11
Sep
সম্পত্তিৰ বাবে নিজৰ স্বামীৰ দ্বাৰাই হত্যাৰ বলি হ’ল উচ্চতম ন্যায়ালয়ৰ এগৰাকী মহিলা অধিবক্তা। সোমবাৰে নয়ডাস্থিত বাংলোত ৬১ বৰ্ষীয় মহিলা অধিবক্তাগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। ইফালে এই হত্যাৰ অভিযোগত ভাৰতীয় ৰাজহ সেৱাৰ ৬২ বছৰীয়া প্ৰাক্তন বিষয়া অজয় নাথক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। নিহত মহিলা অধিবক্তাগৰাকীৰ পৰিচয় ৰেণু সিনহা বুলি জানিব পৰা গৈছে। এই চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহে যেতিয়া সিনহাৰ ভাতৃয়ে দুদিন ধৰি বাৰে বাৰে কৰা ফোন কলৰ কোনো সঁহাৰি নিদিয়াৰ বাবে স্থানীয় আৰক্ষীক তেওঁৰ অনুপস্থিতিৰ খবৰ দিয়ে। ইয়াৰ পিছতে আৰক্ষীয়ে জোৰকৈ বাংলোত প্ৰৱেশ কৰি বাথৰুমৰ ভিতৰতৰ পৰা অধিবক্তাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে। প্ৰথমে নিৰুদ্দেশ বুলি ঘোষণা কৰা নাথক তালাচী…
