Business

নীৰৱ মোবাইল প্ৰমাণীকৰণ অংশীদাৰিত্বৰ জৰিয়তে ডিজিটেল আস্থা শক্তিশালী কৰিছে ভি আৰু মেটাই

নীৰৱ মোবাইল প্ৰমাণীকৰণ অংশীদাৰিত্বৰ জৰিয়তে ডিজিটেল আস্থা শক্তিশালী কৰিছে ভি আৰু মেটাই

ভোডাফোন আইডিয়া (ভি) আৰু মেটা-ই হোৱাটছএপ, ফেচবুক আৰু ইনষ্টাগ্ৰাম ব্যৱহাৰ কৰা ভি গ্ৰাহকসকলৰ বাবে ছাইলেণ্ট মোবাইল ভেৰিফিকেচন(এছএমভি) সেৱা আৰম্ভ কৰিবলৈ চুক্তিবদ্ধ হৈছে। ইয়াৰ উদ্দেশ্য হৈছে ইউজাৰ প্ৰমাণীকৰণ অধিক দ্ৰুত, সুৰক্ষিত আৰু মসৃণ কৰি তোলা। এই নেটৱৰ্ক-ভিত্তিক প্ৰমাণীকৰণ প্ৰযুক্তিয়ে ব্যৱহাৰকাৰীক কোনো ধৰণৰ ভেৰিফিকেচন কোড (অ’টিপি) মেনুৱেলী টাইপ নকৰাকৈ, বেলেগ এপ্লিকেচনলৈ নোযোৱাকৈ বা এছএমএছ-ভিত্তিক ভেৰিফিকেচন মেছেজলৈ অপেক্ষা নকৰাকৈয়ে বেকগ্ৰাউণ্ডত মোবাইল নম্বৰ পৰীক্ষা কৰাৰ সুবিধা দিয়ে। এই নতুন ব্যৱস্থাৰ অধীনত, যেতিয়া ব্যৱহাৰকাৰীয়ে ভি মোবাইল নেটৱৰ্ক ব্যৱহাৰ কৰি মেটা প্লেটফৰ্মসমূহত প্ৰৱেশ কৰিব পাৰিব, তেতিয়া ভেৰিফিকেচনৰ অনুৰোধসমূহ পোনপটীয়াকৈ ভি-ৰ টেলিকম নেটৱৰ্কৰ জৰিয়তে প্ৰমাণিত কৰা হ’ব। কোম্পানীদ্বয়ৰ মতে, এই সেৱাই নতুন ৰেজিষ্ট্ৰেচন, মোবাইল নম্বৰ পৰীক্ষাকৰণ, লগ-ইন…
Read More
অ’কলেই গ্লবেল ক্ৰীড়া আইকন কেলিয়ান এমবাপ্পে আৰু জেলেন ব্ৰাউনৰ সহযোগত মুকলি কৰিলে প্লেয়াৰ্ছ কালেকচন অভিযান

অ’কলেই গ্লবেল ক্ৰীড়া আইকন কেলিয়ান এমবাপ্পে আৰু জেলেন ব্ৰাউনৰ সহযোগত মুকলি কৰিলে প্লেয়াৰ্ছ কালেকচন অভিযান

শমা আৰু ছানগ্লাছৰ অগ্ৰণী ব্ৰেণ্ড অ'কলিয়ে নিজৰ প্লেয়াৰ্ছ কালেকচন অভিযানৰ শেহতীয়া সংস্কৰণ মুকলি কৰিছে, য’ত বিশ্ববিখ্যাত ক্ৰীড়া তাৰকা কিলিয়ান এমবাপে আৰু জাইলেন ব্ৰাউনক প্ৰদৰ্শন কৰা হৈছে। এই সংগ্ৰহত দুয়োগৰাকী খেলুৱৈৰ সৈতে যুটীয়াভাৱে প্ৰস্তুত কৰা বিশেষ চিগনেশ্বৰ চশমা শৃংখলা সন্নিৱিষ্ট কৰা হৈছে, যিয়ে খেলুৱৈ দুজনৰ ব্যক্তিগত শৈলী, পৰিচয় আৰু ক্ৰীড়া জগতৰ প্ৰভাৱক প্ৰতিফলিত কৰে। এই নতুন চশমাসমূহত হাইলণ্ড জাইলেন ব্ৰাউন চিগনেশ্বাৰ চিৰিজ অন্তৰ্ভুক্ত কৰা হৈছে, য’ত একচেটিয়া কোকো ব্ৰাউন ৰং, ব্ৰাউনৰ ব্যক্তিগত ল’গ’ আৰু সূৰ্যৰ পোহৰ বা ৰ'দৰ পৰা অধিক সুৰক্ষা প্ৰদান কৰিবলৈ বিশেষভাৱে ডিজাইন কৰা প্ৰিজম ৰুবী লেন্স ব্যৱহাৰ কৰা হৈছে। খেলপথাৰৰ বাহিৰত ব্ৰাউনৰ ফেশ্বন পচন্দৰ দ্বাৰা অনুপ্ৰাণিত এই চশমাযোৰ…
Read More
বিৰলা ফাৰ্টিলিটি এণ্ড আইভিএফ, গুৱাহাটীয়ে পাছিঘাটৰ হেল্থ কেয়াৰ হাস্পতালৰ সৈতে অংশীদাৰিত্বৰে অৰুণাচল প্ৰদেশলৈ সম্প্ৰসাৰণ কৰিব উন্নত প্ৰজননকেন্দ্ৰিক চিকিত্সাৰ সুবিধাৰ

বিৰলা ফাৰ্টিলিটি এণ্ড আইভিএফ, গুৱাহাটীয়ে পাছিঘাটৰ হেল্থ কেয়াৰ হাস্পতালৰ সৈতে অংশীদাৰিত্বৰে অৰুণাচল প্ৰদেশলৈ সম্প্ৰসাৰণ কৰিব উন্নত প্ৰজননকেন্দ্ৰিক চিকিত্সাৰ সুবিধাৰ

দেশৰ অন্যতম বৃহৎ আইভিএফ নেটৱৰ্ক 'বিৰলা ফাৰ্টিলিটী এণ্ড আইভিএফ-এ অৰুণাচল প্ৰদেশত উন্নত বন্ধ্যাত্ব-প্ৰজননকেন্দ্ৰিক চিকিৎসাৰ সুবিধা বৃদ্ধিৰ উদ্দেশ্যে পাছিঘাটৰ হেলথ কেয়াৰ হাস্পতালৰ সৈতে অংশীদাৰিত্ব গঢ়ি তুলিছে। ইয়াৰ ফলত ৰোগীসকলে চিকিৎসাৰ বাবে মহানগৰ বা দূৰৈৰ চিকিৎসা কেন্দ্ৰসমূহলৈ যাত্ৰা কৰাৰ প্ৰয়োজনীয়তা হ্ৰাস পাব। এই সহযোগিতাৰ অধীনত পাছিঘাট আৰু চুবুৰীয়া জিলাসমূহৰ দম্পতীসকলে হেলথ কেয়াৰ হাস্পতালত স্থানীয়ভাৱে পৰামৰ্শ, স্কেন, অভ্যুলেচ(ডিম্বস্ফোৰণ) নিৰীক্ষণ আৰু ইন্ট্ৰাইউটেৰাইন ইনচেমিনেচন প্ৰক্ৰিয়াসহ গুৰুত্বপূৰ্ণ চিকিৎসাৰ সুবিধাসমূহ লাভ কৰিব পাৰিব। বিৰলা ফাৰ্টিলিটী এণ্ড আইভিএফৰ গুৱাহাটী কেন্দ্ৰৰ ক্লিনিকেল নিৰ্দেশনা আৰু চিকিৎসা পদ্ধতি অনুসৰি এই সেৱাসমূহ প্ৰদান কৰা হ’ব, যাৰ ফলত চিকিৎসাৰ ধাৰাবাহিকতা বৰ্তি থকাৰ লগতে ৰোগীৰ আৰ্থিক আৰু যাতায়াতৰ বোজাও লাঘৱ হ’ব। বিৰলা ফাৰ্টিলিটী এণ্ড…
Read More
চনীয়ে ভাৰতত ট্ৰু আৰজিবি প্ৰযুক্তিৰে মুকলি কৰিলে ব্ৰেভিয়া ৭II

চনীয়ে ভাৰতত ট্ৰু আৰজিবি প্ৰযুক্তিৰে মুকলি কৰিলে ব্ৰেভিয়া ৭II

ছনী ইণ্ডিয়াই ভাৰতত মুকলি কৰিলে নিজৰ নতুন ব্ৰাভিয়া ৭II টেলিভিছন ছিৰিজ। উন্নত ৰঙৰ সঠিকতা, গভীৰ কনট্ৰাষ্ট আৰু ঘৰুৱা মনোৰঞ্জনৰ অধিক বাস্তৱসন্মত অভিজ্ঞতা প্ৰদান কৰাৰ উদ্দেশ্যে ছনীয়ে প্ৰথমবাৰৰ বাবে ট্ৰু আৰজিবি এলইডি প্ৰযুক্তি ব্যৱহাৰ কৰিছে। কোম্পানীটোৱে প্ৰকাশ কৰা অনুসৰি, নিৰ্বাচিত ব্ৰাভিয়া ৭II মডেলসমূহৰ প্ৰি-বুকিং ২৮ মে’ৰ পৰা আৰম্ভ হৈছে।এই নতুন ব্ৰাভিয়া ৭II ছিৰিজত ছনীৰ আৰজিবি বেকলাইট মাষ্টাৰ ড্ৰাইভ প্ৰ’ প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে, যিয়ে ৰঙৰ সঠিকতা, উজ্জ্বলতা আৰু ক’লা ৰঙৰ গভীৰতা উন্নত কৰিবলৈ ৰঙা, সেউজীয়া আৰু নীলা এলইডিক স্বতন্ত্ৰভাৱে নিয়ন্ত্ৰণ কৰে। ইয়াৰ সৈতে সংযোজিত কগ্নিটিভ প্ৰচেছৰ এক্সআৰ-এ টিভিটোৰ দৃশ্য আৰু শব্দসমূহক মানুহৰ অনুভৱৰ সৈতে সংগতি ৰাখি প্ৰদৰ্শন কৰিব পৰাকৈ প্ৰস্তুত কৰা…
Read More
মে’ মাহত সৰ্বকালৰ সৰ্বোচ্চ বিক্ৰীৰ অভিলেখ টিভিএছ মটৰৰ

মে’ মাহত সৰ্বকালৰ সৰ্বোচ্চ বিক্ৰীৰ অভিলেখ টিভিএছ মটৰৰ

টিভিএছ মটৰ কোম্পানীয়ে ২০২৬ চনৰ মে’ মাহত সৰ্বকালৰ সৰ্বোচ্চ মাহেকীয়া বিক্ৰী অৰ্জনৰ কথা সদৰি কৰিছে। কোম্পানীটোৱে মুঠ ৫,৬৬,৫৮৫ ইউনিট বাহন বিক্ৰী কৰিছে, যি যোৱা বছৰৰ একেটা মাহতে বিক্ৰী হোৱা ৪,৩১,২৭৫ ইউনিটৰ তুলনাত ৩১ শতাংশ বৃদ্ধি প্ৰদৰ্শন কৰিছে। কোম্পানীটোৱে জনোৱা মতে, ২০২৬ৰ মে’ত মুঠ দুচকীয়া বাহনৰ বিক্ৰী ৩১ শতাংশ বৃদ্ধি পাই ৫,৪৩,১১১ ইউনিট হৈছে, যি এবছৰৰ পূৰ্বে ৪,১৬,১৬৬ ইউনিট আছিল। ঘৰুৱা দুচকীয়া বাহনৰ বিক্ৰীয়েও ২৪ শতাংশৰ শক্তিশালী বৃদ্ধি পঞ্জীয়ন কৰি ২০২৫-ৰ মে’ৰ ৩,০৯,২৮৭ ইউনিটৰ পৰা ৩,৮৪,৫৬৫ ইউনিটলৈ বৃদ্ধি পাইছে। এই মাহত মটৰচাইকেলৰ বিক্ৰী ৩০ শতাংশ বৃদ্ধি পাই ২,৭৩,৮০২ ইউনিট হৈছে, আনহাতে স্কুটাৰৰ বিক্ৰী ৩২ শতাংশ বৃদ্ধি পাই ২,২০,৭৪০ ইউনিট হৈছে। টিভিএছ…
Read More
মে’ মাহত পাইকাৰী বিক্ৰী ৬৪% বৃদ্ধিৰে একেৰাহে নৱম মাহৰ বাবে বিকাশৰ অভিলেখ গঢ়িছে  ৰেন’ল্টে

মে’ মাহত পাইকাৰী বিক্ৰী ৬৪% বৃদ্ধিৰে একেৰাহে নৱম মাহৰ বাবে বিকাশৰ অভিলেখ গঢ়িছে  ৰেন’ল্টে

ৰেনল্ট গ্ৰুপৰ পূৰ্ণ মালিকানাধীন সহযোগী প্ৰতিষ্ঠান ৰেনল্ট ইণ্ডিয়াই মে’ মাহত ধাৰাবাহিকভাৱে নৱম মাহৰ বাবে পাইকাৰী বিক্ৰী বৃদ্ধি কৰিবলৈ সক্ষম হৈছে, যি বৃদ্ধিৰ ধাৰা ২০২৩ চনৰ ছেপ্টেম্বৰ মাহৰ পৰা অব্যাহত আছে। ২০২৫ চনৰ ছেপ্টেম্বৰৰ পৰা ২০২৬ চনৰ মে’ মাহৰ ভিতৰত ৰেনল্ট ইণ্ডিয়াই সৰ্বমুঠ ৩৮,২২৫ ইউনিট বিক্ৰী কৰিবলৈ সক্ষম হয়, যি যোৱা বছৰৰ একেটা সময়ৰ তুলনাত ৪৬% শক্তিশালী অধিক। 'বাহন'ৰ তথ্য অনুসৰি, মে’ মাহত ৰেনল্ট ইণ্ডিয়া আছিল ইতিবাচক খুচুৰা বিক্ৰী বৃদ্ধি পোৱা ভাৰতৰ মাত্ৰ দুটা যাত্ৰীবাহী বাহন নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ ভিতৰত অন্যতম। কোম্পানীটোৱে এই মাহত পাইকাৰী বিক্ৰীত বছৰেকীয়া হিচাপত ৬৪% বৃদ্ধিৰ কথাও প্ৰকাশ কৰে, যিয়ে গ্ৰাহকৰ চাহিদা আৰু ভাৰতীয় বজাৰত ৰেন’ল্টৰ বৰ্ধিত উপস্থিতি…
Read More
হ্ৰস্ব, ব্যক্তিগতকৃত ভ্ৰমণৰ অভিজ্ঞতাৰ প্ৰতি ঢাপলি মেলিছে জেন জি-এ : এয়াৰবিএনবিৰ প্ৰতিবেদন

হ্ৰস্ব, ব্যক্তিগতকৃত ভ্ৰমণৰ অভিজ্ঞতাৰ প্ৰতি ঢাপলি মেলিছে জেন জি-এ : এয়াৰবিএনবিৰ প্ৰতিবেদন

এয়াৰবিএনবিৰ দ্বাৰা প্ৰকাশিত এক নতুন প্ৰতিবেদন অনুসৰি, ভাৰতৰ ভ্ৰমণ উদ্যোগে এক গুৰুত্বপূৰ্ণ আচৰণগত পৰিৱৰ্তন প্ৰত্যক্ষ কৰিছে কিয়নো জেন জি ভ্ৰমণকাৰীসকলে ক্ৰমান্বয়ে চুটি, অধিক সঘনাই আৰু ব্যক্তিগত ভ্ৰমণৰ বিকল্প বাছি লৈছে, যাৰ ফলত পৰ্যটন আৰু আতিথ্য ব্যৱসায়ৰ বাবে ন ন সুযোগ সৃষ্টি হৈছে। 'নেভাৰ দ্য ছেম: দ্য নিউ ৰুলছ অৱ জেন জি ট্ৰেভেল ইন ইণ্ডিয়া' শীৰ্ষক প্ৰতিবেদনত দেখা গৈছে যে ১০জন জেন জেড যাত্ৰীৰ ভিতৰত সাতজনে এটা দীঘলীয়া বাৰ্ষিক বন্ধৰ দিনতকৈ তিনিটা চুটি ভ্ৰমণ পছন্দ কৰে, আনহাতে ৮৭ শতাংশই এসপ্তাহতকৈও কম সময়ৰ বাবে বন্ধৰ দিনৰ পক্ষপাতী। এয়াৰবিএনবিৰ আভ্যন্তৰীণ তথ্যই দেখুৱাইছে যে গ্ৰীষ্মকালৰ বাবে ভাৰতীয় জেন জি ভ্ৰমণকাৰীসকলৰ অনুসন্ধান বছৰি ৩০ শতাংশৰো…
Read More
২০২৬ৰ মে’ মাহত বছৰি ১১৮% বৃদ্ধিৰে ক্ৰমাগত তৃতীয়টো মাহৰ বাবে ঘৰুৱা বিকাশ অব্যাহত ৰাখিছে নিছান মটৰ ইণ্ডিয়াই

২০২৬ৰ মে’ মাহত বছৰি ১১৮% বৃদ্ধিৰে ক্ৰমাগত তৃতীয়টো মাহৰ বাবে ঘৰুৱা বিকাশ অব্যাহত ৰাখিছে নিছান মটৰ ইণ্ডিয়াই

নিছান মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেড(এনএমআইপিএল)-এ আজি নিজৰ বিক্ৰীৰ প্ৰদৰ্শন ঘোষণা কৰি ২০২৬ চনৰ মে’ মাহত ঘৰুৱা বিক্ৰীৰ ক্ষেত্ৰত বছৰি ১১৮% শক্তিশালী বিকাশ লাভ কৰাৰ কথা প্ৰকাশ কৰিছে। কোম্পানীটোৱে ২০২৬ চনৰ মে’ মাহত ২,৯৪৮খন ঘৰুৱা পাইকাৰী বিক্ৰী কৰিবলৈ সক্ষম হৈছে। এই মাহত ৰপ্তানিৰ পৰিমাণ আছিল ৫,০২৩খন বাহন, যাৰ ফলত সৰ্বমুঠ পাইকাৰী বিক্ৰী ৭,৯৭১খন হৈছেগৈ। ই নিছান মটৰ ইণ্ডিয়াৰ বাবে ক্ৰমাগত তৃতীয়টো বৰ্ষভিত্তিক ঘৰুৱা বিকাশক চিহ্নিত কৰিছে, যিয়ে ভাৰতীয় বজাৰত কোম্পানীটোৰ ধাৰাবাহিক গতিশীলতাক অধিক শক্তিশালী কৰি তুলিছে। নিছান মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ পৰিচালন সঞ্চালক সৌৰভ বৎসই এই প্ৰদৰ্শন সন্দৰ্ভত মন্তব্য কৰি কয় যে, "ঘৰুৱা বিক্ৰীৰ ক্ষেত্ৰত আমাৰ ক্ৰমাগত তৃতীয়টো বৰ্ষভিত্তিক বিকাশ হ’ল…
Read More
মাডাৰ্ছ ৰেচিপি-এ নিজৰ আইকনিক আচাৰসমূহৰ বাবে এক নতুন অভিযান মুকলিৰে ভাৰতীয় পৰম্পৰাক উদযাপন

মাডাৰ্ছ ৰেচিপি-এ নিজৰ আইকনিক আচাৰসমূহৰ বাবে এক নতুন অভিযান মুকলিৰে ভাৰতীয় পৰম্পৰাক উদযাপন

মাডাৰ্ছ ৰেচিপি-এ নিজৰ সুপৰিচিত আচাৰৰ শৃংখলাটোৰ বাবে এক নতুন ৰাষ্ট্ৰীয় অভিযান আৰম্ভ কৰিছে আৰু সমগ্ৰ সামগ্ৰীৰ পৰ্টফলিঅ'ৰ বাবে এক নতুন পৰিচয় উন্মোচন কৰিছে, যি এই সামগ্ৰীসমূহ বজাৰলৈ অহাৰ পিছৰে পৰা এনেধৰণৰ প্ৰথমটো পৰিৱৰ্তন। ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে ব্ৰেণ্ডটোৰ এই সুপৰিচিত আচাৰৰ শৃংখলাক এটা নতুন দৃশ্যগত ভাষাৰ জৰিয়তে উপস্থাপন কৰা হৈছে, যাৰ ফলত এই সামগ্ৰীৰ পৰ্টফলিঅ'ৰ বাবে এটা নতুন অধ্যায়ৰ সূচনা হৈছে। এই প্ৰচাৰ অভিযানৰ কেন্দ্ৰবিন্দুত এটা সৰল চিন্তা আছে। বিভিন্ন ঘৰ আৰু অঞ্চলভেদে আচাৰ বনোৱাৰ ধৰণ বেলেগ বেলেগ হ’ব পাৰে, কিন্তু ইয়াৰ আঁৰত থকা মাতৃৰ মমতা একেই অনুভৱ হয়। এই চলচ্চিত্ৰখনে মাতৃসকলক কাহিনীৰ কেন্দ্ৰবিন্দুত স্থান দিছে আৰু ভাৰতৰ বিভিন্ন প্ৰান্তৰ ভিন্ন…
Read More
বিশ্ব পাচন স্বাস্থ্য দিৱস

বিশ্ব পাচন স্বাস্থ্য দিৱস

অৰ্গেনিক ইণ্ডিয়াই বিশ্ব পাচন স্বাস্থ্য দিৱস উপলক্ষে নিজৰ প্ৰমাণিত জৈৱিক ভেষজ সামগ্ৰীসমূহৰ ওপৰত আলোকপাত কৰিছে, যিবোৰ বিশেষভাৱে পাচনতন্ত্ৰৰ সুস্থতা আৰু সামগ্ৰিক পেটৰ স্বাস্থ্য ৰক্ষা কৰিব পৰাকৈ প্ৰস্তুত কৰা হৈছে। কোম্পানীটোৱে জনোৱা মতে, প্ৰতিষ্ঠানটোৰ এই সামগ্ৰীসমূহ ২,০০০তকৈও অধিক জৈৱিক খেতিয়কৰ পৰা পোনপটীয়াকৈ সংগ্ৰহ কৰা হয় আৰু এইবোৰে ৬০০তকৈও অধিক গুণগত পৰীক্ষণৰ মাজেৰে পাৰ হয়। অৰ্গেনিক ইণ্ডিয়াই প্ৰকাশ কৰা অনুসৰি, আটাইবোৰ ভেষজ উদ্ভিদ ৰাসায়নিক আৰু কীটনাশক মুক্ত মাটিত খেতি কৰা হয় আৰু গছৰ প্ৰাকৃতিক সক্ৰিয় উপাদান তথা পুষ্টিকৰ গুণাগুণসমূহ সম্পূৰ্ণভাৱে বজাই ৰাখিবলৈ গোটেই গছজোপা ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হয়। পাচন স্বাস্থ্যৰ বাবে প্ৰচাৰ কৰা সামগ্ৰীসমূহৰ ভিতৰত ত্ৰিফলা অন্যতম, যি পাউদাৰ আৰু কেপচুল…
Read More