জেনেৰালি চেণ্ট্ৰেল লাইফ ইঞ্চুৰেন্সে লাইফ চাপোৰ্টযুক্ত এম্বুলেঞ্চৰ জৰিয়তে ছিক্কিমত স্বাস্থ্যসেৱাৰ সুবিধা শক্তিশালী কৰিলে

জেনেৰেলী চেণ্ট্ৰেল লাইফ ইঞ্চুৰেন্সে ছিকিমৰ গেংটকত অৱস্থিত ছাৰ থুটব নামগ্যাল (এছটিএনএম) হাস্পতালক দুখন সম্পূৰ্ণৰূপে সঁজুলিসম্পন্ন লাইফ-ছাপ’ৰ্ট এম্বুলেন্স দান কৰে। ইয়াৰ জৰিয়তে ছিকিমৰ সমগ্ৰ অঞ্চলত, বিশেষকৈ দূৰ্গম আৰু পাহাৰীয়া এলেকাসমূহত জৰুৰীকালীন স্বাস্থ্যসেৱাৰ সুবিধা বৃদ্ধি পাইছে। আধুনিক লাইফ-ছাপ’ৰ্ট ব্যৱস্থাৰে সজ্জিত এই এম্বুলেন্সসমূহে চিকিৎসালয়খনৰ জৰুৰীকালীন সঁহাৰি প্ৰদানৰ ক্ষমতাক উন্নত কৰাৰ লগতে যিবোৰ অঞ্চলত স্বাস্থ্যসেৱা লাভ কৰাটো এতিয়াও প্ৰত্যাহ্বানজনক, সেই স্থানসমূহৰ পৰা ৰোগীক ক্ষিপ্ৰতাৰে স্থানান্তৰ কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে।

এই পদক্ষেপ ৰাজ্যখনৰ স্বাস্থ্য আন্তঃগাঁথানিক সহায় কৰাৰ বাবে বীমা প্ৰতিষ্ঠানখনৰ প্ৰচেষ্টাৰ এটা অংশ, য’ত ২০২২ চনৰ পৰা মুখ্য বীমা কোম্পানী হিচাপে সেৱা আগবঢ়াই আহিছে। এই উপলক্ষে বক্তব্য প্ৰদান কৰি জেনেৰেলী চেণ্ট্ৰেল লাইফ ইঞ্চুৰেন্সৰ মেনেজিং ডাইৰেক্টৰ তথা চিইঅ’ আলোক ৰুংগ্লাই কয় যে, কোম্পানীটোৱে সংকটৰ সময়ত সম্প্ৰদায়সমূহক সহায় আৰু স্বাস্থ্যসেৱাৰ সুবিধা বৃদ্ধি কৰি বীমাৰ পৰিসৰৰ বাহিৰলৈও কাম কৰাৰ লক্ষ্য ৰাখিছে।

ছিকিমৰ স্বাস্থ্য মন্ত্ৰী জি. টি. ঢুংগেলে এই পদক্ষেপক আদৰণি জনাই কয় যে, এম্বুলেন্স সংযোজনে জৰুৰীকালীন সঁহাৰি সেৱাক অধিক শক্তিশালী কৰিব আৰু সমগ্ৰ ৰাজ্যতে সময়মতে চিকিৎসা লাভ কৰাটো সুনিশ্চিত কৰাত সহায় কৰিব। ছিকিম চৰকাৰৰ বিত্ত সঞ্চালক তথা ন’ডেল বিষয়া মহেন্দ্ৰ প্ৰধানে কয় যে, এনে অংশীদাৰিত্বই ২০২৭ চনৰ ভিতৰত ৰাজ্যখনৰ “সকলোৰে বাবে বীমা” লক্ষ্য পূৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। বীমা প্ৰতিষ্ঠানটোৱে এছটিএনএম হাস্পতালত এক ৰক্তদান শিবিৰো আয়োজন কৰিছিল, য’ত স্থানীয় লোকসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। কোম্পানীটোৱে প্ৰকাশ কৰা অনুসৰি, ২০২৬ চনৰ ৩১ মে’ পৰ্যন্ত ছিকিমত ৬৫০০-তকৈ অধিক লোকলৈ বীমাৰ সুবিধা সম্প্ৰসাৰিত কৰিছে। সমান্তৰালভাৱে কোম্পানীটোৱে নগৰীয়া আৰু গ্ৰামাঞ্চলত সম্প্ৰদায় সজাগতা কাৰ্যসূচীৰ জৰিয়তে বীমা সজাগতা আৰু বিত্তীয় সাক্ষৰতা উন্নত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *