অসম

বৰষুণ গ’লে জাপি, দুৰ্ঘটনা হ’লে SOP! দেৰগাঁৱৰ দুৰ্ঘটনাৰ পিছতে বিশেষ নিৰ্দেশনা আৰক্ষীৰ…

বৰষুণ গ’লে জাপি, দুৰ্ঘটনা হ’লে SOP! দেৰগাঁৱৰ দুৰ্ঘটনাৰ পিছতে বিশেষ নিৰ্দেশনা আৰক্ষীৰ…

বুধবাৰে দেৰগাঁৱত হোৱা বনভোজ দলৰ শোকাৱহ বাছ দুৰ্ঘটনাৰ পিছতেই যেন সাৰ পালে অসম আৰক্ষী। দুৰ্ঘটনাৰ পিছতে বুধবাৰে অসম আৰক্ষীয়ে বনভোজৰ দলৰ প্ৰতি জাৰি কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ বিশেষ নিৰ্দেশনা (SOP)। এই বিশেষ নীতি-নিৰ্দেশনা অনুসৰি- বনভোজলৈ যোৱা বাহনসমূহত যাতে ভিৰ নহয় সেইটো নিশ্চিত কৰিব লাগিব।বনভোজস্থলীৰ আশে-পাশে অবৈধ সুৰাৰ ব্যৱসায় কৰিব নোৱাৰিব।বনভোজলৈ যোৱা বাহনসমূহৰ চালকসকলে বাহন চলোৱাৰ পূৰ্বে কোনো ধৰণৰ মাদকদ্ৰব্য সেৱন কৰিব নোৱাৰিব।বাহনসমূহত উচ্চস্তৰত সংগীত বজাব নোৱাৰিব।সূৰ্যোদয়ৰ পূৰ্বে আৰু সূৰ্যাস্তৰ পিছত বনভোজ দলৰ যাতায়ত বন্ধ হ’ব লাগিব।স্থানীয় আৰক্ষীক বনভোজ ভ্ৰমণৰ উৎসস্থান আৰু লক্ষ্যস্থানৰ সবিশেষ আগতীয়াকৈ অৱগত কৰিব লাগিব।স্থানীয় আৰক্ষীক এটা তদন্তকাৰী গোট গঠনৰ পৰামৰ্শ, আৰু যদি প্ৰয়োজন হয় তেন্তে গাঁওৰক্ষী বাহিনীৰ সহায়…
Read More
উন্মুক্ত ৰে’ল ক্ৰছিং পাৰ হোৱাৰ সময়তে অঘটন, ৰে’লে মহতিয়াই নিলে বাহন

উন্মুক্ত ৰে’ল ক্ৰছিং পাৰ হোৱাৰ সময়তে অঘটন, ৰে’লে মহতিয়াই নিলে বাহন

শিৱসাগৰ জিলাৰ শিমলুগুৰি মাউত গাঁও ৰে’লৱে ক্ৰছিঙত ভয়ংকৰ দুৰ্ঘটনা। ৰে’লে মহতিয়াই নিলে এখন চাৰিচকীয়া বাহন। উন্মুক্ত ৰে’ল ক্ৰছিং পাৰ হোৱাৰ সময়তে দুৰ্ঘটনাত পতিত হয় বাহনখন। উজনিমুৱা ৰাজধানী এক্সপ্ৰেছে মহতিয়াই নিয়ে বাহনখন৷ এই দুৰ্ঘটনাত কোনোমতে প্ৰাণৰক্ষা পৰে বাহনখনৰ চালকৰ আসনত থকা কমল নামা নামৰ ব্যক্তিজনৰ৷ কমল নামা বিচিপিএল লাকুৱাৰ কৰ্মচাৰী৷
Read More
APSC কেলেংকাৰীত গ্ৰেপ্তাৰ প্ৰাক্তন প্ৰধান নিয়ন্ত্ৰক নন্দ বাবু সিঙৰ জামিন মঞ্জুৰ আদালতৰ

APSC কেলেংকাৰীত গ্ৰেপ্তাৰ প্ৰাক্তন প্ৰধান নিয়ন্ত্ৰক নন্দ বাবু সিঙৰ জামিন মঞ্জুৰ আদালতৰ

এ পি এছ চিৰ নগদ ধন চাকৰি কেলেংকাৰিৰ সৈতে জড়িত ছয়জন বিষয়াক গ্ৰেপ্তাৰৰ লগে লগে অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ প্ৰাক্তন প্ৰধান নিয়ন্ত্ৰক নন্দ বাবু সিঙৰ জামিন মঞ্জুৰ কৰে আদালতে। চাকৰিৰ বিনিময়ত নগদ ধন কেলেংকাৰিৰ সৈতে জড়িত নন্দ বাবু সিং আৰু অন্যান্য বিষয়াক গ্ৰেপ্তাৰ কৰিছিল বিশেষ তদন্তকাৰী দলে। উল্লখ্য যে, ১১ ডিচেম্বৰত নন্দ বাবু সিঙক শিলচৰস্থিত বাসগৃহৰ পৰা আটক কৰি একেৰাহে দুদিন জেৰা কৰি গ্ৰেপ্তাৰ কৰা হৈছিল।
Read More
হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন ‘মোহন’ খ্যাত অভিনেতা দ্বীপজ্যোতি কেওট, সফলতাৰে সম্পন্ন অস্ত্ৰোপচাৰ

হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন ‘মোহন’ খ্যাত অভিনেতা দ্বীপজ্যোতি কেওট, সফলতাৰে সম্পন্ন অস্ত্ৰোপচাৰ

হৃদৰোগত আক্ৰান্ত হৈ বৰ্তমানো হাস্পতালতে আছে জনপ্ৰিয় অভিনেতা দ্বীপজ্যোতি কেওট ওৰফে ‘মোহন’। হেল্থচিটী হাস্পতালত চিকিৎসাধীন হৈ আছে দ্বীপজ্যোতি কেওট। অস্ত্ৰোপচাৰৰ পিছত বৰ্তমানো ICUতে আছে অভিনেতাজন। আগন্তুক ৪৮ ঘণ্টা অভিনেতাজনক চিকিৎসকৰ নীৰিক্ষণত ৰখা হ’ব বুলি জনাইছে হাস্পতালক কৰ্তৃপক্ষই। উল্লেখ্য যে, পহিলা জানুৱাৰীত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ‘মোহন’ক। তাৰ পিছতে চিকিৎসকে অস্ত্ৰোপচাৰৰ পৰামৰ্শ দিছিল। সেইদিনাই হৃদৰোগ বিশেষজ্ঞ মায়াংক আগৰৱালাৰ তত্বাৱধানত দ্বীপজ্যোতিৰ অস্ত্ৰোপচাৰ সম্পন্ন হয়। অস্ত্ৰোপচাৰৰ পিছত ৪৮ ঘণ্টা চিকিৎসকৰ নিৰীক্ষণত ৰখা হয় দ্বীপজ্যোতি কেওটক।
Read More
চোৱা নহ’ল টিলিঙা মন্দিৰ, খোৱা নহ’ল বনভোজ! পুৱাই ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু ১২ জনৰ, আহত ৩১

চোৱা নহ’ল টিলিঙা মন্দিৰ, খোৱা নহ’ল বনভোজ! পুৱাই ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু ১২ জনৰ, আহত ৩১

নতুন বছৰৰ আৰম্ভণিতে বনভোজলৈ গৈ অকাল মৃত্যুক সাৱটিবলগীয়া হ’ল ১২ জনকৈ লোকে। পুৱাই এক শোকাবহ দু্ৰ্ঘটনাই জোকাৰি যায় গোলাঘাট জিলাৰ দেৰগাঁৱৰ বালিজানত। বনভোজযাত্ৰীৰ আল্ট্ৰা বাছ আৰু এখন কয়লাভৰ্তি ট্ৰাকৰ মাজত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাত ৩ শিশুসহ থিতাতে মৃত্যুক সাৱটি লয় ১২ জন লোক। এই দুৰ্ঘটনাত আন ৩০ জন লোক আহত হৈ বৰ্তমান হাস্পতালত চিকিৎসাধীন হৈ আছে। জানিব পৰা মতে, গোলাঘাটৰ আঠখেলীয়া ভৰলুৱা গাঁৱৰ ৪৫ জন লোকে নৱবৰ্ষৰ আৰম্ভণিতে বনভোজৰ পৰিকল্পনা কৰিছিল। তেওঁলোকে প্ৰথমে ঐতিহাসিক টিলিঙা মন্দিৰ দৰ্শন কৰি পিছত বগীবিলত বনভোজ খোৱাৰ পৰিকল্পনা কৰি পুৱা ৩.৩০ বজাত বাছত উঠিছিল। কিন্তু যাত্ৰা আৰম্ভ হোৱাৰ মাত্ৰ ১ ঘণ্টা পিছতে দেৰগাঁৱৰ বালিজানত ভুল দিশেৰে…
Read More
নৱবৰ্ষৰ প্ৰাকসন্ধ্যা মহানগৰীত সুৰা বিক্ৰীৰ অভিলেখ, বিক্ৰী হ’ল…

নৱবৰ্ষৰ প্ৰাকসন্ধ্যা মহানগৰীত সুৰা বিক্ৰীৰ অভিলেখ, বিক্ৰী হ’ল…

নতুন বছৰৰ বিশেষ উদযাপনত মহানগৰীত সৃষ্টি হ’ল সুৰা বিক্ৰীৰ অভিলেখ। নতুন বছৰৰ প্ৰাকক্ষণত মহানগৰীত বিক্ৰী হ’ল ৮.৫ কোটি টকাৰ সুৰা। চৰকাৰী তথ্য অনুসৰি, কেৱল ৩১ ডিচেম্বৰৰ সন্ধিয়াটোতে মহানগৰীত সৃষ্টি হয় এই সুৰা বিক্ৰীৰ অভিলেখ। উল্লেখ্য যে, নৱবৰ্ষ উদযাপনত মহানগৰীয়ে সুৰা বিক্ৰীৰ অভিলেখ গঢ়িলেও সুৰাপান কৰি গাড়ী চলোৱাৰ বিৰুদ্ধে কঠোৰ হৈছিল প্ৰশাসন। মহানগৰীত সুৰাপায়ী বাহন চালকৰ বিৰুদ্ধে চলোৱা আৰক্ষীৰ অভিযানৰ সময়ত সৃষ্টি হৈছিল একাধিক অপ্ৰীতিকৰ ঘটনাৰো।
Read More
নৱবৰ্ষ উদযাপনৰ মাজতে মহানগৰীত অপ্ৰীতিকৰ পৰিস্থিতি, উদণ্ড বাহন ৰখাবলৈ আৰক্ষীৰ গুলীচালনা

নৱবৰ্ষ উদযাপনৰ মাজতে মহানগৰীত অপ্ৰীতিকৰ পৰিস্থিতি, উদণ্ড বাহন ৰখাবলৈ আৰক্ষীৰ গুলীচালনা

নৱবৰ্ষক আদৰাৰ উছাহৰ মাজতে মহানগৰীত সংঘটিত হ’ল গুলীচালনাৰ ঘটনা। মহানগৰীৰ হাতীগাঁও অঞ্চলত আৰক্ষীৰ বেৰিকেডত যান বাহন পৰীক্ষাৰ সময়তে সংঘটিত হয় এই ঘটনা। জানিব পৰা মতে, AS01AQ6674 নম্বৰৰ এখন স্কৰ্পিঅ’ বাহনে ভেটাপাৰাৰ পৰা হাতীগাঁও অভিমুখে গৈ থকা সময়ত প্ৰথমে এখন ডাম্পাৰৰ খুন্দা মাৰে। দুৰ্ঘটনা সংঘটিত কৰি বাহনচালকজনে পলায়ন কৰিবলৈ চেষ্টা কৰাত আৰক্ষীয়ে বাধা দিবলৈ গুলীচালনা কৰে। অৱশ্যে বাহনখনে সিজুবাৰী অভিমুখে পলায়ন কৰিবলৈ সক্ষম হয়। এই ঘটনাক লৈ গুৱাহাটীৰ জ্যেষ্ঠ আৰক্ষী বিষয়াসকলে উচ্চ পৰ্যায়ৰ তদন্তৰ আহ্বান জনাইছে। পিছত চিটি আৰক্ষীয়ে গাড়ীখন ঢাকি ৰখা এটা ঘৰৰ পৰা স্ক’ৰপিঅ’খন উদ্ধাৰ কৰে। লগে লগে হাউছফেডৰ পৰা অহা লোক দুজনক হাতীগাঁও আৰক্ষীয়ে আটক কৰি নুৰুল হুছেইন…
Read More
মৰিগাঁৱত জেহাদীৰ সন্দেহত গ্ৰেপ্তাৰ বাংলাদেশী নাগৰিক, অবৈধভাৱে নিৰ্বাচনতো কৰিছিল ভোটদান…

মৰিগাঁৱত জেহাদীৰ সন্দেহত গ্ৰেপ্তাৰ বাংলাদেশী নাগৰিক, অবৈধভাৱে নিৰ্বাচনতো কৰিছিল ভোটদান…

অবৈধ উপায়েৰে ভোটাৰ তালিকাত নাম অন্তৰ্ভূক্ত কৰা এজন বাংলাদেশী নাগৰিকক জেহাদীৰ সন্দেহত দেওবাৰে মৰিগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। মৰিগাঁৱৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসে জানিবলৈ দিয়া মতে, শনিবাৰে নিশা আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত জিলাখনৰ চেনিমাৰী অঞ্চলত অভিযান চলায়। এই অভিযানত এগৰাকী মহিলাৰ ঘৰত গোপনে আশ্ৰয় লৈ থকা বাংলাদেশী নাগৰিকজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়া মতে, ধৃত বাংলাদেশী নাগৰিকজনৰ নাম ইছলাম মণ্ডল। জেহাদী কাৰ্যকলাপৰ সৈতে জড়িত থকা বুলি আৰক্ষীয়ে সন্দেহ কৰা অভিযুক্তজনে লাহৰিঘাট বিধানসভা সমষ্টিৰ ভোটাৰ তালিকাত নিজৰ নাম নূৰ মণ্ডল বুলি অবৈধভাৱে অন্তৰ্ভূক্ত কৰিছিল। অভিযুক্ত জেহাদীজনে বিগত বিধানসভা নিৰ্বাচনত ভোটদান কৰা বুলিও মন্তব্য কৰে আৰক্ষীয়ে। ইফালে…
Read More
বিক্সা বিষাক্ত চাওমিন কাণ্ড! মৃত্যুক সাৱটিলে তৃতীয়গৰাকী ছাত্ৰীয়েও

বিক্সা বিষাক্ত চাওমিন কাণ্ড! মৃত্যুক সাৱটিলে তৃতীয়গৰাকী ছাত্ৰীয়েও

বাক্সা জিলাত চাওমিনৰ সৈতে বিহ মিহলাই খাই অসুস্থ হৈ বিগত কেইবাদিনো ধৰি হাস্পতালত চিকিৎসাধীন হৈ থকা তৃতীয় গৰাকী ছাত্ৰীও অৱশেষত শুই পৰিল মৃত্যুৰ কোলাত। উল্লেখ্য যে, ৮ ডিচেম্বৰত টিউছন শিক্ষকে ধমক দিয়াৰ বাবেই তিনিগৰাকী কিশোৰী ছাত্ৰীয়ে চাওমিনৰ সৈতে বিহ মিহলাই খাইছিল। ইয়াৰ পিছতে অসুস্থ হৈ পৰা তিনিওগৰাকী ছাত্ৰীক গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। কিন্তু ১৩ ডিচেম্বৰত এগৰাকী ছাত্ৰীৰ মৃত্যু ঘটাৰ পিছত ২৫ ডিচেম্বৰতো মৃত্যুক সাৱটি লয় দ্বিতীয়গৰাকী ছাত্ৰীয়ে। ইয়াৰ পিছতে ৩০ ডিচেম্বৰত মৃত্যু ঘটে তৃতীয়গৰাকী ছাত্ৰীৰ। এই ঘটনাৰ সৈতে জড়িত গোচৰ ৰুজু কৰি বাক্সা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। চাওমিন দোকানৰ স্বত্বাধিকাৰ মিয়াজান আলীক গ্ৰেপ্তাৰ কৰি জেল জিম্মালৈ প্ৰেৰণ…
Read More
ন্যায়াধীশ বিজয় বিষ্ণৈক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তিৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ

ন্যায়াধীশ বিজয় বিষ্ণৈক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তিৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ

ন্যায়াধীশ সন্দীপ মেহতাক উচ্চতম ন্যায়ালয়লৈ পদোন্নীত কৰাৰ ফলত সৃষ্টি হোৱা খালী পদ পূৰণৰ বাবে গৌহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ বিজয় বিষ্ণৈক নিযুক্তি দিয়াৰ পৰামৰ্শ আগবঢ়াইছে ভাৰতৰ উচ্চতম ন্যায়ালয়ে। মুখ্য ন্যায়াধীশ নিৰ্বাচনৰ ক্ষেত্ৰত বিভিন্ন উচ্চ ন্যায়ালয়ৰ ন্যায্য প্ৰতিনিধিত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰা কাৰ্য্যবিধিৰ স্মাৰকপত্ৰ অনুসৰি এই পৰামৰ্শ দিয়া হৈছে। বৰ্তমান ৰাজস্থান উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে ন্যায়াধীশ বিষ্ণৈয়ে। ন্যায়িক জীৱনৰ পূৰ্বে তেওঁ ৰাজস্থান উচ্চ ন্যায়ালয় আৰু যোধপুৰৰ কেন্দ্ৰীয় প্ৰশাসনিক ন্যায়াধিকৰণত দেৱানী, অপৰাধমূলক, সাংবিধানিক, সেৱা আৰু নিৰ্বাচনী গোচৰত বিশেষজ্ঞতাৰে আইন চৰ্চা কৰিছিল। খবৰ অনুসৰি তেওঁক নিযুক্তিৰ পৰামৰ্শ দিয়াৰ আনুষ্ঠানিক প্ৰস্তাৱ কলেজিয়ামে দিছিল, য’ত মুখ্য ন্যায়াধীশ ডি ৱাই…
Read More