অসম

গাজাৰ জাবালিয়াৰ শৰণাৰ্থী শিবিৰত ইজৰাইলৰ আক্ৰমণত ৩৩ জন নিহত

গাজাৰ জাবালিয়াৰ শৰণাৰ্থী শিবিৰত ইজৰাইলৰ আক্ৰমণত ৩৩ জন নিহত

গাজাৰ জাবালিয়াৰ উত্তৰ অংশত এটা শৰণাৰ্থী শিবিৰত শেহতীয়াকৈ ইজৰাইলী আক্ৰমণত কমেও ৩৩ জন লোক নিহত হৈছে।গাজাৰ হামাছে এই আক্ৰমণৰ বিষয়ে প্ৰকাশ কৰিছে। তথ্য অনুসৰি, এই আক্ৰমণত ২১ গৰাকী মহিলাৰ মৃত্যু হৈছে। অৱশ্যে, ইজৰাইলে এতিয়ালৈকে জাবালিয়াৰ ওপৰত এই শেহতীয়া আক্ৰমণৰ অভিযোগ সন্দৰ্ভত কোনো মন্তব্য কৰা নাই। ইজৰাইলী বাহিনীয়ে যোৱা কেইবা সপ্তাহ ধৰি ঘন বসতিপূৰ্ণ শিবিৰসমূহ ঘেৰাও কৰি আছিল। এই সপ্তাহত, হামাচৰ মুখ্য নেতা য়াহিয়া ছিনৱাৰো ইজৰাইলী আক্ৰমণত নিহত হয়। একে সময়তে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনে যুদ্ধবিৰতি প্ৰচেষ্টা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে। বাইডেনে কয় যে লেবাননৰ যুদ্ধ বিৰতিৰ দিশত কাম কৰাৰ অধিক সুযোগ আছে। লেবাননত, ইজৰাইলে হিজবুল্লাহৰ সৈতে যুদ্ধ কৰি আছে।…
Read More
মহাদেৱ বেটিং এপ গোচৰৰ সৈতে সাঙুৰ খাইছে অভিনেত্ৰী তামান্না ভাটিয়া

মহাদেৱ বেটিং এপ গোচৰৰ সৈতে সাঙুৰ খাইছে অভিনেত্ৰী তামান্না ভাটিয়া

বৃদ্ধি পাইছে বলিউড অভিনেত্ৰী তামান্না ভাটিয়াৰ বিপদ। অভিনেত্ৰীগৰাকী মহাদেৱ বেটিং এপ গোচৰৰ সৈতে সাঙুৰ খাই পৰিছে। সেয়ে অভিনেত্ৰীগৰাকীক প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) গুৱাহাটীৰ কাৰ্যালয়ত বৃহস্পতিবাৰে সোধা-পোছা কৰে। তামান্না ভাটিয়াক এই গোচৰত অভিযুক্ত হিচাপে সোধা-পোছা কৰা হোৱা নাই, কিন্তু এই এপটোৰ প্ৰচাৰৰ সন্দৰ্ভত কৰা হৈছে। অভিনেত্ৰীগৰাকী শেহতীয়াকৈ 'স্ত্ৰী ২' চলচ্চিত্ৰখনৰ বাবে শিৰোনামত আছিল, য'ত তেওঁৰ গীত 'আজি কি ৰাত' চৰ্চাত আছিল। ইডিয়ে তামান্না ভাটিয়াক এইচপিজেড (HPZ) এপ কেলেংকাৰীত সোধা-পোছাৰ বাবে মাতি পঠিয়াইছিল। তামান্না তেওঁৰ মাতৃৰ সৈতে দিনৰ প্ৰায় ১.৩০ বজাত গুৱাহাটীৰ ইডি কাৰ্যালয়ত উপস্থিত হয়। এই এপৰ জৰিয়তে ৫৭ হাজাৰ টকা বিনিয়োগৰ বাবে প্ৰতিদিনে ৪ হাজাৰ টকা পৰিশোধ কৰাৰ প্ৰতিশ্ৰুতি দি বহু…
Read More
নাগৰিকত্ব আইনৰ ধাৰা ৬এৰ বৈধতা বজাই ৰাখিলে উচ্চতম ন্যায়ালয়ে

নাগৰিকত্ব আইনৰ ধাৰা ৬এৰ বৈধতা বজাই ৰাখিলে উচ্চতম ন্যায়ালয়ে

উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে অসমত অবৈধ অনুপ্ৰৱেশকাৰীসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা নাগৰিকত্ব আইনৰ ধাৰা ৬এৰ সাংবিধানিক বৈধতা বজাই ৰাখিছে। মুখ্য ন্যায়াধীশ ডি.ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত পাঁচজনীয়া সংবিধান বিচাৰপীঠে কয় যে অসম চুক্তি অবৈধ প্ৰব্ৰজনৰ সমস্যাৰ এক ৰাজনৈতিক সমাধান। মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়, সূৰ্য কান্ত, এম এম সুন্দ্ৰেশ আৰু মনোজ মিশ্ৰাক লৈ গঠিত এখন বিচাৰপীঠে কয় যে সংসদৰ এই ব্যৱস্থা বলবৎ কৰাৰ আইনী দক্ষতা আছে। ন্যায়াধীশ পাৰ্দিৱালাই ভিন্নমত পোষণ কৰিছিল আৰু ধাৰা ৬এক অসাংবিধানিক বুলি ঘোষণা ককৰে। উচ্চতম ন্যায়ালয়ৰ সংখ্যাগৰিষ্ঠ ৰায়ত কোৱা হৈছে যে অসমক প্ৰৱেশ আৰু নাগৰিকত্ব প্ৰদানৰ বাবে ১৯৭১ চনৰ ২৫ মাৰ্চৰ সময়সীমা সঠিক। নাগৰিকত্ব আইনৰ ধাৰা ৬এ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কয়…
Read More
উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি.ৱাই. চন্দ্ৰচূড়ৰ উত্তৰাধিকাৰী হ’ব সঞ্জীৱ খান্না

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি.ৱাই. চন্দ্ৰচূড়ৰ উত্তৰাধিকাৰী হ’ব সঞ্জীৱ খান্না

ভাৰতৰ মুখ্য ন্যায়াধীশ ডি.ৱাই. চন্দ্ৰচূড়ৰ উত্তৰাধিকাৰী হ'ব উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জীৱ খান্না। মুখ্য ন্যায়াধীশ ডি.ৱাই. চন্দ্ৰচূড়ে জ্যেষ্ঠতাৰ ভিত্তিত ন্যায়াধীশ সঞ্জীৱ খান্নাক তেওঁৰ উত্তৰাধিকাৰীৰূপে নিযুক্ত দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ পৰামৰ্শ আগবঢ়াইছে। সূত্ৰ অনুসৰি, মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে বুধবাৰে ন্যায়াধীশ খান্নালৈ তেওঁৰ পৰামৰ্শ পত্ৰ দাখিল কৰে। ন্যায়াধীশ খান্না ১১ নৱেম্বৰত ভাৰতৰ ৫১ তম মুখ্য ন্যায়াধীশ হ'ব। ১৮ জানুৱাৰী, ২০১৯ত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে উন্নীত হোৱা ন্যায়াধীশ খান্নাই ১৩ মে', ২০২৫ তাৰিখে অৱসৰ গ্ৰহণ কৰিব। যদি ন্যায়াধীশ খান্নাই ১১ নৱেম্বৰত ৫১ তম মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব গ্ৰহণ কৰে, তেন্তে তেওঁৰ কাৰ্যকাল ছয় মাহতকৈ অলপ বেছি হ'ব আৰু ১৩ মে', ২০২৫ তাৰিখে কাৰ্যকাল অন্ত পৰিব।…
Read More
জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ ওমৰ আব্দুল্লাৰ

জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ ওমৰ আব্দুল্লাৰ

জম্মু-কাশ্মীৰত অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ পিছত কেন্দ্ৰীয় শাসিত ৰাজ্যখনত প্ৰথমবাৰৰ বাবে চৰকাৰ গঠন কৰা হৈছে। এনচিপিৰ সভাপতি ওমৰ আব্দুল্লাই বুধবাৰে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। শ্ৰীনগৰৰ শ্বেৰ-ই-কাশ্মীৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰত (এছকেআইচিচি) পুৱা ১১.৩০ বজাত শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয়। ইণ্ডিয়া এলায়েন্সৰ বহুনেতাই এই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে। ইয়াৰ ভিতৰত আছে মল্লিকাৰ্জুন খাৰ্গে, ৰাহুল গান্ধী, কেচি বেণুগোপাল, সুপ্ৰিয়া চুলে, সুখবীৰ সিং বাদল ইত্যাদি। সোমবাৰে জম্মু-কাশ্মীৰত ৰাষ্ট্ৰপতি শাসন প্ৰত্যাহাৰ কৰা হয়, যাৰ ফলত কেন্দ্ৰীয় শাসিত অঞ্চলত প্ৰথম চৰকাৰ গঠনৰ পথ প্ৰশস্ত হয়। জম্মু আৰু কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহাই ওমৰ আব্দুল্লাৰ সৈতে তেওঁৰ মন্ত্ৰীসভাৰ সহকৰ্মীসকলক শপত গ্ৰহণ কৰোৱায়। কংগ্ৰেছ-নেচনেল কনফাৰেন্স…
Read More
মাউণ্ট এভাৰেষ্ট উচ্চতা ১৫ ৰ পৰা ৫০ মিটাৰ বৃদ্ধি

মাউণ্ট এভাৰেষ্ট উচ্চতা ১৫ ৰ পৰা ৫০ মিটাৰ বৃদ্ধি

এটা নতুন অধ্যয়নত পোহৰলৈ আহিছে যে এখন নদীৰ কাৰণে মাউণ্ট এভাৰেষ্ট ১৫ ৰ পৰা ৫০ মিটাৰ উচ্চতা বৃদ্ধি পাইছে। শেহতীয়া এক অধ্যয়ন অনুসৰি, এই নদীখনে পৃথিৱীৰ সৰ্বোচ্চ পৰ্বতৰ তলৰ পৰা শিল আৰু মাটি খহনীয়া কৰি আছে। ইয়াৰ বাবে, এভাৰেষ্টৰ উচ্চতা বৃদ্ধি পাইছে। মাউণ্ট এভাৰেষ্টৰ উচ্চতা প্ৰায় ৮৮৪৯ মিটাৰ। ইউনিভাৰ্চিটি কলেজ লণ্ডনৰ (ইউচিএল) গৱেষকসকলে কৈছে যে পৃথিৱীৰ সৰ্বোচ্চ শৃংগৰ পৰা ৭৫ কিলোমিটাৰ দূৰত থকা অৰুণ নদীত ভূমি-স্তৰৰ পৰিৱৰ্তনৰ ফলত প্ৰতি বছৰে এভাৰেষ্ট দুই মিলিমিটাৰ বৃদ্ধি পাইছে। এই গৱেষণাৰ সৈতে জড়িত নোহোৱা ভূতাত্ত্বিকসকলে কৈছে যে এইটো তত্ত্বগতভাৱে এটা আকৰ্ষণীয় বস্তু, কিন্তু গৱেষণাত বহুতো আছে যাৰ বিষয়ে নিশ্চিতভাৱে একো ক'ব নোৱাৰি। এভাৰেষ্ট হৈছে…
Read More
বান প্ৰভাৱিত ৰাজ্য গুজৰাটলৈ ৬০০ কোটি, মণিপুৰলৈ ৫০ কোটি আৰু ত্ৰিপুৰালৈ ২৫ কোটি টকা আগবঢ়ালে কেন্দ্ৰই

বান প্ৰভাৱিত ৰাজ্য গুজৰাটলৈ ৬০০ কোটি, মণিপুৰলৈ ৫০ কোটি আৰু ত্ৰিপুৰালৈ ২৫ কোটি টকা আগবঢ়ালে কেন্দ্ৰই

কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ (এছডিআৰএফ) পৰা কেন্দ্ৰীয় অংশ হিচাপে আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি পুঁজিৰ (এনডিআৰএফ) পৰা গুজৰাটলৈ ৬০০ কোটি টকা, মণিপুৰলৈ ৫০ কোটি টকা আৰু ত্ৰিপুৰাক ২৫ কোটি টকা আগবঢ়োৱাৰ বাবে অনুমোদন জনাইছে। এই ৰাজ্যসমূহ এই বছৰ দক্ষিণ-পশ্চিম মৌচুমী বায়ুত অত্যাধিক ধাৰাসাৰ বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ দ্বাৰা প্ৰভাৱিত হৈছে। কেন্দ্ৰই শেহতীয়াকৈ বানপানীৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱা বিহাৰ আৰু পশ্চিম বংগলৈ অতি শীঘ্ৰে ইণ্টাৰ-মিনিষ্ট্ৰিয়েল চেণ্ট্ৰেল দল (আইএমচিটি) প্ৰেৰণ কৰিব আৰু ক্ষয়ক্ষতিৰ মূল্যায়ন কৰিব। কেন্দ্ৰীয় চৰকাৰে গুজৰাটলৈ ৬০০ কোটি টকা, মণিপুৰলৈ ৫০ কোটি টকা আৰু ত্ৰিপুৰাক এছডিআৰএফৰ পৰা কেন্দ্ৰীয় অংশ হিচাপে ২৫ কোটি টকা মুকলি কৰিবলৈ আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি পুঁজিৰ…
Read More
কাৰুশিল্প শ্ৰেণীত শুৱালকুছিয়ে লাভ কৰিলে’শ্ৰেষ্ঠ পৰ্যটন ভিলেজ’ বঁটা

কাৰুশিল্প শ্ৰেণীত শুৱালকুছিয়ে লাভ কৰিলে’শ্ৰেষ্ঠ পৰ্যটন ভিলেজ’ বঁটা

ৰাজ্যৰ শুৱালকুছিয়ে এই বছৰ কাৰুশিল্প শ্ৰেণীত 'শ্ৰেষ্ঠ পৰ্যটন ভিলেজ' বঁটা লাভ কৰিছে। ৰেচম বয়ন উদ্যোগৰ কেন্দ্ৰ বিন্দু হোৱাৰ বাবে, অসমৰ সামাজিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰাৰ বাবে ইয়াক এই সন্মান প্ৰদান কৰা হৈছে। বিশ্ব পৰ্যটন দিৱস উপলক্ষে শুকুৰবাৰে পৰ্যটন মন্ত্ৰালয়ে এই বঁটা ঘোষণা কৰে।শুৱালকুছি মুগা, এৰি, পাট দৰে ৰেচম কাপোৰৰ ঐতিহ্য সংৰক্ষণৰ বাবে বিখ্যাত। মুগা ৰেচমে ইয়াৰ স্বকীয় গুণ আৰু বৈশিষ্ট্যৰ বাবে আন্তৰ্জাতিক স্বীকৃতি লাভ কৰিছে।শুৱালকুছি ৰেচম বয়ন উদ্যোগৰ প্ৰচাৰ আৰু কল্যাণৰ বাবে কাম কৰা স্থানীয় বেচৰকাৰী সংগঠন মাৰাভেলাক পুৰস্কৃত কৰা হৈছে।
Read More
গুৱাহাটীত মাংস ব্যৱসায়ীৰ মাজত পৰিষ্কাৰ পৰিচন্নতা বিষয়ক সজাগতা সভা

গুৱাহাটীত মাংস ব্যৱসায়ীৰ মাজত পৰিষ্কাৰ পৰিচন্নতা বিষয়ক সজাগতা সভা

গুৱাহাটীৰ  লখৰা বজাৰ শিৱ মন্দিৰ  আৰু লালগণেশ গণেশ মন্দিৰ প্ৰাংগনত কামৰূপ মহানগৰ জিলাৰ জিলা আয়ুক্তৰ নিৰ্দেশত, কামৰূপ মহানগৰ জিলাৰ জিলা পশুপালন বিষয়াৰ উদ্যোগত ১৯ আৰু ২৫ ছেপ্টেম্বৰত মাংস ব্যৱসায়ী সকলৰ মাজত পৰিষ্কাৰ - পৰিচন্নতা বিষয়ক এখনকৈ মুঠ দুখন  সজাগতা সভা অনুষ্ঠিত হয়। কামৰূপ মহানগৰ জিলাৰ জিলা পশুপালন বিষয়া ডাঃ নাৰায়ন চন্দ্র দেউৰীৰ নেতৃত্বত অনুষ্ঠিত হোৱা সজাগতা সভাত মাংস ব্যৱসায়ী সকলে  কিদৰে পৰিষ্কাৰ-পৰিচন্নতাৰ দিশটোৰ ওপৰত অধিক গুৰুত্ব দি গ্ৰাহকক মাংস যোগান ধৰিব লাগে সেই বিষয়ে বিশদ বাখ্যা দাঙি ধৰে  কামৰূপ মহানগৰ  জিলাৰ পশুপালন বিষয়া ডাঃ বিজিত দেৱচৌধুৰী আৰু এছ পি চি এৰ কৰ্মকৰ্তা সকলে। উল্লেখযোগ্য যে  সভাত  গুৱাহাটী পৌৰ নিগমৰ ২৪ …
Read More
ম্যানমাৰৰ সামৰিক চৰকাৰক উৎখাতৰ লক্ষ্যৰে একত্ৰিত তিনিটা শক্তিশালী সশস্ত্ৰ গোট

ম্যানমাৰৰ সামৰিক চৰকাৰক উৎখাতৰ লক্ষ্যৰে একত্ৰিত তিনিটা শক্তিশালী সশস্ত্ৰ গোট

শেহতীয়া দিনবোৰত সশস্ত্ৰ গোটৰ এক মিত্ৰজোঁটে সেনাৰ বিৰুদ্ধে এক বৃহৎ সামৰিক অভিযানত ম্যানমাৰৰ পূবৰ এটা বৃহৎ এলেকা দখল কৰিছে। এই সশস্ত্ৰ মিত্ৰজোঁট তিনিটা শক্তিশালী সশস্ত্ৰ গোটৰে গঠিত। এই তিনিটা গোটে বিভিন্ন জাতি-গোটক প্ৰতিনিধিত্ব কৰে। সশস্ত্ৰ গোটটোৰ যুঁজাৰুসকলে ম্যানমাৰৰ দ্বিতীয় বৃহত্তম চহৰ মান্দালয়ৰ কাষ চাপিছে। উল্লেখ্য যে ম্যানমাৰৰ শাসন ২০২১ চনত সেনাই দখল কৰিছিল। ম্যানমাৰৰ সামৰিক শাসনৰ পিছত গঠন হয় ব্ৰাদাৰহুড এলায়েন্স, যাক থ্ৰী ব্ৰাদাৰহুড এলায়েন্স বুলিও জনা যায়। এইটো তিনিটা সশস্ত্ৰ গোটৰে গঠিত। তিনিওটা গোট ম্যানমাৰৰ সীমান্ত অঞ্চলত সক্ৰিয় হৈ আছে। ম্যানমাৰৰ গৃহযুদ্ধত সামৰিক প্ৰশাসনৰ বিৰুদ্ধে উদ্ভৱ হোৱা এইটো এটা নতুন শক্তি। এই মিত্ৰজোঁটত আছে ম্যানমাৰ নেচনেল ডেমক্ৰেটিক এলায়েন্স আৰ্মি…
Read More