অসম

ছাত্ৰ বিদ্ৰোহত কঁপিছে বাংলাদেশ

ছাত্ৰ বিদ্ৰোহত কঁপিছে বাংলাদেশ

প্ৰাণ ৰক্ষা কৰি বাংলাদেশৰ পৰা সু-কলমে স্বগৃহত উপস্থিত হ'লহি শিৱসাগৰ জেঙনিকটীয়াৰ চিকিৎসা বিজ্ঞানৰ এজন বিশেষ ছাত্ৰ। ভয়াবহ সংঘৰ্ষৰ সাক্ষী শিৱসাগৰ জেঙনীকটীয়াৰ ৰফিক আলি আৰু য়াছমিন বেগমৰ পুত্ৰ আব্বাছ আলি।বাংলাদেশৰ এখন চিকিৎসা মহাবিদ্যালয়ত অধ্যয়নৰত চাব্বাছ আলিয়ে আন ১৩ গৰাকী ভাৰতীয়ৰ সৈতে কথমপি প্ৰাণ ৰক্ষা কৰি সুকলমে স্বদেশলৈ উভতি আহিবলৈ সক্ষম হৈছে। আব্বাছ থকা বাংলাদেশৰ হোষ্টেলটো হৈছিল আক্ৰমণ। বিমান বন্দৰলৈ গোপনে অহাৰ পথটো হৈছিল ভয়ানক আক্ৰমণ। ভাঙি দিয়া হৈছিল চাব্বাছ আলিহঁত উঠি অহা গাড়ী। চকুৰ সন্মুখতে বিদ্ৰোহীয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ। স্বগৃহলৈ আহি এই শিহৰনকাৰী বৰ্ণনা দিছে শিৱসাগৰৰ ছাত্ৰজনে
Read More
ডিমৰীয়াত বান সাহায্য বিতৰণ আম আদমি পাৰ্টীৰ

ডিমৰীয়াত বান সাহায্য বিতৰণ আম আদমি পাৰ্টীৰ

ডিমৰীয়া বিধান সভা সমষ্টিত আম আদমী পাৰ্টিৰ একাংশ সক্ৰিয় কৰ্মীয়ে বান সাহায্য বিতৰণ কৰে। ডিমৰীয়াৰ অতিকৈ পিছপৰা জনজাতীয় গাওঁ তপাতলী, কুৰকুৰীয়া আৰু জাৰীকুছিৰ বানপীড়িত চাৰি শতাধিক পৰিয়ালৰ মাজত আপৰ নেতা - কৰ্মী সকলে প্ৰয়োজনীয় খাদ্য সামগ্ৰী বিতৰণ কৰে। দলৰ জ্যেষ্ঠ নেতা প্ৰবীন শৰ্মা আৰু নৃপেন খাখলাৰীৰ নেতৃত্বত বানপীড়িত তথা দৰিদ্ৰ লোকৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰা হয় । আপৰ উদ্যোগত গ্ৰহণ কৰা এই কাৰ্যসূচীৰ বাবে অঞ্চলটোৰ ৰাইজে উদ্যোক্তা সকলৰ শলাগ লয়।
Read More
ভাৰতীয় শিক্ষণ মণ্ডলৰ স্মাৰক বক্তৃতা সম্পন্ন

ভাৰতীয় শিক্ষণ মণ্ডলৰ স্মাৰক বক্তৃতা সম্পন্ন

উত্তৰ অসম প্ৰান্তৰ সভাপতি ড° নীলমোহন ৰায়ৰ পৌৰোহিত্যত অনুষ্ঠিত এই মহতী অনুষ্ঠান দীপ প্ৰজ্জ্বলন আৰু  দীপমন্ত্ৰেৰে আৰম্ভ কৰা হয়৷  সভাত মুখ্য অতিথিৰূপে বিনায়কজীৰ স্মৃতিচাৰণ কৰে ৰাঃস্বঃসংঘৰ অসমক্ষেত্ৰৰ ক্ষেত্ৰ প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱা আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে প্ৰান্তমন্ত্ৰী দীপক কুমাৰ শৰ্মাই আৰু নিৰ্দিষ্ট বক্তাৰ চমু পৰিচয় আগবঢ়ায় ড° সমীৰ সৰকাৰে৷ 'ভাৰতবোধ: এক প্ৰত্যাহ্বান'-শীৰ্ষক স্মাৰক বক্তৃতা প্ৰদান কৰে বিশিষ্ট সাংবাদিক ,লেখক প্ৰফুল্ল কেতকাৰে৷ প্ৰায় আঢ়ৈশ শ্ৰোতাই তেওঁৰ বক্তৃতা শুনি মন্ত্ৰমুগ্ধ হৈ পৰে৷ সভাত বৈদিক সূক্ত পৰিবেশন কৰে নাৰায়ণী ৰায় আৰু বেলা ধৰে৷ সংগঠনৰ ধ্যেয়মন্ত্ৰ আৰু ধ্যেয়বাক্য পাঠ কৰে ক্ৰমে মীনা কুমাৰী মণ্ডল আৰু দুৰ্লভ চন্দ্ৰ পালে৷ ড° সুদেষ্ণা ভট্টাচাৰ্যই গায় কল্যাণমন্ত্ৰ ৷…
Read More
অসমত বাতিল হ’ব মুছলিম বিবাহ আইন

অসমত বাতিল হ’ব মুছলিম বিবাহ আইন

ৰাজ্যৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বৃহস্পতিবাৰে অসম মুছলিম বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন আৰু নিয়ম ১৯৩৫ বাতিল কৰাৰ বাবে এখন বিধেয়কত অনুমোদন জনাইছে, যিয়ে নিৰ্দিষ্ট পৰিস্থিতিত কম বয়সৰ বিবাহৰ অনুমতি দিছিল। মুখ্যমন্ত্ৰী শৰ্মাই এই কথা প্ৰকাশ কৰিছে। এইটোও কোৱা হৈছে যে বিধানসভাৰ আগন্তুক বৰ্ষাকালিন অধিৱেশনৰ সময়ত বাতিল বিধেয়ক ২০২৪ উত্থাপন কৰিব পাৰে। এই বছৰৰ আৰম্ভণিতে, কেবিনেটে আইনখন বাতিল কৰিবলৈ অনুমোদন জনাইছিল আৰু বৃহস্পতিবাৰে বৈঠকখনে এই সিদ্ধান্ত কাৰ্যকৰী কৰাৰ বাবে প্ৰয়োজনীয় বাতিল বিধেয়কখন কৰ্তৃত্ব প্ৰদান কৰে। কেবিনেট বৈঠকত অধ্যক্ষতা কৰা হিমন্ত বিশ্ব শৰ্মাই কয় যে আমি বাল্য বিবাহৰ বিৰুদ্ধে অতিৰিক্ত সুৰক্ষা গ্ৰহণ কৰি আমাৰ কন্যা আৰু ভগ্নীসকলৰ বাবে ন্যায় নিশ্চিত…
Read More
চৰাইদেউ মৈদামক্ষেত্ৰ বিতৰ্ক ৯ সংগঠনৰ সংবাদমেল

চৰাইদেউ মৈদামক্ষেত্ৰ বিতৰ্ক ৯ সংগঠনৰ সংবাদমেল

চৰাইদেউ জিলা আৰু শিৱসাগৰ জিলাৰ সীমা নিৰ্ধাৰণক লৈ সৃষ্টি হৈছে এই বিতৰ্ক | ২০১৪ চনত চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰত অন্তৰ্ভুক্তিৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল | কিন্তু ২০১৬ চনত চৰাইদেউ জিলা গঠন হয় |  ছশ বছৰীয়া আহোম ৰাজত্বকালৰ সোণোৱালী ইতিহাস বহন কৰি থকা ঐতিহাসিক চৰাইদেউ মৈদাম অঞ্চল বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত সন্নিবিষ্ট হোৱাৰ সময়তে বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে | গতিকে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যদা লাভ নকৰা পৰ্যন্ত এই বিষয়টো বিতৰ্কলৈ অনাৰ পৰিৱৰ্তে চৰাইদেউ মৈদাম ক্ষেত্ৰ শিৱসাগৰ জিলাতে ৰখাৰ বাবে মুখ্যমন্ত্ৰীলৈ আহ্বান মিডিয়া মেনেজমেন্ট আৰু ৰিচাৰ্চ এচচিয়েচনৰ সভাপতি জাকিৰুল আলমৰ |চৰাইদেউ মৈদাম ক্ষেত্ৰ শিৱসাগৰ জিলাত থাকিব নে চৰাইদেউ জিলাত অন্তৰ্ভুক্ত…
Read More
অসমৰ ২০ খন জিলাত বাল্য বিবাহৰ ঘটনা ৮১ শতাংশ হ্ৰাস

অসমৰ ২০ খন জিলাত বাল্য বিবাহৰ ঘটনা ৮১ শতাংশ হ্ৰাস

বাল্য বিবাহ ৰোধৰ বাবে অসম চৰকাৰে লোৱা কঠোৰ আইনী ব্যৱস্থাৰ ফলত ৰাজ্যখনত বাল্য বিবাহৰ ঘটনা ৮১ শতাংশ হ্ৰাস পাইছে। এক প্ৰতিবেদনত এই কথা প্ৰকাশ কৰা হৈছে। আন্তৰ্জাতিক ন্যায় দিৱস উপলক্ষে বুধবাৰে ইণ্ডিয়া চাইল্ড প্ৰটেকশনৰ অধ্যয়ন দলটোৱে 'ন্যায়ৰ দিশত: বাল্য বিবাহ সমাপ্ত কৰা' প্ৰতিবেদনখন মুকলি কৰে। ইয়াত কোৱা হৈছে যে ২০২২ চনত, সমগ্ৰ দেশত মুঠ ৩,৫৬৩ টা বাল্য বিবাহৰ ঘটনা পঞ্জীয়ন হৈছিল, য'ত মাত্ৰ ১৮১ টা গোচৰ সফলতাৰে নিষ্পত্তি কৰা হৈছিল। অসমৰ উদাহৰণ দাঙি ধৰি ৰাষ্ট্ৰীয় শিশু অধিকাৰ সংৰক্ষণ আয়োগ চমুকৈ এনচিপিচিআৰৰ মুৰব্বী প্ৰিয়ংক কানুংগো আৰু 'বাল্য বিবাহ মুক্ত ভাৰত'ৰ (চিএমএফআই) প্ৰতিষ্ঠাপক ভুৱন ৰিবুৱে কয় যে উত্তৰ-পূবৰ ৰাজ্যখনৰ আৰ্হিটো সকলো ৰাজ্যতে…
Read More
২০২৫ৰ জুলাইত অন্ত পৰিব মিজোৰামত ৰে’লৱে প্ৰজেক্টৰ কাম

২০২৫ৰ জুলাইত অন্ত পৰিব মিজোৰামত ৰে’লৱে প্ৰজেক্টৰ কাম

উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ (এনএফ ৰে'লৱে) পৰামৰ্শদাতা আৰ হৰংটাৱনাই কয় যে আইজলৰ ওচৰৰ ছাইৰাঙলৈ ৫১.৩৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ অসম সীমান্ত বৈৰাবি ৰে'ল ষ্টেচনৰ নিৰ্মাণ অহা বছৰৰ জুলাই মাহৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে, যদিহে অপ্ৰত্যাশিত পৰিস্থিতিয়ে নিৰ্মাণৰ অগ্ৰগতিত বাধা নিদিয়ে। নিৰ্মাণাধীন ৰে'লৱেৰ কাম-কাজ চাবলৈ ঘটনাস্থলী ভ্ৰমণ কৰা নৱনিৰ্বাচিত লোকসভা সদস্য ৰিচাৰ্ড ভানলালহমংগৈহাৰ সৈতে যোৱা হৰংটাৱনাই কয় যে কোলাচিব জিলাৰ বাইৰাবিৰ পৰা কৱনপুই ৰে'ল ষ্টেচনলৈ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পৰ্যায়ত আছে। তেওঁ কয়-অৱশ্যে, বাইৰাবিৰ পৰা কৱনপুই ষ্টেচনলৈ ৰেলপথটো এতিয়াও ব্যৱহাৰ কৰা হোৱা নাই কিয়নো পথ সংযোগ এতিয়াও সম্পূৰ্ণ হোৱা নাই।  বৈৰাবিৰ পৰা হৰ্টোকি ৰে'ল ষ্টেচনলৈকে পৰিদৰ্শন কৰাৰ বাবে ৰে'ল সুৰক্ষাৰ বাবে আয়ুক্তৰ ওচৰত…
Read More
পেট্ৰল পাম্পত বৰপেটা প্ৰশাসনৰ তালাচী

পেট্ৰল পাম্পত বৰপেটা প্ৰশাসনৰ তালাচী

জিলা আয়ুক্ত আয়ুষ নিৰ্দেশ মৰ্মে খাদ্য আৰু অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ আৰু জোখ মাফ পৰিদৰ্শকৰ কাৰ্যালয়ৰ যুটীয়া অভিযানত বৰপেটা জিলাৰ মন্দিয়াৰ দুটা পেট্ৰল পাম্পত অভিযান চলাই পেট্ৰল পাম্পৰ পেট্ৰলিয়াম সামগ্ৰীৰ গুণগত মান পৰীক্ষা কৰাৰ লগতে যাৱতীয় নথি পত্ৰ পৰীক্ষা কৰে ৷ বৰপেটা জিলাৰ কাৰ্যবাহী দন্ডাধীশ জুৰি কলিতাৰ উপস্থিতিত দুয়োটা বিভাগে যুটীয়া অভিযান চলাই পেট্ৰল পাম্প দুটাৰ পৰা পেট্ৰল আৰু ডিজেলৰ নমুনা সংগ্ৰহ কৰে আৰু পৰীক্ষণৰ বাবে প্ৰেৰণ কৰা হয়। যদি এই পেট্ৰলজাত সামগ্ৰীৰ কিবা বিসংগতি ধৰা পৰে তেতিয়া আইন অনুসৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি প্ৰশাসনৰ এটি সূত্ৰই জানিবলৈ দিয়ে ৷ সময়ে সময়ে জিলা খনৰ পেট্ৰল পাম্প…
Read More
ৰাজ্যজুৰি ‘বিদুৰভাই’ৰ মুক্তি

ৰাজ্যজুৰি ‘বিদুৰভাই’ৰ মুক্তি

কেইবছৰমান আগতে আমি সৃষ্টি কৰা বিদুৰভাইৰ প্ৰতি ৰাইজে দেখুওৱা মৰম আৰু সমৰ্থন দেখি আচৰিত হৈছিলোঁ। মই এই চিনেমাখন মোৰ ৰাজ্যৰ লোকসকললৈ উৎসৰ্গা কৰিছোঁ কিয়নো কেৱল মাথো ৰাইজৰ চাহিদাৰ বাবেই বিদুৰভাই আজি বৃহৎ পৰ্দালৈ আহিবলৈ সক্ষম হৈছে, ইউটিউবৰ পৰা বৃহৎ পৰ্দালৈ এই যাত্ৰাৰ অনুভৱ মোৰ আৰু বিদুৰভাইৰ গোটেই দলটোৰ বাবে এটি সপোনৰ সাৰ্থকতাতকৈয়ো অধিক।" সুব্ৰত কাকতি আৰু জ্যোতিষ্মান চেতিয়াৰ কাহিনীৰে প্ৰাণ পাই উঠা চলচ্চিত্ৰখনৰ চিত্ৰনাট্যকাৰ হৈছে সুব্ৰত কাকতি; আনহাতে, সহকাৰী পৰিচালক হৈছে হেমন্ত গগৈ আৰু জ্যোতিষ্মান চেতিয়া, সংগীত পৰিচালক হৈছে প্ৰণয় দত্ত, চিত্ৰগ্ৰহণকাৰী হৈছে বিতুল দাস, সহকাৰী চিনেমেট’গ্ৰাফাৰ হৈছে উত্তম কলিতা, ৰূপসজ্জা বিজেইতা পাটগিৰিৰ আৰু সাজসজ্জা জুৰি কলিতাৰ। বিদুৰভাই শীৰ্ষক বহুচৰ্চিত…
Read More
দাৰুল হিকমাহ একাডেমীৰ অভিভাৱক সভা

দাৰুল হিকমাহ একাডেমীৰ অভিভাৱক সভা

কয়াকুছিস্থিত দাৰুল হিকমাহ একাডেমীৰ এখন অভিভাৱক সভা  অনুষ্ঠিত হৈ যায়।  ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকলৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাখনত বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ মাজৰ যি গুৰু শিষ্যৰ সম্পৰ্ক সেই সন্দৰ্ভত বিচ্যুতি হোৱা বুলি উদ্বেগ প্ৰকাশ কৰে উপস্থিত বিশিষ্ট ব্যক্তিসকলে । বিশিষ্ট সাংবাদিক ছাহেদ আলী আহমেদৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত ছাত্ৰ-ছাত্ৰীৰ জ্ঞানৰ পৰিধি বিকাশ সন্দৰ্ভত বিশদভাৱে বক্তব্য  আগবঢ়ায় কয়াকুছি মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ সহযোগী অধ্যাপক ড ০ হান্নান আলী আহমেদৰ লগতে বিশিষ্ট সাংবাদিক তথা কয়াকুছি প্ৰেছ এচোছিয়েশ্যনৰ সভাপতি আব্দুল জলিলে । সভাখনত উপস্থিত বিশিষ্ট ব্যক্তিসকলে বিদ্যালয়ৰ পৰিৱেশ তথা  ছাত্ৰ-শিক্ষক আৰু অভিভাৱকৰ সম্পৰ্কই শিশুৰ বিকাশত অৰিহণা যোগাব বুলি মন্তব্য প্ৰকাশ কৰে। সভাখনত…
Read More