ব্যৱসায়

একেদিনাই ডেলিভাৰী আৰম্ভ কৰিছে ফ্লিপকাৰ্টে

একেদিনাই ডেলিভাৰী আৰম্ভ কৰিছে ফ্লিপকাৰ্টে

ফ্লিপকাৰ্টে ভাৰতৰ আগশাৰীৰ ২০খন চহৰৰ লাখ লাখ গ্ৰাহকক মোবাইল, ফেশ্বন, বিউটী প্ৰডাক্ট, লাইফষ্টাইল, গ্ৰন্থ, ঘৰুৱা সঁজুলি আৰু ইলেক্ট্ৰনিকছকে ধৰি একাধিক শিতানত একেদিনাই সামগ্ৰীৰ ডেলিভাৰী আৰম্ভ কৰিছে। দিনৰ ১ বজাৰ ভিতৰত গ্ৰাহকে অৰ্ডাৰ দিলে একেদিনাই মাজনিশাৰ ভিতৰত সামগ্ৰী যোগান ধৰিব ফ্লিপকাৰ্টে। ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ হোৱা এই পদক্ষেপ আৰু আগন্তুক দিনবোৰত দেশৰ নতুন নতুন চহৰৰ অধিক গ্ৰাহকক সেৱা আগবঢ়াবলৈ পৰিসৰ বৃদ্ধি কৰা হ'ব। ফ্লিপকাৰ্টে সমগ্ৰ দেশৰ গ্ৰাহকসকলৰ ওচৰলৈ যাবলৈ আৰু সামগ্ৰী ডেলিভাৰীৰ বাবে এক শক্তিশালী যোগান শৃংখল গঢ়ি তোলাত বিনিয়োগ কৰিছে, আনকি দূৰৱৰ্তী পিনকোডতো কম সময়তে সেৱা লাভ কৰিব। একেদিনাই ডেলিভাৰী সক্ষম কৰিবলৈ ফ্লিপকাৰ্টে নিজৰ ফুলফিলমেণ্ট চেণ্টাৰৰ পৰা উন্নত ক্ৰমবিন্যাস আৰু…
Read More
এমএছডিইয়ে আয়োজন কৰিছে ‘ভাৰত-জাৰ্মানীৰ ভৱিষ্যতৰ সহযোগিতাৰ পথ অন্বেষণ বিষয়ত আলোচনা’

এমএছডিইয়ে আয়োজন কৰিছে ‘ভাৰত-জাৰ্মানীৰ ভৱিষ্যতৰ সহযোগিতাৰ পথ অন্বেষণ বিষয়ত আলোচনা’

ভাৰতৰ দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ে জাৰ্মানীৰ পৰা অহা এটা প্ৰতিনিধি দলৰ সৈতে আয়োজন কৰা হয় বিশেষ আলোচনা চক্ৰৰ, এই আলোচনাৰ নেতৃত্ব প্ৰদান কৰিছিল জাৰ্মান চৰকাৰৰ শ্ৰম আৰু সামাজিক পৰিক্ৰমা মন্ত্ৰালয়(বিএমএএছ)ৰ ৰাজ্যিক সচিব লিঅ’নি গেবাৰ্ছে। ভাৰতীয় প্ৰতিনিধি দলটোৰ হৈ উপস্থিত আছিল এমএছডিইৰ সচিব অতুল কুমাৰ তিৱাৰীয়ে। এই বৈঠকৰ উদ্দেশ্য আছিল দক্ষতা বিকাশত সহযোগিতা বৃদ্ধি কৰা আৰু ভাৰতৰ পৰা জাৰ্মানীলৈ দক্ষ কৰ্মশক্তিৰ গতিশীলতাৰ পথ সৃষ্টি কৰা। এই আলোচনাৰ সময়তত জাৰ্মানীত কৰ্মশক্তিৰ অভাৱ দূৰ কৰিবলৈ ভাৰতৰ দক্ষ কৰ্মশক্তিৰ ব্যৱহাৰৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হয় আৰু যোৱা বৰ্ষৰ জুন মাহত জাৰ্মান বুণ্ডেষ্টাগেত গ্ৰহণ কৰা নতুন প্ৰব্ৰজন আইন সন্দৰ্ভতো গুৰুত্বপূৰ্ণ অন্তৰ্দৃষ্টি প্ৰদান কৰা…
Read More
চেমচাং গেলেক্সি এছ ২৪ ছিৰিজ মোবাইলৰ ভাৰতত বিক্ৰী আৰম্ভ

চেমচাং গেলেক্সি এছ ২৪ ছিৰিজ মোবাইলৰ ভাৰতত বিক্ৰী আৰম্ভ

আজিৰে পৰা ভাৰতত বিক্ৰীৰ বাবে মুকলি হৈছে ‘মেড ইন ইণ্ডিয়া’ গেলেক্সি এছ ২৪ ছিৰিজ মোবাইল ফোন। ভাৰতৰ চেমচাঙৰ নয়ডাস্থিত কাৰখানাত নিৰ্মাণ কৰা হৈছে গেলেক্সি এছ ২৪ ছিৰিজ। চেমচাঙে গেলেক্সি এছ ২৪ ছিৰিজৰ অভিলেখসংখ্যক প্ৰি-বুকিং লাভ কৰি ভাৰতত এতিয়ালৈকে সৰ্বাধিক সফল এছ ছিৰিজ হিচাপে পৰিগণিত হৈছে। এই ছিৰিজে উন্নীত ছেভেন জেনেৰেচনৰ অপাৰেটিং ছিষ্টেম আৰু ৭ বছৰৰ চিকিউৰিটী আপডেটৰ সৈতে প্ৰডাক্টৰ লাইফ চাইকেল বৃদ্ধিৰ বাবে চেমচাঙৰ প্ৰতিশ্ৰুতি অব্যাহত ৰাখিছে। এই ছিৰিজত অন্তৰ্ভুক্ত আছে লাইভ ট্ৰেন্সলেট(পোনপটীয়া অনবাদ, ইণ্টাৰপ্ৰিটাৰ(দোভাষী), চেট এচিষ্ট(বাৰ্তা সহায়ক), নোট এচিষ্ট(টোকা সমৰ্থন) আৰু ট্ৰেন্সক্ৰিপ্ট এচিষ্টৰ সুবিধা আছে চেমচাং কীব'ৰ্ডত, য'ত এআইৰ আধাৰত প্ৰস্তুত কীব'ৰ্ডখনে ১৩টা ভাষালৈ বাস্তৱ-সময়ত বাৰ্তা অনুবাদ কৰিব পাৰে।…
Read More
টাটাই ভাৰত মবিলিটী গ্লোবেল এক্সপ’ত প্ৰদৰ্শন কৰিছে ‘ফিউচাৰ অৱ মবিলিটী পৰ্টফলিঅ’

টাটাই ভাৰত মবিলিটী গ্লোবেল এক্সপ’ত প্ৰদৰ্শন কৰিছে ‘ফিউচাৰ অৱ মবিলিটী পৰ্টফলিঅ’

ভাৰতৰ আগশাৰীৰ অটোমোবাইল আৰু মবিলিটী প্ৰতিষ্ঠান টাটা মটৰ্ছে ভাৰত মবিলিটী গ্ল’বেল এক্সপ’ ২০২৪ত নিজৰ ‘ফিউচাৰ অৱ মবিলিটী’ পৰ্টফলিঅ’ প্ৰদৰ্শন কৰিছে। এই প্ৰদৰ্শনীত ১৮খন ভৱিষ্যতৰ বাবে সাজু বাণিজ্যিক, যাত্ৰীবাহী আৰু বৈদ্যুতিক বাহন প্ৰদৰ্শন কৰা হৈছে, যাৰ উদ্দেশ্য হৈছে ব্যক্তিগত গতিশীলতা, মানুহৰ গতিশীলতা আৰু কাৰ্গো পৰিবহনত বৈপ্লৱিক পৰিৱৰ্তন অনা। কোম্পানীটোৱে ‘মেড ইন ইণ্ডিয়া’ৰ প্ৰতি থকা নিজৰ আগ্ৰহক অভিযান্ত্ৰিক বিশেষজ্ঞতাৰ সৈতে সংযুক্ত কৰি গতিশীলতাৰ ভৱিষ্যৎ প্ৰদৰ্শন কৰিছে। ষ্টেণ্ড এইএছ১৪-০৪ত থকা টাটা মটৰ্ছ পেভিলিয়নত ভাৰতৰ ১০খন উন্নত, দক্ষ আৰু পৰিৱেশ-অনুকূল বাণিজ্যিক বাহনৰ লগতে ভাৰতৰ ৮খন আটাইতকৈ সেউজ, স্মাৰ্ট আৰু সা-সুবিধাযুক্ত যাত্ৰীবাহী বাহন প্ৰদৰ্শন কৰা হৈছে। এই পেভিলিয়নত ভৱিষ্যতৰ বাবে সাজু প্ৰযুক্তিসমূহৰ ভিতৰত হাইড্ৰজেন চালিত…
Read More
চেমচাঙে মুকলি কৰিলে শেহতীয়া এছএছডি ৯৯০ ইভিঅ’

চেমচাঙে মুকলি কৰিলে শেহতীয়া এছএছডি ৯৯০ ইভিঅ’

চেমচাঙে মুকলি কৰিলে নিজৰ শেহতীয়া এছএছডি ৯৯০ ইভিঅ', যি হৈছে দৈনন্দিন গেমিং, ব্যৱসায় আৰু সৃষ্টিশীল কাম-কাজৰ বাবে ডিজাইন কৰা এক উচ্চ-কাৰ্যক্ষম, শক্তি-দক্ষ আভ্যন্তৰীণ ষ্টোৰেজ ডিভাইচ। এছএছডি ৯৯০ ইভিঅ'ত উন্নত পৰিৱেশন, শক্তি দক্ষতা আৰু আন্তঃপৃষ্ঠ নমনীয়তা(ইণ্টাৰফেচ ফ্লেক্সিবিলিটী) প্ৰদান কৰে, য'ত ৫,০০০এমবি/ছেকেণ্ডলৈকে ক্ৰমিক পঢ়িব পৰা স্পীড আৰু ৪,২০০ এমবি/ছেকেণ্ডলৈকে লিখাৰ গতি প্ৰদান কৰে। ই পূৰ্বৰ মডেলৰ উন্নীতকৰণ মডেল হিচাপে ৪৩% পৰ্যন্ত উন্নত পৰিৱেশন আৰু ৭০%লৈকে শক্তিৰ কাৰ্যক্ষমতা প্ৰদান কৰে। এনভিএমই এছএছডিয়ে বিভিন্ন ব্যৱহাৰকাৰীৰ বাবে এক আদৰ্শ সমাধান হ'ব বুলি আশা কৰিছে চেমচাঙে, যি ৫,০০০ এমবি/ছেকেণ্ড লৈকে আৰু ৪,২০০ এমবি/ছেকেণ্ডলৈকে ক্ৰমিক পঢ়া/লিখাৰ গতি প্ৰদান কৰে। চেমচাঙৰ লক্ষ্য হৈছে উন্নত মেম'ৰী প্ৰযুক্তিৰ সুবিধা গ্ৰহণ…
Read More
এছ আৰ আই-নয়ডা আৰু আই আই টি কানপুৰৰ ৫ বছৰৰ বাবে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

এছ আৰ আই-নয়ডা আৰু আই আই টি কানপুৰৰ ৫ বছৰৰ বাবে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

নয়ডাস্থিত চেমচাং আৰএণ্ডডি ইনষ্টিটিউটে(এছআৰআই-নয়ডা) ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান কানপুৰ(আইআইটিকে)ৰ সৈতে ৫ বছৰৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে যাতে প্ৰধান বিকাশ-অগ্ৰাধিকাৰ ক্ষেত্ৰসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় য'ত আইআইটি কানপুৰৰ শিক্ষাৰ্থী, অধ্যাপক আৰু চেমচাঙৰ অভিযন্তাসকলৰ যুটীয়া গৱেষণা প্ৰকল্প অন্তৰ্ভুক্ত থাকিব, যাৰ ফলত শিক্ষাৰ্থীসকল উদ্যোগৰ বাবে সাজু-প্ৰস্তুত হ'ব। এই গৱেষণা প্ৰকল্পসমূহে স্বাস্থ্য, ভিজুৱেল, ফ্ৰেমৱৰ্ক আৰু বি২বি সুৰক্ষা আৰু জেনেৰেটিভ এআই আৰু ক্লাউডৰ দৰে অত্যাধুনিক প্ৰযুক্তি ক্ষেত্ৰসমূহ সামৰি ল’ব। এই বুজাবুজি চুক্তিৰ লক্ষ্য হৈছে গৱেষণা প্ৰকল্পৰ উপৰিও এআই আৰু ক্লাউডৰ দৰে শেহতীয়া প্ৰযুক্তিৰ ক্ষেত্ৰত চেমচাঙৰ অভিযন্তাসকলৰ দক্ষতা বৃদ্ধি কৰা। এই বুজাবুজিৰ চুক্তিত এছআৰআই-নয়ডাৰ পৰিচালনা সঞ্চালক কিয়ংগুন ৰু, আইআইটি কানপুৰৰ গৱেষণা আৰু উন্নয়ন বিভাগৰ ডিন…
Read More
জেএলআৰ ইণ্ডিয়াই ভাৰতত মুকলি কৰিলে  নতুন আৰু উন্নত ৰেঞ্জ ৰোভাৰ ইভ’ক

জেএলআৰ ইণ্ডিয়াই ভাৰতত মুকলি কৰিলে  নতুন আৰু উন্নত ৰেঞ্জ ৰোভাৰ ইভ’ক

জেএলআৰ ইণ্ডিয়াই ভাৰতত আনুষ্ঠানিকভাৱে মুকলি কৰিলে নতুন আৰু উন্নত ৰেঞ্জ ৰভাৰ ইভ’ক। নিউ ৰেঞ্জ ৰভাৰ ইভ’কৰ এক আকৰ্ষণীয়, অত্যাধুনিক বৈশিষ্ট্য আছে, য'ত হ্ৰাসকাৰী ডিজাইন(ৰিডাক্টিভ আৰ্হি)ক শেহতীয়া প্ৰযুক্তি আৰু আধুনিক বিলাসী গ্ৰাহকৰ বাবে বিলাসী সামগ্ৰীৰ পছন্দৰ সৈতে উন্নত কৰা হৈছে। নিউ ৰেঞ্জ ৰভাৰ ইভ’ক ডাইনেমিক এছইত দুটা পাৱাৰট্ৰেইন বিকল্পৰ সৈতে আগবঢ়োৱা হৈছে : ১৮৪ কিলোৱাট আৰু ৩৬৫ এনএম টৰ্কৰ সৈতে ২.০ লিটাৰ পেট্ৰ’ল ইঞ্জিন আৰু ১৫০ কিলোৱাট আৰু ৪৩০ এনএম টৰ্কৰ সৈতে ২.০ লিটাৰ ইঞ্জিনিয়াম ডিজেল ইঞ্জিন। ৰেঞ্জ ৰভাৰত এক নতুন ডিজাইন গ্ৰীল, ডাইমণ্ড টাৰ্ণড হুইল, ৰেড ব্ৰেক কেলিপাৰ আৰু এলইডি হেডলাইটৰ সৈতে আপডেট কৰা হৈছে। দুটা নতুন বাহ্যিক ৰং-কৰিন্থিয়ান ব্ৰঞ্জ…
Read More
জম্মুলৈ অত্যাধুনিক আল্ট্ৰা ইভি শীততাপ নিয়ন্ত্ৰিত বৈদ্যুতিক বাছ যোগান কৰাৰ কথা ঘোষণা  টাটা মটৰ্ছৰ

জম্মুলৈ অত্যাধুনিক আল্ট্ৰা ইভি শীততাপ নিয়ন্ত্ৰিত বৈদ্যুতিক বাছ যোগান কৰাৰ কথা ঘোষণা  টাটা মটৰ্ছৰ

টাটা মটৰ্ছে জম্মু স্মাৰ্ট চিটী লিমিটেডলৈ আল্ট্ৰা ইভি শীততাপ নিয়ন্ত্ৰিত বৈদ্যুতিক বাছ যোগান ধৰিছে, যাৰ লক্ষ্য হৈছে চহৰখনৰ পৰিৱেশৰ প্ৰতি বহনক্ষম ৰাজহুৱা পৰিবহণ ব্যৱস্থা স্থাপন কৰা। উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰি ভাৰতত নিৰ্মাণ কৰা এই বাছবোৰত উন্নত সুবিধা আছে আৰু ই অত্যাধুনিক বৈদ্যুতিক শক্তি প্ৰণালীৰ দ্বাৰা চালিত। এই বাছৰ যোগান জম্মু আৰু শ্ৰীনগৰ স্মাৰ্ট চিটী প্ৰকল্পৰ অধীনত ১২ বছৰলৈ শ্ৰীনগৰত ১০০খন আৰু জম্মুত ১০০খন ইলেক্ট্ৰিক বাছ যোগান, ৰক্ষণাবেক্ষণ আৰু পৰিচালনাৰ বৃহত্তৰ অৰ্ডাৰৰ অংশ। এই বাছসমূহ সুৰক্ষা, আৰাম আৰু সুবিধাজনকভাৱে ডিজাইন কৰা হৈছে, যিয়ে নিৰ্ভৰযোগ্য আৰু শূন্য নিৰ্গমন যাতায়তৰ সমাধান প্ৰদান কৰে। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কেন্দ্ৰীয় গধুৰ উদ্যোগ বিভাগৰ মন্ত্ৰী…
Read More
এই বৰ্ষত ১০০ মিলিয়ন গেলেক্সি ডিভাইচত গেলেক্সি এআই উপলব্ধ কৰিব চেমচাঙে

এই বৰ্ষত ১০০ মিলিয়ন গেলেক্সি ডিভাইচত গেলেক্সি এআই উপলব্ধ কৰিব চেমচাঙে

চেমচাঙৰ আগশাৰীৰ স্মাৰ্টফোনবোৰে ভাৰতত সঁচাকৈয়ে সুন্দৰ প্ৰদৰ্শন কৰিছে, য'ত প্ৰিমিয়াম ছেগমেণ্টে দুটা সংখ্যাৰ বৃদ্ধি দেখা গৈছে। ভাৰতত গেলেক্সি এছ ২৩ ছিৰিজৰ বিক্ৰী গেলেক্সি এছ ২২ ছিৰিজৰ তুলনাত ১.৪ গুণ হৈছিল, এছ ২৩ৰ শক্তিশালী প্ৰদৰ্শন আৰু মহাকাব্যিক কেমেৰাৰ ক্ষমতাৰ বাবে এই অভূতপূৰ্ব সঁহাৰি লাভ কৰিছে। গেলেক্সি এছ২৪ ছিৰিজে এআই ব্যৱহাৰকাৰীৰ অভিজ্ঞতাক অনুকূল কৰিবলৈ এক হাইব্ৰিড পদ্ধতি ব্যৱহাৰ কৰে, যাৰ ফলত ব্যৱহাৰকাৰীসকলে যোগাযোগৰ প্ৰতিবন্ধকতাসমূহ নোহোৱা কৰিব পাৰে, লগতে উৎপাদনশীলতা বৃদ্ধি কৰিব পাৰে আৰু সৃষ্টিশীলতা মুকলি কৰিবলৈ সক্ষম কৰে। প্ৰথম এআই ফোন, গেলেক্সি এছ২৪ ছিৰিজে এআই ফোনৰ এক নতুন যুগৰ সূচনা কৰিছে। নয়ডা আৰু বেংগালুৰুৰ গৱেষণা আৰু বিকাশ কেন্দ্ৰসমূহে গেলেক্সি এআইৰ বিকাশত প্ৰধান…
Read More
গণৰাজ্য দিৱসৰ অনুষ্ঠানত অতিথি উদ্যোগীসকলক সম্বৰ্ধনা জ্ঞাপন

গণৰাজ্য দিৱসৰ অনুষ্ঠানত অতিথি উদ্যোগীসকলক সম্বৰ্ধনা জ্ঞাপন

ভাৰত চৰকাৰে এনআইইএছবিইউডি, ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠান(ইণ্ডিয়ান ইনষ্টিটিউট অৱ এণ্টাৰপ্ৰিনিয়ৰশ্বিপ) আৰু পিএমকেভিৱাইকে ধৰি বিভিন্ন দক্ষতা বিকাশ প্ৰতিষ্ঠানৰ অধীনত প্ৰশিক্ষণপ্ৰাপ্ত ১০০ৰো অধিক উদ্যোগীক সম্বৰ্ধনা জ্ঞাপন কৰে। ভাৰত চৰকাৰৰ শিক্ষা, দক্ষতা বিকাশ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে এইসকল উদ্যোগীৰ সৈতে সৌহাদ্যমূলক বাৰ্তালাপ কৰে। গণৰাজ্য দিৱস উদযাপন অনুষ্ঠানত দক্ষতা পৰিৱেশ তন্ত্ৰৰ এনে উদ্যোগীক প্ৰথমবাৰলৈ আমন্ত্ৰণ জনোৱা হৈছে। উদ্যোগীসকলে নিজৰ অভিজ্ঞতা আৰু প্ৰত্যাহ্বানসমূহ ভাগ-বতৰা কৰি প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্ব আৰু দক্ষতা বিকাশ তথা উদ্যমিতা মন্ত্ৰালয়ক নিয়োগ সৃষ্টিৰ সময়ত প্ৰশিক্ষণ আৰু উদ্যোগীৰ স্বীকৃতি প্ৰদানৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে উদ্যোগীসকলক বৃত্তিমূলক প্ৰশিক্ষণ(ভকেচনেল ট্ৰেইনিং) গ্ৰহণৰ বাবে উৎসাহিত কৰি ভাৰতৰ দক্ষতা বিকাশ আৰু উদ্যমিতাৰ পৰিৱেশ তন্ত্ৰত এক নতুন…
Read More