অসম

কাটাৰৰ মিডিয়া চেনেল আল জাজিৰাৰ সম্প্ৰচাৰ নিষিদ্ধ কৰিলে ইজৰাইলে

কাটাৰৰ মিডিয়া চেনেল আল জাজিৰাৰ সম্প্ৰচাৰ নিষিদ্ধ কৰিলে ইজৰাইলে

নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি পেলেষ্টাইনৰ হামাছ গোটৰ সৈতে সম্পৰ্ক বজাই ৰখাৰ বাবে কাটাৰৰ মিডিয়া চেনেল আল জাজিৰাৰ সম্প্ৰচাৰ নিষিদ্ধ কৰিলে ইজৰাইলে। এই সন্দৰ্ভত, ইজৰাইলী সংসদে ২০২৪ ৰ এপ্ৰিলত এখন আইন গৃহীত কৰে। ইয়াৰ পিছত, প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ কেবিনেটে দেওবাৰে এই সিদ্ধান্তৰ ওপৰত ভোটদান কৰে। নেতানিয়াহুৱে সামাজিক মাধ্যমতো এই কথা প্ৰকাশ কৰে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে ছ'চিয়েল মিডিয়া ছাইট এক্সত এই সিদ্ধান্ত ঘোষণা কৰি কয় - মোৰ নেতৃত্বত চৰকাৰে সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত লৈ ইজৰাইলত উচুতনিমূলক চেনেল আল জাজিৰা বন্ধ কৰা হৈছে। উল্লেখ্য যে আল জাজিৰাৰ সৈতে ইজৰাইলৰ দীৰ্ঘদিন ধৰি তিক্ততা সম্পৰ্ক আছিল। ইজৰাইলে আল জাজিৰাক হামাছৰ সৈতে পক্ষপাতপুষ্ট আৰু সহযোগিতা কৰাৰ…
Read More
ৰাজ্যত পুনৰ উন্মোচিত হৈছে যাতায়ত ও স্বাস্হ্য বিভাগৰ ফোপলাস্বৰূপ

ৰাজ্যত পুনৰ উন্মোচিত হৈছে যাতায়ত ও স্বাস্হ্য বিভাগৰ ফোপলাস্বৰূপ

কিন্তু নিৰ্বাচন যায় আহে৷চৰকাৰ পৰিবৰ্তন হয়৷যদিও ৰাইজৰ সমস্যা আজিলৈকে সমস্যা হৈয়েই থাকি গল৷কিয়নো বৰপেটা জিলাৰ চেঙা সমিষ্টিৰ দক্ষিণ প্ৰান্তৰ চৰাঞ্চল বাসীৰ দীৰ্ঘদিনীয়া এটা জ্বলন্ত সমস্যা হৈছে জলজলী নদীৰ ওপৰত এটা পকী দলঙৰ। কিন্তু প্ৰতিটো নিৰ্বাচনতে প্ৰতিটো দলৰ লগতে প্ৰাৰ্থী সকলে ৰাইজক বিভিন্ন প্ৰতিশ্ৰুতি দিয়াৰ লগতে বাঘমাৰা-শিমলীতোলা,নগৰবেৰা-আলোপতি মাজৰচৰ আৰু দলগোমা-কদমতোলা সংযোগী জলজলী নদীৰ ওপৰত তিনিটা দলং নিৰ্মান কৰি চৰাঞ্চলবাসীৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰি দিয়াৰ আশ্বাস দিয়ে৷ জলজলী নদীৰ ওপৰত পকী দলং নথকাৰ বাবেই নচলে গাড়ী মটৰ কিম্বা এম্বুলেন্স৷যাৰ বাবেই ৰোগী বা গৰ্ভৱতী মহিলাক লৈ প্ৰায়েই বিপদৰ সন্মুখীন হয় বৰপেটা জিলাৰ আলোপতি মাজৰচৰ,বাঘমাৰাচৰ,ধৰ্মপুৰ ভাতনাপাইতি,খোলাবান্ধা,মৈৰাদিয়া আৰু কাৰাইখাইতিকে ধৰি বৃহত্তৰ চৰাঞ্চলৰ লোক। বুধবাৰৰ দিনাও…
Read More
প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক, গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা পৰাগজ্যোতি প্ৰকাশনৰ

প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক, গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা পৰাগজ্যোতি প্ৰকাশনৰ

"পৰাগজ্যোতি প্ৰকাশন" ৰ উদ্যোগত  অসমৰ প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক, গৱেষক, দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ  ৮২ বৰ্ষীয়া ড০ নাৰায়ণ দাসক তেওঁৰ নিজৰ বাসগৃহ আজাৰা ৰাজহ চক্ৰৰ ডেকাপাৰাত  কালি উষ্ম সম্বৰ্দ্ধনা জ্ঞাপন কৰে । আজাৰা সাহিত্য সভাৰ উপ-সভাপতি তথা বিশিষ্টা কবি বুলু কুমাৰী বড়াই অংশ লৈ কয়--- "ড০ নাৰায়ণ দাসৰ ৰচনা, নিবন্ধসমূহ সূক্ষ্মৰো সূক্ষ্ম উপলব্ধিযুক্ত । প্ৰতিটো নিবন্ধই গৱেষনালব্ধ ।" সম্বৰ্দ্ধনা গ্ৰহণ কৰি ড০ নাৰায়ণ দাসে কয়- "পৰাগজ্যোতি প্ৰকাশন আগুৱাই থাকক । অসমীয়া ভাষা-সাহিত্যৰ উন্নতিৰ বাবে অহৰহ কাম কৰক । অসমীয়া ভাষাৰ কোনোকালে মৃত্যু নহয় । অসম সাহিত্য সভাই পূৰ্বৰ সন্মান আজুৰি আনিবলৈ আৰু  অনেক কাম কৰিব কৰিব লাগিব ।" প্ৰকাশনৰ…
Read More
বিচাৰিব লাগিব ৰামদেৱ-বালকৃষ্ণই

বিচাৰিব লাগিব ৰামদেৱ-বালকৃষ্ণই

বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ বাবে অৱশেষত ৰাজহুৱাভাৱে ক্ষমা বিচাৰিব লাগিব যোগ গুৰু ৰামদেৱ, তেওঁৰ সহযোগী বালকৃষ্ণই। উচ্চতম ন্যায়ালয়ে মঙলবাৰে যোগ গুৰু ৰামদেৱ, তেওঁৰ সহযোগী বালকৃষ্ণ আৰু পতঞ্জলি আয়ুৰ্বেদক বিভ্ৰান্তিকৰ বিজ্ঞাপন গোচৰত ৰাজহুৱাভাৱে ক্ষমা বিচাৰিবলৈ এসপ্তাহৰ সময় প্ৰদান কৰে। শুনানিৰ সময়ত উপস্থিত থকা ৰামদেৱ আৰু বালকৃষ্ণ দুয়োজনে শীৰ্ষ আদালতত তেওঁলোকৰ ব্যক্তিগত চৰ্তহীন ক্ষমা বিচাৰিছিল। ন্যায়াধীশ হিমা কোহলী আৰু আহছানুদ্দিন আমানুল্লাহৰ বিচাৰপীঠে তেওঁলোকৰ ক্ষমা প্ৰাৰ্থনাৰ প্ৰতি সকাহ নিদি ৰাজহুৱাভাৱে ক্ষমা বিচাৰিবলৈ এসপ্তাহৰ সময় প্ৰদান কৰে। বিচাৰপীঠে বালাকৃষ্ণক কয় যে আপুনি ভাল কাম কৰি আছে কিন্তু আপুনি এলোপেথিক অৱমাননা কৰিব নোৱাৰে। ৰামদেৱে বিচাৰপীঠক এইটোও কয় যে তেওঁ কোনো ধৰণে আদালতৰ প্ৰতি কোনো অসন্মান দেখুৱাব বিচৰা…
Read More
ৰে’লৱেত ১৪.৭শতাংশ ৰে’ল চালকৰ পদ খালি

ৰে’লৱেত ১৪.৭শতাংশ ৰে’ল চালকৰ পদ খালি

ৰে'লৱেত লোকো পাইলট আৰু সহকাৰী লোকো পাইলটৰ মুঠ ১,২৭,৬৪৪ টা পদ আছে, যাৰ ভিতৰত ১ মাৰ্চ, ২০২৪ তাৰিখলৈকে ১৮,৭৬৬ টা পদ (১৪.৭শতাংশ) পূৰণ নোহোৱাকৈ আছে। তথ্যৰ অধিকাৰ (আৰটিআই)ৰ অধীনত কৰা আবেদনৰ উত্তৰত ৰে'লৱে ব'ৰ্ডে এই তথ্য প্ৰদান কৰিছে। এক আৰটিআই উত্তৰত ৰে'লৱে ব'ৰ্ডে কয় যে সহকাৰী লোকো পাইলটতকৈ লোকো পাইলটৰ (ৰে'ল চালক) অধিক পদ খালী আছে। প্ৰদান কৰা তথ্য অনুসৰি, লোকো পাইলটৰ ৭০,০৯৩ টা পদ মঞ্জুৰ কৰা হৈছে, যাৰ ভিতৰত ১৪,৪২৯ টা (প্ৰায় ২০.৫ শতাংশ) খালী আছে। আনহাতে সহকাৰী লোকো পাইলটৰ ৫৭,৫৫১ টা পদ অনুমোদিত, যাৰ ভিতৰত ৪,৩৩৭ টা (প্ৰায় ৭.৫ শতাংশ) খালী আছে।
Read More
পবিতৰা অভয়াৰণ্যৰ কাষৰীয়া গাওঁবাসীক সুৰক্ষাৰ বাবে টৰ্চলাইট প্ৰদান

পবিতৰা অভয়াৰণ্যৰ কাষৰীয়া গাওঁবাসীক সুৰক্ষাৰ বাবে টৰ্চলাইট প্ৰদান

সঘনাই বন্যপ্ৰাণীৰ মুখামুখি হ’ব লগা হোৱা পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ প্ৰান্তীয় গাওঁবাসীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে (www.aaranyak.org)  শনিবাৰে গাওঁবাসীক বিশটা টৰ্চলাইট প্ৰদান কৰে। গঁড়ৰ সৰ্বাধিক ঘনত্ব (৩৮.৮ বৰ্গ কিলোমিটাৰ এলেকাত ১০৭টা এশিঙীয়া গঁড়) আৰু বৃহৎ সংখ্যক এছীয় ম’হৰ বাবে জনাজাত অভয়াৰণ্যখনৰ আশে-পাশে ঘন জনবসতিপূৰ্ণ গাঁওসমূহ থকাৰ ফলত সঘনাই মানুহ আৰু বন্যপ্ৰাণী মুখামুখি হোৱাৰ পৰিস্থিতি সৃষ্টি হয় । বন্যপ্ৰাণীৰ বাসস্থানৰ কাষৰীয়া এলেকাৰ পৰা অহা গাঁওবাসীৰ মাজত মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাতৰ নেতিবাচক প্ৰভাৱ সম্পৰ্কে এখন সজাগতা সভা অনুষ্ঠিত কৰি আৰণ্যক দলে গাওঁবাসীক টৰ্চলাইটবোৰ বিতৰণ কৰে। বাৰ্লিন চিৰিয়াখানাৰ সহযোগত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।এই অনুষ্ঠানত পাঁচখন গাঁও ক্ৰমে…
Read More
“পাভৈ গ্ৰীণছ” ভ্ৰমণ কৰি ঘৰতে বাগিচা-নাৰ্চাৰী স্থাপনৰ প্ৰশিক্ষণ, অভিজ্ঞতা লাভ 

“পাভৈ গ্ৰীণছ” ভ্ৰমণ কৰি ঘৰতে বাগিচা-নাৰ্চাৰী স্থাপনৰ প্ৰশিক্ষণ, অভিজ্ঞতা লাভ 

বনাঞ্চল আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ লগতে বনাঞ্চলৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰি জীৱিকা অটুট ৰখাত ঘৰতে স্থাপন কৰা বাগিচা আৰু নাৰ্চাৰীয়ে কৰা ফলপ্ৰসু সহায়ৰ বিষয়ে অভিজ্ঞতা অৰ্জনৰ উদ্দেশ্য অঞ্চলটোৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে উদালগুৰি জিলাৰ বদলাপাৰা গাঁৱৰ মানৱ-হাতী সংঘাত আক্ৰান্ত মহিলাসকলক প্ৰশিক্ষণৰ বাবে বিশ্বনাথ চাৰিআলিৰ “পাভৈ গ্ৰীণছ” ভ্ৰমণ কৰোৱায় । আৰণ্যকৰ এই পদক্ষেপে নিজৰ গাঁৱৰ পৰা ওলাই আহিবলৈ সুযোগ নোপোৱা মহিলাসকলক প্ৰথমবাৰৰ বাবে ঘৰৰ পৰা ওলাই অহাত উদগনি যোগায় । নিজৰ ঘৰতে বাগিচা আৰু নাৰ্চাৰী স্থপনৰ ক্ষেত্ৰত উদ্যমিতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰা “পাভৈ গ্ৰীণছ”ৰ উদ্যোগী নীলম দত্ত(২০০৩ চনৰ অসম গৌৰৱ বঁটাপ্ৰাপক) সৈতে এই গ্ৰাম্য মহিলাসকলে ৪ এপ্ৰিলত মত বিনিময়…
Read More
বৰপেটাত আই পি এল জুৱাৰীৰ বিৰুদ্ধে অভিযান

বৰপেটাত আই পি এল জুৱাৰীৰ বিৰুদ্ধে অভিযান

বৰপেটা জিলাৰ বিভিন্ন স্থানত অবৈধ ভাবে  চলাই অহা আই পি এল জুৱাৰ বিৰুদ্ধে বৰপেটা জিলাৰ আৰক্ষীয়ে কালি এক অভিযান চলাই জিলা খনৰ বিভিন্ন স্থানৰ পৰা আঠটা জুৱাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে নগদ দুই লাখ চৌৱন্ন হেজাৰ তিনিশ বিশ টকা আৰু কেবাটাওঁ  মোবাইল ফোন আৰু কিছু নথি পত্ৰ জব্দ কৰে৷ জানিব পৰা মতে , বৰপেটা আৰক্ষী থানাৰ  অধীনস্থ বৰপেটা জিলাৰ  কমলপুৰ গাঁৱৰ বিশা মিঞাৰ পুত্ৰ আমিনুল ইছলামক আই পি এলৰ টিকট বিক্ৰী কৰা সময়ত আৰক্ষীয়ে  গ্ৰেপ্তাৰ কৰে৷ ইপিনে হাউলী আৰক্ষী থানাৰ অন্তৰ্গত হালাপাকুৰি গাঁৱৰ আজাহাৰ আলীৰ পুত্ৰ জাহিদুল ইছলামক গ্ৰেপ্তাৰ কৰে ৷ জুৱাৰীটোৰ পৰা আই পি এল জুৱাৰ সংখ্যা আৰু এটা নোটবুক…
Read More
ড০ ইন্দিৰা শইকীয়াৰ”হৃদয়ৰ প্ৰাৰ্থনা” ৰ উন্মোচন

ড০ ইন্দিৰা শইকীয়াৰ”হৃদয়ৰ প্ৰাৰ্থনা” ৰ উন্মোচন

দেওবাৰে কটন এলুমনাই ভৱনত ড° ইন্দিৰা শইকীয়াৰ হৃদয়ৰ প্ৰাৰ্থনা- নামৰ শিশু, চেমনীয়া আৰু কিশোৰৰ উপযোগী চুটি প্ৰবন্ধৰ সংকলন এখন উন্মোচন কৰা হয়। লেখিকাৰ এইখন সাহিত্য সম্পর্কীয় সপ্তম সংখ্যক গ্ৰন্থ। ইয়াৰ আগতে প্রবন্ধ, অণুগল্প, কবিতা, চুটিগল্প, অষ্ট্ৰেলিয়াৰ ভ্ৰমণ কাহিনী আৰু শিশু গল্পৰ একোখনকৈ গ্ৰন্থ প্ৰকাশ হৈছিল। ইয়াৰ উপৰিও শিক্ষা বিষয়ৰ (অনাৰ্চ) আৰু বি.এড. কৰ্চৰ প্ৰায় ১৪খন প্রসংগ পুথি যুটিয়াভারে প্রকাশ পাইছে। আজিৰ গ্ৰন্থ উন্মোচনী সভাত বন্তি প্রজ্বলন কৰে কামৰূপ মহানগৰ লেখিকা সমাজৰ সভাপতি ৰত্না ৰংচেহনপীয়ে। উন্মোচক হিচাপে ড° প্রদীপজ্যোতি মহন্ত, বিশিষ্ট অতিথি হিচাপে ড° নীলিমা ভাগৱতী আৰু যুগললোচন দাসৰ লগতে বহু সংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানটোৰ আঁত ধৰে ৰাজুৰাণী…
Read More
শিমলীতোলাত বন বিভাগৰ অভিযানত জব্দ শাল গছৰ কুণ্ডাসহ এখন বাহন

শিমলীতোলাত বন বিভাগৰ অভিযানত জব্দ শাল গছৰ কুণ্ডাসহ এখন বাহন

গোৱালপাৰা জিলাৰ ৰংজুলি বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ বিভিন্ন এলেকাত চোৰাং কাঠৰ বেহা অব্যাহত থকা সময়তে যোৱা নিশা শিমলীতোলাত বন বিভাগে এক অভিযান চলাই বৃহৎ পৰিমাণৰ চোৰাং শাল গছৰ কুণ্ডাসহ এখন বাহন জব্দ কৰিবলৈ সক্ষম হয়৷ জানিব পৰা মতে শিমলীতোলা খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ বন বিষয়া কনক চন্দ্ৰ ডেকাৰ নেতৃত্বত যোৱা এটা বনকৰ্মীৰ দলে নিশাৰ ভাগত চলোৱা এক অভিযানত শিমলীতোলা-সিধাবাৰী সংযোগী পথৰ পোকালাগীৰ পৰা শাল কাঠৰ কুণ্ডা ভৰ্তি এ এছ-১৮ চি-৫৬৮০ নম্বৰৰ বলেৰো বাহন এখন জব্দ কৰিবলৈ সক্ষম হয়। জব্দ কৰা চোৰাং কাঠৰ বজাৰ মূল্য আনুমানিক প্ৰায় ৬০ হাজাৰ টকা হব বুলি জানিব দিয়ে বনকৰ্মীয়ে৷ ইতিমধ্যে জব্দকৃত চোৰাং কাঠসহ বাহন খন…
Read More