17
Jan
কোকা-কোলাই হিন্দুস্তান কোকা-কোলা বেভাৰেজ প্ৰাইভেট লিমিটেড(এইচচিচিবি)ৰ দ্বাৰা পৰিচালিত ৩টা অঞ্চলত বটলিং অপাৰেচন(কাৰ্যকলাপ) হস্তান্তৰ কৰাৰ কথা ঘোষণা কৰিছে। উত্তৰ-পূবৰ বজাৰ আৰু পশ্চিম বংগৰ নিৰ্বাচিত অঞ্চলত মুন বেভাৰেজ প্ৰাইভেট লিমিটেডৰ নেতৃত্বত পৰিচালিত হ’ব। আনহাতে দিল্লী আৰু উত্তৰ প্ৰদেশৰ কিছু অংশ বৰ্তমান এইচচিচিবিয়ে পৰিচালনা কৰি আহিছে। এই কৌশলগত ব্যৱসায়িক হস্তান্তৰক এইচচিচিবি ভাৰতৰ বাবে এক উল্লেখযোগ্য সিদ্ধান্ত হিচাপে গণ্য কৰা হৈছে, কিয়নো ইয়াৰ জৰিয়তে ব্যৱসায়ৰ সকলো অংশতে সঠিক পৰ্যায়ৰ বিনিয়োগ গ্ৰহণ কৰিব পৰাটো নিশ্চিত কৰা হয় আৰু লগতে ব্যৱসায়ৰ সংলগ্নতা আৰু পৰিসৰ বৃদ্ধি কৰিব পাৰি। এই পদক্ষেপে ভাৰতত কোকা-কোলা চিষ্টেমক ত্বৰান্বিত কৰিব বুলি আশা কৰা হৈছে, যাৰ ফলত ই বজাৰ দখল কৰি ব্যৱসায়ত জয়ী…
