অসম

ত্ৰিপুৰাৰ আৰক্ষী সঞ্চালকপ্ৰধানৰ কাৰ্যালয়ত জৰুৰী পৰিস্থিতি; ডিজিপিৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য, উপস্থিত খোদ মুখ্যমন্ত্ৰী

ত্ৰিপুৰাৰ আৰক্ষী সঞ্চালকপ্ৰধানৰ কাৰ্যালয়ত জৰুৰী পৰিস্থিতি; ডিজিপিৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য, উপস্থিত খোদ মুখ্যমন্ত্ৰী

ত্ৰিপুৰাৰ আৰক্ষী সঞ্চালকপ্ৰধানৰ কাৰ্যালয়ত সোমবাৰে পুৱা সৃষ্টি হয় এক অভাৱনীয় পৰিস্থিতিৰ। কাৰ্যালায়ৰ ভিতৰত আৰক্ষী সঞ্চালকপ্ৰধান অনুৰাগ ধনকৰৰ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হয় এই পৰিস্থিতিৰ। ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে ততাতৈয়াকৈ ডিজিপি অফিচত উপস্থিত হয় খোদ মুখ্যমন্ত্ৰী মাণিক সাহা। মুখ্যমন্ত্ৰীৰ উপস্থিতিৰ সময়ত কাৰ্যালয়ত একাধিক জ্যেষ্ঠ আৰক্ষী বিষয়া আৰু চৰকাৰী বিষয়াৰ সমাগম ঘটে। ঘটনাটোৰ সন্দৰ্ভত উচ্চপদস্থ বিষয়াসকলৰ সৈতে তেওঁ পৰিস্থিতিৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে অৱশ্যে সাংবাদিকৰ মুখামুখি হোৱাৰ পৰা বিৰত থাকে। উল্লেখ্য যে, অনুৰাগ ধনকৰ ১৯৯৪ বৰ্ষৰ ভাৰতীয় আৰক্ষী সেৱাৰ ত্ৰিপুৰা শাখাৰ বিষয়া। ২০২৫ চনৰ মে' মাহত তেওঁ ত্ৰিপুৰাৰ আৰক্ষী সঞ্চালকপ্ৰধানৰ দায়িত্ব গ্ৰহণ কৰে। ইয়াৰ পূৰ্বে আৰক্ষী সঞ্চালকপ্ৰধান (গোপন তথ্য) হিচাপে দায়িত্ব পালন…
Read More
দিখৌ নৈৰ বাঢ়নী পানীত ব্যাহত ৰে’ল চলাচল; শিমলুগুৰিৰ দুটা অংশত অনিৰ্দিষ্টকাললৈ বন্ধ সেৱা

দিখৌ নৈৰ বাঢ়নী পানীত ব্যাহত ৰে’ল চলাচল; শিমলুগুৰিৰ দুটা অংশত অনিৰ্দিষ্টকাললৈ বন্ধ সেৱা

ধাৰাসাৰ বৰষুণে ৰাজ্যজুৰি সৃষ্টি কৰিছে নতুন বান পৰিস্থিতি। সেই পৰিস্থিতিৰ প্ৰভাৱত দিখৌ নৈৰ বাঢ়নী পানীয়ে শিৱসাগৰ জিলাৰ শিমলুগুৰি অঞ্চলত ৰে'ল যোগাযোগ ব্যাহত কৰিছে। ৰে'লপথৰ ওপৰেৰে পানী বৈ যোৱাত শিমলুগুৰি–নামতিআলি আৰু শিমলুগুৰি–চেলেংহাট অংশত ৰে'ল চলাচল অনিৰ্দিষ্টকাললৈ বন্ধ ৰাখিছে উত্তৰ-পূব সীমান্ত ৰে'লৱেই। ৰে'ল কৰ্তৃপক্ষই জনোৱা অনুসৰি, দিখৌ নৈৰ বাঢ়নী পানীয়ে শিমলুগুৰি ৰে'ল ষ্টেচনৰ চৌহদ, ৰে'ল আৱাসিক এলেকা আৰু ৰে'লপথ আৱৰি পেলাইছে। যাত্ৰী আৰু ৰে'ল চলাচলৰ সুৰক্ষা নিশ্চিত কৰাৰ স্বাৰ্থতে এই সিদ্ধান্ত গ্ৰহণ কৰে ৰে'ল কৰ্তৃপক্ষই। ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ পৰা চলাচল কৰা দূৰণীবতীয়া ৰে'লসমূহ ৰঙিয়া–ৰঙাপাৰা পথেৰে চলাচল কৰোৱা হৈছে। বাঢ়নী পৰিস্থিতিৰ বাবে কেইবাখনো স্থানীয় ৰে'ল বাতিল কৰে ৰে'লৱেই আৰু আন কেইখনমান ৰে'লৰ যাত্ৰাপথ…
Read More
দ্বাৰকাত নামঘৰ-কনভেনচন হলসহ নতুন অসম ভৱন, কাৰ্বি-ডিমাছা ভৱনো আহি আছে

দ্বাৰকাত নামঘৰ-কনভেনচন হলসহ নতুন অসম ভৱন, কাৰ্বি-ডিমাছা ভৱনো আহি আছে

অসমৰ লোকে ৰাষ্ট্ৰীয় ৰাজধানীত অহাৰ বাবে অচিৰেই নতুন দিল্লীত সাতখনকৈ নিৰ্দিষ্ট স্থান পাব। “বৰ্তমান থকা অসম হাউচৰ লগতে চেণ্ট্ৰেল দিল্লী আৰু দ্বাৰকাত তিনিখন নতুন কমপ্লেক্স নিৰ্মাণ হৈ আছে, তাৰে এখনত নামঘৰ আৰু কনভেনচন হল থাকিব,” দেওবাৰে নতুন দিল্লীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয়। তেওঁ সমগ্ৰ দেশতে ৰাজ্যৰ জনসাধাৰণক সহায় কৰাৰ বাবে ৰাজ্য চৰকাৰে লোৱা বৃহৎ পদক্ষেপৰ বিষয়ে সবিশেষ কয়। “এই বছৰ শেষৰ ফালে পুনৰ্নিৰ্মিত অসম হাউচ সাজি উঠিব, আৰু ইয়াক চৰকাৰী কাম-কাজৰ বাবে ব্যৱহাৰ কৰা হ’ব। দ্বাৰকাত তৃতীয়খন অসম ভৱনৰ লগতে কাৰ্বি ভৱন আৰু ডিমাছা ভৱনৰো নিৰ্মাণকাৰ্য চলি আছে। এই সুবিধাসমূহ দুৰ্গা পূজাৰ ভিতৰতে মুকলি কৰা হ’ব। বৰাক ভৱন…
Read More
AASU: NEET অনিয়ম আৰু ছাত্ৰ আত্মহত্যাই চৰকাৰ জৰুৰী ব্যৱস্থাৰ প্ৰয়োজনীয়তা দেখুৱাইছে

AASU: NEET অনিয়ম আৰু ছাত্ৰ আত্মহত্যাই চৰকাৰ জৰুৰী ব্যৱস্থাৰ প্ৰয়োজনীয়তা দেখুৱাইছে

পৰিৱেশ কৰ্মী সোনাম ৱাংচুকৰ শিক্ষা সংস্কাৰ বাবে গণতান্ত্ৰিক, অহিংস প্ৰতিবাদৰ প্ৰতি সংহতি প্ৰকাশ কৰি অল আছাম ষ্টুডেণ্টছ ইউনিয়ন (AASU) ই আগন্তুক দেওবাৰ, ১৯ জুলাই ত ৰাজ্যব্যাপী মমবাতি প্ৰজ্বলন কাৰ্যসূচী ঘোষণা কৰিছে। ছাত্ৰ সংগঠনটোৱে প্ৰতিবাদস্থলীৰ পৰা ৱাংচুকক চৰকাৰে বলপূৰ্বক উচ্ছেদ কৰা ঘটনাকো তীব্ৰ নিন্দা কৰিছে। AASU ৰ জিলা সমিতিসমূহৰ তত্বাৱধানত সকলো জিলা সদৰত এই মমবাতি কাৰ্যসূচী অনুষ্ঠিত হ’ব। এক বিবৃতিত AASU ৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে কয় যে ৱাংচুকে উত্থাপন কৰা বিষয়টো ৰাজনৈতিক মতাদৰ্শৰ উৰ্ধত আৰু ই প্ৰত্যক্ষভাৱে লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ সৈতে জড়িত, বিশেষকৈ NEET পৰীক্ষাৰ ক্ষেত্ৰত। সংগঠনটোৱে কয় যে প্ৰধান পৰীক্ষাসমূহত বাৰে বাৰে অনিয়ম সংঘটিত…
Read More
৭২তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা: ‘জুঁইফুল’ শ্ৰেষ্ঠ অসমীয়া ছবিৰ সন্মান লাভ, ‘আৰ্টিকেল ৩৭০’ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবি

৭২তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা: ‘জুঁইফুল’ শ্ৰেষ্ঠ অসমীয়া ছবিৰ সন্মান লাভ, ‘আৰ্টিকেল ৩৭০’ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবি

জাদুমণি দত্তৰ দ্বাৰা পৰিচালিত ‘জুঁইফুল’ য়ে ৭২তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ অসমীয়া পূৰ্ণদৈৰ্ঘ্য ছবিৰ বঁটা লাভ কৰিছে। ‘জুঁইফুল’ হৈছে অসম-নাগালেণ্ড সীমান্তৰ সংঘাতপূৰ্ণ অঞ্চলৰ দুগৰাকী মাতৃৰ কাহিনী। নৰাগাঁৱৰ গাঁওবাসীৰ দৈনন্দিন জীৱন ইয়াত সম্পূৰ্ণৰূপে সলনি হৈছে — ৰাতি জাগৰণ আৰু দিনত বিশ্ৰাম। শনিবাৰে ৭২তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ বিজয়ীসকলৰ নাম ঘোষণা কৰা হয়। এই বঁটাৰ বাবে ২০২৪ চনৰ ১ জানুৱাৰীৰ পৰা ৩১ ডিচেম্বৰলৈ কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণীকৰণ পৰিষদে প্ৰমাণপত্ৰ দিয়া ছবিসমূহ বিবেচনা কৰা হৈছিল। ফিচাৰ ফিল্ম জুৰীৰ অধ্যক্ষ জয়ৰাজ, নন-ফিচাৰ ফিল্ম জুৰীৰ অধ্যক্ষ অসীম সিনহা আৰু চিনেমাৰ ওপৰত শ্ৰেষ্ঠ লেখনী জুৰীৰ অধ্যক্ষ এ. চন্দ্ৰশেখৰৰ উপস্থিত এই বঁটা ঘোষণা কৰা হয়। লগতে উপস্থিত আছিল তথ্য…
Read More
পাঁচ বছৰত ৮৫ শতাংশ হ্ৰাস ৰাজ্যত ৰুজু হোৱা অপৰাধমূলক গোচৰঃ মুখ্যমন্ত্ৰী

পাঁচ বছৰত ৮৫ শতাংশ হ্ৰাস ৰাজ্যত ৰুজু হোৱা অপৰাধমূলক গোচৰঃ মুখ্যমন্ত্ৰী

বিগত পাঁচ বছৰত ৮৫ শতাংশ হ্ৰাস পাইছে ৰাজ্যত ৰুজু হোৱা অপৰাধমূলক গোচৰৰ সংখ্যা। শনিবাৰে এই পৰিসংখ্যা প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, অপৰাধবিৰোধী অভিযান একেই তৎপৰতাৰে অব্যাহত থাকিব আৰু আধুনিক প্ৰযুক্তিনিৰ্ভৰ আৰক্ষী ব্যৱস্থাৰ জৰিয়তে আইন-শৃংখলা অধিক শক্তিশালী কৰি তোলা হ'ব। সামাজিক মাধ্যম এক্সত ২০২১ চনৰ পৰা ২০২৬ চনৰ জুন মাহলৈকে অপৰাধ আৰু বিচাৰ ব্যৱস্থাৰ বিভিন্ন পৰিসংখ্যা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰকাশ কৰা তথ্য অনুসৰি, ২০২১ চনত ৰাজ্যত ১ লাখ ৩৩ হাজাৰ ২৩৯টা অপৰাধমূলক গোচৰ ৰুজু হৈছিল। ২০২৬ চনৰ জুন মাহলৈ সেই সংখ্যা ২০ হাজাৰ ৫৮২টালৈ নামি আহিছে। একে সময়তে প্ৰতি লাখ জনসংখ্যাৰ বিপৰীতে অপৰাধৰ হাৰ ৩৭৯ৰ পৰা ১১২লৈ হ্ৰাস…
Read More
ডিব্ৰুগড়ত বৃহৎ মাদকবিৰোধী অভিযান; ১.৩৫ কিলোগ্ৰাম হেৰ’ইন, ১৪.০৬ লাখ টকা জব্দ, এজন গ্ৰেপ্তাৰ

ডিব্ৰুগড়ত বৃহৎ মাদকবিৰোধী অভিযান; ১.৩৫ কিলোগ্ৰাম হেৰ’ইন, ১৪.০৬ লাখ টকা জব্দ, এজন গ্ৰেপ্তাৰ

মাদক সৰবৰাহৰ বিৰুদ্ধে অব্যাহত অভিযানৰ মাজতে এইবাৰ বৃহৎ পৰিমাণৰ হেৰ'ইন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী। ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া অঞ্চলত চলোৱা এক অভিযানত ১.৩৫ কিলোগ্ৰাম হেৰ'ইন, ১৪ লাখ ৬ হাজাৰ টকা নগদ ধন আৰু দুখন বাহন জব্দ কৰাৰ লগতে এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। টিংখং আৰক্ষী থানাৰ অন্তৰ্গত এলেকাত এই অভিযান চলোৱা হয়। জব্দ কৰা হেৰ'ইনখিনি মাদক সৰবৰাহৰ উদ্দেশ্যে মজুত কৰি ৰখা হৈছিল বুলি আৰক্ষীৰ সন্দেহ। ঘটনাৰ বিষয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম এক্সত তথ্য সদৰি কৰে। মুখ্যমন্ত্ৰীয়ে কয়, "অসমৰ মাদকবিৰোধী অভিযান অব্যাহত থাকিব। ৰাজ্যজুৰি সক্ৰিয় মাদক সৰবৰাহ চক্ৰ উৎখাত কৰিবলৈ আৰক্ষীয়ে অধিক তৎপৰতাৰে অভিযান চলাই যাব।" ইফালে, জব্দ কৰা…
Read More
নামছাইত নিশাৰ গুলীচালনা! ৰহস্যজনকভাৱে গুলীবিদ্ধ যুৱতী, তদন্ত আৰম্ভ

নামছাইত নিশাৰ গুলীচালনা! ৰহস্যজনকভাৱে গুলীবিদ্ধ যুৱতী, তদন্ত আৰম্ভ

দুই পক্ষৰ মাজত সৃষ্টি হোৱা সংঘাতৰ মাজতে ৰহস্যজনকভাৱে গুলীবিদ্ধ হ'ল এগৰাকী যুৱতী। অৰুণাচল প্ৰদেশৰ নামছাই জিলাৰ লালপাহাৰ অঞ্চলত শুকুৰবাৰে গভীৰ নিশা সংঘটিত এই ঘটনাক কেন্দ্ৰ কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। গুলীচালনাত আহত হোৱা যুৱতীগৰাকী কল্যাণী নামচম বুলি জানিব পৰা গৈছে। মমং গাঁৱৰ বাসিন্দা যুৱতীগৰাকীৰ ভৰিত গুলী লাগে। আহত অৱস্থাত তেওঁক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰা হয়। প্ৰাথমিক অনুসন্ধানত পোহৰলৈ অহা তথ্য অনুসৰি, এখন ৱেগন-আৰ গাড়ীত থকা লোক আৰু আন এটা পক্ষৰ মাজত তীব্ৰ বাক-বিতণ্ডাৰ পিছত সংঘাতৰ সৃষ্টি হয়। সেই সময়তে পিষ্টলৰ পৰা কমেও দুজাই গুলী চলোৱা হয়। কিন্তু গুলীটো কেনেকৈ কল্যাণী নামচমৰ ভৰিত লাগে অথবা গুলী কোনে চলাইছিল, সেই…
Read More
প্ৰতিবাদ দমন কৰি জনবিশ্বাস অৰ্জন কৰিব নোৱাৰিঃ সোণম ৱাংচুকক লৈ কেন্দ্ৰীয় চৰকাৰক সমালোচনা মমতা বেনাৰ্জীৰ

প্ৰতিবাদ দমন কৰি জনবিশ্বাস অৰ্জন কৰিব নোৱাৰিঃ সোণম ৱাংচুকক লৈ কেন্দ্ৰীয় চৰকাৰক সমালোচনা মমতা বেনাৰ্জীৰ

গণতান্ত্ৰিক মতভেদক দমন কৰি জনবিশ্বাস অৰ্জন কৰিব নোৱাৰি। - সোণম ৱাংচুকক অনশনস্থলীৰ পৰা আঁতৰাই নিয়াক লৈ এইদৰে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিল পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। সামাজিক মাধ্যম এক্সত প্ৰকাশ কৰা এক পোষ্টত মমতা বেনাৰ্জীয়ে কয়, "সোণম ৱাংচুকে কেৱল আলোচনাহে বিচাৰিছিল। অথচ সপ্তাহৰ পিছত সপ্তাহ ধৰি তেওঁৰ আহ্বানৰ কোনো সঁহাৰি দিয়া হোৱা নাই। গণতন্ত্ৰত শান্তিপূৰ্ণ মতভেদক নীৰৱতাৰে নহয়, আলোচনাৰ জৰিয়তেহে সন্মুখীন হ'ব লাগে।" দেশৰ অসংখ্য যুৱকৰ কণ্ঠস্বৰো একেদৰেই উপেক্ষিত হৈ আছে বুলি অভিযোগ উত্থাপন কৰি তেওঁ কয়, "তেওঁৰ কণ্ঠস্বৰ উপেক্ষা কৰা হৈছে। ঠিক সেইদৰে ভাৰতৰ অগণন যুৱকৰ কণ্ঠস্বৰো উপেক্ষিত হৈ আছে।" ইয়াৰ লগতে সোণম ৱাংচুকক ব্যক্তিগত চিকিৎসালয়লৈ স্থানান্তৰৰ…
Read More
যন্তৰ-মন্তৰত CJPৰ শান্তিপূৰ্ণ প্ৰতিবাদত আৰক্ষীৰ হস্তক্ষেপ, পুৱতি নিশা হাস্পতালত ভৰ্তি সোণম ৱাংচুকক

যন্তৰ-মন্তৰত CJPৰ শান্তিপূৰ্ণ প্ৰতিবাদত আৰক্ষীৰ হস্তক্ষেপ, পুৱতি নিশা হাস্পতালত ভৰ্তি সোণম ৱাংচুকক

২১ দিন ধৰি চলি থকা অনশনৰ মাজতে সলনি হ'ল আন্দোলনৰ পৰিস্থিতি। সংসদ অভিযানৰ মাত্ৰ দুদিন পূৰ্বে শনিবাৰে পুৱতি নিশা দিল্লীৰ যন্তৰ মন্তৰৰ অনশনস্থলীৰ পৰা পৰিৱেশকৰ্মী তথা শিক্ষাবিদ সোণম ৱাংচুকক আৰক্ষীয়ে চফদৰজং চিকিৎসালয়লৈ স্থানান্তৰ কৰে। পুৱতি নিশা সাধাৰণ পোছাক পৰিধান কৰা আৰক্ষীৰ এটা দলে প্ৰতিবাদস্থলীত উপস্থিত হৈ এই অভিযান চলায়। মঞ্চত উঠাৰ পিছত ঘটনাটো কেমেৰাত ধৰা নপৰাকৈ ৰাখিবলৈ বগা কাপোৰেৰে স্থানখিনি আৱৰি ধৰা হয়। তাৰ পিছতে ৱাংচুকক চিকিৎসালয়লৈ নিয়া হয়। সমগ্ৰ অভিযান কেইমিনিটমানৰ ভিতৰতে সম্পন্ন হয়। দিল্লী আৰক্ষীয়ে স্পষ্ট কৰে যে, দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ আৰু বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ অনুসৰিয়েই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। দিল্লী আৰক্ষীৰ ভাষ্য অনুসৰি, সোণম ৱাংচুকৰ…
Read More