অসম

গুৱাহাটীত ৮ মাৰ্চত ‘বসন্তবিলাস’ সাংস্কৃতিক অনুষ্ঠান

গুৱাহাটীত ৮ মাৰ্চত ‘বসন্তবিলাস’ সাংস্কৃতিক অনুষ্ঠান

সমাগত বসন্ত ঋতুক সাদৰ সম্ভাষণ জনাবলৈ অহা ৮ মাৰ্চ, দেওবাৰে আদাবাৰীস্থিত অটল উদ্যানত আয়োজন কৰা হৈছে এক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান—‘বসন্তবিলাস’। কলাসমন্বয় গোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানটোত বসন্তৰ ৰঙ, সুৰ আৰু সৃষ্টিশীল চেতনাৰ এক মনোমোহা মিলন দেখা যাব। উল্লেখযোগ্য যে, সেইদিনা আন্তৰ্জাতিক নাৰী দিৱসৰ লগত একে সময়তে সোসাইটি অফ ইণ্ডিয়ান পাৰফৰ্মিং আৰ্টছ এণ্ড কালচাৰ (K-SIPAC)-ৰ উদ্যোগত গঢ় লৈ উঠা কলাসমন্বয় গোষ্ঠীৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱসো উদযাপন কৰা হ’ব। সেই উপলক্ষে বসন্তৰ আনন্দৰ লগতে নাৰী শক্তিৰ সন্মান আৰু চেতনাক উজ্জ্বল কৰিবলৈ আয়োজন কৰা হৈছে এক বিশেষ আলোচনাচক্ৰ। এই আলোচনাচক্ৰত অংশগ্ৰহণ কৰিব খ্যাতনামা স্ত্ৰীৰোগ বিশেষজ্ঞ ডা. ৰীতা ভূঞা, বিশিষ্ট সংস্কৃত পণ্ডিত ডা. সুদেষ্ণা…
Read More
নীতিশ কুমাৰৰ ৰাজ্যসভা গমনক লৈ তীব্ৰ কটাক্ষ কংগ্ৰেছৰ; বিহাৰৰ পৰিস্থিতিক ‘ৰাজনৈতিক বিদ্ৰোহ’ আখ্যা জয়ৰাম ৰমেশৰ

নীতিশ কুমাৰৰ ৰাজ্যসভা গমনক লৈ তীব্ৰ কটাক্ষ কংগ্ৰেছৰ; বিহাৰৰ পৰিস্থিতিক ‘ৰাজনৈতিক বিদ্ৰোহ’ আখ্যা জয়ৰাম ৰমেশৰ

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ দলে। দলটোৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশে বৰ্তমানৰ চৰকাৰক কটাক্ষ কৰি কয় যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰোৰ সৈতে যি কৰিছিল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নীতিশ কুমাৰৰ সৈতে তাকেই কৰিলে। জে ডি ইউ মুৰব্বীগৰাকীৰ এই পদক্ষেপে বিহাৰত বিজেপি নেতৃত্বাধীন এখন নতুন চৰকাৰ গঠনৰ পথ প্ৰশস্ত কৰি তুলিছে। জয়ৰাম ৰমেশে নীতিশ কুমাৰৰ মুখ্যমন্ত্ৰী পদ ত্যাগৰ সিদ্ধান্তক জনসাধাৰণৰ আদেশৰ প্ৰতি কৰা এক ‘বিশ্বাসঘাটকতা’ বুলি অভিহিত কৰে। তেওঁ কয়, "বিহাৰৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত মল্লিকাৰ্জুন খৰ্গে আৰু ৰাহুল গান্ধীয়ে কৈছিল যে নীতিশ কুমাৰ বেছিদিন মুখ্যমন্ত্ৰী হৈ…
Read More
ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে দেশসমূহ সষ্টম হোৱা জৰুৰীঃ নৌসেনা মুৰব্বী এডমিৰেল ত্ৰিপাঠী

ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে দেশসমূহ সষ্টম হোৱা জৰুৰীঃ নৌসেনা মুৰব্বী এডমিৰেল ত্ৰিপাঠী

বৰ্তমানৰ বৈশ্বিক সংঘাতসমূহে 'চমু আৰু নিৰ্ণায়ক যুদ্ধ'ৰ ধাৰণাটোক লৈ প্ৰশ্ন উত্থাপন কৰিছে। শুকুৰবাৰে নতুন দিল্লীত অনুষ্ঠিত 'ৰাইছিনা ডাইলগ ২০২৬'ত অংশ লৈ এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে নৌসেনা মুৰব্বী এডমিৰেল দিনেশ কুমাৰ ত্ৰিপাঠীয়ে। বিশ্বজনীন পৰিস্থিতিৰ দ্ৰুত পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি দেশসমূহক নিজাকৈ শক্তিশালী প্ৰতিৰক্ষা উদ্যোগ গঢ়ি তোলাৰ বাবে তেওঁ আহ্বান জনায়। প্ৰতিৰক্ষা প্ৰস্তুতিৰ সন্দৰ্ভত এডমিৰেল ত্ৰিপাঠীয়ে কয়, "শীতল যুদ্ধৰ পৰৱৰ্তী শান্তিৰ সময়ছোৱা এতিয়া অন্ত পৰিছে। গতিকে প্ৰতিখন দেশে নিজৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে সষ্টম হোৱা উচিত আৰু ইয়াৰ বাবে নিজা প্ৰতিৰক্ষা ঔদ্যোগিক কমপ্লেক্স গঢ়ি তোলাটো অত্যন্ত জৰুৰী।" তেওঁ লগতে কয়, "প্ৰযুক্তি অতি দ্ৰুতগতিত সলনি হৈছে। কেৱল সামৰিক সঁজুলি উৎপাদন কৰাই নহয়, উৎপাদনৰ সময়তে…
Read More
১৬ বছৰ অনুৰ্ধৰ বাবে নিষিদ্ধ হ’ব ছ’চিয়েল মিডিয়া; বাজেটত এই ঘোষণা কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াৰ

১৬ বছৰ অনুৰ্ধৰ বাবে নিষিদ্ধ হ’ব ছ’চিয়েল মিডিয়া; বাজেটত এই ঘোষণা কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াৰ

১৬ বছৰৰ তলৰ ল’ৰা-ছোৱালীৰ বাবে ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ সিদ্ধান্ত লৈছে কৰ্ণাটক চৰকাৰে। শুকুৰবাৰে ৰাজ্যিক বাজেট উত্থাপন কৰি মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াই এই ঐতিহাসিক ঘোষণা কৰে। মোবাইলৰ অতিৰিক্ত ব্যৱহাৰে শিশুৰ ওপৰত পেলোৱা বিৰূপ প্ৰভাৱ ৰোধ কৰাই এই পদক্ষেপৰ মূল লক্ষ্য বুলি চৰকাৰে জানিবলৈ দিছে। ভাৰতৰ ভিতৰত কৰ্ণাটকেই প্ৰথম ৰাজ্য হিচাপে এনে এক কঠোৰ সিদ্ধান্তৰ কথা আনুষ্ঠানিকভাৱে সদৰী কৰিছে। এই নতুন নিয়মৰ প্ৰয়োজনীয়তা সন্দৰ্ভত মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াই কয়, "ছ’চিয়েল মিডিয়াৰ আসক্তিয়ে আমাৰ কিশোৰ সমাজৰ মানসিক আৰু বৌদ্ধিক বিকাশত বাধা দিছে। সেয়েহে আমি ১৬ বছৰৰ তলৰ শিশুৰ বাবে ইয়াৰ ব্যৱহাৰ নিষিদ্ধ কৰিবলৈ ওলাইছোঁ।" তেওঁ লগতে কয়, "অষ্ট্ৰেলিয়া বা ব্ৰিটেইনৰ দৰে দেশসমূহে ইতিমধ্যে এনে…
Read More
বিটিআৰৰ ১৫খন আসনতে অকলে যুঁজৰ হুংকাৰ ইউপিপিএলৰ; মিত্ৰতাক লৈ স্থিতি স্পষ্ট প্ৰমোদ বড়োৰ

বিটিআৰৰ ১৫খন আসনতে অকলে যুঁজৰ হুংকাৰ ইউপিপিএলৰ; মিত্ৰতাক লৈ স্থিতি স্পষ্ট প্ৰমোদ বড়োৰ

আগন্তুক বিধানসভা নিৰ্বাচনত অকলেই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ইউপিপিএলে। শুকুৰবাৰে এই গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা সদৰি কৰে দলটোৰ সভাপতি প্ৰমোদ বড়োৱে। চিৰাং জিলাৰ কাজলগাঁৱত অনুষ্ঠিত এক বিশাল মটৰচাইকেল ৰেলীত অংশ লৈ তেওঁ কয় যে বিটিআৰৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থতেই দলটোৱে কাৰো সৈতে মিত্ৰতা নকৰাকৈ আগবাঢ়িব। প্ৰাৰ্থিত্বৰ সন্দৰ্ভত প্ৰমোদ বড়োৱে কয়, "বিটিআৰৰ ১৫টা বিধানসভা সমষ্টিতে আমি প্ৰাৰ্থী থিয় কৰাম। বড়োলেণ্ডৰ সৰ্বতোপ্ৰকাৰৰ উন্নয়নৰ বাবে আমি সদায়ে দায়বদ্ধ।" তেওঁ লগতে কয়, "যোৱা ২০২১ চনৰ নিৰ্বাচনত আমি বিজেপি নেতৃত্বাধীন এন ডি এৰ অংশীদাৰ আছিলোঁ। কিন্তু শেহতীয়া বিটিচি নিৰ্বাচনত দুয়োটা দলে পৃথকভাৱে প্ৰতিদ্বন্দ্বিতা কৰাৰ পাছত নিৰ্বাচনী বতাহ সলনি হৈছে।" উল্লেখ্য যে বিটিচি নিৰ্বাচনৰ পাছত বিপিএফে ক্ষমতা দখল কৰাৰ পৰিপ্ৰেক্ষিতত…
Read More
শিৱসাগৰৰ প্ৰাৰ্থিত্বক লৈ মিত্ৰজোঁটত অনিশ্চয়তা; অখিল গগৈৰ মিত্ৰতাক নাটক আখ্যা মুখ্যমন্ত্ৰীৰ

শিৱসাগৰৰ প্ৰাৰ্থিত্বক লৈ মিত্ৰজোঁটত অনিশ্চয়তা; অখিল গগৈৰ মিত্ৰতাক নাটক আখ্যা মুখ্যমন্ত্ৰীৰ

আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে মিত্ৰজোঁটৰ ভিতৰচ’ৰাত আসন বুজাবুজিৰ কুচকাৱাজ চলি থকাৰ মাজতে শিৱসাগৰ সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ এতিয়াও কোনো চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা নাই শাসকীয় দলে। শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্ট কৰাৰ লগতে ৰাইজৰ দলৰ নেতা অখিল গগৈৰ মিত্ৰতাৰ ৰাজনীতিক লৈ তীব্ৰ আক্ৰমণ কৰে। শাসকীয় বিজেপি আৰু অগপ- দুয়োটা দলেই এই ঐতিহাসিক সমষ্টিটোৰ বাবে দাবী উত্থাপন কৰি থকাৰ ফলত এক আমোদজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। প্ৰাৰ্থিত্বৰ জটিলতা সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই কয়, "শিৱসাগৰ আসনখনৰ বাবে আমি এতিয়াও কোনো সিদ্ধান্ত লোৱা নাই। যিহেতু আমাৰ মিত্ৰ দল অগপ আৰু বিজেপিৰ প্ৰাৰ্থীসকলে প্ৰাৰ্থিত্ব বিচাৰিছে, সেয়েহে আমি এতিয়াও বিষয়টো আলোচনা…
Read More
ৰাজ্যৰ চাৰি জিলাত ঘোষণা স্থানীয় বন্ধ; ফাকুৱাৰ উছাহৰ মাজতে প্ৰশাসনৰ বিশেষ পদক্ষেপ

ৰাজ্যৰ চাৰি জিলাত ঘোষণা স্থানীয় বন্ধ; ফাকুৱাৰ উছাহৰ মাজতে প্ৰশাসনৰ বিশেষ পদক্ষেপ

ৰঙৰ উৎসৱ ফাকুৱাক লৈ ৰাজ্যজুৰি এতিয়া বিৰাজ কৰিছে এক পাৰাপাৰহীন উছাহৰ। আজি পবিত্ৰ দৌল যাত্ৰা আৰু কাইলৈ হোলী উদযাপনৰ ব্যাপক প্ৰস্তুতি চলিছে চাৰিওফালে। ফাকুৱা উপলক্ষে মৰিগাঁও, কামৰূপ মহানগৰ, নগাঁও আৰু শোণিতপুৰ জিলাত অহা ৪ মাৰ্চত স্থানীয় বন্ধ ঘোষণা কৰিছে সংশ্লিষ্ট জিলা প্ৰশাসনে। নগাঁও জিলাৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই সোমবাৰে এক নিৰ্দেশনাযোগে এই স্থানীয় বন্ধৰ কথা জানিবলৈ দিয়ে। বটদ্ৰৱা থান পৰিচালনা সমিতি আৰু কেইবাটাও সামাজিক অনুষ্ঠানৰ আবেদনৰ প্ৰতি সঁহাৰি জনাই জিলা আয়ুক্তই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। এই নিৰ্দেশনাৰ ফলত কামৰূপ মহানগৰ, শোণিতপুৰ আৰু মৰিগাঁও জিলাৰ অন্তৰ্গত সকলো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান আৰু বেংক আদি বন্ধ থাকিব। অৱশ্যে জিলা প্ৰশাসনে স্পষ্ট কৰি দিছে…
Read More
ৰাজ্যৰ সকলো মহাবিদ্যালয় হ’ব আৱাসিক; উচ্চশিক্ষাত ১০০ শতাংশ হোষ্টেলৰ পৰিকল্পনা চৰকাৰৰ

ৰাজ্যৰ সকলো মহাবিদ্যালয় হ’ব আৱাসিক; উচ্চশিক্ষাত ১০০ শতাংশ হোষ্টেলৰ পৰিকল্পনা চৰকাৰৰ

অসমৰ উচ্চশিক্ষাৰ পৰিৱেশত এক বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ এতিয়া পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে। ৰাজ্যৰ সকলো মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ক পৰ্যায়ক্ৰমে সম্পূৰ্ণ আৱাসিক শিক্ষানুষ্ঠানলৈ ৰূপান্তৰ কৰাৰ এক অভিলাষী লক্ষ্য লৈছে চৰকাৰে। সোমবাৰে ডিব্ৰু মহাবিদ্যালয়ৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সদৰী কৰে এই গুৰুত্বপূৰ্ণ পৰিকল্পনাৰ কথা। ছাত্ৰ-ছাত্ৰীসকলক শৈক্ষিক দিশত অধিক মনোনিৱেশ কৰিবলৈ দিয়াৰ বাবে এতিয়াৰ পৰা ১০০ শতাংশ হোষ্টেল সুবিধা প্ৰদানত গুৰুত্ব দিব ৰাজ্য চৰকাৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে ছাত্ৰ-ছাত্ৰীসকল যাতে বহিঃজগতৰ পৰা কোনো ধৰণৰ বিভ্ৰান্তিৰ চিকাৰ নহয়, তাৰ বাবে কেম্পাছৰ শৈক্ষিক পৰিৱেশ উন্নত কৰাটো অত্যন্ত জৰুৰী। ডে-স্কলাৰসকলক লক্ষ্য কৰি তেওঁ কয় যে উপযুক্ত আৱাসিক পৰিৱেশ অবিহনে মানদণ্ডসম্পন্ন শিক্ষা আশা কৰাটো কঠিন।…
Read More
ইৰাণৰ আক্ৰমণৰ পাছতে ডুবাইত হাহাকাৰ; আৱদ্ধ দুলীয়াজানৰ ১৮ জনীয়া পৰ্যটকৰ দল

ইৰাণৰ আক্ৰমণৰ পাছতে ডুবাইত হাহাকাৰ; আৱদ্ধ দুলীয়াজানৰ ১৮ জনীয়া পৰ্যটকৰ দল

পশ্চিম এছিয়াত ইৰাণে চলোৱা শেহতীয়া আক্ৰমণৰ পাছত সৃষ্টি হোৱা যুদ্ধসদৃশ পৰিৱেশৰ প্ৰত্যক্ষ প্ৰভাৱ এতিয়া অসমৰ পৰ্যটকৰ ওপৰতো পৰিছে। ইৰাণৰ এই আক্ৰমণৰ পৰিপ্ৰেক্ষিতত আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা ব্যাহত হোৱাৰ ফলত ডুবাইত আৱদ্ধ হৈ পৰিছে দুলীয়াজানৰ ১৮ জনীয়া এটা পৰ্যটকৰ দল। ৩ মাৰ্চত ভাৰতলৈ উভতি অহাৰ কথা আছিল যদিও ডুবাই বিমানবন্দৰ কৰ্তৃপক্ষই নিৰাপত্তাজনিত কাৰণত বিমান বাতিল কৰাত তেওঁলোক এতিয়া অনিশ্চয়তাৰ মাজত দিন কটাবলগীয়া হৈছে। দলটোৰ সদস্যসকলে জনোৱা মতে, যোৱা নিশা তেওঁলোকে ডুবাইৰ বুৰ্জ খলিফা দৰ্শন কৰি থকাৰ সময়তে হঠাতে ইৰাণৰ আক্ৰমণৰ খবৰ বিয়পি পৰে। ইয়াৰ পাছতে সমগ্ৰ ডুবাইতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হয় আৰু বহুতো আন্তঃৰাষ্ট্ৰীয় বিমানৰ উৰণ স্থগিত ৰখা হয়। ফলত…
Read More
অসমৰ প্ৰাকৃতিক মহিমাৰে অনুপ্ৰাণিত ছিকিমৰ অৰ্কিড বিশেষজ্ঞ; আঠ বছৰীয়া গৱেষণাৰ অন্তত ফুলিল ‘সেউজীয়া কাজিৰঙা’

অসমৰ প্ৰাকৃতিক মহিমাৰে অনুপ্ৰাণিত ছিকিমৰ অৰ্কিড বিশেষজ্ঞ; আঠ বছৰীয়া গৱেষণাৰ অন্তত ফুলিল ‘সেউজীয়া কাজিৰঙা’

ছিকিমৰ বিশিষ্ট অৰ্কিড বিশেষজ্ঞ মোহন প্ৰধানে আঠ বছৰীয়া নিৰন্তৰ গৱেষণা আৰু বৰ্ণসংকৰণ প্ৰক্ৰিয়াৰ অন্তত উদ্ভাৱন কৰিছে অৰ্কিডৰ এক নতুন প্ৰজাতি। অসমৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু জৈৱ-বৈচিত্ৰ্যৰ প্ৰতি সন্মান জনাই বিশেষজ্ঞগৰাকীয়ে এই নতুন হাইব্ৰিড অৰ্কিডবিধৰ নাম ৰাখিছে ‘সেউজীয়া কাজিৰঙা’। এই বিশেষ উদ্ভাৱনে এতিয়া উত্তৰ-পূৰ্বাঞ্চলৰ উদ্ভিদ বিজ্ঞানৰ ক্ষেত্ৰখনলৈ এক নতুন মাত্ৰা কঢ়িয়াই আনিছে। অসমীয়া শব্দ ‘সেউজীয়া’ আৰু বিশ্ব ঐতিহ্য ক্ষেত্ৰ ‘কাজিৰঙা’ৰ সংমিশ্ৰণেৰে নামকৰণ কৰা এই অৰ্কিডবিধে ৰাজ্যখনৰ প্ৰকৃতিৰ সৈতে ছিকিমৰ বিশেষজ্ঞগৰাকীৰ থকা গভীৰ আৱেগিক সম্পৰ্কক সূচাইছে। অৰ্কিড বিশেষজ্ঞসকলৰ মতে, এবিধ দুৰ্লভ অৰ্কিডৰ বৰ্ণসংকৰণ কৰিবলৈ পৰাগযোগৰ সঠিক নিয়ন্ত্ৰণ আৰু সুস্থিৰ সপুষ্পক চক্ৰৰ বাবে বহু বছৰীয়া পৰ্যবেক্ষণৰ প্ৰয়োজন হয়। ড০ প্ৰধানৰ এই কৃতিত্বই কেৱল উদ্ভিদ…
Read More