03
Jul
আমেৰিকাৰ ২ নং স্থানৰ গ’ফক ইউক্ৰেইনৰ অছিড দায়ানা য়াষ্ট্ৰেমস্কাই ৭-৬ (৩), ৬-১ ছেটত পৰাস্ত কৰে। কালি প্ৰতিষ্ঠিত ১ নং ক’ৰ্টত অনুষ্ঠিত হয় এই খেলখন। এই পৰাজয়ৰ লগে লগে ২১ বছৰীয়া গ’ফে ফ্ৰেন্স অ’পেন জয় কৰাৰ পিছত গ্ৰেণ্ড শ্লেম ইভেণ্ট উইম্বলডনৰ প্ৰথম ৰাউণ্ডত পৰাস্ত হোৱা অ'পেন যুগৰ তৃতীয়গৰাকী মহিলা তাৰকা হিচাপে পৰিগণিত হয়। ইয়াৰ পূৰ্বে জাষ্টিন হেনেন (২০০৫) আৰু ফ্ৰান্সেস্কা শ্বিয়াভনে (২০১০) এই দুৰ্ভাগ্যৰ সন্মুখীন হৈছিল। এই মেচখন গ'ফৰ বাবে আছিল অতি হতাশাজনক। মাত্ৰ কেইসপ্তাহমানৰ আগতে ৰোনাল্ডো গাৰোছৰ ৰঙা মাটিত ১ নং আৰিনা চাবালেংকাক পৰাস্ত কৰি গ’ফে দ্বিতীয়বাৰৰ বাবে গ্ৰেণ্ড শ্লেমৰ খিতাপ দখল কৰিছিল। ইয়াৰ পূৰ্বে ২০২৩ চনৰ ইউ এছ অ’পেনতো…
