24
Mar
এক্সিছ মেক্স লাইফ ইঞ্চুৰেন্স লিমিটেডে ভাৰতৰ ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগসমূহ(এমএছএমই)ৰ বিত্তীয় সুৰক্ষা বৃদ্ধিৰ বাবে সাৰাথি ফাইনেন্স এণ্ড ক্ৰেডিট প্ৰাইভেট লিমিটেডৰ সৈতে কৌশলগত কৰ্পৰেট এজেণ্ট অংশীদাৰিত্বত স্বাক্ষৰ কৰিছে। নতুন যুগৰ এনবিএফচি সাৰথি ফাইনেন্সে বিশেষকৈ তৃণমূল পৰ্যায়ত এমএছএমইৰ বাবে ঋণৰ ব্যৱধান দূৰ কৰাত গুৰুত্ব আৰোপ কৰে।এই অংশীদাৰিত্বৰ অধীনত এক্সিছ মেক্স লাইফে সাৰথিৰ ঋণগ্ৰহণকাৰীসকলক নিজৰ গ্ৰুপ ক্ৰেডিট লাইফ ছিকিউৰ (জিচিএলএছ) বিকল্পসমূহ আগবঢ়াব। এই ব্যৱস্থাই আৰ্থিক সুৰক্ষাৰ জাল হিচাপে কাম কৰিবলৈ প্ৰস্তুত কৰা হৈছে, যাতে অভাৱনীয় পৰিঘটনাৰ ক্ষেত্ৰত ঋণৰ বোজা ঋণ লোৱাজনৰ পৰিয়ালৰ ওপৰত নপৰে বা ব্যৱসায়ত ব্যাঘাত জন্মাব নোৱাৰে।এক্সিছ মেক্স লাইফৰ এমডি তথা চিইঅ' সুমিত মদনে কয় যে এই সহযোগিতাই ক্ষুদ্ৰ উদ্যোগীসকলৰ…
