অসম

উদাসীন ভকতলৈ আৰ্থিক সাহায্য

উদাসীন ভকতলৈ আৰ্থিক সাহায্য

নৱবৰ্ষৰ দ্বিতীয়টো দিনতে চৰকাৰে সত্ৰ আয়োগ গঠনৰ পৰা উদাসীন ভকতলৈ আৰ্থিক সাহায্যৰ আঁচনি প্ৰদান। লোকসেৱা ভৱনত আজি ৰাজ্যৰ স্বীকৃতিপ্ৰাপ্ত সত্ৰৰ ৬২০গৰাকী উদাসীন ভকতলৈ আৰ্থিক সাহায্য প্ৰদানৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷
Read More
টি-২০ বিশ্বকাপক লৈ আফগানিস্তানৰ ১৫ জনীয়া দল ঘোষণা

টি-২০ বিশ্বকাপক লৈ আফগানিস্তানৰ ১৫ জনীয়া দল ঘোষণা

২০২৬ৰ টি-২০ বিশ্বকাপৰ বাবে আফগানিস্তানে ১৫ জনীয়া দল ঘোষণা কৰিছে। ৰছিদ খানক অধিনায়ক হিচাপে নিযুক্তি দিয়াৰ বিপৰীতে ইব্ৰাহিম জাদ্ৰানক উপ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে। বিশ্বকাপৰ পূৰ্বে দলটোৱে ইউ এ ইৰ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তিনিখন মেচৰ টি-২০ শৃংখলা খেলিব। দললৈ উভতি আহিছে বেগী বলাৰ ফজালহাক ফাৰুকী আৰু অল ৰাউণ্ডাৰ গুলবাদিন নাইব। ইয়াৰ পূৰ্বে দুয়োগৰাকী খেলুৱৈয়ে বাংলাদেশ ভ্ৰমণৰ পৰা বাদ পৰিছিল। মুজিব উৰ ৰহমান আৰু নবীন উল হককো দলত অন্তৰ্ভুক্ত কৰা হৈছে। ফিটনেছৰ সমস্যাৰ বাবে এছিয়া কাপত অংশ ল’ব নোৱাৰাৰ পিছত আঘাতৰ পৰা সুস্থ হৈ উঠিছে ফাষ্ট বলাৰ নবীন-উল হক। অফ স্পিনাৰ মুজিব উৰ ৰহমানক নিৰ্বাচিত কৰাৰ পিছতে ৰিজাৰ্ভত স্থান লাভ কৰিছে…
Read More
গুৱাহাটী-কলকাতাৰ মাজত চলিব বন্দে ভাৰত

গুৱাহাটী-কলকাতাৰ মাজত চলিব বন্দে ভাৰত

বছৰৰ প্ৰথম দিনটোতে ৰাজ্যবাসীৰ বাবে আহিছে এক সুখবৰ। গুৱাহাটী-কলকাতাৰ মাজত চলিব দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে'ল। বন্দে ভাৰত শ্লীপাৰ ৰে’লৰ পৰীক্ষামূলক চলাচল, পৰীক্ষণ আৰু প্ৰমাণ-পত্ৰ প্ৰদানৰ কাম সম্পূৰ্ণ কৰা হৈছে। এই ৰে'লখন চলাচলৰ বাবে প্ৰথমটো পথ হিচাপে বাছি লোৱা হৈছে গুৱাহাটী আৰু কলকাতাৰ মাজত। এই কথা  ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে বৃহস্পতিবাৰে ঘোষণা কৰে।
Read More
আগন্তুক বিধানসভা নিৰ্বাচন কেৱল আনুষ্ঠানিকতাহে মাথোন ; অগপ নেতা ৰমেন্দ্ৰ নাৰায়ণ কলিতা ;মধ্য গুৱাহাটীত কংগ্ৰেছ নেতা – কৰ্মীসহ বিভিন্ন জাতি জনগোষ্ঠীৰ পাঁচ শতাধিকৰ অগপ দলত যোগদান

আগন্তুক বিধানসভা নিৰ্বাচন কেৱল আনুষ্ঠানিকতাহে মাথোন ; অগপ নেতা ৰমেন্দ্ৰ নাৰায়ণ কলিতা ;মধ্য গুৱাহাটীত কংগ্ৰেছ নেতা – কৰ্মীসহ বিভিন্ন জাতি জনগোষ্ঠীৰ পাঁচ শতাধিকৰ অগপ দলত যোগদান

আগন্তক অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনলৈ মাজতে প্ৰায় তিনিমাহ মান বাকী থকা অৱস্থাত শাসকীয় এন ডি এৰ উপৰিও কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্যমঞ্চয়ো  নিৰ্বাচনক লৈ কঁকালত টঙালি বন্ধা পৰিলক্ষিত হৈছে। এইক্ষেত্ৰত আন দলতকৈ বহু আগত থকা বিজেপি দলে নিৰ্বাচনৰ বাবে তেওঁলোক সম্পূৰ্ণ সাজু বুলি ঘোষণা কৰি আগন্তুক মাঘ বিহুৰ পূৰ্বে অগপকে ধৰি এন ডি এৰ অংশীদাৰী দল সমুহৰ মাজত আসনৰ ভাগ বাটোৱাৰা চূড়ান্ত কৰা হব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা পৰ্যন্ত  কৰাৰ পিছত স্বাভাবিকতে মিত্ৰতাক লৈ কোনে কত টিকট পাব বা কোনটো সমষ্টি কোনটো দলক এৰি দিয়া হব তাক লৈ উৎকণ্ঠিত হৈ পৰিছে প্ৰাৰ্থীত্ব প্ৰত্যাশীসকল । ইফালে নৱগঠিত মধ্য গুৱাহাটী…
Read More
২০২৬ ত ভাৰত-পাকিস্তানৰ মাজত পুনৰ যুদ্ধৰ সম্ভাৱনা প্ৰকাশ আমেৰিকাৰ

২০২৬ ত ভাৰত-পাকিস্তানৰ মাজত পুনৰ যুদ্ধৰ সম্ভাৱনা প্ৰকাশ আমেৰিকাৰ

২০২৬ চনত ভাৰত আৰু পাকিস্তানৰ মাজত আন এক যুদ্ধৰ সূচনা হ’ব পাৰে বুলি সকীয়াই দিছে আমেৰিকাৰ প্ৰধান থিংক টেংক কাউন্সিল অন ফৰেইন ৰিলেচনে (চি এফ আৰ)। চি এফ আৰৰ ‘Conflicts to Watch in 2026’ প্ৰতিবেদন অনুসৰি কাশ্মীৰত বৃদ্ধি পোৱা সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে দুয়োখন দেশৰ মাজত সংঘাতৰ সম্ভাৱনা অধিক। প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে যদি ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাতৰ সৃষ্টি হয় তেন্তে ইয়াৰ প্ৰভাৱ আমেৰিকাৰ স্বাৰ্থত মধ্যমীয়া হ’ব পাৰে। যদিও জম্মু-কাশ্মীৰত কোনো বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হোৱা নাই, তথাপিও চোৰাংচোৱা সংস্থাই ইংগিত দিছে যে এই শীতকালত জম্মু অঞ্চলত ৩০ তকৈ অধিক পাকিস্তানী সন্ত্ৰাসবাদী সক্ৰিয় হৈ আছে। ইফালে, ১০ মে’ত ভাৰত…
Read More
৫০ শতাংশতকৈ অধিক জনতাই লাভ কৰা নাই মৌলিক স্বাস্থ্য সেৱা

৫০ শতাংশতকৈ অধিক জনতাই লাভ কৰা নাই মৌলিক স্বাস্থ্য সেৱা

ইউনিভাৰ্চেল হেলথ কভাৰেজ ডে (ইউ এইচ চি) প্ৰতি বছৰে ১২ ডিচেম্বৰত বিশ্বজুৰি পালন কৰা হয়। এই দিৱসৰ লক্ষ্য হৈছে স্বাস্থ্যসেৱা সেৱাসমূহ যাতে সকলোৰে বাবে সুলভ আৰু সমতাপূৰ্ণ হোৱাটো নিশ্চিত কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে মানুহ আৰু দেশসমূহৰ মাজত সজাগতা সৃষ্টি কৰা। স্বাস্থ্য এটা মৌলিক অধিকাৰ, আৰু এইটো তেতিয়াহে সম্ভৱ যেতিয়া সকলোৱে আৰ্থিক কষ্ট নোহোৱাকৈ চিকিৎসা লাভ কৰিব পাৰিব। ২০১২ চনৰ ১২ ডিচেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে দেশসমূহক ইউ এইচ চি লাভৰ দিশত অগ্ৰগতি ত্বৰান্বিত কৰিবলৈ আহ্বান জনাই এক প্ৰস্তাৱ গৃহীত কৰে। পাঁচ বছৰৰ পাছত ২০১৭ চনৰ ১২ ডিচেম্বৰত ৰাষ্ট্ৰসংঘই এই দিৱসটো আনুষ্ঠানিকভাৱে আন্তঃৰাষ্ট্ৰীয় সাৰ্বজনীন স্বাস্থ্য কভাৰেজ দিৱস ঘোষণা কৰে। ইয়াৰ উদ্দেশ্য হৈছে বিশ্বজুৰি…
Read More
ভাৰতত ৬২% মুখৰ কৰ্কট ৰোগীৰ বাবে দায়ী ধঁপাত, গুটখা আৰু মদ

ভাৰতত ৬২% মুখৰ কৰ্কট ৰোগীৰ বাবে দায়ী ধঁপাত, গুটখা আৰু মদ

আপুনি জানেনে যে সামান্য পৰিমাণৰ মদ্যপানো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে? মহাৰাষ্ট্ৰস্থিত চেণ্টাৰ ফৰ কেন্সাৰ এপিডেমিঅ’লজি আৰু হোমি ভাভা নেশ্যনেল ইনষ্টিটিউটৰ বিজ্ঞানীসকলৰ এক নতুন অধ্যয়নত প্ৰকাশ পাইছে যে দৈনিক মাত্ৰ ৯ গ্ৰাম মদ বা এটা মানক মদ্যপান কৰিলেও মুখৰ কৰ্কট ৰোগৰ সম্ভাৱনা ৫০ শতাংশ বৃদ্ধি পাব পাৰে। আটাইতকৈ আচৰিত কথাটো হ’ল দেশীয় সুৰাই এই বিপদ আৰু অধিক বৃদ্ধি কৰে আৰু যদি ইয়াৰ লগত ধঁপাত, গুটখা খোৱাৰ অভ্যাস থাকে তেন্তে এই আশংকা আৰু অধিক বৃদ্ধি পায়। ব্ৰিটিছ মেডিকেল জাৰ্নেল (বিএমজে) গ্ল’বেল হেলথত প্ৰকাশিত এই অধ্যয়নৰ ফলাফলত দেখা গৈছে যে দেশত প্ৰতি দহজন মুখৰ কৰ্কট ৰোগৰ ভিতৰত ছয়জন অৰ্থাৎ ৬২ শতাংশ লোকৰ…
Read More
এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ উদ্যোগত মালিগাঁৱত ক্ৰিকেট প্ৰতিযোগিতাৰ সামৰণি

এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ উদ্যোগত মালিগাঁৱত ক্ৰিকেট প্ৰতিযোগিতাৰ সামৰণি

উত্তৰ পূব সীমান্ত ৰেলৱেৰ অগ্ৰণী ট্ৰেড ইউনিয়ন এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ হেড কোৱাৰ্টাৰ শাখাৰ উদ্যোগত মালিগাওঁস্থিত ৰেলৱে ষ্টেডিয়ামত ২৪ ডিচেম্বৰৰ পৰা অনুষ্ঠিত সীমিত অভাৰৰ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাৰ আজি সামৰণি পৰে। প্ৰতিযোগিতাত মুঠ ২২ টা দলে যোগদান কৰে। আনহাতে আজি চূড়ান্ত খেলখন ইঞ্জিনিয়াৰিং আৰু ইলেকট্ৰিক পাৱাৰ হাউছ দলৰ মাজত অনুষ্ঠিত হয়। খেলখনত ইলেকট্ৰিক পাৱাৰ হাউছ দলটো বিজয়ী হয়।।প্ৰতিযোগিতাত মেন অৱ দা ফাইনেল সন্মানৰ লগতে  বেষ্ট বলাৰ অৱ দা টুৰ্ণমেণ্ট সন্মান লাভ কৰে ইলেকট্ৰিক পাৱাৰ হাউছ দলৰ চন্দ্ৰপতি নাথ ডুবেই। তেনেদৰে মেন অৱ দা চিৰিজৰ লগতে বেষ্ট বেটছমেন অৱ দা টুৰ্ণমেণ্ট সন্মান লাভ কৰে ইঞ্জিনিয়াৰিং দলৰ আকাশ কুমাৰ চৌধুৰীয়ে। আনহাতে…
Read More
আৰাবলী গোচৰত নিজৰ পূৰ্বৰ ৰায়ত স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ

আৰাবলী গোচৰত নিজৰ পূৰ্বৰ ৰায়ত স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ

আৰাবলী গোচৰ সন্দৰ্ভত ২০ নৱেম্বৰত দিয়া ৰায়ত স্থগিত ৰাখিছে উচ্চতম ন্যায়ালয়ে। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক জাননী জাৰি কৰি আদালতে তেওঁলোকৰ পৰা উত্তৰ বিচাৰিছে। মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠে শুনানি গ্ৰহণ কৰে। পৰৱৰ্তী শুনানি ২১ জানুৱাৰীত অনুষ্ঠিত হ’ব। ২০ নৱেম্বৰত উচ্চতম ন্যায়ালয়ে আৰাবলী পাহাৰ আৰু পৰ্বতমালাক একেধৰণৰ সংজ্ঞাৰূপে গ্ৰহণ কৰে। বিশেষজ্ঞৰ প্ৰতিবেদন দাখিল নোহোৱালৈকে দিল্লী, হাৰিয়ানা, ৰাজস্থান, আৰু গুজৰাট আদি অঞ্চলত আৰাবলী অঞ্চলত নতুন খনন আবণ্টন বন্ধ কৰি দিছিল। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ এখন সমিতিৰ পৰামৰ্শ আদালতে গ্ৰহণ কৰে। সমিতিখনৰ মতে, আৰাবলী পাহাৰক চিনাক্ত কৰা আৰাবলী জিলাসমূহৰ ভিতৰত যিকোনো ভূ-ৰূপ বুলি সংজ্ঞায়িত কৰা হ’ব যাৰ উচ্চতা স্থানীয়…
Read More
১০ শতাংশ মুছলিম জনসংখ্যা বাঢ়িলেই বাংলাদেশত বিলীন হ’ব অসমঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

১০ শতাংশ মুছলিম জনসংখ্যা বাঢ়িলেই বাংলাদেশত বিলীন হ’ব অসমঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসমৰ ভৌগোলিক অস্তিত্ব আৰু জনগাঁথনিক লৈ এক ভয়ংকৰ ভৱিষ্যদ্বাণী কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। চুবুৰীয়া দেশৰ লোকৰ সংখ্যা যদি ৰাজ্যখনত আৰু মাত্ৰ ১০ শতাংশ বৃদ্ধি পায়, তেন্তে অসম স্বয়ংক্ৰিয়ভাৱে বাংলাদেশৰ অংশ হৈ পৰিব বুলি তেওঁ মঙলবাৰে এক বিস্ফোৰক দাবী কৰে। উত্তৰ-পূৰ্বাঞ্চলক বাংলাদেশৰ সৈতে চামিল কৰাৰ সন্দৰ্ভত ঢাকাৰ এজন ৰাজনৈতিক নেতাৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই সতৰ্কবাণী শুনায়। মুখ্যমন্ত্ৰীৰ মতে, বৰ্তমান অসমৰ জনসংখ্যাৰ প্ৰায় ৪০ শতাংশই বাংলাদেশী মূলৰ লোক। এই সংখ্যা ৫০ শতাংশ পাৰ হোৱাৰ লগে লগে ৰাজ্যখনৰ পৰিচয় আৰু মানচিত্ৰ সলনি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। তেওঁ উল্লেখ কৰে যে এই বিপদৰ প্ৰতি লক্ষ্য কৰিয়েই তেওঁ যোৱা পাঁচ বছৰ…
Read More