03
Nov
অৱশেষত বিশ্বকাপৰ খিতাপ দখল কৰিলে মহিলা ক্ৰিকেট দলটোয়ে। প্ৰথমবাৰৰ বাবে ভাৰতীয় মহিলা ক্ৰিকেট দলটো চেম্পিয়ন হয়। ইয়াৰ মাজতে দলটোৰ বাবে BCCI য়ে এক ডাঙৰ ঘোষণা কৰিছে।ভাৰতীয় মহিলা দল আৰু প্ৰশিক্ষক-কৰ্মচাৰীসকলৰ বাবে পুৰস্কাৰৰ ঘোষণা কৰা হৈছে। বিচিচিআইৰ সম্পাদক দেৱজিৎ শইকীয়াই এই ঘোষণা কৰে।মহিলা দলটোক জয়ৰ বাবে অভিনন্দন জনাই BCCI য়ে কয় যে, বিচিচিআইয়ে খেলুৱৈ, প্ৰশিক্ষক, সহায়ক-কৰ্মচাৰী তথা সমগ্ৰ দলটোৰ বাবে ৫১ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে। ইয়াৰোপৰি দলটোৱে আৰু বহু সুবিধা লাভ কৰিব।
