱাহাটীৰ বিভিন্ন স্থানত ২,০০০ চিচিটিভি কেমেৰা স্থাপন কৰা হ’ব: অশোক সিংঘাল

গুৱাহাটীৰ বিভিন্ন স্থানত ২,০০০ চিচিটিভি কেমেৰা স্থাপন কৰা হ’ব: অশোক সিংঘাল

গুৱাহাটী চহৰত দুই হাজাৰ চিচিটিভি কেমেৰা স্থাপন কৰা হ'ব। ৰাজ্যৰ নগৰ উন্নয়ন আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী অশোক সিংঘালে বিধান সভাত জনায় যে গুৱাহাটীৰ বিভিন্ন স্থানত ২,০০০ চিচিটিভি কেমেৰা স্থাপন কৰা হ'ব। এই সকলোবোৰ কেমেৰা এই বছৰ স্থাপন কৰা হ'ব। ইয়াৰ দ্বাৰা, গুৱাহাটীৰ সকলো কাৰ্যকলাপ নিৰীক্ষণ কৰিব পৰা যাব বুলি তেওঁ কয়। এনে পৰিস্থিতিত, নদী আৰু নলাবোৰত কোনে আৱৰ্জনা পেলাইছে সেয়া স্বাভাৱিকতে জনা যাব বুলিও তেওঁ কয়। মন্ত্ৰী অশোক সিংঘালে অসম বিধানসভাৰ বাজেট অধিৱেশনৰ সময়ত গুৱাহাটীত নদীৰ অৱস্থা সন্দৰ্ভত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ এক প্ৰশ্নৰ উত্তৰ দি এই কথা কয়। বিধায়ক কলিতাই প্ৰশ্ন উত্থাপন কৰে যে মহানগৰীত বৈ অহা আৱৰ্জনা আৰু…
Read More
অসমৰ বিভিন্ন জিলাৰ পৰা চাৰিজন চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ

অসমৰ বিভিন্ন জিলাৰ পৰা চাৰিজন চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ

পঞ্জাৱ আৰক্ষীয়ে চাকৰি দিয়াৰ নামত প্ৰৱঞ্চনা কৰি অহা এটা দলক গ্ৰেপ্তাৰ কৰিছে। পঞ্জাৱৰ আৰক্ষী সঞ্চালক প্ৰধান (ডিজিপি) গৌৰৱ যাদৱে কৈছিল যে পঞ্জাৱ আৰক্ষীয়ে অসমৰ বিভিন্ন জিলাৰ পৰা চাৰিজন চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰাৰ লগে লগে এটা অনলাইন চাকৰি জালিয়াতি ৰেকেট উদ্ঘাটন হয়। ডিজিপিয়ে তেওঁৰ বিবৃতিত কয় যে প্ৰৱঞ্চনা দলটোৰ সৈতে জড়িত অভিযুক্তসকলে টেলিগ্ৰাম এপৰ জৰিয়তে ঘৰৰ পৰা কাম কৰাৰ প্ৰতিশ্ৰুতি দি মানুহক তেওঁলোকৰ ফান্দত পেলাইছিল।মানুহৰ বিশ্বাস অৰ্জন কৰিবলৈ, ঠগসকলে প্ৰথমতে সৰু কাম দিয়ে আৰু তাৰ বিনিময়ত তেওঁলোকক কিছু টকা সংগ্ৰহ কৰে। পিছত, ভুক্তভোগীজনক ডাঙৰ ৰিটাৰ্ণৰ প্ৰলোভন দিয়া হৈছিল আৰু বিভিন্ন অজুহাতত ধন জমা কৰিবলৈ কোৱা হৈছিল। ডিজিপিয়ে কয় যে এই গ্ৰেপ্তাৰবোৰৰ…
Read More
টাৰ্গেট অলিম্পিক প’ডিয়াম আঁচনিক প্ৰশংসা শ্বুটাৰ ছিফ্‌ট কৌড় সম্ৰাৰ

টাৰ্গেট অলিম্পিক প’ডিয়াম আঁচনিক প্ৰশংসা শ্বুটাৰ ছিফ্‌ট কৌড় সম্ৰাৰ

এছিয়ান গেমছৰ স্বৰ্ণ পদক বিজয়ী ছিফ্‌ট কৌড় সম্ৰাই গুৱাহাটীত চলি থকা চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছলৈ আহিছিল ব্যস্ত ছিজনৰ পূৰ্বে নিজৰ প্ৰশিক্ষণ পদ্ধতিত কৰা পৰিৱৰ্তনৰ পৰীক্ষা কৰিবলৈ৷ উল্লেখ্য যে ইতিমধ্যে তেওঁ ৫০ মিটাৰ ৰাইফল থ্ৰী পজিচনত ভাৰতৰ হৈ আসন্ন পেৰিছ অলিম্পিক টিকট লাভ কৰিবলৈ সক্ষম হৈছে৷ ২২ বছৰীয়া শ্বুটাৰগৰাকীয়ে চলিত চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ কাহিলীপাৰা শ্বুটিং ৰেঞ্জত অনুষ্ঠিত হোৱা নিজৰ ইভেণ্টত ব্যক্তিগত ব্ৰঞ্জৰ পদক লাভ কৰিছে৷ সোণৰ পদক হেৰুৱাই পেলোৱাৰ পিছতো কিন্তু ছিফ্‌ট নিজৰ প্ৰদৰ্শনত যথেষ্ট সুখী বুলি ব্যক্ত কৰি লগতে কয় যে খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ স্তৰ উচ্ছ পৰ্যায়ৰ যে পদক লাভ কৰিবলৈ তেওঁ এতিয়াও যৎপৰোনাস্তি চেষ্টা কৰাটো…
Read More
পুৰুষৰ বাস্কেটবলৰ স্বৰ্ণ পদক লাভ পঞ্জাৱ বিশ্ববিদ্যালয়ৰ

পুৰুষৰ বাস্কেটবলৰ স্বৰ্ণ পদক লাভ পঞ্জাৱ বিশ্ববিদ্যালয়ৰ

পঞ্জাৱ বিশ্ববিদ্যালয়ৰ পুৰুষ দলে চলিত চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ  বাস্কেটবলৰ স্বৰ্ণ পদক লাভ কৰিছে৷ স্বৰ্ণ পদকৰ ৰুদ্ধশ্বাস মেচত পঞ্জাৱ বিশ্ববিদ্যালয়ে এক পইণ্টৰ ব্যৱধানৰে ৰোমাঞ্চকৰ জয় সাব্যস্ত কৰি চেম্পিয়ন হয়৷ দলে মাদ্ৰাজ বিশ্ববিদ্যালয়ক ৮৫-৮৪ ত পৰাস্ত কৰে৷ চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছত পঞ্জাৱ বিশ্ববিদ্যালয়ৰ পুৰুষ বাস্কেটবল দলৰ প্ৰত্যাৱৰ্তন ৰূপকথাৰ দৰেই৷ উল্লেখ্য যে সদ্য সমাপ্ত সৰ্বভাৰতীয় বিশ্ববিদ্যালয় গেমছত জৈন বিশ্ববিদ্যালয়ৰ হাতত পৰাস্ত হৈছিল পাঞ্জাব বিশ্ববিদ্যালয়৷ কিন্তু গুৱাহাটীলৈ আহি দলে প্ৰতিশোধ লয়৷ স্মৰ্তব্য যে পঞ্জাৱ বিশ্ববিদ্যালয়ে ছেমিফাইনেলত জৈন বিশ্ববিদ্যালয়ক পৰাস্ত কৰি স্বৰ্ণজয়ৰ মেচলৈ অগ্ৰসৰ হৈছিল৷ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছত পঞ্জাৱ বিশ্ববিদ্যালয়ৰ পুৰুষ বাস্কেটবল দলৰ দ্বিতীয়বাৰৰ বাবে প্ৰশিক্ষকৰ দায়িত্ব লোৱা ড॰ মনদ্বীপ থৌৰে…
Read More
ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, দিল্লীৰ “জন ভাৰত ৰং” উপলক্ষে সুৰজিৎ একাডেমীৰ নাট মঞ্চস্থ

ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, দিল্লীৰ “জন ভাৰত ৰং” উপলক্ষে সুৰজিৎ একাডেমীৰ নাট মঞ্চস্থ

ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় দিল্লীৰ অধীনত দেশজুৰি ১-২১ ফেব্ৰুৱাৰীলৈ চলি থকা আন্ত:ৰাষ্ট্ৰীয় নাট ভাৰত মহোৎসৱৰ সামৰণি পৰে।এই মহোৎসৱৰ লগত সংগতি ৰাখি ২৫  বাৰ্ষিকী ভাৰত ৰং মহোৎসৱৰ শিখৰত উপনীত হোৱাৰ সময়ত ২১ ফেব্ৰুৱাৰীত জন ভাৰত ৰংত বিকশিত ভাৰত, বসুধৈৱ কুটুম্বকম, পঞ্চ প্ৰাণ বিষয়লৈ  ভাৰতৰ বিভিন্ন সাংস্কৃতিক গোষ্ঠীয়ে ভাৰতৰ বিভিন্ন ৰাজ্যত নাট পৰিবেশন কৰে। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ সহযোগত অসম অভিযান্ত্ৰিক মহাবিদ্যালয় চৌহদত থকা সুৰজিৎ একাডেমীয়ে "বিকশিত ভাৰত" বিষয়লৈ মালিগাঁৱৰ টেম্পলঘাটত থকা ৱেষ্ট গুৱাহাটী কলেজ অফ এডুকেশ্বনৰ প্ৰেক্ষাগৃহত আজি নাট পৰিবেশন কৰে। ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা চিনিয়ৰ ফেল' শ্বিপ প্ৰাপ্ত সীমান্ত শৰ্মাৰ পৰিচালনাত আৰু ললিত প্ৰকাশৰ ৰচিত "উভটি আহিছে সোণালী পখী"নাট মঞ্চস্থ হয়।…
Read More
বকো আঞ্চলিক সমিতিৰ সহযোগত নাৰী দিৱস আয়োজন

বকো আঞ্চলিক সমিতিৰ সহযোগত নাৰী দিৱস আয়োজন

জাগৃতি মহিলা সমিতি নামৰ স্বেচ্ছাসেৱী সংগঠনৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ উদ্যোগত আৰু বকো আঞ্চলিক সমিতিৰ সহযোগত অহা ৮ মাৰ্চত আন্তজাৰ্তিক নাৰী দিৱস আয়োজন কৰা হৈছে। উল্লেখ্য যে ; জাগৃতি মহিলা সমিতি সংগঠনৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ সভানেত্ৰী মেঘালী দাস আৰু সম্পাদিকা চন্দ্ৰমা কলিতাই জনোৱা মতে ; বিগত বছৰবোৰৰ দৰে এই বৰ্ষও দিনযোৰা কাৰ্য্যক্ৰমণিকাৰে আয়োজন কৰা হৈছে আন্তজাৰ্তিক নাৰী দিৱস। দিৱসত নাৰীৰ সাৱলীকৰণৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হয় আৰু ভিন্ন ভিন্ন কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়। ইফালে মহিলা সংগঠনটোৰ বকো আঞ্চলিক সমিতিৰ সভানেত্ৰী নিলীমা বায়ন কলিতা আৰু সম্পাদিকা অৰ্পনা ডেকাই জনোৱা মতে ; নাৰী দিৱসৰ লগত সংগতি ৰাখি এই বেলি মহিলাৰ…
Read More