বছৰৰ প্ৰথম দিনটোতে ৰাজ্যবাসীৰ বাবে আহিছে এক সুখবৰ। গুৱাহাটী-কলকাতাৰ মাজত চলিব দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে’ল। বন্দে ভাৰত শ্লীপাৰ ৰে’লৰ পৰীক্ষামূলক চলাচল, পৰীক্ষণ আৰু প্ৰমাণ-পত্ৰ প্ৰদানৰ কাম সম্পূৰ্ণ কৰা হৈছে। এই ৰে’লখন চলাচলৰ বাবে প্ৰথমটো পথ হিচাপে বাছি লোৱা হৈছে গুৱাহাটী আৰু কলকাতাৰ মাজত। এই কথা ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে বৃহস্পতিবাৰে ঘোষণা কৰে।
গুৱাহাটী-কলকাতাৰ মাজত চলিব বন্দে ভাৰত
